আই ধৰিত্ৰী
এই যে দেখিছা
বিশাল পৃথিৱীত
প্ৰাণৰ তাৰণা •••
এইবোৰ অতিকৈ সহজ আৰু আপোন ।
কিয়নো নহব ?
কেচা মাটিৰ গোন্ধে
চঞ্চল কৰা এই সুন্দৰৰ মজিয়াত
জীৱন গঢ়াৰ আমেজেই সুকীয়া ।
সেয়েহে হ'বলা
কণমানি দুভৰিৰ কূটকূটনিত
লৌৰি ফুৰা পছোৱাৰ পৃথিৱীত
আকাশেও সজাব খোজে
যৌৱনৰ বাগিছা ।
আপোন মাতৃৰ দুগ্ধই
সবল কৰা এই ধৰাত
বৰষুণৰ প্ৰেমেই সুকীয়া • • •
প্ৰতিটো খোজতে মৰমৰ ঝংকাৰ
প্ৰতিটো ধ্বনিয়েই মধুৰ
আৰু চোৱা ফটিক পানীৰ চুম্বনত
আজি মোৰ আই
সেউজীৰে একাকাৰ ।
:- অভিজিৎ শইকীয়া
বিশাল পৃথিৱীত
প্ৰাণৰ তাৰণা •••
এইবোৰ অতিকৈ সহজ আৰু আপোন ।
কিয়নো নহব ?
কেচা মাটিৰ গোন্ধে
চঞ্চল কৰা এই সুন্দৰৰ মজিয়াত
জীৱন গঢ়াৰ আমেজেই সুকীয়া ।
সেয়েহে হ'বলা
কণমানি দুভৰিৰ কূটকূটনিত
লৌৰি ফুৰা পছোৱাৰ পৃথিৱীত
আকাশেও সজাব খোজে
যৌৱনৰ বাগিছা ।
আপোন মাতৃৰ দুগ্ধই
সবল কৰা এই ধৰাত
বৰষুণৰ প্ৰেমেই সুকীয়া • • •
প্ৰতিটো খোজতে মৰমৰ ঝংকাৰ
প্ৰতিটো ধ্বনিয়েই মধুৰ
আৰু চোৱা ফটিক পানীৰ চুম্বনত
আজি মোৰ আই
সেউজীৰে একাকাৰ ।

No comments:
Post a Comment