Wednesday, 20 January 2016

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১ | প্ৰথম খণ্ড | ১-৭ ডিচেম্বৰ ২০১৫ পৰ্যালোচকঃ হীৰকজ্যোতি বৈশ্য

কবি-সমালোচকসকলে কবিতাৰ বহুতো সূত্ৰ আগবঢ়াইছে৷ অল্পমতি মই এষাৰেই ক'ব খোজোঁ- প্ৰকাশ কৰিব নোৱৰা অনুভৱৰ প্ৰকাশেই কবিতা৷ প্ৰেমেই হওক, বিপ্লৱেই হওক, প্ৰকাশৰ জটিলতাই জন্ম দিয়ে কবিতাৰ৷
.
অতীতৰপৰা আজিলৈ কবিতা বিবৰ্তিত হৈ আছে, ঠিক যেন মানুহ আৰু সভ্যতাৰ বিবৰ্তন৷ বল্কল পিন্ধা মানুহৰ আজি ছ'ছিয়েল মিডিয়াত ভিৰ৷ মানুহ হিচাপে আমি ইজনে আনজনৰ দ্বাৰা সদা প্ৰভাৱিত৷ অলপ ভাবি চালে জানিব পাৰিম যে আমাৰ অতিকৈ ব্যক্তিগত কথা-কামবিলাকো সম্পূৰ্ণৰূপে আমাৰ নিজৰ নহয়৷ তাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমাজৰ চাপ থাকে৷ সমাজ, সভ্যতাৰ কথা তাৰপৰাই আহে৷ দাৰ্শনিক কেমুৱে কৈছিল- The purpose of a writer is to keep civilization from destroying itself ৷
কবি পৰিমালা কোঁৱৰৰ 'ছাই' শীৰ্ষক কবিতাটিত পাওঁ এই সচেতনতা৷ 'ছাই' বিবৰ্তনৰ এক প্ৰতীকী কথন৷
.
ছাই_____পৰিমালা কোঁৱৰ
.
ছাইৰো এটা ইতিহাস আছে
বিবৰ্তনৰ মাজেৰে বাগৰি অহা
এক যন্ত্ৰণা
কেতিয়াবা হাবিবোৰ ছাই হৈ যায়
আৰু সেই ছাইৰ পৰা গজি উঠে
এখন অৰণ্য
এইয়া পৰিবৰ্তনৰ ইতিহাস
কেতিয়াবা ঘৰবোৰো ছাঁই হৈ যায়
আকৌ নকৈ ঘৰ পাতে
সাৱধানে
কোন কেতিয়া ছাই হৈ যায়
নিজেই নাজানে
অথচ ছাইবোৰ দেখি
স্বভাৱবোৰ সলনি নহয়
শীতৰ জুইত উম লোৱা জনেও নাজানে
তেওঁ ছাই হ'ব নে
মাটি হৈ যাব
মাথো জুয়ে জানে
দাহ্য পদাৰ্থবোৰ জ্বলি জ্বলি
ছাই হয়
ছাইবোৰ এদিন মাটি হয়
সেই মাটিত শস্য হয়
শস্যবোৰে প্ৰাণীবোৰ জীয়াই ৰাখে
প্ৰাণীবোৰ কেতিয়াবা
ছাই হৈ যায় ।
.
ছাইৰ প্ৰতীকী অৰ্থৰ বিশালতাই কবিৰো চিন্তাৰ পৰিসৰক সূচায়৷ সভ্যতাৰ অগ্ৰগতিত আমি বিবৰ্তিত যদিও present follows past কথাশাৰীৰ সত্যতাক নুই কৰিব নোৱাৰোঁ৷ অতীতেই জীপ দি আছে আমাক অহৰহ৷ সেয়ে কবিতাটিৰ এটা খুবেই অৰ্থবহ আৰু ভাল লগা শাৰী-
"কেতিয়াবা হাবিবোৰ ছাই হৈ যায়
আৰু সেই ছাইৰ পৰা গজি উঠে
এখন অৰণ্য"ই সাধাৰণৰপৰা অসাধৰণ ৰূপ লৈ পাঠকৰ মন আলোড়িত কৰে৷ কবিতা এটাৰ সকলোখিনি ভাল নালাগে, কিছু বিশেষ শাৰীয়ে পাঠকৰ মন বিজুলীয়াই যায়, আৰু সেয়াই কবিতা৷ লনজাইনাছৰ এই কথাশাৰীৰ সত্যতা পাওঁ উপৰিউক্ত কবিতাফাকিত। আমি ভাবিব পাৰোঁ যে 'ছাই'ৰে কবিয়ে অন্যায়, অসূয়া আদি নেতিবাচক কথা-কামক বুজাইছে৷ কিয়নো 'হাবিবোৰ' ছাই হৈ যায়, 'ঘৰবোৰ' ছাই হৈ যায়, 'শীতত উম লোৱা মানুহজন'ও ছাই হৈ যায়৷ কবিতাৰ সৌষ্ঠৱ দুগুণে চৰে যেতিয়া কবিয়ে শ্লেষাত্মকভাৱে উদঙাই দিব খোজে মানুহ হোৱাৰ ফোপোলা গৌৰৱ-
"কোন কেতিয়া ছাই হৈ যায়
নিজেই নাজানে
অথচ ছাইবোৰ দেখি
স্বভাৱবোৰ সলনি নহয়"
কবিতাটিৰ আন এটা শ্লেষাত্মক উক্তি-
"মাথো জুয়ে জানে
দাহ্য পদাৰ্থবোৰ জ্বলি জ্বলি
ছাই হয়"
'দাহ্য পদাৰ্থবোৰ'ৰ জৰিয়তে কবিয়ে এটা ধামখুমীয়াৰ ইংগিত দিয়ে, যি অনাকাংক্ষিতভাৱে নৈৰ সোঁতত উঁটি যোৱাৰ কুচকাৱাজ কৰি আছে৷ আকৌ, কবিতাফাকিৰ অন্তৰ্নিহিত ভাবটোৱে আমাক সোঁৱৰাই দিয়ে হিন্দু ধৰ্মশাস্ত্ৰৰ সেই এজন পৰমশক্তিশালী পৰমেশ্বৰৰ কথা৷ কেৱল পৰমেশ্বৰেহে জানে কাৰ ভাগ্যত কি আছে, কোন কেতিয়া ছাই হ'বলগীয়া আছে৷ সেই অৰ্থত ইয়াত জুই হৈছে এটা পৰম শক্তি, যিয়ে মাথোঁ দহন কৰে (ধুই নিয়ে), ধামখুমীয়াত পতিত সকলোবোৰ (অসূয়া)ক৷ ঠিক 'দুষ্টক দমন শান্তক পালন'ৰ লেখীয়া৷
.
ছাইৰ এক যোগাত্মক দিশ আছে৷ ইয়াৰ পৰা সাৰ হয়, শস্য উৎপাদনৰ সহায়ক হয়৷ সেই শস্য উন্নতিৰ বাৰ্তাবাহক৷ কিন্তু, সেয়া চিৰদিন সত্যনে? অপতৃণজাতীয় উদ্ভিদো ছাইৰ জীপ লৈয়েই জী উঠিব পাৰে৷ পিছে, সিও যেন ছাই হোৱাৰ পথলৈয়ে ধাৱমান৷ কবিতাটিৰ শেষত তদ্ৰূপ ভাৱ এটি পাওঁ৷
"ছাইবোৰ এদিন মাটি হয়
সেই মাটিত শস্য হয়
শস্যবোৰে প্ৰাণীবোৰ জীয়াই ৰাখে
প্ৰাণীবোৰ কেতিয়াবা
ছাই হৈ যায় ।"
কবিতাটিত 'কেতিয়াবা' অব্যয়টোৰ ব্যৱহাৰ মন কৰিবলগীয়া৷ কেতিয়াবা মানে সদায় নহয়, অনিয়মিত৷ কেতিয়াবা হাবিবোৰ ছাই হৈ যায়, কেতিয়াবা ঘৰবোৰো ছাঁই হৈ যায়, প্ৰাণীবোৰ কেতিয়াবা ছাই হৈ যায়। ই আধুনিকতাৰ এটা ধৰ্ম বহন কৰে, যাক সম্ভাৱনীয়তা বুলি ক'ব পাৰি৷ মানে ছাই হ'বও পাৰে, নহ'বও পাৰে- কোন কেতিয়া ছাই হ'ব নে নহ'ব সেয়াও এক সম্ভাৱনীয়তা৷ nothing is certain কথাষাৰৰ প্ৰগাঢ়তা তাতেই বাহিত হৈছে৷
কবি কোঁৱৰে কবিতাবোৰ আৰু কিছু চুটি কৰিলে ভাল হয়৷ তেতিয়হ’লে এতিয়াৰ ভাল কবিতাবোৰ উৎকৃষ্ট কবিতা হ’ব বুলি মই ভাবোঁ৷ "ছাই" কবিতাটিও আৰু অলপ চুটি কৰিব পৰা গ'লহেঁতেন৷ আকৌ, কবিতাটিৰ দ্বিতীয় শাৰীটোৰ কিছু গাঁঠনিগত সংশোধন কৰা উচিত যেন লাগে৷ অন্যথাই ই প্ৰথম শাৰীৰ লগত সংযোগ ৰহিত যেন লাগি আছে৷ হয়তো এনেকুৱা হ’ব পাৰিলেহেঁতেন- "ছাইৰো এটা ইতিহাস আছে/আছে বিবৰ্তনৰ মাজেৰে বাগৰি অহা
এক যন্ত্ৰণা"৷ আকৌ, কবিতাৰ মাজত কবিতাৰ কথাংশৰ ওপৰত কবিৰ ব্যক্তিগত মতামত যোগ নকৰাই ভাল৷ কবিতাটিত "এইয়া পৰিবৰ্তনৰ ইতিহাস" শাৰীটোৱে পাঠকক সাময়িক বিৰাম দি, কবিৰ নিজস্ব মন্তব্য এটাৰে পাঠকক এটা নিৰ্দিষ্ট দিশেৰে যাবলৈ তাগিদা দিছে৷ ই কবিতাৰ ৰস গ্ৰহণৰ মাদকতা হ্ৰাস কৰে৷
কবিতাটি আৰু বেলেগ ধৰণেও বিশ্লেষণ কৰিব পাৰি৷ ছাইৰ প্ৰতীকী ব্যঞ্জনাই কবিতাটিৰ আৰু অধিক আলোচনা দাবী কৰে৷ সদ্যহতে মই ইমানতে সামৰিম৷ কবিলৈ শুভেচ্ছা থাকিল৷
……………
আধুনিক সাহিত্যৰ সঘনে ব্যৱহাৰ হোৱা দুটা অলংকাৰ হৈছে শ্লেষ আৰু বক্ৰোক্তি৷ কবি সুনীল অমিয়ৰ 'মোৰ সকলো শিল্প গনহত্যাকাৰী' কবিতাটিত বৰ্তমানৰ পৰিস্থিতিৰ লগত মানুহৰ সম্পৰ্ক আৰু ঔদাসীন্যতাক বক্ৰোক্তিৰে তীব্ৰ সমালোচনা কৰা দেখা যায়৷ সমাজৰ এজনৰ অধিকাৰ খৰ্ব হোৱা মানে প্ৰত্যেকজনৰ অধিকাৰক লৈ ভাবুকি৷ অন্য কথাত এককে সমূহক বহন কৰে৷ সেইদৰে সমূহৰ অথন্তৰ মানে এককৰো অমানিশা৷ সামাজিক দায়ৱদ্ধতা ইয়াৰ পৰাই আহে৷ কিন্তু বৰ্তমানৰ সামাজিক অৱস্থাৰ লগত ব্যক্তিমানস যেন বিচ্ছিন্ন৷ মানুহৰ কাৰ্য্য-কলাপে সমাজলৈ অশনি সংকেত কঢ়িয়াইছে৷ অথচ মানুহ নিৰ্লিপ্ত৷ এই নিৰ্লিপ্ততাই সামাজৰ জুইত ঘিঁউ ঢালি আছে৷
.
মোৰ সকলো শিল্প গনহত্যাকাৰী___সুনীল অমিয়
.
মোৰ সকলো শব্দ
জুইত দলিয়াই দিয়া শিশু
মোৰ সকলো ধ্বনি
মাৰনাস্ত্ৰৰ জয়ধ্বনি
মোৰ সকলো ছন্দ
হত্যা উদ্বত্ত তৰোৱাল
মোৰ সকলো কাব্য
তৰোৱাল শীৰ্ষৰ ভ্ৰূণ
মোৰ সকলো প্ৰেম
একো নহয় একো নহয়
মাথো তিৰস্কাৰ
ল'ৰাৰ সমুখত
আইৰ বলাৎকাৰ
তথাপিও মই
তথাপিও মই
ঘৰতে থাকিম বহি
চাহৰ মেজত
নাচিব সকলো হঠকাৰী
জনাই থও আজি
মোৰ সকলো শিল্প
গনহত্যাকাৰী…
.
এয়া যেন কবিৰ দীঘলীয়া অতিষ্ঠতাৰ বহিঃপ্ৰকাশ৷ কিমান বিতৃষ্ণা আহিলে কাৰোবাৰ মনত এই ভাৱ আহে বুজাই বুজিব৷ ইয়াত 'মই' একক প্ৰতীকেৰে মানুহৰ সমূহক বুজোৱা হৈছে৷ নাইবা বিজ্ঞানে আনি দিয়া যন্ত্ৰ সংস্কৃতিৰ বিধ্বংসী মূৰ্তিকো ই নিৰ্দেশ কৰে৷ কবিতাটিত এটা সাংগীতিক মূৰ্চ্ছনা পৰিলক্ষিত হয় যদিও কিছু কিছু ক্ষেত্ৰত ই বাৰুকৈ স্খলিত৷ এনেকুৱা লাগে যেন কবিতাটি কবিয়ে খৰধৰকৈ লিখি শেষ কৰিলে৷ তথাপি কবিতাটিৰ প্ৰাককল্পিত ভাবে অন্তৰ চুৱে৷
"মোৰ সকলো ধ্বনি
মাৰনাস্ত্ৰৰ জয়ধ্বনি
মোৰ সকলো ছন্দ
হত্যা উদ্বত্ত তৰোৱাল
মোৰ সকলো কাব্য
তৰোৱাল শীৰ্ষৰ ভ্ৰূণ"
এই বিৰাগ গতানুগতিকতাৰ পৰা আশ্ৰিত বুলি কেনেকৈনো ক'ব? ইয়াত এফালে গুজৰি আছে বিজয়োল্লাস (জয়ধ্বনি, উদ্বত্ত তৰোৱাল, ভ্ৰূণ আদি শব্দই সৃষ্টি কৰা ভাব), আৰু আনফালে আছে হিংসা, অপ্ৰীতিৰ দাবানল (মাৰনাস্ত্ৰ(নে মৰণাস্ত্ৰ?), হত্যা, তৰোৱাল শীৰ্ষ আদি শব্দই সৃষ্টি কৰা ভাব)৷ "তৰোৱাল শীৰ্ষৰ ভ্ৰূণ"- এই ৰূপক অলংকাৰটিৰ ক্ষেত্ৰত কবিয়ে আৰু অলপ ভাবি চোৱা উচিত৷ এই ৰূপত এইটো নিস্তেজ হৈ আছে৷
"মোৰ সকলো কাব্য/তৰোৱাল শীৰ্ষৰ ভ্ৰূণ" বুলি নিলিখি "মোৰ সকলো কাব্য/ তৰোৱালৰ কচৰৎ" নাইবা "মোৰ সকলো কাব্যই জন্ম দিয়ে একোজন তৰোৱালধাৰীৰ" এনেকুৱা ধৰণে লিখিলে শুনোতে শুৱলা হোৱাৰ লগতে পাঠকৰো বেছি ওচৰ চাপিব পাৰিব বুলি ভাবোঁ৷ শেষৰ ছোঁৱাত মানৱতাৰ অৱক্ষয়ৰ বাবে কবিয়ে সমাজলৈ এৰি দিছে এক সুতীব্ৰ বক্ৰোক্তি৷
"ল'ৰাৰ সমুখত
আইৰ বলাৎকাৰ
তথাপিও মই
তথাপিও মই
ঘৰতে থাকিম বহি
চাহৰ মেজত
নাচিব সকলো হঠকাৰী"
.
"A poet is one who wants to leave and one who cannot leave"৷ সমাজৰ জলন্ত বাস্তৱৰ পৰা পলায়ন কৰিব পাৰিলে হয়তো কবি সুনিল অমিয়ৰ কাপেৰে আমি এই সৃষ্টি নাপালোহেঁতেন৷ "চাহৰ মেজত/নাচিব সকলো হঠকাৰী" বুলি কবিয়ে আচলতে উদঙাই দিছে সমাজৰ ময়বৰ ভাব লৈ ঘৰতে বহি বৰ বৰ কথা কোৱা এচাম লোকৰ ফোপোলা চৰিত্ৰ৷ কবিয়ে শিৰোনামেৰে কবিতাটিৰ মোখনি মাৰি পাঠকৰ মনত এক প্ৰশ্নৰ খোৰাক দি গৈছে৷
"জনাই থও আজি
মোৰ সকলো শিল্প
গনহত্যাকাৰী…"
আচলতে কি এই শিল্প? যি আমি কৰি আছোঁ, যি উদযাপন কৰি আছোঁ, যি সপোন দেখি আছোঁ এই সকলোবোৰেই জানো মানৱৰ অহিত সাধন কৰি থকা নাই?
যদিও সামগ্ৰিকভাৱে চাবলৈ গ'লে কবিতাটিত এক নৈৰাজ্য বিয়পি থকা দেখোঁ, এই নৈৰাজ্য নিতান্তই বাস্তৱ আশ্ৰিত৷
কবিতাটিৰ শিৰোনামতে বানানৰ ভুলে পাঠকক হতাশ কৰে(গনহত্যাকাৰী; হ’ব লাগিছিল গণহত্যাকাৰী)৷ কবি অমিয়ই বানানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে৷
…………
কবিসকল অনুভূতিপ্ৰৱণ৷ প্ৰেমৰ দৰে স্বৰ্গীয় অনুভূতিৰ প্ৰতি কবিসকল সদা আকৰ্ষিত৷ নানাজনে নানাভাৱে প্ৰেম কৰি পৃথিৱীৰ ইতিহাসত উদাহৰণ ৰাখি গৈছে৷ এই সহজাত প্ৰবৃত্তিৰ প্ৰতি সবৰে ধাউতিও অসীম৷ কৈশোৰৰ সময়ছোৱাৰ পৰা বুজা-নুবুজাৰ দোমোজাত পৰিয়েই হওক নাইবা দেখাক দেখিয়েই হওক প্ৰেম কৰাৰ, প্ৰেমত পৰাৰ মন যায় আমাৰ আৰু পৰোও৷ তাৰে প্ৰথমছোৱাৰ প্ৰেমবিলাকৰ সৰহভাগেই বিফল হয় অপৈণত বয়স, মস্তিষ্কৰ বাবে আৰু তেতিয়া সেই বিফল প্ৰেমিকসকলে অপৈণত হাতেৰেই আঁক-বাঁক কৰে বিফল কবিতাৰ৷ ৰিল্কেই Letters to a young poet কিতাপখনত তেনেকুৱা কবিতাৰ পৰা নতুন কবিসকলক দূৰত অৱস্থান কৰিবলৈ কৈ থৈছে৷ প্ৰেমৰ অনুভূতি ইমানেই ব্যতিক্ৰম, ইমানেই সৰগীয় যে ইয়াক কবিতাৰে প্ৰকাশ কৰাটো কঠিনতকৈও কঠিন কাম৷
.
যাহওক মই নিজেও বিশ্বাস কৰোঁ যে প্ৰকাশৰ বাট বিচাৰি নোপোৱা কথাৰ প্ৰকাশেই কবিতা৷ সেয়ে হয়তো আজি পৰ্যন্ত অনেক কবিয়ে প্ৰেমৰ অনুভৱ কবিতাৰে প্ৰকাশ কৰি আছে৷ তাৰ অনেক কবিতা জগত বিখ্যাতো হৈছে। 'আখৰুৱা'ৰ জানুৱাৰীৰ পহিলা সপ্তাহৰ এটা কবিতা- কবি উইল চিদ্দিকুৰ ৰহমানৰ 'মোৰ প্রেমৰ পাঠশালা'৷
.
মোৰ প্রেমৰ পাঠশালা----উইল চিদ্দিকুৰ ৰহমান
(১)
মোৰ প্রেমৰ পাঠশালাত
কোনে ৰুলে এজোপা গোলাপ
প্রার্থনাৰ লাহী আঙুলিৰে
কোনে আঁকিলে জাহ্নবী-যমুনা বাট
(২)
নিজান পুখুৰীটোত খহি পৰিল
অথন্তৰৰ ক’লা পাথৰ এটি
উচাৎমাৰি উৰি গ’ল
চাতক পখী এটি কেনিবাদি
(৩)
দুপৰ ৰাতিৰ ৰে’লৰ উকিত
কোনে বজায় প্রেমিক বাঁহী
কাণি-দুৱৰীকৈ মেলি থোৱা আছিল
তাইৰ কোঠাৰ একেখনি দুৱাৰ
(৪)
দহিকতৰা এটাই
কৈ গ’ল কাণে কাণে
প্রেম এনেকুৱাই
অহা বাটে ওভতি যায়
ৰিঙিয়াই ৰিঙিয়াই
.
কবিতাটিৰ শিৰোনামতে আমি পাওঁ বিষয়ীৰ প্ৰথম প্ৰেম বিষয়ক ইংগিত৷ 'পাঠশালা'৷ 'প্ৰাৰ্থনাৰ লাহী আঙুলী'ৰ চিত্ৰকল্পই পাঠকৰ অন্তৰতো 'জাহ্নবী-যমুনা'ৰ বাট কাটিবলৈ সক্ষম৷ নিশ্চয়কৈ প্ৰথম স্তৱকটো এটা আশাৰ স্তৱক৷ কিন্তু কবিতাটিৰ সমাপ্তিলৈ চালে পাওঁ এই আশাবাদ এক স্মৃতিচাৰণহে মাথোঁ৷ সেই হিচাপে কবিয়ে 'জাহ্নবী-যমুনা’ বুলি কোৱাটো এটা শ্লেষ যেনহে লাগে৷ জাহ্নবী মানে গংগা আৰু যমুনা মানে বৃন্দাৱনৰ মাজেৰে বৈ থকা এখন নৈ যাৰ পাৰত কৃষ্ণই ওমলিছিল৷ কিন্তু যমুনাৰ আন এটা অৰ্থ যমালয়৷ গতিকে, বিষয়ীৰ সাধনালব্ধ প্ৰেমে গংগা আৰু লগতে যমালয়ৰ বাট অঁকা বুলিও ভবাৰ থল আছে, অৰ্থাৎ প্ৰথমতে সুখ আৰু পিছত কষ্ট, যন্ত্ৰণা৷ এইধৰণৰ শ্লেষাত্মক উক্তিয়ে পাঠককো চিন্তাৰ পৰিধি প্ৰসাৰণ কৰাৰ থল দিয়ে৷ দ্বিতীয় স্তৱকৰ "নিজান পুখুৰীটোত খহি পৰিল/অথন্তৰৰ ক’লা পাথৰ এটি"…ইয়াৰে "অথন্তৰৰ ক’লা পাথৰ এটি" কথাষাৰ এই পৰ্যালোচকৰ মনোগ্ৰাহী হ'বলৈ এটা দূৰত্ব থাকি গ'ল৷ ’অথন্তৰ’ৰ সলনি অন্য কিবা অমানৱীয় মৌল(ৰূপক) ব্যৱহাৰ কৰিলে হয়তো বেছি ভাল লাগিলহেঁতেন৷ যা হওক, ই বিষয়ীৰ প্ৰেমলৈ হঠাতে অহা দুৰ্যোগক বুজাইছে৷ 'চাতক’ পখীৰ ৰূপকৰদ্বাৰা আমি বিষয়ীৰ অৱক্ষয়ী প্ৰেমকে বুজোঁ৷ তৃতীয় স্তৱকৰ প্ৰসংগত কওঁ যে ৰে’লৰ উঁকিত বাঁহী বজোৱা কথাটি বহু চেষ্টা কৰিও জীন নিয়াব নোৱাৰিলো ( দুপৰ ৰাতিৰ ৰে’লৰ উকিত/কোনে বজায় প্রেমিক বাঁহী)৷ হয়তো ই ৰাতিৰ ৰে’লৰ উঁকিৰ লগত বিষয়ীৰ এক যোগসূত্ৰ স্থাপন কৰিছে আৰু যিয়ে বিষয়ীৰ জীৱনগাথা কৰুণৰপৰা কৰুণতম কৰি তোলে৷ কিন্তু সংশোধনৰ প্ৰয়োজন আছিল৷ এনেকুৱা হ'ব পাৰে নেকি- দুপৰ ৰাতিৰ ৰে'লৰ উঁকি/যেন এটি প্ৰেমিক বাঁহী…? এইখিনি কবিলৈ এৰিলোঁ৷
বাকীকেইটা স্তৱকত যিটো লয়ে পাঠকক আচ্ছন্ন কৰিছে সেয়া তৃতীয় স্তৱকত কবিয়ে সমূলি নষ্ট কৰিছে৷ এয়া অৱচেতনভাৱে হৈছে নে কবিয়ে ইচ্ছাকৃতভাৱে কৰিছে জনাৰ অৱকাশ নাই৷ যদি ইচ্ছাপ্ৰণোদিতভাৱে হোৱা বুলি ধৰোঁ, তেন্তে বুজিব লাগিব যে কবিয়ে হয়তো বিষয়ীৰ বিশৃংখল জীৱনৰ এটা জাননী দিছে৷ বিষয়ীৰ সুস্থিৰ জীৱনক জোকাৰি দিছে প্ৰথম প্ৰেমৰ বিফলতাই৷ আৰু লগতে চতুৰ্থ স্তৱকত পৰিলক্ষিত হোৱা লয়ে বিষয়ীৰ হেৰোৱা ছন্দ ঘূৰি অহাটোক বুজাইছে৷ এয়া মোৰ আনুমানিক ধাৰণা৷ এনেকুৱা শৈলীৰ কবিতা মই আগতে পোৱা নাই৷ যিহেতু কবিতাটি আধুনিক, আমি এনেকুৱা এটা ধাৰণা গ্ৰহণ কৰোটোত ভুল নাই নিশ্চয়৷
.
চতুৰ্থ স্তৱকত দহিকতৰাৰ ৰূপকে কবিতাটিৰ পঠনত পুনৰ সন্তুষ্টি সঞ্চাৰ কৰিছে৷ ই লগে লগে ৰোমান্তিক যুগৰ কবি ৰঘুনাথ চৌধাৰীলৈ আমাক মনত পেলাই দিয়ে৷ লগে লগে মানৱী প্ৰেম এৰি প্ৰকৃতি প্ৰেমে কবিতাটিত ভূমুকি মাৰে৷ সেমেকা ভাব এটাই পাঠকৰ মন চানি ধৰে৷ ইও এটা সুখানুভূতি৷
"প্রেম এনেকুৱাই
অহা বাটে ওভতি যায়
ৰিঙিয়াই ৰিঙিয়াই""
সহজভাৱে ব্যক্ত কৰা এইকেইশাৰী ব্যঞ্জনাৰহিত কবিতাফাকিত আছে প্ৰথম প্ৰেমৰ বিফলতাৰ দুখ আৰু এক সান্ত্বনা৷ কিছু দূৰলৈ কবিতাটি এটা কাহিনী আৰু কিছু দূৰলৈ কাহিনীটোৰ বিষয়ে কবিৰ মনৰ ভাব, যাক প্ৰভাৱবাদ নাইবা Impressionism বুলি ক'লে হয়তো ভুল কোৱা নহ’ব৷ কবিলৈ শুভেচ্ছা থাকিল৷
…………
গাঁৱৰ সৰল প্ৰেমৰ জীপাল সুবাস পাওঁ দ্ৰিচাং বসুমতাৰীৰ "সৰিয়হৰ ফুল" শীৰ্ষক কবিতাটিত৷ বসুমতাৰীৰ প্ৰায়ভাগ কবিতাত পাওঁ গাঁৱৰ নষ্টালজিক কথা, চিনাকি একোখন ছবিৰ কাব্যিক ৰসায়ন৷ "সৰিয়হৰ ফুল" কবিতাটিও এনেকুৱা ভাবেৰেই ঠাহ খাই আছে৷
.
সৰিয়হৰ ফুল__দ্ৰিচাং বসুমতাৰী
.
খৰালিৰ মাটি এহালিচা
তাতেই প্ৰতিবছৰে তেখেতে সৰিয়হ ছটিয়াই
তাৰ আগত তেখেতে বাৰিষাৰ পৰৱৰ্তী কালত গজি উঠা অপতৃণ বোৰ আতৰাই
মহাজনৰ গৰু হাল খুজি আনি মাটি চহাই
দলিমাৰি এডালেৰে পকা চপৰাবোৰ কোবাই গুৰি কৰে
মাটি খিনি তেখেতৰ মনৰ মতে চহ নোহোৱালৈকে তেখেতে মৈয়াই থাকে
চপৰা কোবাই থাকে ..
যোৱা বেলিৰ বীজবোৰ ৰাতিয়েই তিয়াই থোৱা কামটো তেখেতৰ সুন্দৰী পত্নীয়ে কৰে
সাঁচি ৰখা কামটো আৰু বীজ অংকুৰণৰ সুবিধা কৰি দিয়া দুয়োটা কামেই তেখেতৰ পত্নীৰ
সেউজীয়াৰ পৰা হালধীয়া হ'বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত তেখেতে প্ৰতিবছৰে সৰিয়হ ফুলৰ পদ্য লিখে
পত্নীক শুনাই
পত্নীয়ে হাঁহে
পত্নীয়ে হ'লে একো নুবুজে
বুজে মাথো সৰিয়হ ডৰাক লৈ মানুহজনৰ হেঁপাহ কণক ..
আৰু সৰিয়হ ফুলৰ গোন্ধক।
.
কবিতাটি পঢ়ি গ'লেই আমি এক সুখ অনুভৱ কৰোঁ৷ যেন চিনাকী চেতনাৰ ছবি এখন চকুৰ আগেদি পাৰ হৈ যায়৷ কবিয়ে গাঁৱৰ এক আবেদনশীল পৰিবেশক কাব্যভাবানুৰঞ্জিত গদ্যৰে প্ৰকাশ কৰিছে৷ সেই ফালৰপৰা ইয়াক কথা-কবিতা বুলিব পাৰি৷ ড° বাণীকান্ত কাকতিৰ মতে, "কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন৷…কথা কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা৷ কথা-কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়৷" (উৎসঃ সাহিত্য সুবাস)৷ কবি বসুমতাৰীৰ আলোচ্য কবিতাটিতো আমি তেনেকুৱা চিত্ৰ এখন দেখোঁ৷ ইয়াত কবিয়ে আনুষঙ্গিকভাৱে চিত্ৰ আঁকি গৈছে যদিও কিছু ক্ষেত্ৰত তাৰ প্ৰগাঢ়তা অটুট ৰাখিব পৰা নাই৷ উদাহৰণস্বৰূপে, "মাটি খিনি তেখেতৰ মনৰ মতে চহ নোহোৱালৈকে তেখেতে মৈয়াই থাকে"৷ ইয়াত কবিয়ে শব্দৰ মিতব্যয়িতা পৰিহাৰ কৰাত কাব্যিকতা হ্ৰাস পাইছে আৰু লগতে ভাৱৰ প্ৰগাঢ়তা৷ তৃতীয় পুৰুষ(তেখেত)ৰ উল্লেখ এবাৰতে সামৰিব পৰা গ'লহেঁতেন৷ কবিতাটিৰ ভাল লগা দিশ হ’ল গাঁৱৰ খেতিয়ক পৰিয়ালৰ দম্পতীৰ মাজত থকা নিভাঁজ প্ৰেমৰ প্ৰতিফলন, য’ত পুৰুষজনে হাল মৰা, গৰু চৰোৱা আদি কামবোৰ কৰে আৰু মহিলাই ভাত বনোৱা, চোতাল-ঘৰ পৰিস্কাৰকৈ ৰখা আদি কামবোৰ কৰে৷ কৃষিজীৱী পৰিয়ালত পুৰুষ আৰু মহিলাৰ কাম আৰু কিছু বাঢ়ে৷ কবিতাটিত কোৱাৰ দৰে,
"সাঁচি ৰখা কামটো আৰু বীজ অংকুৰণৰ সুবিধা কৰি দিয়া দুয়োটা কামেই তেখেতৰ পত্নীৰ"
এনেদৰে খেতিৰ কামতো পতিক সহায় কৰি দিয়াটো যেন পত্নীৰ এটা দায়িত্ব, যিটো পতিৰ অগোচৰে পত্নীয়ে পালন কৰে৷ পত্নীক অৰ্ধাংগিনী বোলা কথাষাৰ হয়তো এনেকুৱা ক্ষেত্ৰতহে সঠিক হয়৷ কবিতাফাকিয়ে ব্যঞ্জনাত্মকভাৱে মহিলাৰ উৰ্বৰা শক্তিকো নিৰ্দেশ কৰে৷ ইয়াৰ পিছৰছোৱাত পাওঁ প্ৰেমৰ এক সহজাত অথচ বিলাসী আবদাৰ৷ "সেউজীয়াৰ পৰা হালধীয়া হ'বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত/তেখেতে প্ৰতিবছৰে সৰিয়হ ফুলৰ পদ্য লিখে"৷ যি আশাবাদে ইয়াত বিষয়ীক আলোড়িত কৰিছে সেয়াই হৈছে খেতিয়ক বিষয়ীৰ জীৱনৰ অৰ্থ৷ এই আশাবাদ বিষয়ীয়ে অশিক্ষিতা, অজলা (পত্নীৰ এই বিশেষণ কবিতাটি পঢ়ি আৰু পুৰণি অসমীয়া মহিলাৰ জীৱনৰপৰা আৰ্হিত) পত্নীৰ লগত ভগায়৷ পত্নীয়ে জীৱনৰ এই আশাবাদ নুবুজে, কিন্তু এইটো বুজে যে এই আশাবাদে তেওঁৰ পতিক যি সুখ দিয়ে সেয়া আন একোৱে দিব নোৱাৰে৷ পতিৰ এই সুখত পত্নীয়ে আৰু দুগুণে আনন্দ কৰে৷ "পত্নীয়ে হাঁহে/পত্নীয়ে হ'লে একো নুবুজে/বুজে মাথো সৰিয়হ ডৰাক লৈ মানুহজনৰ হেঁপাহ কণক ../আৰু সৰিয়হ ফুলৰ গোন্ধক।"
খেতিয়ক পৰিয়ালৰ সৰু পৃথিৱীখনত এজনৰ সুখত আনজনৰ সুখৰ উৎস নিহিত থকাৰ এই প্ৰেমে পৰিয়ালটোক সুখত নিমজ্জ্বিত কৰি ৰাখে৷ বৰ্তমান যিটো হাৰত খেতি পথাৰ ধংস হৈ আছে, কিছু বছৰ পিছত হয়তো খেতিয়কৰ পৰিয়ালৰ এনেকুৱা সৰলতা উত্তৰ পুৰুষৰ বাবে এক অবিশ্বাস্য সাধু যেন হৈ পৰিব৷
কবিতাটিত যতি চিহ্নৰ সঠিক ব্যৱহাৰ আৰু শাৰীবিলাকৰ সমাপ্তি সঠিকভাৱে হ’লে কবিতাটি আৰু বেছি ভাল পালোহেঁতেন৷ যা হওক কবিয়ে এই শৈলীৰ ওপৰত অধিক মনোনিবেশ কৰি কবিতাৰ উত্তৰণ ঘটাব পাৰিব বুলি আমি বিশ্বাসী৷
…………
কবি জ্যোতিষ কুমাৰ দেৱৰ কবিতাত এক ধৰণৰ গীতিময়তা বিদ্যমান৷ ব্যঞ্জনাৰহিত শব্দ, বাক্যত কবিমনৰ স্পষ্টতা প্ৰকাশ পায়৷ কিন্তু কবিতাসমূহত যি গীতিময়তাই পাঠকক আচ্ছন্ন কৰি ৰাখে তালৈ চাই ইবোৰক কবিতা বোলাতকৈ গীত বুলি ক’বলৈহে মই বেছি ভাল পাম৷ জানুৱাৰী ১ৰ পৰা ৭ তাৰিখলৈ দেৱৰ যিমানখিনি কবিতা পঢ়িছোঁ তাৰপৰা এটা ধাৰণ হৈছে যে কবি বানানৰ ক্ষেত্ৰত সচেতন নহয়৷ হ’ব, ৰহণ, আঁতৰ ইত্যাদি সঘনাই ব্যৱহৃত শব্দবোৰ ভুল হোৱাটো দুখজনক৷ যিকোনো ৰচনাৰ সৌন্দৰ্য প্ৰস্ফুটিত হ’বলৈ হ’লে প্ৰথমে বানান শুদ্ধ হোৱাটো জৰুৰী৷ যা হওক আলোচনাৰ বাবে দেৱৰ "আপোন সপোন" শীৰ্ষক কবিতাটি লোৱা হৈছে৷
.
আপোন সপোন__জ্যোতিষ কুমাৰ দেৱ
.
সপোন সপোন লগা সপোন এটি
বুকুত পুহি থোৱা বহুদিন ধৰি
জীপাল হৈ আছিল মোৰ কল্পনাৰে
মোৰ সায়নক মোহনীয়া কৰি
দিনে দিনে চৰে ৰহন
শুৱনী হৈ আহে মনৰে মধুবন
চন্দন চন্দন সুৱাসেৰে
ভৰি আহে মোৰ আলসুৱা মন
নিশা ৰঙীন হয় ফাকু খেলি
ঢলি পৰে লাহে লাহে পহৰ
চকুৰ অন্তৰাল সহিব নোৱাৰি
কেনেকৈ মানিম মনৰ আতৰ
পোহপাল দি ৰখা সপোন বোৰ
ফুলাম হব কেতিয়াবা
চেতনাৰ আকাশক আৱৰি লৈ
তৰা বাচিম জীৱন মেজাঙ্কৰি
গাতে আঁৰি থৈ
.
প্ৰথমতেই কবিয়ে এনেকুৱা এখন অনিশ্চয়তাৰ মায়াজাল সাজি নিজৰ বুকুতে পুহি ৰখাৰ ইংগিত দিছে যে পাঠক কিছু পৰলৈ হয়তো চকিত নহৈ নোৱাৰিব (সপোন সপোন লগা সপোন এটি/বুকুত পুহি থোৱা বহুদিন ধৰি/জীপাল হৈ আছিল মোৰ কল্পনাৰে)৷ ই কবিৰ অত্যাধিক কল্পনাপ্ৰৱণতাকে সূচায়, যি বাস্তৱৰ পৰা ক্ৰমে ফালৰি কাটি যায়৷ কবিয়ে এখন অলৌকিক জগতৰ কল্পনা কৰিছে আৰু তাৰে আকাংক্ষাত কবি ব্যস্ত আৰু এই ব্যস্ততাই কবিৰ সুখ৷ কবিতাটিৰ এটা ভাল লগা শাৰী-
" চন্দন চন্দন সুৱাসেৰে
ভৰি আহে মোৰ আলসুৱা মন"
.
এক পৱিত্ৰতাই চুই যায় অন্তৰখন৷ কবিৰ মৰম আকলুৱা পৱিত্ৰ হৃদয়খনে যি শব্দ আমাক পঢ়ুৱালে, সি আমাক চুই গ’ল, অন্তৰ সেমেকাই গ’ল, এটা সম্ভাৱনীয়তাৰে আমাক ঢাকি গ’ল৷ কিন্তু কবিতাৰ শব্দৰ মিতব্যয়িতা বাহাল নাথাকিল৷ আধাতকৈ বেছি শাৰীত একেটা কথাৰ(ভাবৰ) চৰ্বিত চৰ্বন হৈছে৷ গতিকে, আৰু চুটি হ’ব নিশ্চয় কবিতাটি৷ কবিয়ে প্ৰথমতে যি সম্ভাৱনীয়তাৰ জালেৰে আমাক ঢাকিছিল, পিছলৈ সেয়া এক গতানুগতিক আশাবাদেৰে পোহৰোৱাৰ চেষ্টা কৰিছে৷ কবিৰ শব্দৰ বাছনি ভাল৷
.
কল্পনাও এটা সৃষ্টিশীলতা৷ কিন্তু এই সৃষ্টিশীলতা বাস্তৱ আশ্ৰিত/বাস্তৱসন্মত হ’ব লাগে৷ কল্পনাৰ লগতে অলপ বৌদ্ধিক কচৰতেৰে পেনপেনীয়া কবিতা এটা সুখপাঠ্য কৰিব পৰা যায়৷ আকৌ, যিহেতু কবিতাৰে কল্পনাক সাহিত্যৰ ৰূপ দিবলৈ যোৱা হৈছে, এই কল্পনাই দহজনৰ কল্পনাক প্ৰতিনিধিত্ব কৰিব পৰা হ’লে ভাল হয়৷
.
বিশেষ নকওঁ, কবিৰপৰা আগলৈ ইয়াতকৈ ভাল কবিতা পাম বুলি আশা ৰাখিলোঁ৷
.
ইয়াৰ লগে লগে পুনৰীক্ষণ জানুৱাৰী ২০১৬ৰ প্ৰথম খণ্ডৰ সামৰণি মাৰিছোঁ৷উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী তিনিটা খণ্ড ঐন তিনিগৰাকী পৰ্যালোচকে যুগুতাব। অতি কম সংখ্যক কবিতা সামৰা এই পৰ্যালোচনাটি নিঃসন্দেহে পূৰঠ নহয়। ভুল-ত্ৰুটি আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।
ধন্যবাদ।
.
-হীৰকজ্যোতি বৈশ্য
সদস্য, আখৰুৱা : literati গোট।

No comments:

Post a Comment