Saturday, 1 July 2017

পাঁচ টকীয়া চাহ:- দিব্যজ্যোতি বানিক্য



পাঁচ টকীয়া চাহ
.
চাহ একাপৰ তথাকথিত নিচাটো
মোৰ বাবে অপৰিহাৰ্য নহয়
.
কিমান দাম চাহ একাপৰ?
পাঁচ টকা
আৰু পোন্ধৰ টকা যোগ কৰিব পাৰিলে
ৰতিব পাৰোঁ লোঘণীয়া ৰাতিটোৰ বদনাম
.
তথাপি পিয়লাত আপোনাৰ
পাঁচ টকীয়া চুমুকটোৰ প্ৰতি মই নিৰ্বিকাৰ
.
জানো মই আপোনাৰ বাবে
চাহ একাপৰ মান্যতা কিমান
পুৱা অথবা গধূলি আপোনাৰ
সতেজীকৰণৰ প্ৰয়োজন কিমান
.
বাকী পোন্ধৰ টকাৰ হিচাবত
চুচুক-চামাক মোক যেতিয়া জগৰীয়া কৰে
অনাহকত যে মাথোঁ চাহৰ দামটোৰ বাবে
মাতহীন ভাৱে স্থিতি লৈ থাকোঁ দূৰৈত
.
আপোনাৰ বাবে ই হয়তো
এক সহজ তোষামদ
তিনিটকীয়া কাৰ্ডৰ জীৱনৰ দৰে
চৰকাৰ আহিছে,গৈছে
গৈছে আহিছে
সূলভ মূল্যৰ গোদামত পেলনীয়াৰ দৰে
পৰি ৰৈছে চাউলৰ বস্তা অথবা
উপভোক্তাৰ টকাৰ অভাৱত
গেলামালৰ গোদামলৈ স্থানান্তৰিত হৈছে
.
আজি মোৰ সেই হোটেলৰ চাহৰ পিয়লাটোলৈ
দৰদ ওপজিছে
আপুনি তাৰ ওঁঠেৰে শেষটো চুমুক দি
দোকানীজনক চাহৰ মূল্য আদায় দি
কিদৰে সম্ভ্ৰান্তভাৱে প্ৰস্থান কৰিছে
আৰু হোটেলৰ কৰ্মচাৰীজনে কিদৰে
ঘঁহি পিহি তাৰ ওঁঠৰ পৰা চাফা কৰিব
আপোনাৰ সম্ভ্ৰান্ত ওঁঠৰ চুমুক লগা দাগ
.
আপোনাৰ ওঁঠৰ চুমুক কাপটোৱে
তাৰ ওঁঠত সজাই ৰাখিবলৈ অপৰাগ
.
এইখিনিতে মোৰ প্ৰতি আপোনাৰ সেই
অনাহক অভিযোগটোৰ কথা মনলৈ আহে
লোঘণীয়া ৰাতিটোৰ কথা ভাবি থাকোঁতে
সন্ধিয়াৰ একাপ চাহৰ পইচাৰ বাবে
পলৰীয়া অপবাদ দি আপোনাৰ পাঁচ টকীয়া ধূৰ্তালিৰে
কিদৰে মোক পোন্ধৰ টকীয়া ধনী কৰিলে
ৰাতি এটাৰ বদনাম ৰতিব পৰাকৈ
:- দিব্যজ্যোতি বানিক্য

No comments:

Post a Comment