Wednesday, 20 January 2016

চানেকি শিতান / নৱেম্বৰ ২০১৫ সংখ্যা / আলোচকঃ অনিতা গগৈ

আখৰুৱা গোটৰ অন্যতম শিতান চানেকি ৰ নৱেম্বৰ সংখ্যাৰ বাবে হাতত লৈছো 
অসমীয়া প্রকাশ আলোচনীৰ পাতৰ পৰা কবি সত্যকাম বৰঠাকুৰৰ ৰচিত এটি কবিতা ।
কবিতাটিঃ---
দক্ষিণৰ বতাহ
--- সত্যকাম বৰঠাকুৰ
.
এইমাত্র বতাহে বতাহে বিয়পি যোৱা খবৰটোত
তেওঁ অহাৰ উমান পালো
.
তেওঁ হিলদল ভাঙি আহি আছে
অথচ ক'তো আলিটোৰ শিল এটাও ইফাল সিফাল হোৱা নাই
.
তেওঁৰ উৰি থকা কাপোৰৰ শুভ্রতাই আকাশ চুইছে 
অথচ কাৰো অংগ স্পৰ্শ কৰা নাই
.
তেওঁৰ ত্রাসত নৰখাদকবোৰে ভিৰাই লৰ মাৰিছে
অথচ তেওঁ ক’তো এটা পৰুৱাকো আঘাত কৰা নাই
.
তেওঁ আহিব বুলি গাওঁ আৰু চহৰবোৰত প্রৱেশদ্বাৰত
ৰঙা নীলা তোৰণ সাজি দিয়া হৈছে , অথচ সকলোৱে জানে তেওঁৰ পথ মাত্র তেওঁহে জানে
.
তেওঁক লগ পাবলৈ ল’ৰা ছোৱালীবোৰৰ খেলপথাৰখনত 
অলেখখজন গোট খাইছে
কৃষক, শ্রমিক , মহন্ত , মহাজন , চোৰ দগবাজ , 
সাধু পতিত , পাপী , পুৰোহিত
,
বতাহে বতাহে বিয়পি যোৱা খবৰটো শুনি 
সকলোৱে পূবলৈ চাই ৰৈ আছে তেওঁ আহিব বুলি
অথচ কোনেও নাজানে
তেওঁ পূবৰ পৰা আহিব নে পশ্চিমৰ পৰা
নে এজাক দক্ষিনৰ বতাহ হৈয়ে তেওঁ
আমাৰ মাজেদি পাৰ হৈ যাব
আমি নেদেখাকৈয়ে
আমি নুবুজাকৈয়ে
‘’দক্ষিণৰ বতাহ ‘ শিৰোনামেৰে আৰম্ভ হোৱা কবিতাটোৱে পাঠকৰ মন এক অন্তৰ্লীন প্রৱাহেৰে বিধৌত কৰে। সমাজ জীৱনৰ সত্বা যি ক্ষয়িষ্ণু ,অশুভ বাতাবৰণেৰে দগ্ধ তথা পৰিবৰ্তন পিপাসী সেই গণচেতনাৰ হকে ‘তেওঁ ‘—যি ..কোনো নৈৰ্বক্তিক ব্যক্তিসত্বা নহয়, বৰঞ্চ এক শুভ প্রত্যাশা.. প্রচণ্ড ৰৌদ্রদগ্ধ অৰণ্যৰ বাবে এচাটি মলয়া বা ।তেওঁ অহাৰ উমান পাইছে কবিয়ে ‘ বতাহে বতাহে ‘ – যেন এক টেলিপেথিক অনুভৱৰ স্বৰ, যি দি গৈছে তেওঁ অহাৰ খবৰ। ‘তেওঁ হিলদল ভাঙি আহি আছে /অথচ ক'তো আলিটোৰ শিল এটাও ইফাল সিফাল হোৱা নাই /তেওঁৰ উৰি থকা কাপোৰৰ শুভ্রতাই আকাশ চুইছে /অথচ কাৰো অংগ স্পৰ্শ কৰা নাই ‘ যেন এক আৰণ্যক নিৰ্জনতা ...এক সৰ্বব্যাপী কল্যানকামী প্রৱাহ। বতাহৰ দৰে যি অৱশ্যম্ভাৱী জীৱনৰ বাবে ,অথচ কেৱল অনুভৱহে কৰিব পাৰি, চুই চাব নোৱাৰি অথবা দৃষ্টিগোচৰো নহয় সেই সৰ্বময় অস্তিত্বৰ কৰুণাময় প্রৱাহ।‘তেওঁৰ ত্রাসত নৰখাদকবোৰে ভিৰাই লৰ মাৰিছে /অথচ তেওঁ ক’তো এটা পৰুৱাকো আঘাত কৰা নাই’ –যাৰ শুভাগমনত জীৱন মৰুভূত নামে বসন্তৰ জোৱাৰ । সমাজ চেতনাক সঞ্জীৱিত কৰি যি প্রৱাহে মাৰ বান্ধি থিয় দিবলৈ শিকাই মুমুৰ্ষ জনতাক প্রতিবাদী প্রৱনতাৰে ।নিষ্পেষিত বুভূক্ষিত জনৰ বাবে যি কঢ়িয়াই আশাৰ বতৰা । অথচ সেই শুভপ্রৱাহৰ আগমণিৰ বাবে আনুষ্ঠানিকতাৰ নিষ্প্রোজন ।বৰঞ্চ সম্ভাৱনাৰ ওপৰত সুগভীৰ আস্থা এই কবিতাৰ নিৰ্যাস। কেতবোৰ প্রতীক- 'দক্ষিণৰ বতাহ', 'তেওঁ' , 'নৰখাদক', 'পৰুৱা ' , 'ৰঙা নীলা তোৰণ' ,'ল’ৰা ছোৱালীবোৰৰ খেল পথাৰ' আদিৰ জৰিয়তে কবিতাৰ ভাৱবিন্যাস হৃদয়স্পৰ্শী । ‘তেওঁৰ উৰি থকা কাপোৰৰ শুভতাই আকাশ চুইছে ‘ , ‘তেওঁ আহিব বুলি গাওঁ আৰু চহৰবোৰত প্রৱেশদ্বাৰত ৰঙা নীলা তোৰণ সাজি দিয়া হৈছে‘ এই দুটি চিত্রকল্পৰ জৰিয়তে সামগ্রিক উপস্থাপন নান্দনিকতা সমৃদ্ধ। কবিতাটোত ‘তেওঁ’ৰ অনুষংগৰে বহন কৰিছে লোকোত্তৰৰ ইংগিত। পাৰ্থিব অপাৰ্থিবৰ দ্যোতনাৰে বঞ্জিত কবিতাটোত যেন আমি গ্রীক কবি জজ ছেফেৰিছৰ (১৯০০-১৯৭১)ৰ কবিতাৰ বাৰ্তাবাহক (Messenger)ৰ উপস্থিতি প্রত্যক্ষ কৰোঁ।
বিষয় , ভাষা , উপস্থাপনৰ সাৱলীলতা তথা হৃদয়স্পৰ্শী ভাৱপ্রৱনতাৰে সমৃদ্ধ কবিতাটি কবিঃ সত্যকাম বৰঠাকুৰৰ এক সাৰ্থক সৃষ্টি। আশা কৰোঁ অসমীয়া কাব্যসাহিত্যৰ বাবে ই এক উল্লেখনীয় চানেকি হৈ ৰ’ব।
ধন্যবাদেৰে______ অনিতা গগৈ।১৭।১।১৬।।

No comments:

Post a Comment