Saturday, 1 July 2017

ৰূপোৱালী মেঘৰ ছায়া: খণ্ড--২২



আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:জুন,২০১৭
খণ্ড--২২
কলেজীয়া জীৱনত কোনোদিন প্ৰেমত নপৰোঁ বুলি ভবা মই প্ৰাপ্তিয়ে নিবিড়ৰ প্ৰেমত পৰিছিলোঁ৷নিবিড়ে মোলৈ লেণ্ডলাইনত ফোন কৰিছিল৷সদায় ফোন কৰাৰ শেষত সি মোক কৈছিল –“এক মিনিট ৰবা”, মই ৰৈছিলোঁ, সি মাথোঁ হাঁহিছিল আৰু ফোনটো কাটি দিছিল৷
সি বাৰু কিয় কয় এক মিনিট ৰবা”, মই ভাবি পোৱা নাছিলোঁ৷
সি মোক এদিন তথাকথিত ডেটিঙত লগ ধৰিছিল৷সেইদিনা মই ডেটিঙত যাবলৈ ৰেডি বলৈ লৈ নাৰ্ভাছ কৰিছিলোঁ৷কলগেটেৰে নিজৰ দাঁতকেইটা কিমানবাৰ যে মজা নাছিলোঁ এনেয়ে, কমলা ৰঙৰ চুৰিডাৰযোৰ পিন্ধি আইনাৰ আগত ৰৈছিলোঁ বহুত সময়, ভাবিছিলোঁ বাৰে বাৰে–“মোক বাৰু ধুনীয়া দেখাইছেনে?”
নিবিড়ে আকাশ নীলা ছাৰ্ট এটা পিন্ধিছিল৷পাৰ্ফিউমৰ মৃদু গোন্ধ এটা আহি নাকত লাগিছিলহি মোৰ!
: “
ত যাবা?” – নিবিড়ে সুধিছিল মোক
: “
তুমি যলৈকে নিয়া তালৈকে যাম
মোৰ কথা শুনি সি হাঁহিছিল৷
সেইদিনা আমি উডলেণ্ড গৈছিলোঁ……..
এনেকৈয়ে মাজে মাজে নিবিড় আৰু মই ফুৰিছিলোঁ৷প্ৰায়ে গধূলি লেইকৰ পাৰত বহিছিলোঁ৷নিবিড়ৰ নিবিড় সান্নিধ্যৰে উন্মনা হৈছিলোঁ মই৷এৰা, দেউতাৰ পিছতেই নিবিড়েই যেন হৈ পৰিছিল মোৰ প্ৰিয় পুৰুষ৷
হোষ্টেললৈ আহি পঢ়া টেবুলত বহি মাজে মাজে নিবিড়ৰ কথাই ভাবি ৰৈছিলোঁ৷নিবিড়ে সিহঁতৰ হোষ্টেলৰ কাহিনী কৈ মোক হহুঁৱাইছিল৷এদিন সি তাৰ লগৰ ধৰ্মজিতৰ কথা কৈছিল৷ ধৰ্মজিতে এইখন কলেজলৈ পঢ়িবলৈ অহাৰ আগতে এজনী ছোৱালীক টিউচন কৰিছিল৷ লাহে লাহে সি সেই ছোৱালীজনীৰ প্ৰেমত পৰিল আৰু ছোৱালীজনীও তাৰ প্ৰেমত পৰিল৷কলেজলৈ পঢ়িবলৈ অহাৰ পিছত সি নিয়মীয়াকৈ দুখন চিঠি লিখা কৰিলে এখন তাৰ প্ৰেয়সীলৈ আৰু এখন ছোৱালীজনীৰ মাকলৈ৷এদিন ভুলবশত: তাৰ প্ৰেয়সীৰ চিঠিখন প্ৰেয়সীৰ মাকলৈ দিয়া চিঠিখনৰ খামত সোমাল যত সি তাৰ প্ৰেয়সীক দেহাবুলি সম্বোধন কৰিছিল৷প্ৰেয়সীৰ মাকে তাৰ চিঠিখন পাই ধৰ্মজিতৰ প্ৰেম বাহিৰ কৰিলে৷
এবাৰ এজনী অচিন ছোৱালী আহি তাৰ বন্ধু বিকাশক ভাল পাওঁ বুলি কৈ বিকাশৰ কোঠাত গোটেই দিনটো বহি ৰৈছিল আৰু সেইদিনা বিকাশ পলাই আছিল ছোৱালী জনীৰ পৰা৷পিছত হোষ্টেল চুপাৰে বুজাই বঢ়াই ছোৱালীজনীক হোষ্টেলৰ পৰা পঠাব লগা হৈছিল৷
০০০০০০০০০
:
ঐ প্ৰাপ্তি কি কৰিছ’ – চিতপখিলী এজনী হৈ ৰেহেনা প্ৰাপ্তিৰ কোঠালৈ সোমাই আহিল৷
ৰেহেনা নতুনকৈ বিমলৰ প্ৰেমত পৰিছে৷প্ৰেমত পৰাৰ দিন ধৰি বিমলৰ কথা কৈ শেষ নহয় তাইৰ৷
:
জানআজি কি হ?
:
কি হ? – প্ৰাপ্তিয়ে সুধিলে
:
আজি মই আৰু বিমল একেলগে ৰিক্সাত গৈছিলোঁ৷বিমলৰ গাটো, হাতখন মোৰ গাত লাগিছিল!ইচ ৰাম নকবি কি যে শিহৰণ অনুভৱ কৰিছিলোঁ মই!!উস,এই শিহৰণৰ কি নাম দিম মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ….তোৰ এনেকুৱা অভিজ্ঞতা হৈছেনে প্ৰাপ্তি?
ৰেহেনাৰ কথা শুনি মোৰ হাঁহি উঠিল৷অন্তৰত অনুভৱ কৰা গোপন কথাটিকো এটি শিশুৰ দৰে ব্যক্ত কৰিছে তাই!!মৰম লাগি গল ৰেহেনালৈ মোৰ!
:
নিবিড়ৰ হাতখন মোৰ হাতত লাগিলে মোৰ কেনে অনুভৱ হয় মই পিছে তোক নকওঁ এইবুলি কৈ মই হাঁহি হাঁহি বিচনাত বাগৰি পৰিলোঁ৷
:
যাহ এইজনী!ৰেহেনাই কৈ উঠিল৷
:
জানপ্ৰাপ্তি, বিমলৰ প্ৰেমত পৰি মই এটা গানৰ উপলব্ধি ভালকৈয়ে কৰিছোঁ৷
:
কোনটো গান?
ৰেহেনাই গুণগুণালে
হথছে চু লতুম/মেৰা গীত অমৰ কৰ দ’/বন জাৱমিট মেৰে/মেৰি প্ৰীত অমৰ কৰ দ’…..”
ৰেহেনাই গাই থকা গানটো শুনি মোৰ ভালেই লাগিল পিছে তাইৰ কথা-কাণ্ড দেখি মোৰ হাঁহি উঠি থাকিল৷বিমলৰ ঢেৰ গুণ-গৰিমা গাই অৱশেষত ৰেহেনা গলগৈ৷কৈ থৈ গ
:
প্ৰেমত পৰিলে অনবৰত প্ৰেমিকৰ কথাই পাতি থাকিবৰ মন যায়, তইহে কেনেকুৱা জানো নিবিড়ৰ কথা নকৱই!
মই গাৰুটো সাৱটি হাঁহি হাঁহি বিচনাত বাগৰ দিলোঁ৷ভাবিলোঁনিবিড়ক ৰেহেনাই গোৱা গানটো গাই শুনাবলৈ কবলাগিব৷সি ভাল গান গায়৷
এৰা, ৰেহেনাৰ দৰে মোৰো চোন একেই অনুভৱ হয়৷নিবিড় মোৰ কাষত থাকিলে গোটেই পৃথিৱীখনেই মোৰ কাষত থকা যেন লাগে৷নিবিড়ৰ স্পৰ্শতো বাদেই অকনমান নিশাহ আহি গাত পৰিলেও মই অনামী সুখ অনুভৱ কৰোঁ৷সিদিনা চকু দেখুৱাবলৈ নিবিড়ক লৈ ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ৷মোৰ চকুৰ পৰা পানী ওলাই আছিল৷নিবিড়ে তাৰ ৰুমাল খনেৰে আলফুলে মোৰ চকুপানী মচি দিছিল!হয় হয়,সেই মুহূৰ্তত মই ৰেহেনাৰ দৰেই ভাষাহীন পুলক অনুভৱ কৰিছিলোঁ৷কেতিয়াবা ৰেষ্টুৰেন্টত নিবিড়ে মোক তাৰ ভাগৰ অকনমান খুৱাই দিছিল!সেইয়াও যে অলৌকিক অনুভৱ আছিল মোৰ!প্ৰতিক্ষণতে নিবিড়ৰ কেয়াৰ অনুভৱ কৰিছিলোঁ৷মই হাঁচিটো মাৰিলেও সি ভয় খাইছিল মোৰ বেমাৰ হব বুলি!!
(
আগলৈ)
মৌচুমী বৰি

No comments:

Post a Comment