Wednesday, 20 January 2016

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১ | দ্বিতীয় খণ্ড | ৮-১৫ ডিচেম্বৰ ২০১৫ পৰ্যালোচকঃ চন্দ্ৰামিতা পৰাশৰ

নমস্কাৰ..

আখৰুৱাৰ সমূহ সদস্য তথা শুভাকাংক্ষীলৈ ইংৰাজী নৱবৰ্ষৰ ওলগ জনাইছো।পুনৰীক্ষণৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ পূৰ্বে কওঁ, মোৰ জ্ঞানৰ পৰিসৰেৰে যিমান পাৰোঁ নিৰপেক্ষ হ'বলৈ যত্ন কৰিছো। লগতে প্ৰয়াস কৰিছো নিৰ্বাচিত কবিৰ দৰ্শনৰ সতে একাত্ম হোৱাৰ। ত্ৰুটি স্বাভাবিক। সেয়ে সকলোজনালৈ বিনম্ৰ আহ্বান- বিতৰ্ক নকৰি, ইয়াৰ সমিধানৰ হকে লগে ভাগে আগবাঢ়িলে ভাল হ'ব।

লেখক মাত্ৰৰে একোটা স্বকীয় দৃষ্টিভংগী থাকে আৰু সেই দৃষ্টিভংগীক বুজাৰ সম্যক জ্ঞান পাঠকৰ থকা উচিত। নহ'লে কথাটো এনে হ'ব পাৰে- "ৰামায়ণ শুনালো...আপুনি কয়- ৰাম ৰাৱণৰ ভায়েক"। নকলেওঁ হয় একোখন ছবি সমীপ দৃষ্টিতহে স্ব-ৰূপত প্ৰকাশ পায় আনখন আকৌ দুৰদৰ্শনতহে পৰিস্ফুট হৈ উঠে। ইয়াৰ সাৰমৰ্ম এয়াই য- প্ৰকৃত দৃষ্টিভংগী অবিহনে ছবিখন চাওতাজনৰ বাবে নিৰৰ্থক হৈ পৰে।

আধুনিক কবিতা জনতাৰ কবিতা। জনজীৱনৰ হা-হুতাহ, দুখ যন্ত্ৰণা, সামাজিক ৰাজনৈতিক বা প্ৰেমৰ বাচকবনীয়া ৰূপ ইয়াত প্ৰকাশ পায়। কিন্তু মূল কথাটো হ'ল ৰচনাৰ সময়ক লৈ কোনো কবিতাক আধুনিক বুলিলে ভুল হ'ব। সাম্প্ৰতিক সময়ৰ নিচান যদি কোনো প্ৰকাৰে কবিতাত নাই, তেন্তে তাক আধুনিক কবিতাৰ পৰিৱৰ্তে আবেগৰ খেল বোলাটোহে যুগুত হ'ব।

অসমীয়া সাহিত্যৰ বহু ক'লা ৰাতিৰ ইতিহাসৰ কথা সকলোজনে জানে। ইয়াৰ পাছতো ত্ৰিমুৰ্তিৰ নিচিনা নমস্য ব্যক্তিসকলৰ কাৰণে আজিৰ সাহিত্য বৰ আৰামত ঘুৰা ফুৰা কৰি আছে, ছপাশালত নিজক প্ৰতিষ্ঠা কৰাৰ হেঁপাহ আজিৰ কবিৰ নাই। আজিৰ কবিতাই মানুহৰ হাতে হাতে ঘুৰি ফুৰিছে দেশ বিদেশ। এয়া সম্ভৱৰ মূল ৰহস্যটো নিশ্চয় ফেচবুক। আবেগৰ খুন্দাত দুই একোটা শাৰী মনৰ পৰা বাহিৰ হোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো হ'ল সি নিজকে সফল কবিতা বুলি কিমান দাবী কৰিব পাৰে। তোষামোদৰ ওপৰলৈ গৈ নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ তাৰ কিবা বিশেষ গুণ আছেনে? ইয়াক জুখিবলৈ সমালোচকৰ সুক্ষ্মদৃষ্টি ভেদ কৰাৰ বাহিৰে আন এটা কৌশল আখৰুৱাই ভাবি উলিয়াইছে। পুনৰীক্ষণ' নামাকৰণেৰে ফেচবুকত সাহিত্যিক জীৱন যাপন কৰা সকলৰ ৰচনা সমূহ চালি জাৰি তাৰ ভাল বেয়া দিশৰ কথা লিখকক, পাঠকক অৱগত কৰাৰ বাবে এটা আঁচনি তৈয়াৰ কৰিছে। চিন্তাটো ময়ো ভাল পাইছোঁ। সেয়ে এইবাৰ ভাবিলোঁ দুই চাৰিটা ৰচনাক মোৰো বিচাৰেৰে দাঙি ধৰোঁ আপোনাসৱৰ আগত।
মোৰ প্ৰথম চকু পৰা কবিতাটো আছিল অৱনী বুঢ়াগোহাঁইৰ- 'মা' নামৰ কবিতাটো।.

//মা//__________অৱনী বুঢ়াগোঁহাই
আবেলি প্ৰায়েই তেওঁ
মূঢ়া এটাত বহি আকাশখন চায়
খোপাত সদায় গুজি লয়
এপাহ বনৰীয়াফুল
মই জানো
কেতিয়াও পানী গাঁঠি উলিয়াই মেখেলা নিপিন্ধা মানুহগৰাকীৰ
সৰুৰে পৰাই আকাশত উৰাৰ হেঁপাহ

অনুবাদ সাহিত্যতো দখল থকা ব্যক্তিজনৰ হাতৰ স্বৰচিত কবিতা পঢ়িবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। মনদি নপঢ়িলে কবিতাটো আমাৰ বহু পৰিচিত 'মা´শব্দৰ সম্পৰ্কৰ অনুভবক তেনেই সাধাৰণভাবে উপস্থাপন কৰা যেন লাগিব পাৰে। অৱশ্যে তেনে কিছু উপাদান কবিতাটোত নথকা নহয়। কিন্তু মনোযোগ দি লাহে লাহে পঢ়িলে ইয়াৰ মাজত থকা ৰাজহাড় ডাল বাছি উলিয়াবলৈ আমি সক্ষম হ'ম। কবিতাটোৰ ভাষা আৰু বচনভংগী সম্পূৰ্ণ কথ্যভাষাৰ। যিকোনো সাধাৰণ মানুহে ইয়াক উপলব্ধি কৰিব পাৰিব। কিন্তু কোনো 'কবিত্বময় ভাব' প্ৰকাশৰ বাবে কবিতাটো ৰচা হোৱা নাই। যদিহে মই কবিৰ দৰ্শনৰ সতে একাত্ম হ'ব পাৰিছোঁ, তেন্তে ইয়াৰ এক বিশ্বজনীন তাত্পৰ্য থকাৰ উমান পাব পাৰি।
"কেতিয়াওঁ পানী গাঁঠি উলিয়াই মেখেলা নিপিন্ধা মানুহগৰাকীৰ
সৰুৰে পৰাই আকাশত উৰাৰ হেঁপাহ " -এই কথাখিনিত স্পষ্ট হৈ থকা নাৰীৰ ওপৰত সমাজৰ ৰক্ষণশীলতাৰ প্ৰভাব, যাৰ উদাহৰণস্বৰূপে কবিয়ে নিজৰ মাকক কোনোদিনে ভৰিৰ পানী গাঁঠি (সৰুগাঁঠি) উলিয়াই মেখেলা পিন্ধা দেখা নাই। অথচ তেওঁ প্ৰত্যক্ষ কৰিছে মাকৰ চকুত আকাশত উৰাৰ হেঁপাহ। প্ৰতিগৰাকী মাতৃয়ে অশেষ ত্যাগ স্বীকাৰৰ মাজেৰে নিজৰ সন্তানক মানুহ কৰাৰ তাগিদাত নিজৰ ইচ্ছা অনুভূতিৰ কথা গোপনে ৰাখে। কিন্তু সুপ্ত মনত জাগ্ৰত হৈ থকা মুক্ত বিহংগৰ দৰে সামাজিকতাৰ সকলো বান্ধ ছিঙি মুকলি আকাশত উৰি ফুৰাৰ হেঁপাহ প্ৰতিগৰাকীৰ নাৰীৰ আছে। এনে এক চিৰসত্যক কম শব্দৰ ভিতৰত বুজাবলৈ কবি সক্ষম হৈছে।
কবিতাটোত প্ৰতীক হৈ জিলিকি থকা একমাত্ৰ শব্দটিৰ কাষলৈ যদি যাওঁ..
"খোপাত সদায় গুজি লয়
এপাহ বনৰীয়া ফুল"- কবিয়ে গোলাপৰ কথা কোৱা হ'লে বুজিব পাৰি মানুহগৰাকী সৌন্দৰ্যপ্ৰিয়। কিন্তু কবিয়ে কৈছে বনৰীয়া ফুলপাহৰ কথা। এই ইংগিতত প্ৰকাশ পাইছে মানুহগৰাকীৰ মাজত লুকাই থকা শিশুসুলভ মনটোৰ ছবি।
শিশুবোৰে যেনেদৰে বননিৰ মাজে মাজে নাচি বাগি নানান বনৰীয়া ফুলৰ মাজত নিজক হেৰোৱায় উপভোগ কৰে নিজক, সেইহেন বনৰীয়া ফুল কোনো নাৰীয়ে খোপাত গুজা কথাই ইয়াকেই প্ৰতিপন্ন কৰে জীৱনৰ অনেক ৰিক্ততা তিকক্তাৰ মাজতো তেওঁৰ মন আজিও এটা শিশুৰ দৰে হৈ আছে। প্ৰতীক স্থাপনত কবিক সফল বুলিলো। কিন্তু কবিতাটোৰ নামাকৰণৰ বিশালতালৈ চাই অনুভব হ'ল- নাৰীমনৰ চিনা-অচিনা বহু ভাবৰ সমাহাৰ কবিতাটোত ঘটাহেঁতেন নিশ্চয়কৈ ই সমগ্ৰ 'মাতৃজাতিক´ প্ৰতিনিধিত্ব কৰা এটা কবিতা বুলি অনুমোদিত হোৱাৰ যোগ্যতা পালেহেঁতেন।
_____________________________________________

শব্দৰ লগত খেলা কৰা কবিজনৰ নিচা। কবিতাবোৰ তেওঁৰ হাতেৰে নিৰ্গত হ'বলৈ পাৰ কৰে বহু জটিল পৰীক্ষা আৰু অন্তত যি সৃষ্টি হয় সেয়া হয় অভুতপূৰ্ব, সুন্দৰ। .
প্ৰতিষ্ঠিত কবি আলতাফ হুছেইনৰ এক উল্লেখযোগ্য কবিতা "বাটৰ শেষত"।

বাটৰ শেষত_____কবিঃ আলতাফ হুছেইন

(১)
দুভৰি গজিল কি নগজিল
চকুমুদি চামিল হলো
আৰু এৰি আহিলো ইখনৰ পিছত সিখন কৈ চহৰ
হেজাৰ টা মাতে আগুচিব খুজিলে
আমাৰ বাট
ৰৈ যোৱাৰ ভয়ত কাণ দুখন সোলোকাই আমিবোৰ আমৃত্যু কলা হৈ পৰিলো
ৰ'দৰ অভীপ্সাই আমাক লৈ গল
দুৰ - বহুদুৰ
য'ৰ পৰা বৰষুণৰ টোপালবোৰ মণিব নোৱাৰাকৈ আমি অন্ধ হৈ পৰিলো
(২)
এটা বিৰামহীন যাত্ৰাৰ প্ৰান্তত
আমি য'ত উপস্থিত হলো
তাত চয়তানৰ হাতত নিহত হৈছিল ঈশ্বৰ
মানুহবোৰ দ্ৰুত গতিত মৰিছিল
আৰু একো একোজোপা কাঁইটীয়া গছ হৈছিল
(৩)
ঈশ্বৰক হেৰুৱাই আমি নতজানু হলো
আৰু চয়তানৰ ওঁঠত বাকি দিলো দেহৰ সমস্ত তেজ
ইচ্ছামৃত্যুৰ চুক্তিপত্ৰত বিনাবাক্যই দস্তখত কৰি
আমিবোৰো ক্ৰমশঃ একো একোজোপা কাঁইটীয়া গছ হৈ পৰিলো ।

যান্ত্ৰিকতাৰ দৌৰত অধঃপতন ঘটা মানবীয় প্ৰমুল্যবোধৰ এখন নিৰ্মম ছবি।
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰ সাধন হোবাৰ লগে লগে যান্ত্ৰিক ব্যৱস্থাৰ লগত সকলো মানুহ আৱদ্ধ হবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ব্যক্তিসত্বা সেই যান্ত্ৰিক ব্যৱস্থাৰ এক বিশেষ অৱস্থালৈ ৰূপান্তৰিত হৈছে। এই চৰম বাস্তৱক কবি হুছেইনে অতি কলাত্মকভাবে উপস্থাপন কৰিছে এনেদৰে-
দুভৰি গজিল কি নগজিল /চকুমুদি চামিল হলো ......চহৰ
যন্ত্ৰ যুগৰ প্ৰভাবে মধ্যবিত্ত জীৱন কৰি তুলিছে ৰুগ্ন, শ্বাসৰুদ্ধ। মানুহৰ লগত মানুহৰ সম্পৰ্কৰ পৰিৱৰ্তন ঘটিছে আৰু সেই সম্পৰ্ক হৈছে ক্ৰমে যান্ত্ৰিক আৰু হৃদয়হীন।প্ৰতিজন হৈ পৰিছে আত্মকেন্দ্ৰিক, সংকীৰ্ণ,.মানৱতাহীন।
কবিৰ ভাষাৰে কৈছে
হেজাৰটা মাতে আগুচিব খুজিলে আমাৰ বাট/ৰৈ ....পৰিলো
জৈৱিক সমস্যাত ক্ষত-বিক্ষত হৈ মানুহবোৰ পথভ্ৰষ্ট হয়। নৈতিক আৰু অনৈতিকৰ কথা পাহৰি তেওঁলোক দৌৰে ঐশ্বৰ্য,.প্ৰতিপত্তিৰ চিকমিক ৰ'দৰ পিছে পিছে। য'ৰ পৰা মানবীয় প্ৰমুল্যৰ আবেগৰ বৰষুণ। মানুহজাকৰ লগত কবি নিজে দৌৰিছে আৰু অনুভব কৰিছে এই গভীৰ সত্য
ৰ'দৰ অভীস্পাই আমাক লৈ গ'ল../
........অন্ধ হৈ পৰিলো
মূলতঃ প্ৰতীক ধৰ্মী কবিজনৰ ৰ'দ আৰু বৰষুণ প্ৰতীকৰ যথাৰ্থ প্ৰয়োগ শলাগৰ যোগ্য। আকৌ কবিতাটোৰ দুই নম্বৰ পংক্তিত চয়তান আৰু ঈশ্বৰৰ বলিষ্ঠ প্ৰতীকৰ সংযোজন অতি প্ৰশংসনীয়। ইয়াত `চয়তান ´বুলি কওঁতে কোনো অশৰীৰী অদ্ভূত কালান্তক ব্যক্তিৰ কথা কোৱা নাই। বৰং ঋপুত আক্ৰান্ত মানুহৰ মনটোৰ কথাহে বুজাইছে কবিয়ে। আকৌ সেইদৰে ঈশ্বৰ হ'ল পৰম সত্যৰ প্ৰতীক, যি সত্য সনাতন ঋপুমুক্ত। কবিৰ যেতিয়া কয় `চয়তানৰ হাতত ঈশ্বৰ নিহত´ বুলি, অনুভব কৰিব পাৰি প্ৰাপ্তিৰ তাগিদাত কিদৰে মানুহবোৰ হৈ পৰে ভুল শুদ্ধৰ বিচাৰ কৰিব নজনা বিবেকহীন মানুহ।
`জীৱন-অস্থায়ী´ এই গভীৰ সত্যক আওকাণ কৰি ঋপুআসক্ত মানুহজাক আগুবাই যায়। উচ্চাকাংক্ষাৰ পৰিধি বগাই পৈশাচিক আনন্দত তেওঁলোক হৈ পৰিল চৰম স্বাৰ্থপৰ.আত্মকেন্দ্ৰিক মানুহ।
ইচ্ছামৃত্যুৰ চুক্তিপত্ৰত.../কাঁইটীয়া গছ হৈ পৰিলো ...
'কাঁইটীয়া গছ' দ্বৈত ভাববোধক প্ৰতীক ৰূপে পৰিগণিত হৈছে কবিতাটোত।
দ্বিতীয় পংক্তিত কবিয়ে ইয়াৰ প্ৰয়োগ কৰোঁতে ভাব হৈছিল খুব সম্ভব মানুহৰ মৃত্যুৰ পাছত কবৰস্থ শৰীৰ অথবা দাহনৰ পাছত শ্মশানত গজা গছবোৰক প্ৰত্যক্ষ কৰি কবিয়ে ইয়াৰ প্ৰয়োগ কৰিছে।
কিন্তু আকৌ তৃতীয় পংক্তিত 'কাঁইটীয়া গছ হৈ পৰিলো'- বুলি কোৱাত বুজিলোঁ তেওঁলোক বাচি আছে মাত্ৰ আত্মসুৰক্ষাৰ নামত নীচ চিন্তাৰে ভৰপুৰ একোজন নামমাত্ৰ মানুহ হৈ আছে। যিদৰে কাঁইটীয়া গছক বৃক্ষৰ শাৰীত ধৰিব পাৰিলেও ইয়াৰ পৰা প্ৰকৃতিৰ একো লাভ নহয়, অথচ তাৰ অস্তিত্বক নুই কৰিব নোৱাৰি। অৱশ্যে শেষৰ পংক্তিটো যদি এনেভাবে থাকিলহেঁতেন
ইচ্ছামৃত্যুৰ চুক্তিপত্ৰত বিনাবাক্যই ..দস্তখত কৰি/
আমিবোৰেওঁ এদিন একো একোজোপা কাঁইটীয় গছ হৈ পৰিম./
- তেতিয়া হয়তো প্ৰতীকটো একেটা অৰ্থত বুজোৱা বুলি প্ৰতীয়মান হ'লহেঁতেন। তিনিটা পংক্তিত বিভাজিত 'বাটৰ শেষত' কবিতাটো আধুনিক কবিতাৰ প্ৰায়বোৰ বৈশিষ্টক প্ৰতিনিধিত্ব কৰা, নিশ্চয়কৈ এটা বলিষ্ঠ কবিতা; য'ত পূৰ্ণমাত্ৰাত প্ৰকাশ হৈছে বৰ্তমান সময়ত অচল হৈ পৰা বিগত জীৱনৰ মুল্যবোধৰ ছবি, মাত্ৰ দুৰ>>দূৰ এই শব্দটোলৈ কবি মন দিলে ভাল হয়|
অন্তত,.কবিলৈ এক ব্যক্তিগত গোঁহাৰি- আধুনিক কবিতা যদি জনতাৰ কবিতা, যদি ইয়াত জনতাৰ দুখসুখৰ ছবি প্ৰকাশিত হয়, তেনেহলে এয়া সম্ভৱ হ'ব পাৰে নেকি- সাহিত্যিক সকলে সামাজিক দায়বদ্ধতাৰে এনে যন্ত্ৰণা সমূহৰ পৰিত্ৰাণমূলক কিবা বাৰ্তা নিজ সৃষ্টিত সন্নিবিষ্ট কৰিব। উল্লেখ্য যে দুৰ > দূৰ হ'ব।

কবিৰ স্বৰ্ণোজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।
_____________________________________________________

কম বয়সৰ পুৰঠ অভিজ্ঞতাৰে সমাজৰ বিভিন্ন দিশৰ সৈতে পৰিচিত হৈ দুখীজনৰ মনক অতি সুক্ষ্মভাবে উপস্থাপনত পাৰ্গত কবিগৰাকী হ'ল- নিভা গগৈ।
তেওঁৰ কবিতা- 'অৱলোকন'ৰ ভাবৰাশিয়ে এক অনিৰ্বচনীয় চিন্তাৰ আভাস দিবলৈ সমৰ্থ হৈছে।

অৱলোকন_____কবিঃ নাংচেং নিভা গগৈ

আইৰ পেট মচিবলৈ দোকমোকালি পানীৰ জাল ভাঙিলোঁ
ক'লা হাবি এদৰা তচ্ নচ্ কৈ চিঙি ভাঙি
গাত তেজৰ দাগে গোলাল সানিলোঁ
সূৰুযৰ আভা বুটলি চালো
দেখিলো, গোটেই পথটো তেজাল
পৃথিৱীখন মাথো সেউজীয়া
ঘামত দ্ৰৱ হৈ পৰা আইৰ এমুখ বিজলুৱা
ক্ষীণ হাঁহিত জ্বলিল এগচি চাকি,
সেই চাকিৰ পোহৰত দেখিলো কেৱল মানৱতা
আইৰ বুকুৰ উমত উমান ল'লো
মাতৃত্ব, আশা আশংকা আৰু যন্ত্ৰণাময় হতাশা ৷
,
এডেও দুডেও কৈ সময়ৰ নৈ খনত সাঁতুৰো
সকলোৱে সাঁতুৰাৰ দৰেই
বোৰিয়া এটা দিওঁতেই মুৰ্চ্ছিত হৈ
পাৰ এটিও নাপালো
ৰূপালীম পানীৰ ঢৌত উটি উটি সূৰুযৰ ছৱিটিৰ খোজবোৰ বিচাৰো
নৈ বুকুখনো দেখো আইৰ দৰেই যন্ত্ৰণাময় হতাশা
নাৰীৰ হেনো জীৱন এলান্ধুবুলীয়া ৷৷
নাংচেং নিভা গগৈৰ এই কবিতাটোৰ দৃষ্টিগ্ৰাহ্য ৰূপটোতকৈ ইয়াৰ অন্তৰ্নিহিত ৰূপটোহে প্ৰধান। নাৰী হৃদয়ৰ বেদনাক কলাসুলভ উপস্থাপনেৰে প্ৰকাশ কৰিবলৈ কবি বহুদুৰ সফল হৈছে। সামাজিকতাৰ কঠোৰ অনুশাসনৰ যি দুৰ্বিসহ বেথা, যাক কোনো নাৰীয়ে কাৰো আগত প্ৰকাশ কৰিব নোবাৰে অথবা প্ৰকাশৰ সুউচিত মুল্য তেওঁলোকে নেপায়- এনে কিছু সত্য অনুভূতিৰ সাৰ্থক ৰূপায়ন ঘটোবা এইজনা কবিৰ ভাষা সংহত.সংক্ষিপ্ত.আৰু সংযত। শব্দ নিৰ্বাচনৰ কৌশল নিশ্চয়কৈ প্ৰশংসনীয়। ক'ব পাৰি অৰ্থৱহ শব্দৰ উপযুক্ত ব্যৱহাৰে তেওঁৰ কবিতাৰ আংগিকক মাধুৰ্যতা দান কৰিছে। কবিতাৰ মাজলৈ গতি কৰিলে আৰম্ভণিতে পাওঁ
"আইৰ পেট মচিবলৈ..../গাত তেজৰ গোলাল সানিলো"
এই শাৰীটো পঢ়াৰ পাছত স্বতঃস্ফুৰ্তভাৱে মনলৈ আহে মাকৰ শেহতীয়া সন্তান হিচাপে কবিয়ে অনুভব কৰা ছবিখনৰ কথা।
আকৌ-
ঘামত দ্ৰব হৈ থকা.../ জ্বলিল এগচি চাকি / - এই পংক্তিটোত অনুভব হৈছে কবিৰ অনুভবী মনৰ গভীৰতা, প্ৰসৱ যন্ত্ৰণা সহ্য কৰিও নাৰী এগৰাকীৰ দুচকুত মাতৃত্বৰ গৌৰবৰ যি হাঁহি ফুটি উঠে.কম কথাত তাক ক'বলৈ কবি সফল.হৈছে। সময়ৰ সতে হাত মিলাই আগবাঢ়িছে কবিৰ জীৱন এদেও দুদেওকৈ। অতি গভীৰভাবৰ আবেশেৰে কবিতাটো গতি কৰিছে যদিওঁ. " বোৰিয়া এটা দিওঁতেই মুৰ্চিত হৈ ...."- বাক্যশাৰীয়ে কি ভাব ব্যক্ত কৰিছে বুজিবলৈ অপৰাগ হ'লোঁ। যিমানদুৰ জানো `বোৰিয়া´ শব্দৰ অৰ্থ ৰ'দত শুকাই বটা মাটিমাহৰ বৰ। এতিয়া কবিতাটোত ইয়াক কি অৰ্থত ব্যৱহাৰ কৰা হৈছে বা তাক কাক দিয়া হ'ল কথাটো কিছু অস্পষ্ট হোৱা যেন লাগিল। অৱশ্যে এটা সঁচা কথা যে- আধুনিক কবিসকলে কবিৰ একান্ত ব্যক্তিগত অনুভূতি কবিতাৰ মাজত এনেভাবে সোমাই ৰাখে যে তাৰ আঁহ ফালি উলিয়াই অনাটো অত্যন্ত দুৰূহ হৈ পৰে।
"নৈ বুকুখনো দেখো..../ নাৰীৰ জীৱন হেনো এলান্ধুবুলীয়া " -কবিতাটো শেষ বুলি ঘোষণা কৰাৰ আগেয়ে কবিয়ে স্পষ্টতাৰে ৰূপক নদীৰ আশ্ৰয় লৈ নৈ আৰু নাৰীৰ মাজত থকা সহনশীলৰ সামঞ্জতাক বুজাব বিচাৰিছে। 'আইৰ সমান হ'ব কোন/নৈৰ সমান ব'ব কোন' আপ্ত বাক্যশাৰীৰ নিচিনাকৈ নাৰীৰ পক্ষে বহুসময়ত উদাসীন সমাজখনৰ বহু অন্যায় সহ্য কৰি হলেও একমাত্ৰ নিজ সন্তানৰ বাবে মাতৃয়ে স্বীকাৰ কৰে বহু কষ্ট। ঠিক যিদৰে নৈ এখন বৈ থাকে নিৰ্বিকাৰভাৱে, ভাল বেয়া বহু সময়ৰ সাক্ষী হৈ।
শিৰোনামে সাৰ্থক কৰা 'অৱলোকন' কবিতাটোত পৰিস্ফুত হৈছে কবিৰ শ্ৰম, আত্মবিশ্লেষণৰ জিজ্ঞাসা আৰু অনুসন্ধানী মনোভাবৰ প্ৰজ্ঞা। চৰ্চা অব্যাহত ৰাখিলে কবিৰ হাতেৰে অনাগত দিনত বহু সফল কবিতা পঢ়িবলৈ পাম, তাত শংকা নাই।
___________________________________________________

সময়ৰ কুটিলতাক সহজভাবে গ্ৰহণ কৰি সকলো অৱস্থাত নিজক খাপ খুৱায় ... কবিতাৰ নিৰলস সাধনা কৰা কবি দীপালি বৰাৰ 'আকৌ এবাৰ প্ৰেমত পৰি চোৱাচোন কবি' শীৰ্ষক কবিতাটো বৰ্তমানৰ দুখ বেদনাৰ লগতে ভৱিষ্যতৰ প্ৰতি দায়বদ্ধ এক আশাব্যঞ্জক মনোভাবৰ কবিতা।

আকৌ এবাৰ প্ৰেমত পৰি চোৱাচোন কবি______কবিঃ দীপালী বৰা

আকৌ এবাৰ প্ৰেমত পৰি চোৱাচোন কবি
বানেধোৱা কলিজাটো আকৌ এবাৰ
সাঁচতীয়া হালধিৰে নোৱাই
ওলাই আহাঁচোন
জীৱনৰ মোহনাত মেলি দিয়াঁহি
শব্দৰ সেই বহুৰঙী পানচৈ
যি শব্দই বহন কৰে
কুসুমিত জীৱনৰ স্বীয় চৈতন্য
আৰু বৰ্ণিল আত্মাৰ সুৰভি ,
স্বপ্নৰ স্বচ্ছন্দ উদ্যানত বিচৰণ কৰি
যি শব্দই সিঁচি দিয়ে
মুঠি মুঠি তেজোময় দীপ্তি ৷
কবি
আকৌ এবাৰ সলাই লোৱাচোন হিয়াখন
দুখৰ দলিচাত সৰি থকা
শব্দৰ চিৰন্তন সৌকুমাৰ্যৰ সতে ;
কবি, তুমিতো জানাই
প্ৰেমৰ কোনো আৱয়বিক ৰূপ নাই
মাথোঁ অনুভৱ কৰিব পাৰি
শব্দৰ অবিকল্প সুষমাৰে
আমৃত্যু এক পুৰাতন আকুতিৰে
কাৰণ
শব্দ সত্য, শব্দ ব্ৰহ্ম
শব্দৰ সতে মানুহৰ অটুত সম্বন্ধ,
শব্দৰ সীৰলুৰে নামি আহে
বহমান জীৱনৰ বাংময় স্থিতি
প্ৰেম, বিশ্বাস আৰু
যতমানে জীৱনৰ ঋদ্ধি ৷
কবি
সামৰি লোৱা, সামৰি লোৱা
জীৱনৰ সমস্ত যাতনা
সকলো আনন্দ, সকলো বেদনা
বিস্মৃতিৰ আৱৰ্তত
ক্ৰমশঃ ধূসৰ হৈ পৰা
ফেঁহুবৰণীয়া আকাংক্ষাবোৰ
শব্দৰ নিটোল খেলাৰে বন্দী কৰা দুহাতত,
দুখবোৰক জিয়াঁপাখিৰ বসন পিন্ধাই
সুখী মানুহৰ অভিনয় কৰা
আৰু দোভাগ নিশা
অকলে আপোনমনে অদমিত অভীপ্সাৰে
আত্মাক শোধিত কৰা
শব্দৰ অমলিন ঔজ্জ্বল্যৰে ৷

'আকৌ এবাৰ প্ৰেমত পৰি চোৱাচোন কবি' শীৰ্ষক কবিতাটোৰ নামাকৰণৰ তাত্পৰ্য়ৰ পৰা অনুভব কৰিব পাৰি কবিগৰাকীয়ে শব্দপ্ৰেমৰ অপাৰ শক্তিৰে কবিসকল নিজে মহিমামণ্ডিত হৈ শব্দৰ সহায়েৰে সমাজক প্ৰেৰণা দিয়া আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়াৰ যত্ন কৰিছে। মনোগ্ৰাহী উপস্থাপনেৰে আৰম্ভ কৰা কবিতাটোত কবিসকলক শব্দৰ প্ৰেমত নিমজ্বিত হ'বলৈ আহ্বান কৰা সুৰ গোটেই কবিতাটোত ৰিণিকি ৰিণিকি বাজি আছে। সাহিত্যই সদায় যুগধৰ্ম অনুসৰণ কৰে।. সামাজিক জীৱন ধাৰাৰ জটিলতাৰ বাবে সাহিত্যিকসকলেওঁ জটিল দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু জীৱনৰ ধামখুমীয়াত কেতিয়াবা নিজক হতাশ, বিভ্ৰান্ত বা অসফল বুলি ভাবিবলৈ বাধ্য হৈছে। এনে দুঃচিন্তা আঁতৰায় শব্দৰ যাদুকৰী শক্তিত নিজক বিলীন কৰি আকৌ এবাৰ শব্দৰ প্ৰেমত পৰিবলৈ কবিগৰাকীয়ে আৰম্ভণিতে কৈছে-
আকৌ
এবাৰ প্ৰেমত......
কুসুমিত জীৱনৰ ....
সহজ সৰল শব্দৰ প্ৰয়োগ ঘটা সত্বেও কবিতাটোত বৈ আছে এক মিঠাপ্ৰৱাহ।.
জৰাগ্ৰস্ত সমাজজীৱনৰ বুকুত নতুন দিনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰখৰ, সমাজ সচেতন সাহিত্য ৰচনাত নিজে মন দিয়াৰ লগতে সমগ্ৰ কবিসমাজক অকল 'কবি' বুলি উল্লেখ কৰি শব্দশক্তিৰ প্ৰচুৰ সম্ভাৱনাৰে নিজ নিজ স্থিতি সৱল কৰিবলৈ কবিয়ে শাব্দিক আবেদন কৰিছে-
কবি
তুমিতো জানাই
প্ৰেমৰ কোনো আৱয়বিক ৰূপ নাই
মাথোঁ অনুভব কৰিব পাৰি...
শব্দৰ বাহাদুৰিৰে ব্যক্তিগত চিন্তাক সাৰ্বজনীনতালৈ ৰূপ দিব পৰাটো যিকোনো কবিৰ অনন্য দক্ষতা। সেই পৰিচয় এইগৰাকী কবিৰ কবিতাত ইয়াত পালো....
দুখবোৰক জিয়াঁপাখিৰ বসন পিন্ধাই /
সুখী মানুহৰ অভিনয় কৰা/
ভাবপ্ৰকাশৰ প্ৰয়োজনীয়তালৈ চাই কবিতাটোৰ ব্যাসাৰ্দ্ধ দীঘল হোৱা যেন বোধ হ'ল। একভাবৰ সম্প্ৰসাৰণৰ বাবে ইমান শাৰীৰ পৰিৱৰ্তে কবিতাটোত অন্য কিছু ভাব সংযোগৰ থল থাকিল। কবিৰ চৰ্চা অব্যাহত থাকক। আগলৈ বহু উন্নতমানৰ সৈতে কবিক লগ পোৱাৰ আশা ৰাখিছো।
______________________________________________

মাটিৰ গোন্ধ লাগি থকা .সেউজীয়াক ভালপাব জনা এগৰাকী দৰদী কবি- চন্দ্ৰমল্লিকা খনিকৰ। এওঁৰ কবিতাৰ ভাষাৰ জি কলাসুলভ গুণ তাতে পাঠক মোহাচন্ন হৈ পৰে। আচলতে বিষয়বস্তুতকৈ প্ৰকাশৰ মাধুৰ্যতাইহে এওঁৰ কবিতাক পাঠকৰ আপোন কৰি তোলে। কবিৰ তেনে এক সুন্দৰ কবিতা- কাইলৈ কেতিয়া আহিব....?

কাইলৈ কেতিয়া আহিব....?.___কবিঃ চন্দ্ৰামল্লিকা খনিকৰ

আশাৰ নঙলা মুখত ৰৈ আছো অকলে
প্ৰতি ক্ষণে প্ৰতি পলে
গণি আছো ক্ষণ
কাইলৈ কেতিয়া আহিব.... ?
পূৱৰ নাৰিকলজোপা বগাই বেলিতো আকাশত উঠিল
লাহে লাহে নতুনকৈ ৰোৱা কণমানি গছপুলিতো
লেটুহেতু হৈ চুই চালে মাটি ...
সুমথিৰা বেলিটো গৈ পাহাৰটোৰ দাঁতিত বাগৰি পৰিল
তথাপি কিয়.....
হেঁপাহৰ কাইলৈ আজিও নাহিল !
বৰষুণ এজাক আহিছিল
এজাক শীতল বতাহো বলিছিল
মই সুধিছিলো কাইলৈৰ কথা
ৰাতিৰ আকাশক
ঢিমিক ঢিমিকি জ্বলা অজুত তৰাক?
নৈখনক সুধিছিলো
বুকুত কিমান আঘাত হ'লে নদীখন নীৰৱে বয়...
ধান দাই নি শেষ হোৱা ৰিঙা পথাৰখনৰ
থিয় হৈ ৰৈ থকা নৰাবোৰক সুধিছিলো
কিমান গভীৰলৈ শিপাই আছে মৰমৰ শিপা
ৰাতিবোৰ কেতিয়া পুৱাব.....
হেঁপাহৰ কাইলৈ মোৰ কেতিয়া আহিব.....??
শিৰোনামাত অনুভব হয় এক অত্যন্ত গভীৰ আশাবাদৰ ঘনজাল। কবিতাটোৰ মাজত আছে-
'আশাৰ নঙলা মুখত
....আহিব?'
হয়তো কবি এই সত্যত বিশ্বাসী যে- জীৱনৰ হা হুতাহ .বিষাদ কাৰুণ্য সদায় নেথাকে। এদিন হলেও জীৱনলৈ শান্তি আৰু প্ৰেমৰ নিজৰা বৈ আহিব।
কিন্তু আসোঁৱাহ থকা কথাটো হ'ল কবিতাটোৰ কোনো এঠাইত ইয়াৰ উল্লেখ নাই।কবিৰ এই অপেক্ষা কিহৰ বাবে বা কি দুখত বিধস্ত হৈ এটা হেঁপাহৰ কাইলৈৰ বাবে এই অধীৰ অপেক্ষা।
'পূবৰ নাৰিকল জোপা বগাই..পাহাৰটো পৰিল'
কবিয়ে নিজস্ব কলাত্মক প্ৰতিভাৰে শব্দবোৰ সজাই নিজৰ কাব্যিক দক্ষতাৰ প্ৰকাশ কৰিছে। এইখিনিতে কবিক কৈ থোৱা ভাল হ'ব পূব শব্দটোৰ `ৱ´ৰ সলনি `ব´হে হ'ব লাগিছিল চাগে। আংগিকৰ ফালে চালে কবিতাটো বৰ এটা সবল কবিতা নহয় বুলি অনুমান হয়। আকাশ, পথাৰ, নদীক পোনপটীয়া অৰ্থত ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰতীকৰূপী বা পৰোক্ষ ভাবপ্ৰকাশৰ ৰূপে ব্যৱহাৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু এয়াওঁ সঁচা কথা যে কবি গৰাকীৰ অন্য বহু কবিতা পঢ়াৰ সৌভাগ্য মোৰ ঘটিছে।
অনুৰূপভাৱে এই মঞ্চৰ পৰা একে আশালৈ কবিৰ হাতৰ অনাগত সৃষ্টিবোৰলৈ বাট চালোঁ।
___________________________________________

কম শব্দত ব্যাতিক্ৰমী ভাষাৰ স্বাভাবিক সৰলতা বজায় ৰাখি সাহিত্যৰ সাধনাত ব্ৰতী হৈ থকা ব্যক্তিজন হ'ল কবি- বাপন ক্ৰ'। এওঁৰ কবিতাসমূহ প্ৰায়ভাগেই শিৰোনাম বিহীন হয়তো আৱেগ জৰ্জৰিত কবি মনৰ স্বতঃস্ফূৰ্ত্ত প্ৰকাশবোৰে কবিৰ হাতত নিজে আহি ধৰা দিয়ে। কিন্তু আলোচনাৰ বেলিকা নামাকৰণ বা অন্যান্য অভাৱৰ কথাত একাষৰীয়া কৰিব নোৱাৰি। আলোচনা কৰিবলৈ লৈছো শিৰোনামবিহীন বাপন ক্ৰ'ৰ এটি কবিতা-

ভুল কৰি পাওঁ
জটিল বাবেহে জীৱনৰ অংক
নহলে ভুল কৰি খালত পৰাৰ ইচ্ছা কাৰ থাকে কোৱাঁ
ভুলৰ পিছতো
বুকুত অনুৰাগ কমা নাই চোৱা
ৰং হেৰুৱা নাই চকুৰ সপোনবোৰেও
দুখী হোৱা নাই
বাৰম্বাৰ অৱহেলা পোৱাৰ পিছতো তোমাৰ.
শান্তি কবিৰ অভিপ্ৰেত সঁচা, কিন্তু দেহৰ প্ৰতিডাল ধমনীতে শান্তিহীন অস্থিৰ বেদনাহে যেন কবিয়ে অনুভব কৰিছে।
ভুলৰ পিছতো..../বুকুৰ অনুৰাগ..
ৰং হেৰুৱা নাই.../বাৰাম্বাৰ অৱহেলা পোৱাৰ পাছতো তোমাৰ
`তোমাৰ´শব্দটোৰে যদি কবিয়ে প্ৰেয়সীক বাদ দি জীৱনৰ আহুকালক বুজাইছে তেন্তে কবিতাৰ মানদণ্ড অধিকলৈ গতি কৰিব। ইয়াৰে আঁত ধৰি ক'ব লাগিব জ্ঞান, দৰ্শনৰ অভিজ্ঞতাৰে পুষ্ট কবিজনে নিজস্ব জীৱনদৰ্শনৰ আভাস দিছে এনেদৰে-
জটিল বাবেহ জীৱনৰ অংক
নহ'লে ভুল কৰি খালত পৰাৰ ইচ্ছা কাৰ থাকে....এই শাৰীটো ...
জটিল..জীৱনৰ অংক
নহ'লে কাৰ থাকে ইচ্ছা
ভুল কৰি খালত পৰাৰ..বুলি সম্পাদন কৰিলে ভাল শুনিব নেকি, কবিয়ে মন দিব পাৰে।
কম শব্দত অৰ্থঘন প্ৰয়াস আধুনিক কবিতাৰ এক বৈশিষ্ট যদিও ক্ৰ'ৰ পক্ষে ইয়াক শলাগিলে ভুল হ'ব। এওঁৰ কবিতা মাত্ৰ অশৃঙ্খলিত আবেগক শব্দৰ মায়াজালেৰে আবৃত কৰাৰ প্ৰয়াস। সুস্থ সাহিত্যৰ ৰচয়িতা হ'বলৈ তেখেতক সময়োপযোগী অধ্যয়নৰ কথা ক'ব খুজিম। আশা ৰাখিম অনাগত দিনত এক বিপুল সম্ভাৰৰ সতে ক্ৰ'ক লগ পাম।
____________________________________________

উত্পল জোনাক হাজৰিকা এজন বহুমুখী প্ৰতিভাসম্পন্ন মানুহ, ফটোসংগ্ৰহৰ ৰাপৰ প্ৰমাণ ইণ্টাৰণেটৰ ভিন্ন কক্ষত উপলব্ধ হোৱাৰ উপৰিও তেওঁৰ হাতৰ `অনুগল্প´ ফেচবুকৰ মজিয়াত সততে আমাৰ চকুত পৰি থাকে। ৰূপতে ৰূপ তুলি আকৌ কবিতাৰ বাকৰিত নামটো দেখি সঁচা অৰ্থত অভিভূত হৈছোঁ। আলোচনা কৰিব বিচাৰিছো উত্পল হাজৰিকা এটি কবিতা-

তুমি আগতকৈ ধুনীয়া হৈছা____কবিঃ উৎপল জোনাক হাজৰিকা

তুমি আগতকৈ ধুনীয়া হৈছা
চহৰৰ মানুহবোৰে কোৱা-কুই কৰিছে
তিনিআলি চ'কত
আদ্দা জমিছে
টোপনি এটা বেদুইন হৈ
নিশাবোৰ
চিগাৰেটৰ ধোঁৱাৰ দৰে হৈছে
দৰ উঠিছে
তুমি কালৈ চালা
কাক মাত দিলা
কাৰ বাইকৰ বতাহত
তোমাৰ দুপাট্টা উৰিলে
তুমি লোৱা ছাতিৰ ছাঁ
তুমি বহা জিৰণি চ'ৰাৰ বেন্সখন
সকলোবোৰ
সকলোবোৰ ঘূৰি আছে বতাহে বতাহে
কোনে কোনে দেখিছে
তোমাৰ বুকুত পকি টুলটুল প্ৰেমৰ পঁজা?
কাঁইটিয়া জেউৰা?
মই নাই
দেখাও নাই
তোমাৰ খোজৰ লাই হালে-জালে
তুমি আগতকৈ ধুনীয়া হৈছা
চহৰৰ বাটে-পথে ক'লে
যি চহৰৰ বাটত মই নাছিলো কোনোকালে

'তুমি আগতকৈ ধুনীয়া হৈছা'- কবিতাটি প্ৰথম দৃষ্টিত ৰোমাণ্টিক আৱেশেৰে পৰিবেষ্টিত যেন লাগিলেও সামগ্ৰিক অধ্যয়নৰ পৰা বুজিব পাৰি ৰোমাণ্টিকতাৰ ওপৰত এক বিৰূপ ভাব প্ৰকাশ কৰিবলৈ কবিতাটোৰ জন্ম হৈছে। তাৰ উমান পাওঁ এনেদৰে-
মই নাই/দেখাও নাই-ইয়াত ভাব আৰু প্ৰকাশ যদি একেই আছে তেন্তে ক'ব পাৰি কবিতা হয়তো কবিৰ নতুন পৰীক্ষা। সেয়ে বহু অপৈণত দিশ কবিতাটোত সোমাইছে। আকৌ- 'তোমাৰ বুকুত পকী ..টুলটুল প্ৰেমৰ পজাঁ'- এই শাৰীটো
তোমাৰ বুকুত পকা ..টুলটুল প্ৰেমৰ পজাঁ বুলি লিখিলে হয়তো বাক্যটিয়ে পূৰ্ণতা পালেহেঁতেন।
পোনচাটেই কবিতাটোক অসফল বুলি কোৱা অনুচিত হ'ব। কাৰণ বহু সময়ত আলোচকে কবিৰ ব্যক্তিগত দৰ্শনৰ লগত একমত হ'ব নোৱাৰে আৰু মোকো যে…সেই দোষে চুৱা নাই তাক ডাঠি ক'ব নোৱাৰি। কবিলৈ শুভেচ্ছা জনাইছোঁ। চৰ্চা অব্যাহত ৰাখক আৰু এক বলিষ্ঠ উপস্থাপনেৰে পুনৰ ভুমুকি মাৰক শব্দৰ বাকৰিত।
_______________________________________

অনবদ্য প্ৰকাশভংগীৰ এক সবল উপস্থাপন, কৌশিক বাস্যসৰ `কবিতা´ শীৰ্ষক কবিতাটো-

কবিতা______কবিঃ কৌশিক বাস্যস

কঁপি কঁপি মাৰ যায়
নাও
কহুৱাৰ আগত
ৰঙাকৈ সেয়া
ছয়াময়া বেলি
মেঘবোৰ মখা বান্ধি
আইৰ মুখৰ
প্ৰতিকৃতি
অন্তৰৰ সমস্ত দুখ আঁজুৰি
গীত এফাকি
গুনগুনাও
কঁপি কঁপি
গুচি যায় নানকৰ নাও

পশ্চিম আকাশত বেলি লহিওৱাৰ দৃশ্যৰ বাখ্যায়িত অনুভবেৰে সৃষ্টি কৰা কবিতাটোত ৰূপক আৰু ছন্দৰ যথোচিত প্ৰয়োগে কাব্যিকতাক সোণত সুৱগা কৰি তুলিছে।
'কঁপি কঁপি মাৰ যায় /...ছয়াময়া বেলি....'-ইয়াত দুখত বিহ্বল কবিয়ে ভটিয়নী পৰত এফাকি গীতজুৰিছে। তাতে যোগ দি আৰম্ভণিতে দেখা সেই নাও `নানকৰ´নাও বোলা কথাষাৰৰ পৰা অনুমান হয় কবিৰ ইতিহাস চেতন মনৰ কথা। কবিয়ে অতীতক বৰ্তমানৰ সমভূমিত চ
 — 
Comme

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-(৩১) তৃতীয় খণ্ডঃ ১৬ৰ পৰা২২ ডিচেম্বৰ ২০১৫ পৰ্যালোচক- পৰিমালা কোঁৱৰ (Porimala Konwar)

নমস্কাৰ।

আখৰুৱাঃ literati গোটৰ কবিতাৰ পুণৰীক্ষণৰ বাবে ১৬ৰ পৰা২২ ডিচেম্বৰ ২০১৫লৈ অহা কবিতাৰ পৰা কেইটামান কবিতাহে বাছনি কৰা হ'ল। আমি পুখুৰীত সাঁতুৰা মানুহ, সাগৰলৈ হাত মেলিছো। লহৰেহে জানে আদৰি লয় নে নলয়। চেষ্টাৰ অসাধ্য একো নাই। সেয়ে কবিতা কেইটা পুণৰীক্ষণ কৰোঁতে নিৰপেক্ষ আৰু সৰলভাবে কৰাৰ চেষ্টা কৰিছো। ভুল ক্ৰুটি দেখিলে আঙূলিয়াই দি আমাক উৎসাহিত কৰাৰ লগতে আখৰুৱা গোটৰ এই প্ৰয়াসক উপকৃত কৰিব বুলি আশা কৰিলোঁ।
পুণৰীক্ষণ কৰিবলৈ লোৱা কবিতা কেইটা একাদিক্ৰমে আগবঢ়াবলৈ লৈছো। প্ৰথমতেই আলোচনা কৰিব বিচাৰিছো কবি সুনীল অমিয়ৰ এটি কবিতা-

কুমজেলেকুৱাই কামুৰি খোৱা বুকুঃ________কবি=সুনীল অমিয়

বিষণ্ণতাৰ কোৰাছ
মিছাতেই নক'বা
জোনাক ভালপাওঁ বুলি
ভাল পাবলেও
থাকিব লাগে এটা মন
ফুটপাথত জীবাস্মৰ শাৰী
কুমজেলেকোৱাই
কামুৰি খোৱা বুকু
গাখীৰৰ পৰিবৰ্ত্তে
বিজলুৱা পুঁজ
"লাইট ৰেডিছ"
লীজত পোৱা জীৱন
ভাগৰুৱা ছামুৰাই
কিছু কবলৈ থাকিল
কিছু শুনিবলৈ থাকিল
নিৰ্বাক ধদোৱা সময়
দৈন্যতাৰ পাচালী
অন্ধৰ কিবা দিন,
কিবা ৰাতি
কিয়েই বা পৰুৱা,
কিয়েই বা হাতী
জীৱন্তত নাপায় ভগা ঢাৰি
শ্মশানত শীতল পাটী
কবিতা নহয় লিখিছো
বেবেৰিবাং
পথাৰত নাই ধান,
অপৈতা নৰাৰ পাহাৰ
ছেঃ
পেঁপা এটাও বনাব নোৱাৰি

কবিতাত ব্যৱহাৰ কৰা প্ৰতীক, ব্যঞ্জনা আৰু ভাৱৰ গভীৰতাই কবিতাক সুন্দৰতা প্ৰদান কৰা দেখা যায়। তাতে যদি শব্দ-সজ্জা সুন্দৰ হয় তেন্তে কবিতা হৈ পৰে পাঠকৰ ওচৰ চপা এক অনুভৱ।

কবি সুনীল অমিয় দেৱৰ কবিতাটোৰ শিৰোনামাত লুকাই আছে প্ৰতীকী ব্যঞ্জনা। গতিকে এইটো এটা সুন্দৰ কবিতা বুলি ক'ব পাৰি। কুমজেলেকুৱাই কামুৰিলে এক বিজলুৱা ঘাঁ হয়। এই ঘাঁৰ পৰা বিষ অনুভৱ হয়। কবিৰ মনত কিছুমান কথাই ঘাঁৰ সৃষ্টি কৰিছে। যাৰ বাবে কবিৰ কলমেৰে নিগৰি আহিছে কিছু ক্ষোভ। কবিতাটোত ব্যৱহাৰ কৰা চিত্ৰকল্প আৰু প্ৰতীকে কবিতাটোক মাত্ৰা প্ৰদান কৰিছে।

"কুমজেলেকুৱাই কামুৰি খোৱা বুকু
গাখীৰৰ পৰিবৰ্তে
বিজলুৱা পুঁজ"
এই পংক্তিটোৰ ইংগিতময়তাই কবিতাটোক গভীৰ অৰ্থ প্ৰদান কৰিছে।

"লীজত লোৱা জীৱন
ভাগৰুৱা চামুৰাই " -সৈনিকৰ জীৱনটো নিজৰ বাবে নহয়। তেওঁ যেন নিজৰ বাবে ভাগৰি পৰা নাই, ভাগৰি পৰিছে দেশৰ বাবে। কবিতাত ব্যৱহাৰ কৰা অন্ধ শব্দটোৰে বক্ৰোক্তি কৰিছে।অন্ধৰ যিদৰে দিনৰাতি, পৰুৱা হাতী আদিৰ পাৰ্থক্য খেলিমেলি হয়, সেই দৰে শাসনতন্ত্ৰৰ নিদেৰ্শনাত কবি বিচলিত আৰু কৰ্ম আৰু কাৰ্য পাৰ্থক্যত কবিৰ মনটো অন্ধৰ অনুভৱৰ দৰে হৈছে। কবিতাটো লিখি থাকোতে হয়তো কবি নিজেই খেলিমেলি ভাবত পৰিছে। সেয়ে তেওঁ বেবেৰিবাং শব্দটো ব্যৱহাৰ কৰিছে। স্বদেশ প্ৰেমৰ ভাব এটা কবিতাটোৱে বহন কৰা দেখা যায়। মাজে মাজে কবি যেন নিৰাশাত ভূগিছে আৰু সেই নিৰাশা ক্ষোভলৈ পৰিবৰ্তি হৈছে।

কবিগৰাকীৰ পৰা আমি অনেক কবিতা আশা কৰিব পাৰো। তেখেতৰ উজ্বল ভৱিয্যত কামনা কৰিলোঁ।
__________________________________

২) দ্বিতীয়টো কবিতা হৈছে কবি নিশাংক মিলনৰ 'কেতিয়াবা' শীৰ্ষক কবিতাটো।

কেতিয়াবাঃ_____কবিঃ নিশাংক মিলন

কেতিয়াবা সময় কটোৱাতো
বৰ কষ্টকৰ হৈ নপৰেনে ?
বৰ কষ্টকৰ হৈ নপৰেনে
চিগাৰেটৰ ধোৱাৰ শূন্যতা,
কেতিয়াবা ফিকা হৈ নপৰেনে হঠাতেই
পৃথিৱীৰ সকলো ভাল লগা কবিতা,
খায়াম, নৱকান্ত অথবা নেৰুদা ?
গধুলিৰ হাতত মায়াময় আবেলি
যেতিয়া থমথমকৈ বহি থাকে
সকলো বিৰাগ সামৰি,
পৃথিৱীৰ সকলো দুখৰ নদী
সাতুৰি পাৰ হৈ আহি
নতুনকৈ প্ৰেমিক হব মন যায়;
অযুত ৰাতি আপেক্ষা কৰি ৰব মন যায়
বেলিফুলৰ দৰে দুটা চকুৰ,
যাৰ বাবে
প্ৰতিটো ঋতুৱেই সেউজীয়া,
যাৰ ওচৰত প্ৰতিখন টলবল চকুৰ চহৰ
সুখী সুখী ভাবৰ উপত্যকা ;

কবি নিশাংক মিলনৰ "কেতিয়াবা" শীৰ্ষক কবিতাটোৰ মাজেদি আমি এটা আশাবাদৰ সুৰ দেখা পাওঁ। মানুহ মাত্ৰেই আশাবাদী। তাক যদি ছন্দোময় ভাষাৰে গতি প্ৰদান কৰে, তেন্তে পাঠকক এবাৰলৈ হ'লেও ভাবিবলৈ বাধ্য কৰায়।

এই কবিতাটোত ব্যৱহাৰ কৰা চিত্ৰকল্প আৰু প্ৰতীকে কবিতাটোক এক মাত্ৰা প্ৰদান কৰিছে। কবিয়ে চিন্তাৰ চাকনৈয়াত পৰি সকলো কবিতাকে ফিকা (গাখীৰ চেনি নোহোৱা) অৰ্থাত স্বাদ হীন /নিৰুদ্বেগ অনুভৱ কৰিছে। হয়তো নিসংগতাই নিৰাশাৰ কাৰণ হৈ পৰিছে কোনোবা এটা সময়ৰ।

বৰ কষ্টকৰ হৈ নপৰেনে
চিগাৰেটৰ ধোৱাৰ শূণ্যতা
কেতিয়াবা ফিকা হৈ নপৰেনে হঠাতেই
পৃথিৱীৰ সকলো ভাল লগা কবিতা.........সময়বোৰ যেতিয়া দুঃসময় হৈ পৰে তেতিয়া একোকে ভাল নলগা যেন লাগে আৰু চিগাৰেটৰ ধোঁৱাৰদৰে মাথো শূন্যতাত উপঙি ফুৰা যেন লাগে। সেয়ে তেওঁ সুখ সন্ধানত ধাৱমান হৈছে।

সকলো বিৰাগ সামৰি
পৃথিৱীৰ সকলো দুখৰ নদী
সাতুৰি পাৰ হৈ আহি
নতুনকৈ প্ৰেমিক হ'বৰ মন যায়

কবিয়ে সুখ সন্ধানৰ মাজত আমনি কৰা বিৰাগ ভাৱক সামৰি থৈ নতুনকৈ প্ৰেমিক হৈ সুখৰ সন্ধান কৰিব খুজিছে ।বহু অপেক্ষাৰ পিচত বিচাৰিছে আশা কৰাৰ দৰে এখন সুখৰ উপত্যকা।

কবিতাটোত ব্যৱহাৰ কৰা চিগাৰেট, ধোঁৱা, নদী, বেলিফুল, উপত্যকা আদি শব্দবোৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা দেখা গৈছে। চকুৰ সতে বেলিফুলৰ তুলনাৰে সুন্দৰ চিত্ৰকল্প অংকণ কৰিছে। কবিতাটোৰ ছন্ধোময় ভাষা আৰু গতিয়তাই কবিতাটোক আবেদনময় কৰি তুলিছে। কবিতাটোত ভাৱৰ যতি পৰা দেখা নগল।
কবি নিশাংক মিলনৰ পৰা আমি আৰু অনেক ভাল ভাল কবিতা আশা কৰিব পাৰোঁ।তেওঁৰ উজ্বল ভৱিয্যত কামনা কৰিলো।
______________________________________________________

৩) কবি উৎপল জোনাক হাজৰিকাৰ 'নাৱৰীয়া' শীৰ্ষক কবিতাৰ আলোচনালৈ আগবাঢ়িছো।

নাৱৰীয়াঃ________কবিঃ উৎপল জোনাক হাজৰিকা

মই সাগৰ দেখা নাই
অদুৰ ভবিষ্যতেও দেখিম নে নাই নাজানো
নৈ দেখিছো
নৈৰ পাৰ আছে
মাজে মাজে মই পাৰত বহো
নৈয়ে বহু কথা পাতে মোৰ সতে
গোপন কথা
চৰাইৰ কথা
নিশাৰ কথা
তৰাৰ কথা
আমি মেল পাতো কেতিয়াবা
দুয়ো গুচি যাওঁ
কোনো নোযোৱা বাটেৰে
নৈ বৈ গৈ থাকে
তাই সাগৰৰ প্ৰমিকা
মই ৰৈ থাকো
মোৰ কোনো প্ৰেমিক নাই
মাজে মাজে তাই ওফোন্দ পাতে
ময়ো
তাই বাউলি হয় মাজে মাজে
ময়ো
মোৰ মেলা চুলিত হেনো ৰাতিয়ে বাহ বান্ধে
তাই চুলি নেমেলে
মেলিব নাজানে
তাই সাবতিব জানে
কেতিয়াবা মোকো মাতে
আহ
মই নাযাওঁ
মোৰ মেলা চুলিত কপৌৱে ৰুণ দিয়ে
তাইৰ বুকুৰ চিকমিক আঁচলত
বালিচন্দাই বাহৰ পাতে
এয়া জলকুঁৱৰীৰ সাধু
আইতাই কোৱা
মই সেই জলকুঁৱৰীৰ সাধু শুনা
ফাগুনে অজলা কৰা নাৱৰীয়া
কবিতাটোত অংকণ কৰা নাৱৰীয়া জনৰ ছবিখন সুন্দৰ ভাবে উপস্থান কৰা দেখা গৈছে।নদীৰ সতে সহবাস কৰা নাৱৰীয়াজন কেতিয়াবা নদীৰ সতে একাত্ম হৈ পৰে। নিসংগ সময়বোৰ তেওঁ নদীৰ সতে কথা পাতে, সময় কটায়।
"আমি মেল পাতো কেতিয়াবা
দুয়ো গুচি যাওঁ
কোনো নোযোৱা বাটেৰে
নৈ বৈ গৈ থাকে
তাই সাগৰ প্ৰেমিক
তাই বাউলি হয় মাজে মাজে
ময়ো "

নদীৰ সতে কথা পাতি গৈ থকা নাৱৰীয়াই নদীৰ প্ৰেমিকৰ কথা জানিব পাৰি, নিজৰ ভাব সলনি কৰিছে- আইতাকৰ সাধু কথাৰ জলকুঁৱৰীৰ ছবি মানস পটত আঁকি লৈ।জলকুঁৱৰীৰ লগত তেওঁৰ ৰূপৰ তুলনা নহয়। তেওঁৰ মেলা চুলি নদীৰ বতাহ লাগি ৰুক্ষ।চৰাইৰ বাহৰ দৰে জট লগা। জলকুঁৱৰীৰ ৰূপ লাৱণ্যৰ দৰে মনটোও সুন্দৰ। তাইৰ আঁচলৰ দৰে বহল বুকুত বালিচন্দাই বাহৰ পাতি চিকমিকাই থাকে। তাই সকলোকে সাৱটি ল'ব জানে।

কবিতাটোত শব্দৰে অঁকা এখন ছবি দেখিবলৈ পাওঁ। যাক কবিতাৰ ভাষাত চিত্ৰকল্প বুলি কোৱা হয়। কবিতাটোত এটা ভাবে আন এটা ভাবলৈ গতি কৰা যেন লাগিলেও ভাবৰ যতি পৰা নাই। নাৱৰীয়া জনে নদীৰ প্ৰেমিকৰ কথা জানি জলকুঁৱৰীৰ ছবি কল্পনা কৰিছে আৰু ভাবে ঠাই সলাইছে। কবিতাটোত ব্যৱহাৰ কৰা নদী, সাগৰ, জলকুঁৱৰী, বালিচন্দা আদি প্ৰতীকে কবিতাটোৰ সৌন্দয্য বঢ়াইছে। চুলিৰ উপমা বৰ সুন্দৰ। কবিতাটোৰ শেষত ব্যৱহাৰ কৰা "অজলা নাৱৰীয়া" শব্দই কবিতাটোৰ ভাব যে সৰল, কবিয়ে তাকেই প্ৰমাণ কৰিছে। কবিতাটোৰ অৰ্থলঙ্কাৰ সুন্দৰ। শেষত, কবিৰ পৰা আৰু ভাল ভাল কবিতা পোৱাৰ আশা কৰিব পাৰোঁ।
_________________________________________________________

৪) পুনৰীক্ষণৰ বাবে বাছনি কৰা চতুৰ্থ কবিতাটো হ'ল-

শীতঃ__________কবিঃ ৰঞ্জন বৰ্মন
.
ৰাতি
গভীৰ হৈ অহাৰ লগে লগে
ৰাজপথত কুকুৰৰ ৰাউচিৰ
তালে তালে
ভিকহুৰ কামি হাড়বোৰে
নৃত্য কৰে
আৰু
এইবাবেই
চহৰখনে শুব নোৱাৰে

এইটো এটা প্ৰতীকধৰ্মী কবিতা। কবিতাৰ মাজেৰে শীতৰ এখন যেন স্থিৰ চিত্ৰহে। শীত বুলি ক'লে যি ঠাণ্ডা আমি অনুভৱ কৰোঁ, সেই ঠাণ্ডাত ভিকহুৰ গাত ল'বলৈ ভাল উমাল কাপোৰেই নাই আৰু তাতে যদি ভোকাতুৰ হয়! শীতৰ নিশা সকলো শুই পৰিলেও ভোকাতুৰ পেটৰ টোপনি নাহে আৰু যদি তেনে নিশাবোৰত কুকুৰে ৰাউচি জোৰে কেনেকৈ টোপনি যায়! চহৰখনত থকা অনেক ভোকাতুৰে নিশাবোৰ তেনেকৈয়ে কটায়। এফালে ভোক আনফালে দুৰ্বল শৰীৰ। ভোকত শৰীৰেও টোপনিক সংগ নিদিয়ে। ভিকহু পেটৰ দৰে চহৰখনো যেন ভোকাতুৰ সৰু চহৰৰ পৰা ডাঙৰ চহৰ হোৱাৰ তাৰণাত।

অতি কম শব্দৰে প্ৰকাশ কৰা কবিতাটোৰ অৰ্থৰ গভীৰতাই কবিতাটোক মাত্ৰা প্ৰদান কৰিছে। কুকুৰ, ভিকহু আদি শব্দ প্ৰতীক হিচাবে ব্যৱহাৰ কৰা দেখা গৈছে। ভাব আৰু শব্দই প্ৰমাণ কৰে যে কবিৰ কবিতাৰ পৃথিৱীখন চিনাকী। এনেদৰে কবিয়ে কবিতাৰ বাটত আগুৱাই যাওক, তাকেই কামনা কৰোঁ।
________________________________________________________

৫) নাস্তিক জনৰ কথাৰেঃ________________কবিঃ সীমান্ত শাণ্ডিল্য

ঈশ্বৰ বিচাৰি ফুৰিছিল তেওঁ
প্ৰয়োগশালাত
আৱিস্কাৰ কৰিছিল
ৰোগাক্ৰান্ত
কোনবা জণ্ডিচ
কোনবা ডাইবেটিছ
কোনবা কৰ্কট
কোনোবা হৃদৰোগ
কোনবা এইচ আই ভি ৰে
তেতিয়া
ঘোষনা কৰিলে
আচলতে ঈশ্বৰ বুলি
কোনো অস্তিত্ব নাই
ঈশ্বৰ ৰুগ্ন হ'ব নোৱাৰাৰ যুক্তিত
তাৰ পিচত
জৰা নিৰাময় নিমিত্তে তেওঁ
নিমগ্ন
নিমিত্ত হ'ল
দিন
সপ্তাহ
মাহ
বছৰ
যুগ
.......
পাৰ হোৱাৰ পিচত
শতিকাৰ আৰম্ভণিত
তেওঁৰ উশাহ তৰা হোৱাৰ তিথিত
মানুহবোৰে
শিলত বন্দী কৰিলে
ঈশ্বৰ সজালে তেওঁক
অলৰ অচৰ
আচলতে ঈশ্বৰ বুলি
কোনো অস্তিত্ব নাই
বুলা তেওঁৰ কথাষাৰি
পাহৰিলে
মানুহবোৰ
আকৌ ৰোগাক্ৰান্ত হ'বলৈ ধৰিলে

কবিতাটোৰ নামকৰণতে কবিৰ ঈশ্বৰৰ প্ৰতি এক আক্ষেপ দেখা যায়। ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ আঁৰত গঢ়ি উঠা জীৱন শৈলীৰ প্ৰতি যুক্তি আৰু বিশ্বাস, অবিশ্বাসৰ মাজেৰে কবিতাটো আগবাঢ়িছে। কিছুমান ৰোগৰ উপশম হলেও নিৰাময়ৰ উপায় মাথো ঈশ্বৰতহে ভৰসা। কবিয়ে সেই ৰোগবোৰৰৰ কথা উল্লেখ কৰিছে। ৰোগবোৰ যেতিয়া অনেক চেষ্টাৰ পিচতো ভাল নহয়, তেতিয়া ভাবিবৰ মন যায় ঈশ্বৰৰ অস্তিত্ব আছে নে নাই।

"আচলতে ঈশ্বৰ বুলি
কোনো অস্তিত্ব নাই
ঈশ্বৰ ৰুগ্ন হব নোৱাৰাৰ যুক্তিত" - এই পংক্তিটো ঈশ্বৰ সম্বন্ধে যুক্তিপূৰ্ণ উক্তি। আস্তিক সকলে ৰোগ নিৰাময়ৰ বাবে অনেক সময়ত ঈশ্বৰৰ ভৰষাত পাৰ কৰে। (এদিন বুদ্ধই ও জৰা মৃত্যুৰ সন্ধান চলাইছিল) যি সকলে শতিকাৰ আৰম্ভণিতে ঈশ্বৰৰ সন্ধানত নামিছিল, তেওঁৰ মৃত্যুৰ পিচত তেওঁকেই ঈশ্বৰ সজাই শিলৰ মূৰ্তি সাজি বিশ্বাস কৰিবলৈ লয়। ঈশ্বৰ বিশ্বাস হেৰুৱাই পেলালেই যেন তেওঁলোক আকৌ ৰোগাক্ৰান্ত হৈ পৰিব।

কবিতাটোৰ মূল বিষয় ঈশ্বৰতত্ব। "উশাহ তৰা হোৱাৰ তিথিত"= এই বাক্য শাৰীত দেখা পাওঁ শব্দ পুঞ্জৰ প্ৰচ্ছন্ন অৰ্থ যুক্ত ব্যঞ্জনাময় ৰূপ। তেওঁৰ কবিতাটোৱে অৰ্থব্যঞ্জক।

কবিয়ে কবিতাৰ সাধনা কৰিছে সেয়ে তেওঁৰ কলমেৰে এনে কবিতা নিগৰি আহিছে। আগলৈ তেওঁৰ পৰা আৰু অধিক কবিতা আশা কৰিলোঁ।
টোকাঃ ইয়াত আৰু এটা কবিতাৰ আলোচনা যোগ কৰা হ'ব। সেয়া হ'ল-
_______________________________________________________

৬) এই পুনৰীক্ষণৰ শেষৰটো আলোচনা, কবি মুকুন্দমণি গগৈৰ কবিতা 'মৃত্যু'

মৃত্যু________কবিঃ মুকুন্দমণি গগৈ

যি বাটে দি
আহি আছিলো
সেই বাটতে এদিন
থমকি ৰ'লো ৷
মাঁথো সিপাৰত আৰম্ভ হৈছিল
যম ডাকিনিৰ চিঞৰত
উতনোৱা সপোনৰ
এজাক গৰ্ভীৰ ৰাতি ৷৷

এই কবিতাটোৰ মাজেৰে ক্ষন্তেকৰ ভাব এটা ধৰি ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছ। জন্মৰ পৰা জীৱনৰ যিটো বাটেৰে আহি আছিল, সেই বাটতে থমকি ৰ'ব লগা হ'ল। অৰ্থাৎ জীৱনৰ বাটত থমকি ৰোৱা মানে মৃত্যু। হয়তো জীৱনৰ সমাপ্তি নাইবা সপোনৰ মৃত্যু। যম ডাকিনীৰ (নিশা বিকট চিঞৰ মৰা এবিধ চৰাই) চিঞৰত নিশাৰ সপোন ভাঙি যোৱাৰ দৰে, তেওঁৰো সপোনবোৰ ভাঙি গ'ল। কবিতাটোৰ শিৰোনামা "মৃত্যু" যদিও, কিহৰ মৃত্যু স্পষ্ট নহল। সপোনবোৰ উতনুৱা হোৱাৰ বাবে হয়তো সপোনৰ মৃত্যু হ'ল। কবিতাটোৰ গতিময়তাত কবিয়ে যেন ভাবটো ধৰি ৰাখিবলৈ চেষ্টা কৰি থাকিল। অৱশ্যে আৰু অলপ ভাব সম্প্ৰসাৰণ কৰাহেঁতেন শিৰোনামাই তাৎপৰ্য বহন কৰিব পাৰিলেহেঁতেন।

কবিতা চৰ্চাৰ ক্ষেত্ৰত কবিক নবীন যেন লাগিল। তেওঁ কাব্য চৰ্চা কৰি, আমাক ভাল ভাল কবিতা উপহাৰ দিব পাৰিব বুলি আশা ৰাখিলোঁ।

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১ | প্ৰথম খণ্ড | ১-৭ ডিচেম্বৰ ২০১৫ পৰ্যালোচকঃ হীৰকজ্যোতি বৈশ্য

কবি-সমালোচকসকলে কবিতাৰ বহুতো সূত্ৰ আগবঢ়াইছে৷ অল্পমতি মই এষাৰেই ক'ব খোজোঁ- প্ৰকাশ কৰিব নোৱৰা অনুভৱৰ প্ৰকাশেই কবিতা৷ প্ৰেমেই হওক, বিপ্লৱেই হওক, প্ৰকাশৰ জটিলতাই জন্ম দিয়ে কবিতাৰ৷
.
অতীতৰপৰা আজিলৈ কবিতা বিবৰ্তিত হৈ আছে, ঠিক যেন মানুহ আৰু সভ্যতাৰ বিবৰ্তন৷ বল্কল পিন্ধা মানুহৰ আজি ছ'ছিয়েল মিডিয়াত ভিৰ৷ মানুহ হিচাপে আমি ইজনে আনজনৰ দ্বাৰা সদা প্ৰভাৱিত৷ অলপ ভাবি চালে জানিব পাৰিম যে আমাৰ অতিকৈ ব্যক্তিগত কথা-কামবিলাকো সম্পূৰ্ণৰূপে আমাৰ নিজৰ নহয়৷ তাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমাজৰ চাপ থাকে৷ সমাজ, সভ্যতাৰ কথা তাৰপৰাই আহে৷ দাৰ্শনিক কেমুৱে কৈছিল- The purpose of a writer is to keep civilization from destroying itself ৷
কবি পৰিমালা কোঁৱৰৰ 'ছাই' শীৰ্ষক কবিতাটিত পাওঁ এই সচেতনতা৷ 'ছাই' বিবৰ্তনৰ এক প্ৰতীকী কথন৷
.
ছাই_____পৰিমালা কোঁৱৰ
.
ছাইৰো এটা ইতিহাস আছে
বিবৰ্তনৰ মাজেৰে বাগৰি অহা
এক যন্ত্ৰণা
কেতিয়াবা হাবিবোৰ ছাই হৈ যায়
আৰু সেই ছাইৰ পৰা গজি উঠে
এখন অৰণ্য
এইয়া পৰিবৰ্তনৰ ইতিহাস
কেতিয়াবা ঘৰবোৰো ছাঁই হৈ যায়
আকৌ নকৈ ঘৰ পাতে
সাৱধানে
কোন কেতিয়া ছাই হৈ যায়
নিজেই নাজানে
অথচ ছাইবোৰ দেখি
স্বভাৱবোৰ সলনি নহয়
শীতৰ জুইত উম লোৱা জনেও নাজানে
তেওঁ ছাই হ'ব নে
মাটি হৈ যাব
মাথো জুয়ে জানে
দাহ্য পদাৰ্থবোৰ জ্বলি জ্বলি
ছাই হয়
ছাইবোৰ এদিন মাটি হয়
সেই মাটিত শস্য হয়
শস্যবোৰে প্ৰাণীবোৰ জীয়াই ৰাখে
প্ৰাণীবোৰ কেতিয়াবা
ছাই হৈ যায় ।
.
ছাইৰ প্ৰতীকী অৰ্থৰ বিশালতাই কবিৰো চিন্তাৰ পৰিসৰক সূচায়৷ সভ্যতাৰ অগ্ৰগতিত আমি বিবৰ্তিত যদিও present follows past কথাশাৰীৰ সত্যতাক নুই কৰিব নোৱাৰোঁ৷ অতীতেই জীপ দি আছে আমাক অহৰহ৷ সেয়ে কবিতাটিৰ এটা খুবেই অৰ্থবহ আৰু ভাল লগা শাৰী-
"কেতিয়াবা হাবিবোৰ ছাই হৈ যায়
আৰু সেই ছাইৰ পৰা গজি উঠে
এখন অৰণ্য"ই সাধাৰণৰপৰা অসাধৰণ ৰূপ লৈ পাঠকৰ মন আলোড়িত কৰে৷ কবিতা এটাৰ সকলোখিনি ভাল নালাগে, কিছু বিশেষ শাৰীয়ে পাঠকৰ মন বিজুলীয়াই যায়, আৰু সেয়াই কবিতা৷ লনজাইনাছৰ এই কথাশাৰীৰ সত্যতা পাওঁ উপৰিউক্ত কবিতাফাকিত। আমি ভাবিব পাৰোঁ যে 'ছাই'ৰে কবিয়ে অন্যায়, অসূয়া আদি নেতিবাচক কথা-কামক বুজাইছে৷ কিয়নো 'হাবিবোৰ' ছাই হৈ যায়, 'ঘৰবোৰ' ছাই হৈ যায়, 'শীতত উম লোৱা মানুহজন'ও ছাই হৈ যায়৷ কবিতাৰ সৌষ্ঠৱ দুগুণে চৰে যেতিয়া কবিয়ে শ্লেষাত্মকভাৱে উদঙাই দিব খোজে মানুহ হোৱাৰ ফোপোলা গৌৰৱ-
"কোন কেতিয়া ছাই হৈ যায়
নিজেই নাজানে
অথচ ছাইবোৰ দেখি
স্বভাৱবোৰ সলনি নহয়"
কবিতাটিৰ আন এটা শ্লেষাত্মক উক্তি-
"মাথো জুয়ে জানে
দাহ্য পদাৰ্থবোৰ জ্বলি জ্বলি
ছাই হয়"
'দাহ্য পদাৰ্থবোৰ'ৰ জৰিয়তে কবিয়ে এটা ধামখুমীয়াৰ ইংগিত দিয়ে, যি অনাকাংক্ষিতভাৱে নৈৰ সোঁতত উঁটি যোৱাৰ কুচকাৱাজ কৰি আছে৷ আকৌ, কবিতাফাকিৰ অন্তৰ্নিহিত ভাবটোৱে আমাক সোঁৱৰাই দিয়ে হিন্দু ধৰ্মশাস্ত্ৰৰ সেই এজন পৰমশক্তিশালী পৰমেশ্বৰৰ কথা৷ কেৱল পৰমেশ্বৰেহে জানে কাৰ ভাগ্যত কি আছে, কোন কেতিয়া ছাই হ'বলগীয়া আছে৷ সেই অৰ্থত ইয়াত জুই হৈছে এটা পৰম শক্তি, যিয়ে মাথোঁ দহন কৰে (ধুই নিয়ে), ধামখুমীয়াত পতিত সকলোবোৰ (অসূয়া)ক৷ ঠিক 'দুষ্টক দমন শান্তক পালন'ৰ লেখীয়া৷
.
ছাইৰ এক যোগাত্মক দিশ আছে৷ ইয়াৰ পৰা সাৰ হয়, শস্য উৎপাদনৰ সহায়ক হয়৷ সেই শস্য উন্নতিৰ বাৰ্তাবাহক৷ কিন্তু, সেয়া চিৰদিন সত্যনে? অপতৃণজাতীয় উদ্ভিদো ছাইৰ জীপ লৈয়েই জী উঠিব পাৰে৷ পিছে, সিও যেন ছাই হোৱাৰ পথলৈয়ে ধাৱমান৷ কবিতাটিৰ শেষত তদ্ৰূপ ভাৱ এটি পাওঁ৷
"ছাইবোৰ এদিন মাটি হয়
সেই মাটিত শস্য হয়
শস্যবোৰে প্ৰাণীবোৰ জীয়াই ৰাখে
প্ৰাণীবোৰ কেতিয়াবা
ছাই হৈ যায় ।"
কবিতাটিত 'কেতিয়াবা' অব্যয়টোৰ ব্যৱহাৰ মন কৰিবলগীয়া৷ কেতিয়াবা মানে সদায় নহয়, অনিয়মিত৷ কেতিয়াবা হাবিবোৰ ছাই হৈ যায়, কেতিয়াবা ঘৰবোৰো ছাঁই হৈ যায়, প্ৰাণীবোৰ কেতিয়াবা ছাই হৈ যায়। ই আধুনিকতাৰ এটা ধৰ্ম বহন কৰে, যাক সম্ভাৱনীয়তা বুলি ক'ব পাৰি৷ মানে ছাই হ'বও পাৰে, নহ'বও পাৰে- কোন কেতিয়া ছাই হ'ব নে নহ'ব সেয়াও এক সম্ভাৱনীয়তা৷ nothing is certain কথাষাৰৰ প্ৰগাঢ়তা তাতেই বাহিত হৈছে৷
কবি কোঁৱৰে কবিতাবোৰ আৰু কিছু চুটি কৰিলে ভাল হয়৷ তেতিয়হ’লে এতিয়াৰ ভাল কবিতাবোৰ উৎকৃষ্ট কবিতা হ’ব বুলি মই ভাবোঁ৷ "ছাই" কবিতাটিও আৰু অলপ চুটি কৰিব পৰা গ'লহেঁতেন৷ আকৌ, কবিতাটিৰ দ্বিতীয় শাৰীটোৰ কিছু গাঁঠনিগত সংশোধন কৰা উচিত যেন লাগে৷ অন্যথাই ই প্ৰথম শাৰীৰ লগত সংযোগ ৰহিত যেন লাগি আছে৷ হয়তো এনেকুৱা হ’ব পাৰিলেহেঁতেন- "ছাইৰো এটা ইতিহাস আছে/আছে বিবৰ্তনৰ মাজেৰে বাগৰি অহা
এক যন্ত্ৰণা"৷ আকৌ, কবিতাৰ মাজত কবিতাৰ কথাংশৰ ওপৰত কবিৰ ব্যক্তিগত মতামত যোগ নকৰাই ভাল৷ কবিতাটিত "এইয়া পৰিবৰ্তনৰ ইতিহাস" শাৰীটোৱে পাঠকক সাময়িক বিৰাম দি, কবিৰ নিজস্ব মন্তব্য এটাৰে পাঠকক এটা নিৰ্দিষ্ট দিশেৰে যাবলৈ তাগিদা দিছে৷ ই কবিতাৰ ৰস গ্ৰহণৰ মাদকতা হ্ৰাস কৰে৷
কবিতাটি আৰু বেলেগ ধৰণেও বিশ্লেষণ কৰিব পাৰি৷ ছাইৰ প্ৰতীকী ব্যঞ্জনাই কবিতাটিৰ আৰু অধিক আলোচনা দাবী কৰে৷ সদ্যহতে মই ইমানতে সামৰিম৷ কবিলৈ শুভেচ্ছা থাকিল৷
……………
আধুনিক সাহিত্যৰ সঘনে ব্যৱহাৰ হোৱা দুটা অলংকাৰ হৈছে শ্লেষ আৰু বক্ৰোক্তি৷ কবি সুনীল অমিয়ৰ 'মোৰ সকলো শিল্প গনহত্যাকাৰী' কবিতাটিত বৰ্তমানৰ পৰিস্থিতিৰ লগত মানুহৰ সম্পৰ্ক আৰু ঔদাসীন্যতাক বক্ৰোক্তিৰে তীব্ৰ সমালোচনা কৰা দেখা যায়৷ সমাজৰ এজনৰ অধিকাৰ খৰ্ব হোৱা মানে প্ৰত্যেকজনৰ অধিকাৰক লৈ ভাবুকি৷ অন্য কথাত এককে সমূহক বহন কৰে৷ সেইদৰে সমূহৰ অথন্তৰ মানে এককৰো অমানিশা৷ সামাজিক দায়ৱদ্ধতা ইয়াৰ পৰাই আহে৷ কিন্তু বৰ্তমানৰ সামাজিক অৱস্থাৰ লগত ব্যক্তিমানস যেন বিচ্ছিন্ন৷ মানুহৰ কাৰ্য্য-কলাপে সমাজলৈ অশনি সংকেত কঢ়িয়াইছে৷ অথচ মানুহ নিৰ্লিপ্ত৷ এই নিৰ্লিপ্ততাই সামাজৰ জুইত ঘিঁউ ঢালি আছে৷
.
মোৰ সকলো শিল্প গনহত্যাকাৰী___সুনীল অমিয়
.
মোৰ সকলো শব্দ
জুইত দলিয়াই দিয়া শিশু
মোৰ সকলো ধ্বনি
মাৰনাস্ত্ৰৰ জয়ধ্বনি
মোৰ সকলো ছন্দ
হত্যা উদ্বত্ত তৰোৱাল
মোৰ সকলো কাব্য
তৰোৱাল শীৰ্ষৰ ভ্ৰূণ
মোৰ সকলো প্ৰেম
একো নহয় একো নহয়
মাথো তিৰস্কাৰ
ল'ৰাৰ সমুখত
আইৰ বলাৎকাৰ
তথাপিও মই
তথাপিও মই
ঘৰতে থাকিম বহি
চাহৰ মেজত
নাচিব সকলো হঠকাৰী
জনাই থও আজি
মোৰ সকলো শিল্প
গনহত্যাকাৰী…
.
এয়া যেন কবিৰ দীঘলীয়া অতিষ্ঠতাৰ বহিঃপ্ৰকাশ৷ কিমান বিতৃষ্ণা আহিলে কাৰোবাৰ মনত এই ভাৱ আহে বুজাই বুজিব৷ ইয়াত 'মই' একক প্ৰতীকেৰে মানুহৰ সমূহক বুজোৱা হৈছে৷ নাইবা বিজ্ঞানে আনি দিয়া যন্ত্ৰ সংস্কৃতিৰ বিধ্বংসী মূৰ্তিকো ই নিৰ্দেশ কৰে৷ কবিতাটিত এটা সাংগীতিক মূৰ্চ্ছনা পৰিলক্ষিত হয় যদিও কিছু কিছু ক্ষেত্ৰত ই বাৰুকৈ স্খলিত৷ এনেকুৱা লাগে যেন কবিতাটি কবিয়ে খৰধৰকৈ লিখি শেষ কৰিলে৷ তথাপি কবিতাটিৰ প্ৰাককল্পিত ভাবে অন্তৰ চুৱে৷
"মোৰ সকলো ধ্বনি
মাৰনাস্ত্ৰৰ জয়ধ্বনি
মোৰ সকলো ছন্দ
হত্যা উদ্বত্ত তৰোৱাল
মোৰ সকলো কাব্য
তৰোৱাল শীৰ্ষৰ ভ্ৰূণ"
এই বিৰাগ গতানুগতিকতাৰ পৰা আশ্ৰিত বুলি কেনেকৈনো ক'ব? ইয়াত এফালে গুজৰি আছে বিজয়োল্লাস (জয়ধ্বনি, উদ্বত্ত তৰোৱাল, ভ্ৰূণ আদি শব্দই সৃষ্টি কৰা ভাব), আৰু আনফালে আছে হিংসা, অপ্ৰীতিৰ দাবানল (মাৰনাস্ত্ৰ(নে মৰণাস্ত্ৰ?), হত্যা, তৰোৱাল শীৰ্ষ আদি শব্দই সৃষ্টি কৰা ভাব)৷ "তৰোৱাল শীৰ্ষৰ ভ্ৰূণ"- এই ৰূপক অলংকাৰটিৰ ক্ষেত্ৰত কবিয়ে আৰু অলপ ভাবি চোৱা উচিত৷ এই ৰূপত এইটো নিস্তেজ হৈ আছে৷
"মোৰ সকলো কাব্য/তৰোৱাল শীৰ্ষৰ ভ্ৰূণ" বুলি নিলিখি "মোৰ সকলো কাব্য/ তৰোৱালৰ কচৰৎ" নাইবা "মোৰ সকলো কাব্যই জন্ম দিয়ে একোজন তৰোৱালধাৰীৰ" এনেকুৱা ধৰণে লিখিলে শুনোতে শুৱলা হোৱাৰ লগতে পাঠকৰো বেছি ওচৰ চাপিব পাৰিব বুলি ভাবোঁ৷ শেষৰ ছোঁৱাত মানৱতাৰ অৱক্ষয়ৰ বাবে কবিয়ে সমাজলৈ এৰি দিছে এক সুতীব্ৰ বক্ৰোক্তি৷
"ল'ৰাৰ সমুখত
আইৰ বলাৎকাৰ
তথাপিও মই
তথাপিও মই
ঘৰতে থাকিম বহি
চাহৰ মেজত
নাচিব সকলো হঠকাৰী"
.
"A poet is one who wants to leave and one who cannot leave"৷ সমাজৰ জলন্ত বাস্তৱৰ পৰা পলায়ন কৰিব পাৰিলে হয়তো কবি সুনিল অমিয়ৰ কাপেৰে আমি এই সৃষ্টি নাপালোহেঁতেন৷ "চাহৰ মেজত/নাচিব সকলো হঠকাৰী" বুলি কবিয়ে আচলতে উদঙাই দিছে সমাজৰ ময়বৰ ভাব লৈ ঘৰতে বহি বৰ বৰ কথা কোৱা এচাম লোকৰ ফোপোলা চৰিত্ৰ৷ কবিয়ে শিৰোনামেৰে কবিতাটিৰ মোখনি মাৰি পাঠকৰ মনত এক প্ৰশ্নৰ খোৰাক দি গৈছে৷
"জনাই থও আজি
মোৰ সকলো শিল্প
গনহত্যাকাৰী…"
আচলতে কি এই শিল্প? যি আমি কৰি আছোঁ, যি উদযাপন কৰি আছোঁ, যি সপোন দেখি আছোঁ এই সকলোবোৰেই জানো মানৱৰ অহিত সাধন কৰি থকা নাই?
যদিও সামগ্ৰিকভাৱে চাবলৈ গ'লে কবিতাটিত এক নৈৰাজ্য বিয়পি থকা দেখোঁ, এই নৈৰাজ্য নিতান্তই বাস্তৱ আশ্ৰিত৷
কবিতাটিৰ শিৰোনামতে বানানৰ ভুলে পাঠকক হতাশ কৰে(গনহত্যাকাৰী; হ’ব লাগিছিল গণহত্যাকাৰী)৷ কবি অমিয়ই বানানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে৷
…………
কবিসকল অনুভূতিপ্ৰৱণ৷ প্ৰেমৰ দৰে স্বৰ্গীয় অনুভূতিৰ প্ৰতি কবিসকল সদা আকৰ্ষিত৷ নানাজনে নানাভাৱে প্ৰেম কৰি পৃথিৱীৰ ইতিহাসত উদাহৰণ ৰাখি গৈছে৷ এই সহজাত প্ৰবৃত্তিৰ প্ৰতি সবৰে ধাউতিও অসীম৷ কৈশোৰৰ সময়ছোৱাৰ পৰা বুজা-নুবুজাৰ দোমোজাত পৰিয়েই হওক নাইবা দেখাক দেখিয়েই হওক প্ৰেম কৰাৰ, প্ৰেমত পৰাৰ মন যায় আমাৰ আৰু পৰোও৷ তাৰে প্ৰথমছোৱাৰ প্ৰেমবিলাকৰ সৰহভাগেই বিফল হয় অপৈণত বয়স, মস্তিষ্কৰ বাবে আৰু তেতিয়া সেই বিফল প্ৰেমিকসকলে অপৈণত হাতেৰেই আঁক-বাঁক কৰে বিফল কবিতাৰ৷ ৰিল্কেই Letters to a young poet কিতাপখনত তেনেকুৱা কবিতাৰ পৰা নতুন কবিসকলক দূৰত অৱস্থান কৰিবলৈ কৈ থৈছে৷ প্ৰেমৰ অনুভূতি ইমানেই ব্যতিক্ৰম, ইমানেই সৰগীয় যে ইয়াক কবিতাৰে প্ৰকাশ কৰাটো কঠিনতকৈও কঠিন কাম৷
.
যাহওক মই নিজেও বিশ্বাস কৰোঁ যে প্ৰকাশৰ বাট বিচাৰি নোপোৱা কথাৰ প্ৰকাশেই কবিতা৷ সেয়ে হয়তো আজি পৰ্যন্ত অনেক কবিয়ে প্ৰেমৰ অনুভৱ কবিতাৰে প্ৰকাশ কৰি আছে৷ তাৰ অনেক কবিতা জগত বিখ্যাতো হৈছে। 'আখৰুৱা'ৰ জানুৱাৰীৰ পহিলা সপ্তাহৰ এটা কবিতা- কবি উইল চিদ্দিকুৰ ৰহমানৰ 'মোৰ প্রেমৰ পাঠশালা'৷
.
মোৰ প্রেমৰ পাঠশালা----উইল চিদ্দিকুৰ ৰহমান
(১)
মোৰ প্রেমৰ পাঠশালাত
কোনে ৰুলে এজোপা গোলাপ
প্রার্থনাৰ লাহী আঙুলিৰে
কোনে আঁকিলে জাহ্নবী-যমুনা বাট
(২)
নিজান পুখুৰীটোত খহি পৰিল
অথন্তৰৰ ক’লা পাথৰ এটি
উচাৎমাৰি উৰি গ’ল
চাতক পখী এটি কেনিবাদি
(৩)
দুপৰ ৰাতিৰ ৰে’লৰ উকিত
কোনে বজায় প্রেমিক বাঁহী
কাণি-দুৱৰীকৈ মেলি থোৱা আছিল
তাইৰ কোঠাৰ একেখনি দুৱাৰ
(৪)
দহিকতৰা এটাই
কৈ গ’ল কাণে কাণে
প্রেম এনেকুৱাই
অহা বাটে ওভতি যায়
ৰিঙিয়াই ৰিঙিয়াই
.
কবিতাটিৰ শিৰোনামতে আমি পাওঁ বিষয়ীৰ প্ৰথম প্ৰেম বিষয়ক ইংগিত৷ 'পাঠশালা'৷ 'প্ৰাৰ্থনাৰ লাহী আঙুলী'ৰ চিত্ৰকল্পই পাঠকৰ অন্তৰতো 'জাহ্নবী-যমুনা'ৰ বাট কাটিবলৈ সক্ষম৷ নিশ্চয়কৈ প্ৰথম স্তৱকটো এটা আশাৰ স্তৱক৷ কিন্তু কবিতাটিৰ সমাপ্তিলৈ চালে পাওঁ এই আশাবাদ এক স্মৃতিচাৰণহে মাথোঁ৷ সেই হিচাপে কবিয়ে 'জাহ্নবী-যমুনা’ বুলি কোৱাটো এটা শ্লেষ যেনহে লাগে৷ জাহ্নবী মানে গংগা আৰু যমুনা মানে বৃন্দাৱনৰ মাজেৰে বৈ থকা এখন নৈ যাৰ পাৰত কৃষ্ণই ওমলিছিল৷ কিন্তু যমুনাৰ আন এটা অৰ্থ যমালয়৷ গতিকে, বিষয়ীৰ সাধনালব্ধ প্ৰেমে গংগা আৰু লগতে যমালয়ৰ বাট অঁকা বুলিও ভবাৰ থল আছে, অৰ্থাৎ প্ৰথমতে সুখ আৰু পিছত কষ্ট, যন্ত্ৰণা৷ এইধৰণৰ শ্লেষাত্মক উক্তিয়ে পাঠককো চিন্তাৰ পৰিধি প্ৰসাৰণ কৰাৰ থল দিয়ে৷ দ্বিতীয় স্তৱকৰ "নিজান পুখুৰীটোত খহি পৰিল/অথন্তৰৰ ক’লা পাথৰ এটি"…ইয়াৰে "অথন্তৰৰ ক’লা পাথৰ এটি" কথাষাৰ এই পৰ্যালোচকৰ মনোগ্ৰাহী হ'বলৈ এটা দূৰত্ব থাকি গ'ল৷ ’অথন্তৰ’ৰ সলনি অন্য কিবা অমানৱীয় মৌল(ৰূপক) ব্যৱহাৰ কৰিলে হয়তো বেছি ভাল লাগিলহেঁতেন৷ যা হওক, ই বিষয়ীৰ প্ৰেমলৈ হঠাতে অহা দুৰ্যোগক বুজাইছে৷ 'চাতক’ পখীৰ ৰূপকৰদ্বাৰা আমি বিষয়ীৰ অৱক্ষয়ী প্ৰেমকে বুজোঁ৷ তৃতীয় স্তৱকৰ প্ৰসংগত কওঁ যে ৰে’লৰ উঁকিত বাঁহী বজোৱা কথাটি বহু চেষ্টা কৰিও জীন নিয়াব নোৱাৰিলো ( দুপৰ ৰাতিৰ ৰে’লৰ উকিত/কোনে বজায় প্রেমিক বাঁহী)৷ হয়তো ই ৰাতিৰ ৰে’লৰ উঁকিৰ লগত বিষয়ীৰ এক যোগসূত্ৰ স্থাপন কৰিছে আৰু যিয়ে বিষয়ীৰ জীৱনগাথা কৰুণৰপৰা কৰুণতম কৰি তোলে৷ কিন্তু সংশোধনৰ প্ৰয়োজন আছিল৷ এনেকুৱা হ'ব পাৰে নেকি- দুপৰ ৰাতিৰ ৰে'লৰ উঁকি/যেন এটি প্ৰেমিক বাঁহী…? এইখিনি কবিলৈ এৰিলোঁ৷
বাকীকেইটা স্তৱকত যিটো লয়ে পাঠকক আচ্ছন্ন কৰিছে সেয়া তৃতীয় স্তৱকত কবিয়ে সমূলি নষ্ট কৰিছে৷ এয়া অৱচেতনভাৱে হৈছে নে কবিয়ে ইচ্ছাকৃতভাৱে কৰিছে জনাৰ অৱকাশ নাই৷ যদি ইচ্ছাপ্ৰণোদিতভাৱে হোৱা বুলি ধৰোঁ, তেন্তে বুজিব লাগিব যে কবিয়ে হয়তো বিষয়ীৰ বিশৃংখল জীৱনৰ এটা জাননী দিছে৷ বিষয়ীৰ সুস্থিৰ জীৱনক জোকাৰি দিছে প্ৰথম প্ৰেমৰ বিফলতাই৷ আৰু লগতে চতুৰ্থ স্তৱকত পৰিলক্ষিত হোৱা লয়ে বিষয়ীৰ হেৰোৱা ছন্দ ঘূৰি অহাটোক বুজাইছে৷ এয়া মোৰ আনুমানিক ধাৰণা৷ এনেকুৱা শৈলীৰ কবিতা মই আগতে পোৱা নাই৷ যিহেতু কবিতাটি আধুনিক, আমি এনেকুৱা এটা ধাৰণা গ্ৰহণ কৰোটোত ভুল নাই নিশ্চয়৷
.
চতুৰ্থ স্তৱকত দহিকতৰাৰ ৰূপকে কবিতাটিৰ পঠনত পুনৰ সন্তুষ্টি সঞ্চাৰ কৰিছে৷ ই লগে লগে ৰোমান্তিক যুগৰ কবি ৰঘুনাথ চৌধাৰীলৈ আমাক মনত পেলাই দিয়ে৷ লগে লগে মানৱী প্ৰেম এৰি প্ৰকৃতি প্ৰেমে কবিতাটিত ভূমুকি মাৰে৷ সেমেকা ভাব এটাই পাঠকৰ মন চানি ধৰে৷ ইও এটা সুখানুভূতি৷
"প্রেম এনেকুৱাই
অহা বাটে ওভতি যায়
ৰিঙিয়াই ৰিঙিয়াই""
সহজভাৱে ব্যক্ত কৰা এইকেইশাৰী ব্যঞ্জনাৰহিত কবিতাফাকিত আছে প্ৰথম প্ৰেমৰ বিফলতাৰ দুখ আৰু এক সান্ত্বনা৷ কিছু দূৰলৈ কবিতাটি এটা কাহিনী আৰু কিছু দূৰলৈ কাহিনীটোৰ বিষয়ে কবিৰ মনৰ ভাব, যাক প্ৰভাৱবাদ নাইবা Impressionism বুলি ক'লে হয়তো ভুল কোৱা নহ’ব৷ কবিলৈ শুভেচ্ছা থাকিল৷
…………
গাঁৱৰ সৰল প্ৰেমৰ জীপাল সুবাস পাওঁ দ্ৰিচাং বসুমতাৰীৰ "সৰিয়হৰ ফুল" শীৰ্ষক কবিতাটিত৷ বসুমতাৰীৰ প্ৰায়ভাগ কবিতাত পাওঁ গাঁৱৰ নষ্টালজিক কথা, চিনাকি একোখন ছবিৰ কাব্যিক ৰসায়ন৷ "সৰিয়হৰ ফুল" কবিতাটিও এনেকুৱা ভাবেৰেই ঠাহ খাই আছে৷
.
সৰিয়হৰ ফুল__দ্ৰিচাং বসুমতাৰী
.
খৰালিৰ মাটি এহালিচা
তাতেই প্ৰতিবছৰে তেখেতে সৰিয়হ ছটিয়াই
তাৰ আগত তেখেতে বাৰিষাৰ পৰৱৰ্তী কালত গজি উঠা অপতৃণ বোৰ আতৰাই
মহাজনৰ গৰু হাল খুজি আনি মাটি চহাই
দলিমাৰি এডালেৰে পকা চপৰাবোৰ কোবাই গুৰি কৰে
মাটি খিনি তেখেতৰ মনৰ মতে চহ নোহোৱালৈকে তেখেতে মৈয়াই থাকে
চপৰা কোবাই থাকে ..
যোৱা বেলিৰ বীজবোৰ ৰাতিয়েই তিয়াই থোৱা কামটো তেখেতৰ সুন্দৰী পত্নীয়ে কৰে
সাঁচি ৰখা কামটো আৰু বীজ অংকুৰণৰ সুবিধা কৰি দিয়া দুয়োটা কামেই তেখেতৰ পত্নীৰ
সেউজীয়াৰ পৰা হালধীয়া হ'বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত তেখেতে প্ৰতিবছৰে সৰিয়হ ফুলৰ পদ্য লিখে
পত্নীক শুনাই
পত্নীয়ে হাঁহে
পত্নীয়ে হ'লে একো নুবুজে
বুজে মাথো সৰিয়হ ডৰাক লৈ মানুহজনৰ হেঁপাহ কণক ..
আৰু সৰিয়হ ফুলৰ গোন্ধক।
.
কবিতাটি পঢ়ি গ'লেই আমি এক সুখ অনুভৱ কৰোঁ৷ যেন চিনাকী চেতনাৰ ছবি এখন চকুৰ আগেদি পাৰ হৈ যায়৷ কবিয়ে গাঁৱৰ এক আবেদনশীল পৰিবেশক কাব্যভাবানুৰঞ্জিত গদ্যৰে প্ৰকাশ কৰিছে৷ সেই ফালৰপৰা ইয়াক কথা-কবিতা বুলিব পাৰি৷ ড° বাণীকান্ত কাকতিৰ মতে, "কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন৷…কথা কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা৷ কথা-কবিতাত এটি মাথো কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰৰে সজীৱ কৰি তোলা হয়৷" (উৎসঃ সাহিত্য সুবাস)৷ কবি বসুমতাৰীৰ আলোচ্য কবিতাটিতো আমি তেনেকুৱা চিত্ৰ এখন দেখোঁ৷ ইয়াত কবিয়ে আনুষঙ্গিকভাৱে চিত্ৰ আঁকি গৈছে যদিও কিছু ক্ষেত্ৰত তাৰ প্ৰগাঢ়তা অটুট ৰাখিব পৰা নাই৷ উদাহৰণস্বৰূপে, "মাটি খিনি তেখেতৰ মনৰ মতে চহ নোহোৱালৈকে তেখেতে মৈয়াই থাকে"৷ ইয়াত কবিয়ে শব্দৰ মিতব্যয়িতা পৰিহাৰ কৰাত কাব্যিকতা হ্ৰাস পাইছে আৰু লগতে ভাৱৰ প্ৰগাঢ়তা৷ তৃতীয় পুৰুষ(তেখেত)ৰ উল্লেখ এবাৰতে সামৰিব পৰা গ'লহেঁতেন৷ কবিতাটিৰ ভাল লগা দিশ হ’ল গাঁৱৰ খেতিয়ক পৰিয়ালৰ দম্পতীৰ মাজত থকা নিভাঁজ প্ৰেমৰ প্ৰতিফলন, য’ত পুৰুষজনে হাল মৰা, গৰু চৰোৱা আদি কামবোৰ কৰে আৰু মহিলাই ভাত বনোৱা, চোতাল-ঘৰ পৰিস্কাৰকৈ ৰখা আদি কামবোৰ কৰে৷ কৃষিজীৱী পৰিয়ালত পুৰুষ আৰু মহিলাৰ কাম আৰু কিছু বাঢ়ে৷ কবিতাটিত কোৱাৰ দৰে,
"সাঁচি ৰখা কামটো আৰু বীজ অংকুৰণৰ সুবিধা কৰি দিয়া দুয়োটা কামেই তেখেতৰ পত্নীৰ"
এনেদৰে খেতিৰ কামতো পতিক সহায় কৰি দিয়াটো যেন পত্নীৰ এটা দায়িত্ব, যিটো পতিৰ অগোচৰে পত্নীয়ে পালন কৰে৷ পত্নীক অৰ্ধাংগিনী বোলা কথাষাৰ হয়তো এনেকুৱা ক্ষেত্ৰতহে সঠিক হয়৷ কবিতাফাকিয়ে ব্যঞ্জনাত্মকভাৱে মহিলাৰ উৰ্বৰা শক্তিকো নিৰ্দেশ কৰে৷ ইয়াৰ পিছৰছোৱাত পাওঁ প্ৰেমৰ এক সহজাত অথচ বিলাসী আবদাৰ৷ "সেউজীয়াৰ পৰা হালধীয়া হ'বলৈ যোৱা সৰিয়হ ডৰাৰ সময়খিনিত/তেখেতে প্ৰতিবছৰে সৰিয়হ ফুলৰ পদ্য লিখে"৷ যি আশাবাদে ইয়াত বিষয়ীক আলোড়িত কৰিছে সেয়াই হৈছে খেতিয়ক বিষয়ীৰ জীৱনৰ অৰ্থ৷ এই আশাবাদ বিষয়ীয়ে অশিক্ষিতা, অজলা (পত্নীৰ এই বিশেষণ কবিতাটি পঢ়ি আৰু পুৰণি অসমীয়া মহিলাৰ জীৱনৰপৰা আৰ্হিত) পত্নীৰ লগত ভগায়৷ পত্নীয়ে জীৱনৰ এই আশাবাদ নুবুজে, কিন্তু এইটো বুজে যে এই আশাবাদে তেওঁৰ পতিক যি সুখ দিয়ে সেয়া আন একোৱে দিব নোৱাৰে৷ পতিৰ এই সুখত পত্নীয়ে আৰু দুগুণে আনন্দ কৰে৷ "পত্নীয়ে হাঁহে/পত্নীয়ে হ'লে একো নুবুজে/বুজে মাথো সৰিয়হ ডৰাক লৈ মানুহজনৰ হেঁপাহ কণক ../আৰু সৰিয়হ ফুলৰ গোন্ধক।"
খেতিয়ক পৰিয়ালৰ সৰু পৃথিৱীখনত এজনৰ সুখত আনজনৰ সুখৰ উৎস নিহিত থকাৰ এই প্ৰেমে পৰিয়ালটোক সুখত নিমজ্জ্বিত কৰি ৰাখে৷ বৰ্তমান যিটো হাৰত খেতি পথাৰ ধংস হৈ আছে, কিছু বছৰ পিছত হয়তো খেতিয়কৰ পৰিয়ালৰ এনেকুৱা সৰলতা উত্তৰ পুৰুষৰ বাবে এক অবিশ্বাস্য সাধু যেন হৈ পৰিব৷
কবিতাটিত যতি চিহ্নৰ সঠিক ব্যৱহাৰ আৰু শাৰীবিলাকৰ সমাপ্তি সঠিকভাৱে হ’লে কবিতাটি আৰু বেছি ভাল পালোহেঁতেন৷ যা হওক কবিয়ে এই শৈলীৰ ওপৰত অধিক মনোনিবেশ কৰি কবিতাৰ উত্তৰণ ঘটাব পাৰিব বুলি আমি বিশ্বাসী৷
…………
কবি জ্যোতিষ কুমাৰ দেৱৰ কবিতাত এক ধৰণৰ গীতিময়তা বিদ্যমান৷ ব্যঞ্জনাৰহিত শব্দ, বাক্যত কবিমনৰ স্পষ্টতা প্ৰকাশ পায়৷ কিন্তু কবিতাসমূহত যি গীতিময়তাই পাঠকক আচ্ছন্ন কৰি ৰাখে তালৈ চাই ইবোৰক কবিতা বোলাতকৈ গীত বুলি ক’বলৈহে মই বেছি ভাল পাম৷ জানুৱাৰী ১ৰ পৰা ৭ তাৰিখলৈ দেৱৰ যিমানখিনি কবিতা পঢ়িছোঁ তাৰপৰা এটা ধাৰণ হৈছে যে কবি বানানৰ ক্ষেত্ৰত সচেতন নহয়৷ হ’ব, ৰহণ, আঁতৰ ইত্যাদি সঘনাই ব্যৱহৃত শব্দবোৰ ভুল হোৱাটো দুখজনক৷ যিকোনো ৰচনাৰ সৌন্দৰ্য প্ৰস্ফুটিত হ’বলৈ হ’লে প্ৰথমে বানান শুদ্ধ হোৱাটো জৰুৰী৷ যা হওক আলোচনাৰ বাবে দেৱৰ "আপোন সপোন" শীৰ্ষক কবিতাটি লোৱা হৈছে৷
.
আপোন সপোন__জ্যোতিষ কুমাৰ দেৱ
.
সপোন সপোন লগা সপোন এটি
বুকুত পুহি থোৱা বহুদিন ধৰি
জীপাল হৈ আছিল মোৰ কল্পনাৰে
মোৰ সায়নক মোহনীয়া কৰি
দিনে দিনে চৰে ৰহন
শুৱনী হৈ আহে মনৰে মধুবন
চন্দন চন্দন সুৱাসেৰে
ভৰি আহে মোৰ আলসুৱা মন
নিশা ৰঙীন হয় ফাকু খেলি
ঢলি পৰে লাহে লাহে পহৰ
চকুৰ অন্তৰাল সহিব নোৱাৰি
কেনেকৈ মানিম মনৰ আতৰ
পোহপাল দি ৰখা সপোন বোৰ
ফুলাম হব কেতিয়াবা
চেতনাৰ আকাশক আৱৰি লৈ
তৰা বাচিম জীৱন মেজাঙ্কৰি
গাতে আঁৰি থৈ
.
প্ৰথমতেই কবিয়ে এনেকুৱা এখন অনিশ্চয়তাৰ মায়াজাল সাজি নিজৰ বুকুতে পুহি ৰখাৰ ইংগিত দিছে যে পাঠক কিছু পৰলৈ হয়তো চকিত নহৈ নোৱাৰিব (সপোন সপোন লগা সপোন এটি/বুকুত পুহি থোৱা বহুদিন ধৰি/জীপাল হৈ আছিল মোৰ কল্পনাৰে)৷ ই কবিৰ অত্যাধিক কল্পনাপ্ৰৱণতাকে সূচায়, যি বাস্তৱৰ পৰা ক্ৰমে ফালৰি কাটি যায়৷ কবিয়ে এখন অলৌকিক জগতৰ কল্পনা কৰিছে আৰু তাৰে আকাংক্ষাত কবি ব্যস্ত আৰু এই ব্যস্ততাই কবিৰ সুখ৷ কবিতাটিৰ এটা ভাল লগা শাৰী-
" চন্দন চন্দন সুৱাসেৰে
ভৰি আহে মোৰ আলসুৱা মন"
.
এক পৱিত্ৰতাই চুই যায় অন্তৰখন৷ কবিৰ মৰম আকলুৱা পৱিত্ৰ হৃদয়খনে যি শব্দ আমাক পঢ়ুৱালে, সি আমাক চুই গ’ল, অন্তৰ সেমেকাই গ’ল, এটা সম্ভাৱনীয়তাৰে আমাক ঢাকি গ’ল৷ কিন্তু কবিতাৰ শব্দৰ মিতব্যয়িতা বাহাল নাথাকিল৷ আধাতকৈ বেছি শাৰীত একেটা কথাৰ(ভাবৰ) চৰ্বিত চৰ্বন হৈছে৷ গতিকে, আৰু চুটি হ’ব নিশ্চয় কবিতাটি৷ কবিয়ে প্ৰথমতে যি সম্ভাৱনীয়তাৰ জালেৰে আমাক ঢাকিছিল, পিছলৈ সেয়া এক গতানুগতিক আশাবাদেৰে পোহৰোৱাৰ চেষ্টা কৰিছে৷ কবিৰ শব্দৰ বাছনি ভাল৷
.
কল্পনাও এটা সৃষ্টিশীলতা৷ কিন্তু এই সৃষ্টিশীলতা বাস্তৱ আশ্ৰিত/বাস্তৱসন্মত হ’ব লাগে৷ কল্পনাৰ লগতে অলপ বৌদ্ধিক কচৰতেৰে পেনপেনীয়া কবিতা এটা সুখপাঠ্য কৰিব পৰা যায়৷ আকৌ, যিহেতু কবিতাৰে কল্পনাক সাহিত্যৰ ৰূপ দিবলৈ যোৱা হৈছে, এই কল্পনাই দহজনৰ কল্পনাক প্ৰতিনিধিত্ব কৰিব পৰা হ’লে ভাল হয়৷
.
বিশেষ নকওঁ, কবিৰপৰা আগলৈ ইয়াতকৈ ভাল কবিতা পাম বুলি আশা ৰাখিলোঁ৷
.
ইয়াৰ লগে লগে পুনৰীক্ষণ জানুৱাৰী ২০১৬ৰ প্ৰথম খণ্ডৰ সামৰণি মাৰিছোঁ৷উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী তিনিটা খণ্ড ঐন তিনিগৰাকী পৰ্যালোচকে যুগুতাব। অতি কম সংখ্যক কবিতা সামৰা এই পৰ্যালোচনাটি নিঃসন্দেহে পূৰঠ নহয়। ভুল-ত্ৰুটি আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।
ধন্যবাদ।
.
-হীৰকজ্যোতি বৈশ্য
সদস্য, আখৰুৱা : literati গোট।

চানেকি শিতান / নৱেম্বৰ ২০১৫ সংখ্যা / আলোচকঃ অনিতা গগৈ

আখৰুৱা গোটৰ অন্যতম শিতান চানেকি ৰ নৱেম্বৰ সংখ্যাৰ বাবে হাতত লৈছো 
অসমীয়া প্রকাশ আলোচনীৰ পাতৰ পৰা কবি সত্যকাম বৰঠাকুৰৰ ৰচিত এটি কবিতা ।
কবিতাটিঃ---
দক্ষিণৰ বতাহ
--- সত্যকাম বৰঠাকুৰ
.
এইমাত্র বতাহে বতাহে বিয়পি যোৱা খবৰটোত
তেওঁ অহাৰ উমান পালো
.
তেওঁ হিলদল ভাঙি আহি আছে
অথচ ক'তো আলিটোৰ শিল এটাও ইফাল সিফাল হোৱা নাই
.
তেওঁৰ উৰি থকা কাপোৰৰ শুভ্রতাই আকাশ চুইছে 
অথচ কাৰো অংগ স্পৰ্শ কৰা নাই
.
তেওঁৰ ত্রাসত নৰখাদকবোৰে ভিৰাই লৰ মাৰিছে
অথচ তেওঁ ক’তো এটা পৰুৱাকো আঘাত কৰা নাই
.
তেওঁ আহিব বুলি গাওঁ আৰু চহৰবোৰত প্রৱেশদ্বাৰত
ৰঙা নীলা তোৰণ সাজি দিয়া হৈছে , অথচ সকলোৱে জানে তেওঁৰ পথ মাত্র তেওঁহে জানে
.
তেওঁক লগ পাবলৈ ল’ৰা ছোৱালীবোৰৰ খেলপথাৰখনত 
অলেখখজন গোট খাইছে
কৃষক, শ্রমিক , মহন্ত , মহাজন , চোৰ দগবাজ , 
সাধু পতিত , পাপী , পুৰোহিত
,
বতাহে বতাহে বিয়পি যোৱা খবৰটো শুনি 
সকলোৱে পূবলৈ চাই ৰৈ আছে তেওঁ আহিব বুলি
অথচ কোনেও নাজানে
তেওঁ পূবৰ পৰা আহিব নে পশ্চিমৰ পৰা
নে এজাক দক্ষিনৰ বতাহ হৈয়ে তেওঁ
আমাৰ মাজেদি পাৰ হৈ যাব
আমি নেদেখাকৈয়ে
আমি নুবুজাকৈয়ে
‘’দক্ষিণৰ বতাহ ‘ শিৰোনামেৰে আৰম্ভ হোৱা কবিতাটোৱে পাঠকৰ মন এক অন্তৰ্লীন প্রৱাহেৰে বিধৌত কৰে। সমাজ জীৱনৰ সত্বা যি ক্ষয়িষ্ণু ,অশুভ বাতাবৰণেৰে দগ্ধ তথা পৰিবৰ্তন পিপাসী সেই গণচেতনাৰ হকে ‘তেওঁ ‘—যি ..কোনো নৈৰ্বক্তিক ব্যক্তিসত্বা নহয়, বৰঞ্চ এক শুভ প্রত্যাশা.. প্রচণ্ড ৰৌদ্রদগ্ধ অৰণ্যৰ বাবে এচাটি মলয়া বা ।তেওঁ অহাৰ উমান পাইছে কবিয়ে ‘ বতাহে বতাহে ‘ – যেন এক টেলিপেথিক অনুভৱৰ স্বৰ, যি দি গৈছে তেওঁ অহাৰ খবৰ। ‘তেওঁ হিলদল ভাঙি আহি আছে /অথচ ক'তো আলিটোৰ শিল এটাও ইফাল সিফাল হোৱা নাই /তেওঁৰ উৰি থকা কাপোৰৰ শুভ্রতাই আকাশ চুইছে /অথচ কাৰো অংগ স্পৰ্শ কৰা নাই ‘ যেন এক আৰণ্যক নিৰ্জনতা ...এক সৰ্বব্যাপী কল্যানকামী প্রৱাহ। বতাহৰ দৰে যি অৱশ্যম্ভাৱী জীৱনৰ বাবে ,অথচ কেৱল অনুভৱহে কৰিব পাৰি, চুই চাব নোৱাৰি অথবা দৃষ্টিগোচৰো নহয় সেই সৰ্বময় অস্তিত্বৰ কৰুণাময় প্রৱাহ।‘তেওঁৰ ত্রাসত নৰখাদকবোৰে ভিৰাই লৰ মাৰিছে /অথচ তেওঁ ক’তো এটা পৰুৱাকো আঘাত কৰা নাই’ –যাৰ শুভাগমনত জীৱন মৰুভূত নামে বসন্তৰ জোৱাৰ । সমাজ চেতনাক সঞ্জীৱিত কৰি যি প্রৱাহে মাৰ বান্ধি থিয় দিবলৈ শিকাই মুমুৰ্ষ জনতাক প্রতিবাদী প্রৱনতাৰে ।নিষ্পেষিত বুভূক্ষিত জনৰ বাবে যি কঢ়িয়াই আশাৰ বতৰা । অথচ সেই শুভপ্রৱাহৰ আগমণিৰ বাবে আনুষ্ঠানিকতাৰ নিষ্প্রোজন ।বৰঞ্চ সম্ভাৱনাৰ ওপৰত সুগভীৰ আস্থা এই কবিতাৰ নিৰ্যাস। কেতবোৰ প্রতীক- 'দক্ষিণৰ বতাহ', 'তেওঁ' , 'নৰখাদক', 'পৰুৱা ' , 'ৰঙা নীলা তোৰণ' ,'ল’ৰা ছোৱালীবোৰৰ খেল পথাৰ' আদিৰ জৰিয়তে কবিতাৰ ভাৱবিন্যাস হৃদয়স্পৰ্শী । ‘তেওঁৰ উৰি থকা কাপোৰৰ শুভতাই আকাশ চুইছে ‘ , ‘তেওঁ আহিব বুলি গাওঁ আৰু চহৰবোৰত প্রৱেশদ্বাৰত ৰঙা নীলা তোৰণ সাজি দিয়া হৈছে‘ এই দুটি চিত্রকল্পৰ জৰিয়তে সামগ্রিক উপস্থাপন নান্দনিকতা সমৃদ্ধ। কবিতাটোত ‘তেওঁ’ৰ অনুষংগৰে বহন কৰিছে লোকোত্তৰৰ ইংগিত। পাৰ্থিব অপাৰ্থিবৰ দ্যোতনাৰে বঞ্জিত কবিতাটোত যেন আমি গ্রীক কবি জজ ছেফেৰিছৰ (১৯০০-১৯৭১)ৰ কবিতাৰ বাৰ্তাবাহক (Messenger)ৰ উপস্থিতি প্রত্যক্ষ কৰোঁ।
বিষয় , ভাষা , উপস্থাপনৰ সাৱলীলতা তথা হৃদয়স্পৰ্শী ভাৱপ্রৱনতাৰে সমৃদ্ধ কবিতাটি কবিঃ সত্যকাম বৰঠাকুৰৰ এক সাৰ্থক সৃষ্টি। আশা কৰোঁ অসমীয়া কাব্যসাহিত্যৰ বাবে ই এক উল্লেখনীয় চানেকি হৈ ৰ’ব।
ধন্যবাদেৰে______ অনিতা গগৈ।১৭।১।১৬।।

Thursday, 7 January 2016

কবিৰ মনৰ কথা : কবি-- অনিতা গগৈ

প্ৰশাসকৰ কুঠলীঃ বিষয়ঃ কবিৰ মনৰ কথা: কবিঃ অনিতা গগৈঃ ১৪ জুলাই ২০১৫



প্ৰশাসকৰ কুঠলীঃ বিষয়ঃ কবিৰ মনৰ কথা:
'আখৰুৱা : literati' গোটৰ সদস্য কবি সকলৰ সৈতে 'প্ৰশাসকৰ কুঠলী'ৰ পৰা পৰ্যায়ক্ৰমে সম্ভৱপৰ আৰু আগ্ৰহী সদস্য কবিৰ মনৰ কথা জনাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰয়াসে গোটৰ কবিৰ বিষয়ে পাঠক সকলে জনাৰ সুযোগ পাব বুলি ভবা হৈছে। সেই উদ্দেশ্য আগত ৰাখি গোটৰ তেনে কিছু কবিৰ সৈতে বাৰ্তালাপৰ জৰিয়তে 'কবিৰ মনৰ কথা' শিৰোনামেৰে যুগুতোৱাৰ আৰু প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। আমাৰ এই প্ৰয়াসৰ প্ৰথমটো কথোপকথনত ভাগ লৈছে, গোটৰ সক্ৰিয় আৰু নিষ্ঠাৱান সদস্য তথা সকলোৰে পৰিচিত এগৰাকী কবি অনিতা গগৈয়ে।
আমি আশা ৰাখিম আমাৰ এই প্ৰয়াসলৈ আখৰুৱাৰ মাননীয় সদস্যসকলে সঁহাৰি জনাব আৰু তেখেতসকলৰ বহুমূলীয়া দৃষ্টিভংগী জনাব।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
মনোহৰ দত্ত
মালৱিকা বৰা ব্ৰহ্ম
'আখৰুৱা : literati' গোট।
১৪ জুলাই ২০১৫
________________________________________________________
কবিৰ মনৰ কথা:
অনিতা গগৈ আখৰুৱাৰেই নহয় অসমীয়া কাব্য-চৰ্চাৰ বিভিন্ন গোটত তেওঁ সক্ৰিয় আৰু সকলোতে তেওঁ পাৰ্যামানে নিজৰ ভূমিকা পালন কৰি আহিছে। নামৰূপ নিবাসী তথা স্বনিয়োজিত বৃত্তিৰ সৈতে যুক্ত, এই গৰাকী কবিক আমি প্ৰথমেই সুধিছিলো-
আখৰুৱাঃ তুমি লিখা প্ৰথমটো কবিতা তোমাৰ মনত আছেনে?
অনিতা গগৈঃ মই আগতে হয়তো আপোনাক কৈছো যে- মই কবিতা খুব কম লিখিছিলো। এতিয়াহে সদায়ে লিখাৰ মন যায় বা চেষ্টাও কৰোঁ। সৰুতে লিখা কবিতা এটা মনত আছে, যিটো পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই লিখিছিলো।
আখৰুৱাঃ কোনটো বাৰু? দিব পাৰিবানে?
অনিতা গগৈঃ তাৰপিছত অ'ত ত'ত লিখাবোৰ হেৰুৱালো। মানে, লিখো আৰু প্রতিযোগিতাত দিওঁ। প্ৰথমেই লিখা কবিতাটো আছিল এটা সৰু ল'ৰা ছোৱালী জাতীয় কবিতা। তাৰ পিছত মই এটা কবিতা প্রথম মনত থকাকৈ লিখিছিলো একাদশ শ্রেণীত। সেইটো পুৰা মনত আছে
আখৰুৱাঃ সেইটোকেই দিয়া।
অনিতা গগৈঃ ৰ'ব দুয়োটাই দিয়াৰ চেষ্টা কৰিম।
ভকত : অনিতা গগৈ
মোৰ এটা ভাটৌ আছিল
নামটো তাৰ ভকত
সি খাই ভাল পাইছিল 
জলকীয়া আৰু ভাত
প্রতি পুৱাই সি কয়ঃ 
''সুপ্রভাত সুপ্রভাত
ভোকত আছে ভকত, 
কোন ক'ত আছাহঁত 
দিয়া জলকীয়া আৰু ভাত''
কিন্তু,
কালি নিশা সপোনত দেখিলো
সঁজাটোৰ দুৱাৰখন খোলা,
ভকত উৰি গ'ল
নীলা আকাশৰ বুকুলৈ উৰি গৈছে ..
উৰি গৈছে আৰু গৈয়েই আছে ।
মাৰ মাতত সাৰপাইহে দেখো, 
ভকতে সঁজাতে টোপনিয়াই আছে
আজি ভাবিছো সঁজাটোৰ দুৱাৰখন আৰু বন্ধ নকৰো,
মন যায় যেতিয়াই, ভকত উৰি যাওক.......।
-------------------------------------------------
ইয়াৰ পিছৰটো কবিতা আছিল একাদশ শ্রেণীত থাকোতেই লিখা-
কিয় তুমি : অনিতা গগৈ
কিয় ইমান চৰ্চিত 
বিতৰ্কিত তুমি ?
বহুজন
আহে যায়
আহে আৰু যায়
কাৰোচোন খবৰেই নাই
তোমাৰ খবৰ ৰাখে প্রতিজনে
সকলোৱে 
মুখে মুখে
কি এনে তুমি?
এৰিব নোৱাৰি
ধৰিবও নোৱাৰি
আওকান ক'ৰাৰটো কথাই নাহে
কেওফালে তুমিয়েই তুমি
তোমাৰ অবিহনে মোৰ স্থিতিয়েই বা কি ?
অ' মোৰ মন....
মোৰেই হৈ ৰ'বা চিৰদিন
সোঁতৰ বিপৰীতে আপোচবিহীন।
-----------------------------------------------------------------------------
আখৰুৱাঃ দুয়োটা কবিতাই ভাল লাগিল। বাৰু, মানুহৰ প্ৰেম, বন্ধুত্ব আদিৰ প্ৰতি তোমাৰ ধাৰণা কি?
অনিতা গগৈঃ প্রেম বন্ধুত্ব আদি মানৱ জীৱনৰে অংগ।
আখৰুৱাঃ মানৱ প্ৰেম কিমানদূৰ সত্য? তেনেদৰে নাৰী-পুৰুষৰ প্ৰেমে মানুহক কি দিয়ে?
অনিতা গগৈঃ অসত্য কিয় হ'ব বাৰু। বুদ্ধ, গান্ধী, নেলচন মেণ্ডেলা আদিক আমি পাহৰা অনুচিত।
আখৰুৱাঃ হয়। নাৰী-পুৰুষৰ প্ৰেমত প্ৰেমৰ অনুভৱ যিমান তাতকৈ দৈহিক তাড়ণা বেছি বুলি ক'লে ভুল হ'ব নেকি?
অনিতা গগৈঃ হয়, বহু ক্ষেত্ৰত সঁচা, মানে ভুল নহয়।
আখৰুৱাঃ এই বিষয়বোৰ তোমাৰ ওচৰলৈ কিদৰে আহে?
অনিতা গগৈঃ নাভাবো বিশেষ, হঠাতে মনলৈ আহে।
আখৰুৱাঃ এই মুহুৰ্তত কোনো এটা কবিতাই তোমাক মাতিছে নেকি?
অনিতা গগৈঃ এইকেইদিন মোৰ মনলৈ আহি আছে কুন্তী, দৌপদী। কিন্তু ভয় খাই আছো।
আখৰুৱাঃ হয়, বুজিছো। সেয়া ভাল। ভয়ৰ কথা পাতিম বাৰু। কিন্তু, এই মুহুৰ্তত তোমাৰ মনলৈ কবিতাৰ একো কথা অহা নাই। নহয় জানো?
অনিতা গগৈঃ কেইদিনমান কামাখ্যাৰ কথা আহিছিল বাবে এনেই লিখিলো....এতিয়া লিখাৰ কথা ভবা নাই কাৰণ মই আজিকালি এটাহে লিখো দিনে।
আখৰুৱাঃ তাকেই জানিব বিচাৰিছো। কবিতা- যিকোনো সময়ত কবিৰ কাষলৈ নাহে। নহয় জানো?
অনিতা গগৈঃ হয় । কিন্তু একেৰাহে আহে, মানে কেতিয়াবা।
আখৰুৱাঃ এইযে বিশেষ মুহুৰ্ত যিবোৰে কবিৰ কলমলৈ শব্দৰ নৈ, মেঘ মাতি আনে, অৰণ্যৰ গভীৰতালৈ লৈ যায়, ঘনচিৰিকাৰ লাহি পাখি চুই চায়, সিবোৰৰ কোনোটো তোমাৰ মনলৈ আহেনে?
অনিতা গগৈঃ যেতিয়া নিজে আহে সেইবোৰ লিখাৰ সময়ত ভাব হয় মই যেন মই নহয়, কিবা এক অপাৰ্থিব অনুভৱ আৰু তেনেকৈ লিখা কবিতাকেইটা খুব ভাল হয় আৰু প্রতিজনে হয়তো তেনে অনুভৱ কৰে। তেনেকৈ লিখা কবিতা স্বতঃস্ফুৰ্তভাবে হৃদয়স্পৰ্শী হয়। পাঠকেও অনুভৱ কৰে সেই স্পন্দন। কিন্তু সেই সময়ৰ শব্দ বা ভাবৰ বিন্যাস সাৱলীলভাবে এনে হয় যে লিখি শেষ নকৰালৈ অবিৰত হয় শব্দৰ গতি। পিছে, আচৰিত কথা পুনৰ গোটেই কবিতাটো হুবহু মনত নাথাকে। চালেহে ক'ব পাৰি। মানে নিজৰ কবিতাৰ প্রথম দুটামান শাৰীহে মোৰ মনত থাকে, হুবহু।
আখৰুৱাঃ এইযে ক'লা- 'এনে হয় যে লিখি শেষ নকৰালৈ অবিৰত হয় শব্দৰ গতি।'- এই কথাটো ভাল লাগিল আৰু এয়াই সত্য। নিজৰ কবিতা মনত নথকাতো অস্বাভাৱিক নহয় বুলি ভাবোঁ। কিছু কবিৰ বা লোকৰহে প্ৰচুৰ পৰিমাণে মনত থাকে।
অনিতা গগৈঃ হয়। মোৰেই নাথাকে। কিন্তু লিখি থাকোতেতো ইটোৰ পাছত সিটো আহি যায়... চুটি দুই এটাহে মনত ৰয়।
আখৰুৱাঃ ঠিক যেনেকৈ ক'ৰবালৈ গৈ থাকিলে বাটৰ কাষৰ গছ, ঘৰ, মানুহ দেখোঁ আৰু চিনাকি চিনাকি লাগে, পিছত সেই ক্ৰমটো জানো হুবহু মনলৈ আহে?
অনিতা গগৈঃ ঠিকেই কৈছে। এটা যেন পৰিক্রমা। যিবাটে লৈ যায় ওভটোতে সেই বাট যেন সদৃশ নহয়। কিছু পৰিবৰ্তন বা সম্পূৰ্ণ পৰিবৰ্তন।
আখৰুৱাঃ হয়। এটা যেন পৰিক্ৰমা। কিন্তু মানুহ যিহেতু যন্ত্ৰ নহয়, ই টেপৰেকৰ্ডৰ দৰে মনত ৰাখিব নোৱাৰে। কিছুৱে অৱশ্যে অলপ বেছি মনত ৰাখিব পাৰে বা মুখস্থ কৰিব পাৰে। বাৰু, এই যে কবিতাৰ নিচা, সিয়ে তোমাক কি দিয়ে?
অনিতা গগৈঃ মোক কি দিয়ে বুলি ক'বলৈ হ'লে এক অনিবৰ্চনীয় বিমল সুখানুভূতি। মই যেন বিচৰণ কৰোঁ এক সুৰৰ জগতত। য'ত শব্দবোৰে গীত গাই কথা কয় ঠিক তেনে শব্দ- সাগৰ, নদী, নিজৰা, তেনে শব্দ- চৰাই, আকাশ, সেউজীয়া, ঘাঁহনি, নাওঁ, মাছ সকলো যেন একো একোটা শব্দহে- তেনে এটা অনুভৱ হয়।
আখৰুৱাঃ হয়। শব্দই কিয় বাৰু ইমান আকুল কৰে? কি আছে শব্দত? কি আছে একো একোটা মুহুৰ্তত?
অনিতা গগৈঃ সেয়াই হয়তো কবিতা। কাৰণ গদ্যই মানুহক ইমান ব্যাকুল নকৰে। হয়তো এনে হ'ব পাৰে মানুহ প্রকৃতিগত ভাবে অনুগত শব্দৰ কাব্যিক ব্যঞ্জনাৰ। কাৰণ যিমান প্রাচীন সাহিত্য আছে সেই সকলোৰে মাধ্যম কাব্য। সেয়ে মানুহ কবিতাৰ প্রতি অনুগত অসচেতনভাবেই।
আখৰুৱাঃ হয়। পিছে কবি হিচাপে শব্দৰ প্ৰতি কিয় তুমি আকুল?
অনিতা গগৈঃ সকলো লিপিবদ্ধ বা মৌখিক সাহিত্যৰে মাধ্যম কবিতা বা পদ্য। হয়তো সেয়াও এক কাৰণ হ'ব পাৰে। চামে চামে মানুহৰ শৰীৰত প্রৱাহিত, ৰক্তৰ শিৰাই শিৰাই প্রৱাহিত কবিতাৰ ছন্দ- জ্ঞাত বা অজ্ঞাতসাৰে। হয়তো পাৰ্থক্য কেৱল সংবেদনশীলতাৰ। সকলোৰে অনুভৱৰ মাত্রাৰ তাৰতম্য আছে। সেয়ে কাৰো বাবে যদি কবিতা সহজ জীৱনৰ দৰেই, কাৰো বাবে কবিতা দূৰ্বোধ্য মৃত্যুৰ দৰেই। শব্দৰ প্ৰতি মই কিয় আকুল এই কথাটো মই কেতিয়াও ভবা নাই। কবিতা লিখাৰ পূৰ্বেও মই ভাল পাওঁ শব্দ। মোৰ ভাল লাগে শব্দৰ অপাৰ ৰহস্যময়তা তদুপৰি ভাষাৰ কালিকা।
আখৰুৱাঃ শব্দৰ প্ৰতি কবি ভেদে আকৰ্ষণ বেলেগ বেলেগ হয়। হীৰুদাই কৈছিল- 'শব্দ মোৰ কমাৰৰ হাতৰ হাঁতুৰী', কেশৱ মহন্তই গানেৰে কৈছিল- 'তুমি যি শব্দ পাতি দিলা' বুলি। সেইযে সেই সকলৰ বাবে শব্দ ইমান ঘনিষ্ঠ, তাতেই হয়তো লুকাই আছে শব্দৰ যাদুকৰী আত্মীয়তা। তেনেকৈ ভাবিলে শব্দৰ প্ৰতি আকুলতাৰ কাৰণ কি বুলি মনলৈ আহিব বাৰু তোমাৰ?
অনিতা গগৈঃ মই নিজৰ সাধাৰণ লিখা এটাও খুব ভালদৰে লিখাৰ চেষ্টা কৰোঁ। অৱশ্যে অসচেতনতাৰে । কবিতাৰ জৰিয়তে মোৰ ভাব হয় তাৎক্ষণিকভাবে কম শব্দৰে প্রকাশ কৰিব পাৰি মনৰ ভাৱ। কিন্তু, ইমান এনেকৈ কথাবোৰ কৈছো যদিও আছলতে মই কোনো বিখ্যাত বা নামজ্বলা মানুহ হ'বও পৰা নাই বা হোৱাৰ প্রয়াসো কৰা নাই। হয়তো মোৰ লিখাৰে প্রভাবান্বিত হয় কোনো কোনো লোক। কবিতাৰ কথা কোৱা নাই। অন্য লিখাৰ কথাহে কৈছো। শব্দৰ বিষয়ে এটা শব্দৰে ক'বলৈ হ'লে শব্দ- মোৰ উশাহ। মোৰ জীৱনৰ- প্রথম পুৱা। প্রতিটো মুহুৰ্ততে মই শব্দৰ কথা ভাবোঁ নিজে নজনাকৈয়ে।
আখৰুৱাঃ বিখ্যাত বা নামজ্বলা মানুহ হ'ব বিচাৰিছা বুলি ভাবি এইখিনি কোৱা নাই। শব্দৰ এই অন্বেষণ মানুহে কিদৰে কৰে, তাকেই জনাৰ আগ্ৰহহে কৰিছোঁ।
অনিতা গগৈঃ হয়, মই সেই অৰ্থত কোৱা নাই। কোনো এটা মুহুৰ্তত শুনা বিশেষ শব্দবোৰ কেতিয়াও নাপাহৰো। বিশেষকৈ এটা শব্দ এই মহুৰ্তত মনলৈ আহিছে----''উৰা মটৰ''।
আখৰুৱাঃ তাকেই জানিব বিচাৰিছোঁ। অলপ বেলেগ ধৰণে যদি চোৱা-
মই মেঘ হ'ব খোজো
শাওণৰ শুকান পথাৰলৈ নমাই
আনিবলে বৰষুণ।
কৃষকৰ হাতৰ মুঠিত গুজি দিবলে
নাঙল।
অনিতা গগৈঃ হয়
আখৰুৱাঃ ইয়াত মেঘ, বৰষুণ, মাটি আৰু কৃষক এটা সুঁতি হৈ পৰিছে বুলি ভাবানে?
অনিতা গগৈঃ এইটো চাওক-
জাক জাক বৰষুণত জুৰুলি জুপুৰিকৈ তিতি
সকলো দুৰ্ভাৱনাৰ ৰাতি আৰু
হুমুনিয়াহৰ হেঙাৰ দেই
হ'বলৈ মন যায় মোৰ
এখন পথাৰ,
য'ত
সিহঁতৰ ....
খোজৰ পাহে পাহে
তেজ ঘাম চকুলোৰে
আঙুলিৰ পাবে পাবে
বাঢ়ি আহে গজালি সঁজাল আশাৰ। ..
সিদিনা মানে, অলপতে মই লিখা কবিতা এইটো।
আখৰুৱাঃ হয়। এইযে শব্দবোৰ বৰষুণ, হুমুনিয়াহ, পথাৰ, খোজ, গজালি- ইবোৰ কেনেকৈ আহে তোমাৰ কাষলৈ?
অনিতা গগৈঃ নাজানো, শব্দ ভালপাওঁ বাবেই হয়তো। মই ভেকুলীৰ টোৰটোৰণি শুনিও যে ভালপাওঁ। যেনে-
বেংছতা
বাৰিষা আহিলেই গজি উঠে বেংছতাবোৰ,
আঁৰে আঁৰে মেঘৰ মাদল
টোৰ্ টোৰ্ কৈ...
বাঢ়ি আহে ,
শব্দৰ চুবুৰী।
হয়তো শব্দৰ আকৰ্ষণতে
গজে বেংছতাবোৰ,
নে বেংছতাবোৰৰ আকৰ্ষণেহে
গঢ়ি তোলে শব্দৰ চুবুৰী ?
সুখ আৰু অসুখৰ পৃথিৱীত,
অনিৰ্বান জীৱনৰ সুললিত ঐক্যতান ....
আখৰুৱাঃ হয়। হয়তো এটা সময়লৈ জনা নাযায় এই শব্দবোৰ কিয় আৰু কেনেকৈ আমাৰ কাষলৈ আহে। মই ভাবো এইযে শব্দৰ আগমণ কেনেকৈ হয়, সেয়া তেতিয়াহে সুস্পষ্ট হয়- যেতিয়া কবিয়ে কবিতা যাপন কৰে।
অনিতা গগৈঃ হয়।
আখৰুৱাঃ তাকেই ভাবোঁ আৰু মনলৈ বহু কথা আহে। বাৰু, সাধাৰণ ভাবে বৰ্তমানৰ কবিতাত বুলি নক'লেও, ফেচবুকৰ কাব্য-চৰ্চাত দেখা যায় যে প্ৰেম বিষয়টোত অধিক কবিতা লিখা হয়। ইয়াৰ মূল উৎস কি বুলি ভাবা?
অনিতা গগৈঃ মই হয়তো দুৱাৰদলিত আছো। কিছু বিভ্রান্তি আৰু উদ্বিগ্নতা আছে। কিন্তু নিজৰ ওচৰত প্রতিশ্রুতিবদ্ধ যে- জীৱনৰ শেষ মুহুৰ্তলৈ কবিতাৰে ৰাখিম অন্তৰংগতা। প্রেম মানুহৰ এক সাৰ্বজনীন অনুভূতি গতিকে সেয়া এক সহজ বিষয় হোৱা স্বাভাবিক। তদুপৰি এফ,বিত বেছিসংখ্যক কম বয়সৰ ল'ৰা ছোৱালীয়ে লিখে বাবেও 'প্রেম' এক বিষয় হ'ব পাৰে। কিন্তু পৃথিৱীৰ প্রতিজন লিখকে হয়তো প্রেমৰ কবিতা লিখিছে। সকলো অনুভৱৰ উৰ্ধত প্রেমৰ অনুভৱ। বিশেষকৈ কবিৰ ক্ষেত্রত প্রেম তেওঁৰ ব্যক্তিগত অনুভৱ নহ'লেও কল্পনাৰে লিখিব পাৰে প্রেম বিৰহৰ কবিতা সহজভাবে।
আখৰুৱাঃ বাৰু, অন্য এটা বিষয়লৈ আহিছো। কবিতাই মানুহক সত্যৰ সন্ধান দিব পাৰে বুলি ভাবানে?
অনিতা গগৈঃ নিশ্চয় পাৰে। কাৰণ এজন কবিয়ে যদি লিখি যাওঁতে তেওঁৰ আত্মাৰ সংযোগ হয় কলমেৰে, সেয়ে কবিয়ে বিচৰণ কৰে সত্যৰ গূঢ় অটলত। অৱশ্যে এই কথা কবিতা লিখা সকলো লোকৰ ক্ষেত্রত হয়তো সত্য নহয়।
আখৰুৱাঃ কবিতাত সত্য কিদৰে উপস্থিত হয়?
অনিতা গগৈঃকিন্তু যিসকলৰ বাবে কবিতা ব্যক্তিগত প্রচাৰৰ অৱলম্বন মাত্র নহয়, বৰঞ্চ আত্মাৰ সাধনা তেনেক্ষেত্রত কবিতাই সত্যৰ সন্ধান দিয়ে।
আখৰুৱাঃ হয়। কবিতাত সত্য কিদৰে উপস্থিত হয়?
অনিতা গগৈঃ কবি আৰু কবিতা যেতিয়া অভিন্ন হয়, তেতিয়া কবিয়ে নিজৰ হাতেৰে যদিও লিখে তেওঁৰ চৈতন্যক কিন্তু প্রভাৱান্বিত কৰে এক অপাৰ্থিব অনুভৱে। সেয়ে কবিসকল সুক্ষ্মদৰ্শী হয়। সেয়ে তেওঁলোকে যিটো দেখে সেয়া সকলোৱে নেদেখে অৰ্থাৎ কবিৰ অন্তৰ-মনে দেখা পায় সত্য আৰু সেয়া তেওঁৰ কলমেৰে আহে পাঠকৰ সন্মুখলৈ।
আখৰুৱাঃ তুমি যে কৈছিলা- ''কল্পনা আৰু আশাৰ দপদপনি'-- মোৰ ক্ষেত্রত এই কথা ১০০% সঁচা। ইয়াৰ অবিহনে মই উশাহো নলওঁ।'' এনে কল্পনা প্ৰিয় মন এটা মানুহে আয়ত্ব কৰে নে ই সহজাত?
অনিতা গগৈঃ এইটো কথা সঁচাই সঁচা। মই কল্পনা কৰি খুব ভাল পাওঁ।
আখৰুৱাঃ এইযে মানুহৰ কল্পনা প্ৰিয় মন এটা থাকে, তাক মানুহে আয়ত্ব কৰে নে ই সহজাত বা জন্মগত?
অনিতা গগৈঃ মোৰ মতে হয়তো সহজাত- এই কল্পনাপ্রৱণতা। কাৰণ সকলো মানুহৰে ভাৱপ্রৱণতা একে নহয়। তাৰতম্য থাকে অনুভূতি প্রৱণতাৰ।
আখৰুৱাঃ বুজিছো। তোমাৰ ক্ষেত্ৰত তুমি কি বুলি ভাবা।
অনিতা গগৈঃ কিছু অলীক কল্পনা চুড়ান্ত বাস্তৱবাদী মানুহে মানসিক সমস্যা মানে পাগলামি বুলিও ভাবিব পাৰে।
আখৰুৱাঃ মানুহে কি ভাবে সেইটো বেলেগ দিশ। তোমাৰ ক্ষেত্ৰত তুমি কল্পনা প্ৰৱণতাক আয়ত্ব কৰিছা নে ই সহজাত বা জন্মগত?
অনিতা গগৈঃ মোৰ ক্ষেত্রত এনে যে মই কল্পনাৰে দেখা বহুকথাই বাস্তৱ ৰূপ পায়। এনেকি মই সপোনতো এনে কিছু সপোন দেখো, যিবোৰ সঁচা হয়। অথচ মই নাভাবোঁ বা নাজানো সেইবিষয়ে একো। মোৰ বাবে এয়া সহজাত।
আখৰুৱাঃ হয়। এই কল্পনা প্ৰৱণতাই তোমাক কবিতা লিখিবলৈ খেদি ফুৰে নে কবিতা লিখিবলৈ তুমি উন্মনা হৈ থাকা?
অনিতা গগৈঃ হয়তো সৰুতে খুব বেছি সাধুকথা শুনা বা কিতাপ পঢ়া বা খেলবোৰো কল্পনাজনিত হোৱাৰ বাবেও হয়তো মোৰ মানসিক স্তৰ এনে। সেইবুলি মই বাস্তৱ জীৱনত সিদ্ধান্ত গ্রহণ কৰোঁতে কল্পনা বিলাসিতাক প্রশয় নিদিওঁ। কবিতাই মোৰ কল্পনাক অনুপ্রাণিত কৰে।
আখৰুৱাঃ কবি বুলিলে নাৰী আৰু পুৰুষ উভয়ে কবিতা লিখে। আগৰ তুলনাত নাৰীৰ কবিতাৰ সৈতে সম্পৰ্ক বাঢ়িছে বা নাৰী কবিৰ সংখ্যা বাঢ়িছে। তুমি কি ভাবা।

অনিতা গগৈঃ মই কিন্তু ভাবো সমানুপাত এতিয়াও হোৱা নাই। তথাপিও আগতকৈ বাঢ়িছে। কাৰণ আজিৰ নাৰী আগতকৈ মুকলি বাতাবৰণৰ মাজত থাকি সাহসী হৈছে, নিজৰ মনোভাৱ মুকলিকৈ ব্যক্ত কৰাৰ ক্ষেত্রত।

আখৰুৱাঃ এগৰাকী নাৰী কবিয়ে কবিতাৰ বিষয়বস্তু নিৰ্বাচন কৰোঁতে এগৰাকী পুৰুষ কবিয়ে নিৰ্বাচন কৰা বিষয়ৰ তুলনাত, কোনো বিশেষ পাৰ্থক্য থাকে বুলি ভাবানে?

অনিতা গগৈঃ হয়, নাৰীৰ কবিতাত ব্যক্তিগত অনুভৱে বেছি প্রাধান্য পায়। নাৰী আৰু পুৰুষৰ ব্যক্তিগত দুখ বেদনা অক্ষমতা, যন্ত্রণা এইবোৰৰ অৱশ্যে ব্যতিক্রম আছে।

আখৰুৱাঃ কেনে ধৰণৰ ব্যতিক্ৰম থাকে। 

অনিতা গগৈঃ যেনে, সাৰ্বজনীন বিষয়ো তেওঁলোকে মানে নাৰীয়ে অৱলোকন কৰে, মই ভাবো। অন্ততঃ ময়ো চেষ্টা কৰোঁ।

আখৰুৱাঃ মানে সাৰ্বজনীন বিষয়বস্তুৰ প্ৰতি নাৰী কবি সকল সাধাৰণতে বেছি আকৃষ্ট হয় বুলি ক'ব খুজিছা নেকি?

অনিতা গগৈঃ বেছি নহ'লেও কমো নহয়। ধৰক পুৰুষ কবি সকলৰ কলমত কবিতাৰ বিষয় হিচাপে নাৰী, প্রেম আদিৰহে প্রাধান্য বেছি। কিন্তু নাৰী কবিৰ কলমত বিষয় হিচাপে পুৰুষ- খুব কম আৰু প্রেমৰ বিষয়ো পুৰুষতকৈ কম। যিহেতু আজিও সামাজিকভাবে নাৰী অৱদমনৰ চিকাৰ হয়, সেয়ে তেওঁলোকৰ কবিতাত কাৰুণ্য অধিক।

আখৰুৱাঃ সামাজিকভাবে নাৰীক কৰি অহা এই অৱদমনৰ প্ৰতিবাদ বা ইয়াক সকলোৰে সমুখলৈ অনাৰ ক্ষেত্ৰত নাৰীৰ কবিতাই বিশেষ গুৰুত্ব পাইছে জানো?

অনিতা গগৈঃ যি পৰিমাণে হ'ব লাগিছিল সেয়া হোৱা নাই।

আখৰুৱাঃ সেই ক্ষেত্ৰত তুমি কি ভূমিকা পালন কৰিছা বা আগলৈ তেনে বিশেষ ভূমিকা পালনৰ বাবে তুমি আগ্ৰহী নেকি?

অনিতা গগৈঃ মই অনবৰতে ৰাখো প্রতিবাদী মন এটা। কিছু লিখিছো।

আখৰুৱাঃ সাম্প্ৰতিক কবিতাত পুৰুষ কবিয়ে আনকি জনপ্ৰিয় কবিয়ে যৌনতা, অশালীনতা বা অশ্লীলতাক বিষয় হিচাপে লৈ কবিতা ৰচিছে। দেখা যায় তৰুণ চামৰ মাজতো তেনে প্ৰৱণতা বৃদ্ধি হৈছে। তেনেবোৰ কবি বা কবিতাৰ প্ৰতি নাৰী কবি হিচাপে তোমাৰ ধাৰণা কি?

অনিতা গগৈঃ অত্যধিক ইন্দ্রিয় প্রৱণতা। এইবোৰ যাউতিযুগীয়া হ'ব নোৱাৰে। লজ্জিত হওঁ।

আখৰুৱাঃ কোনো দ্বিধা নৰখাকৈ বিষয়টো সম্বন্ধে ক'বা নেকি?

অনিতা গগৈঃ তেওঁলোকক ধৰ্ষকামী যেনহে বোধ হয়। বিকৃত মানসিকতা। 

আখৰুৱাঃ খুবেই গুৰুত্বপূৰ্ণ কথাটো। ধৰ্ষণকামী নহ'লেও কামুক।

অনিতা গগৈঃ হয়, মই তেনেকৈ ভাবোঁ। কাৰণ, যৌন আৱেদনৰ বাহিৰে কবিতাৰ বাবে বহুতো বিষয় আছে। সেইবোৰ এই সকল কবিয়ে কিয় নেদেখে?

আখৰুৱাঃ বুজিছো। সাধাৰণতে সমাজত ঘটা যৌনকেন্দ্ৰিক ঘটনাবোৰ বা সহিত্যত পুৰুষ কবি, লেখকে প্ৰকাশ কৰা যৌন আৱেদনৰ ৰচনাবোৰ পঢ়োতে বা টি,ভি আদিত তেনে ছবি চাওঁতে নাৰী হিচাপে তোমাৰ মনত কি ধৰণৰ ক্ৰিয়া বা প্ৰতিক্ৰিয়া হয়।

অনিতা গগৈঃ মোৰটো ইচ্ছা হয় ঠিকছে গালি দিওঁ। কিন্তু তাতো এটা কথা আছে। এচাম নাৰী? তেওঁলোকে অতি আধুনিকা দেখুৱাবলৈ গৈ এইবোৰ সমৰ্থন কৰে।

আখৰুৱাঃ সেয়া তেনে নাৰীৰ অজ্ঞতা নে কামুকতা? নে পুৰুষৰ দাসত্ব মানি নিজৰ ইচ্ছা পূৰণৰ প্ৰৱণতা?

অনিতা গগৈঃ এইবোৰতকৈ হয়তো নিজকে অত্যাধুনিক বুলি জাহিৰ কৰাৰ প্ৰৱণতা। আৰু এটা কথা হ'ব পাৰে। সাধাৰণতে নাৰীয়ে সমাজত সিমান প্ৰাধান্য নাপায়, যিমান পায় পুৰুষে। আমাৰ সমাজত হয়তো সেই বাবেই তেওঁলোকে নিজে গুৰুত্ব পাবলৈ এইবোৰ কৰিব পাৰে।

আখৰুৱাঃ কথাটো গুৰুত্বপূৰ্ণ। আমাৰ সমাজত নাৰী-পুৰুষৰ মুকলি ভাবে মিলামিচা কৰাত বাধা থকা বাবে তেনে হয় বুলি ভাবা নেকি?

অনিতা গগৈঃ সেয়া হোৱা হ'লে নাৰীয়ে জানো নিজক হেয় কৰিও সমৰ্থন জনাব? আমাৰ আধুনিক সমাজত এনে বান্ধোন কমি গৈছে। আৰু সমাজৰ কটকটীয়া বাধা-নিষেধ থকা নাৰী সকলে এইবোৰ সমৰ্থন নকৰে।

আখৰুৱাঃ মানে নাৰীয়ে পুৰুষৰ সৈতে মুকলি মিলামিচা কৰাৰ পোষকতা নকৰে?

অনিতা গগৈঃ নহয়, এই যে নাৰীৰ বিষয়ে যি মন যায় তাকেই লিখাৰ ক্ষেত্রত আমাৰ আধুনিক নাৰীয়েহে প্রতিবাদ নকৰে।

আখৰুৱাঃ তেন্তে এই আধুনিকতা- নাৰীৰ কামুকতাৰেই প্ৰকাশ নে নাৰীক পুৰুষে কৰি অহা অৱদমনৰ বিৰুদ্ধে একধৰণৰ প্ৰতিবাদ।

অনিতা গগৈঃ এই বিষয়টো জটিল। যদি অৱদমনৰ প্ৰতিবাদ হয় তেন্তে প্ৰয়োজন বিৰোধী হোৱাৰ। কিন্তু সমৰ্থনৰ যুক্তি ক'ত? আনপিনে কামুকতা বুলি ভাবিবলৈও কঠিন হয়।

আখৰুৱাঃ ইয়াক নাৰীৰ কামুকতাৰেই প্ৰকাশ বুলি নাভাবিলে কি বুলি ভাবিব পাৰি?

অনিতা গগৈঃ এই বিষয়ে লিখিবৰ মন গৈছে। হয়তো আগবাঢ়ি অহাৰ মানসিকতা নাই। 

আখৰুৱাঃ হয়। লিখাৰ প্ৰয়োজন আছে আৰু সাহসেৰে যুক্তিনিষ্ঠ ভাবে লিখাৰ দৰকাৰ। বিষয়টো ভালদৰে ভাবি চাই লিখাৰ যত্ন কৰিবা। আকৌ কবিতালৈ আহিছো। আন কথাত এই কামুকতাৰ প্ৰকাশে কবিৰ জনপ্ৰিয়তা (?) বঢ়াই বুলি তেওঁলোকে ভাবে যেন লাগে। 

অনিতা গগৈঃ হয়। তেওঁলোকে এইবোৰ কৰে একমাত্ৰ বিতৰ্কৰ বাবে আৰু জনপ্ৰিয়তাৰ বাবে।

আখৰুৱাঃ হয়। ইয়াক প্ৰতিৰোধ কৰাৰ উপায় কি? আনকি আমি আখৰুৱাত কি ধৰণে ইয়াক ৰোধ কৰিব পাৰিম?

অনিতা গগৈঃ এই বিষয়ে কি ক'ম? এতিয়া ক'বই নোৱাৰি কাকো, ল'বিৰ কোবত ফেচবুকত ভুলটো শুদ্ধ হৈ যায়। 

আখৰুৱাঃ সেয়া আমি ভাবিব নালাগিব। আমি আখৰুৱাত কাব্যচৰ্চাৰ বুনিয়াদ গঢিব লাগিব। প্ৰয়োগ কৰিলে ভাল কথাৰ ভাল ফলেই পোৱা যাব। কষ্ট অৱশ্যে হ'ব পাৰে।

অনিতা গগৈঃ হয় আখৰুৱাাতো লবিৰ প্রভাৱ আছে। যেনে ধৰক আখৰুৱাৰ কোনো গৰাকী বিশিষ্ট সদস্যই, নিৰ্দিষ্ট কোনো কবিৰ প্ৰতিটো কবিতাতেই লাইক বা মন্তব্য দিয়ে। কিন্তু আনৰ ক্ষেত্ৰত সক্ৰিয় নহয়। আকৌ সিদিনা এগৰাকী কবি, সদস্যই আখৰুৱাৰ এটা কবিতাত লাইক, কমেন্ট কৰিছে- যি গৰাকীক মই সিদিনাহে আখৰুৱাত পাইছো। 

আখৰুৱাঃ তেনে লোক থাকিব পাৰে। যদি আছে সেয়া ভাল নহয়। কিন্তু লবি এক ক্ষন্তেকীয়া প্ৰক্ৰিয়া। আমাৰ উদ্দেশ্য আৰু লক্ষ্যত আমি সজাগ হৈ আগুৱাব লাগিব। তেতিয়া নিশ্চয় কাব্যৰেই জয় হ'ব। গতিকে ইয়াৰ প্ৰতিৰোধ কি প্ৰক্ৰিয়াৰে সম্ভৱ হ'ব বুলি ভাবা?

অনিতা গগৈঃ তাৰবাবে আমি খুব স্পষ্টবাদী হোৱা উচিত। ভালক ভাল ভুলক ভুল বুলি ক'ব পৰাৰ সাহ ,মানে চকু থাকিও অন্ধ হোৱাৰ মানসিকতা এৰিব লাগিব। কোনো ভাল বা প্রতিষ্ঠিত কবিয়ে লিখা নিম্নমানৰ লিখাকো যদি বাহ, বাহ দি আন এজন কম প্রতিষ্ঠিত বা তৰুণ কবিয়ে লিখা উচ্চমানৰ কবিতাক অবজ্ঞা ক'ৰা যায়, তেনেহ'লে সেয়া নিশ্চয়কৈ অন্যায়।

আখৰুৱাঃ এই ক্ষেত্ৰত ক'ব খোজো- মূল কথাত নিবিড় সান্নিধ্য অনুভৱ কৰাৰ মাজেদি সকলোধৰণৰ বাধা আঁতৰিব। বহুতে জানি বুজি ভুল কৰে আৰু অনেকে নাজানি বা নাভাবি কৰে। ইয়াৰ পাৰ্থক্য বিচাৰ কৰি চাব লাগিব। গতিকে আমি মুকলি আৰু গঠনাত্মক পৰিৱেশ গঢ়িব লাগিব। তুমি কি ভাবা?

অনিতা গগৈঃ অৱশ্যে কিছুমানে ইচ্ছাকৃতভাবে ধূৰ্তামিৰ আশ্রয় লয়। হয়। আখৰুৱাত সকলোৱে অন্তৰংগতাৰ পৰিবেশ গঢ়া উচিত।

আখৰুৱাঃ এইযে কথাবোৰ ঘটিছে ইয়াৰ উৎস কি বুলি ভাবা ?এইযে ফেচবুকৰ গোটত ধুৰ্তামি আদি ঘটে, কিয় ঘটে বাৰু? লবিৰ প্ৰভাৱ কিয় হয়? 

অনিতা গগৈঃ এই জগতত মানুহে নিজক লুকুওৱাৰ সুযোগ আছে। সেয়ে এনে হয়। কাৰণ বহু লোকৰ নামো আনকি ভুৱা। তদুপৰি মোৰ অনুভৱ হয়, পৃথিৱীৰ বুলি নকওঁ বাৰু, কিন্তু সমাজৰ বেছিসংখ্যক লোকৰে দ্বৈত ব্যক্তিত্ব থাকে।

আখৰুৱাঃ নামহে ভুৱা, মানুহবোৰ ভুৱা নহয়। নহয়্জানো?

অনিতা গগৈঃ বিভিন্ন কাৰণত তেওঁলোকে সামাজিক জীৱনত গোপন কৰি থ'বলৈ সক্ষম হোৱা- বিকৃত মানসিকতা এই মাধ্যমত প্রকাশ কৰে। মোৰ তেনে অনুভৱ হয়।
আখৰুৱাঃ এইখিনিতে অন্য এটা প্ৰসংগলৈ যাব খুজিছো। তোমাৰ মতে শ্ৰেষ্ঠ অসমীয়া কবি কোন গৰাকী?

অনিতা গগৈঃ শ্রেষ্ঠ নৱকান্ত বৰুৱা, কিন্তু প্রিয় কবি একে আষাৰেই হীৰেণ ভট্টাচাৰ্য -- হীৰুদা।

আখৰুৱাঃ হয়। এতিয়া কবি হিচাপে সৃষ্টিশীলতাৰ ক্ষেত্ৰত তোমাৰ কবিতাৰ স্থান কোনখিনিৰ পৰা আৰম্ভ হ'ব লাগে বুলি ভাবা।

অনিতা গগৈঃ এইটো ক'বলৈ অসুবিধা হয়। মোৰ কবিতাৰ স্থান কোনখিনিৰ পৰা? মই ঠিক বুজা নাই। তথাপি এই কথাটো ক'বলৈ হ'লে- মই ক'ব লাগিব কবি হীৰেণ ভট্টৰ কথা, তেওঁৰ কবিতা প্রায় মুখস্থ হৈ গৈছিল অনবৰতে আওৰাও তেওঁৰ কবিতা। উদ্ধৃতি দিওঁ। আবৃত্তি মই সৰুৰে পৰা কৰিছিলো। তেনেকৈও এটা আসক্তি আহিছিল। কিন্তু লিখাৰ বাবে সাহৰ অভাব। বহু কবিতা হেৰুৱালো। মানে হঠাতে লিখি দি পঠিয়াওঁ বা আবৃত্তি কৰোঁ যিকোনো অনুষ্ঠানত আৰু সংৰক্ষণৰ কথা ভবা নহয়। কিন্তু হীৰুদাৰ মৃত্যুত খুব ব্যথিত হৈছিলো। তেতিয়া এটা চাৰি শাৰীৰ কবিতা লিখি সোঁৱৰণী অনুষ্ঠানত হঠাতে পাঠ কৰিছিলো। বহুতেই ভাল হৈছে বুলি কৈছিল। সঁচাকথা ক'বলৈ গ'লে তেতিয়াৰ পৰাহে মই হোৱাই নোহোৱাই লিখিছো। আনে যিয়েই নাভাবক, কবিতা লিখি মোৰ ভাল লাগে।

আখৰুৱাঃ তোমাৰ কাব্য সাধনা আগুৱাই নিয়া, তাকেই কামনা কৰোঁ। এইখিনিতে জানিব বিচাৰিম আখৰুৱাৰ কবিসকলৰ পৰা, বিশেষকৈ তৰুণ কবিৰ পৰা তুমি কি আশা কৰা।

অনিতা গগৈঃ আখৰুৱাৰ কবিসকলৰ কবিতাৰ মানদণ্ড লক্ষ্য কৰিলে প্রবীণ আৰু নবীন বা তৰুণ হিচাপে পৃথকীকৰণ আনিবলৈ দ্বিধা হয়। কাৰণ বয়সৰ লেখেৰে সৃষ্টিশীলতা মূল্যাংকণৰ মাপকাঠি হোৱা অনুচিত। আমি সকলো সহযাত্রী আখৰুৱাৰ যুগমীয়া যাত্রাৰ । তথাপিও কামনা কৰিম যে জীৱনক চিনি বুজি তথা নগ্ন বাস্তৱক অবলোকন কৰি আগবাঢ়ক আখৰুৱাৰ কবিসকল.. বিশেষকৈ নৱপ্রজন্ম। তেওঁলোকে অধ্যয়ন আৰু সাধনাৰে আগবাঢ়ক। সস্তীয়া জনপ্রিয়তাৰ হেতু নিজৰ প্রতিভাৰ সৈতে আপোচৰ পৰা বিৰত থাকি প্রজ্ঞাৰ সাধনাৰে।

আখৰুৱাঃ তুমি কবিতাৰ ভিন্ন গোট আৰু মঞ্চৰ সৈতে যুক্ত। সেই অভিজ্ঞতাৰ পৰা আখৰুৱাৰ পাৰ্থক্য কি বুলি ভাবা?

অনিতা গগৈঃ হয়। আখৰুৱাই শৃংখলাবদ্ধতাৰে পদ্ধতিগতভাৱে সমূহীয়া উত্তৰণৰ এক মঞ্চ গঢ়ি তুলিছে। অৱশ্যে এই পৰ্যায় চালুকীয়াৰ পৰা গভীৰতালৈ ব্যাপক হওক। আমি আশাবাদী।

আখৰুৱাঃ আখৰুৱাই গোটৰ মজিয়াত যিবোৰ প্ৰয়াস কৰিছে, সিবোৰৰৰ ক্ষেত্ৰত তোমাৰ অভিমত কি?

অনিতা গগৈঃ আখৰুৱাৰ বিভিন্ন শিতান যেনেঃ চানেকি, মোৰ প্রিয় কবিতা, পুনৰীক্ষণ, অনুভৱৰ শতদল আদি যথেষ্ট আশাব্যঞ্জক কবিতাৰ চৰ্চাৰ বাবে। গোটৰ সদস্যৰ জৰিয়তে কবিতাসমূহৰ পৰ্যালোচনা- পুনৰীক্ষণৰ বাবেই আখৰুৱা ব্যতিক্রম তথা যথেষ্ট আশাপ্রদ যাৰ জৰিয়তে সকলোৱে উপকৃত হ'ব, বিশেষকৈ তৰুণসকলে নিজক চালি জাৰি চোৱাৰ সুযোগ পাইছে বা পাব।

আখৰুৱাঃ আখৰুৱা সঠিক দিশেৰে আগুৱাইছে নে? আখৰুৱাই আগলৈ ল'বলগীয়া পদক্ষেপ সম্বন্ধে কিবা ক'বা নেকি?

অনিতা গগৈঃ হয় মই ভাবো আখৰুৱাৰ গতিপথ সঠিক। দৃঢ়তাৰে আগবাঢ়ক ভৱিষ্যতৰ বাটত। অৱশ্যে তাৰ বাবে লাগিব সমূহীয়া প্রচেষ্টা। আমি কেৱল স্বাৰ্থপৰৰ দৰে নিজৰ ভাল হ'লেই সন্তুষ্ট বা ক্ষান্ত নহৈ আন দহজনকো যাতে অনুপ্রাণিত ক'ৰিব পাৰো সেয়া প্রয়োজনীয়। ভবিষ্যতে আখৰুৱাৰ উত্তৰোত্তৰ আৰোহণ কামনা কৰোঁ। তাৰবাবে সুসংহত ভাবে পৰ্যায়ক্রমে আগবাঢ়ি যাওঁক। ''আখৰুৱা '' এক ছপা সংকলন হওঁক সাহিত্যৰ জগতৰ, কিছু ভিন্ন পদক্ষেপেৰে উচ্চ প্রমূল্যবোধেৰে।

আখৰুৱাঃ আখৰুৱাৰ সদস্য হিচাপে আৰু কবি হিচাপে আখৰুৱাত অংশগ্ৰহণ কৰি তুমি পোৱা সবাতোকৈ ভাল ধাৰণাবোৰ কি?

অনিতা গগৈঃ আখৰুৱাত জড়িত হৈ মোৰ ভাললগা ধাৰণা বা কাৰণ ইয়াৰ মাৰ্জিত তথা পৰ্যায়ক্রমে পদ্ধতিগত চৰ্চাৰ পৰিবেশ। বিশেষকৈ পুনৰীক্ষণ আৰু অনুবাদ সাহিত্য। কিন্তু কিছু বিৰক্ত হওঁ আখৰুৱাৰ সদস্যসকলৰ অত্যন্ত নীৰৱ ভূমিকাৰ হেতু। লাইক, কমেন্ট আদিৰ জৰিয়তে ফেচবুকত বা আখৰুৱাত লিখকসকলক অনুপ্রাণিত ক'ৰা উচিত বুলি ভাব হয়।

আখৰুৱাঃ এইযে তুমি লাইক, কমেন্ট আদিৰ কথা কৈছা, সিবোৰ আচলতে কেনেদৰে দিয়া ভাল বুলি ভাবা। সততে অভিযোগ শুনা যায় যে কবিতা বা আপডেট কোনোবাই দিয়াৰ পিছ মুহুৰ্ততে লাইক, কমেন্ট আহে। এই বিষয়ে অলপ ক'বা নেকি, যাতে বিষয়টো স্পষ্ট হয়।

অনিতা গগৈঃ ফেচবুকৰ লাইক কমেন্ট লৈ বহু অভিযোগ শুনা যায়। বেছিভাগ ক্ষেত্রতে নিজৰ প্রিয় কবি বা লিখকক লাইক দিয়া দেখা যায়, চকুমুদি কেতিয়াবা হয়তো নপঢ়াকৈয়ে 'সুন্দৰ', 'ভাল লাগিল' আদি মন্তব্য। কিন্তু 'আখৰুৱা' ব্যতিক্রম হোৱা উচিত। প্রতিজন লিখকৰে কবিতা বা অন্য লিখা সদায়ে সম্ভৱ নহ'লেও মাজে মধ্যে, মাননীয় সদস্যসকলে পঢ়ক আৰু তেখেতসকলৰ ভালপোৱা, বেয়াপোৱা সম্পৰ্কে মুকলি মন্তব্য কৰিলে সকলোৰে নিশ্চয় উপকাৰ হ'ব।

আখৰুৱাঃ ধন্যবাদ অনিতা গগৈ, তোমাৰ সহযোগিতাৰ বাবে। আখৰুৱা পৰিয়ালৰ পৰা তোমালৈ আন্তৰিক শুভেচ্ছা আৰু আশিস থাকিল।

______________________________সমাপ্তি___________________________
 
Com