Sunday, 4 March 2018

অনুৰণনঃ (মাইক্ৰ'কাহিনী-১৭৮)



আখৰুৱাৰ অণুগল্প : অক্টোবৰ, ২০১৭

___________________________
কোলাহলঃ
পঢ়া-শুনা ক'তোৱেই সুফল দেখুৱাব নোৱাৰা সন্তানটোৰ ভৱিষ্যতক লৈ দুশ্চিন্তাগ্ৰস্ত দেউতাকে ক্লান্ত ভৰিৰে আজিও ঘৰলে' উভতিল।
তাৰ বুকুখন কঁ‌পি উঠিল। ভয়ে-ভয়ে সি দুৱাৰ খুলি দিলে।
দেউতাকে সুধিলে- মোৰ এৰি অহা বাঁ‌হীটো কোনে বজাই আছিল?
সি ততালিকে বাঁ‌হীটো পিছফালে লুকুৱাই থ'লে।
দেউতাকে ক'লে-বজা সোন। সুৰটো আকৌ বজা। বাহিৰত বহুত কোলাহল। তোৰ সঁ‌চা বাঁ‌হীৰ সুৰে মোৰ অন্তৰ শাঁ‌ত পেলাইছে।

@জয়ন্ত আকাশ বৰ্মন

Saturday, 16 December 2017

উক্তি ৭-- কিশোৰ দাস

যিমান মহান আদৰ্শৰে নচলাইবা কিয়
নিজকে যিমানেই উদঙাই নিদিয়াইবা কিয়
কিছুমান কথা নোকোৱাকৈয়ে ৰৈ যাব
কলহৰ তলিৰ পানী টোপালৰ দৰেই।

টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Colorless Tsukuru Tazaki and His Years of 
Pilgrimage' ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।


🖋কিশোৰ দাস

উক্তি ২---কিশোৰ দাস


দুৰ্ভাগ্যক্ৰমে, ঘড়ীটো বাজিয়েই আছে,
সময়বোৰো লগতে গৈয়েই আছে।
বৰ্ধমান অতীতত
ভবিষ্যত হ্ৰাসমান।
সুযোগবোৰো হেৰাই গৈ আছে,
হুমুনিয়াহবোৰে য'ত পাহাৰ সাজিছে।

টোকা : হাৰুকী মুৰাকামীৰ উপন্যাস 'Dance Dance Dance'ৰ এটি বাক্যৰ কাব্যৰূপ, এক পৰীক্ষামূলক প্ৰয়াস।

কিশোৰ দাস

ৰাজনীতিৰ চুচুংফাক্ ----- ৰীণা বুঢ়াগোঁহাই

ৰাজনীতিৰ চুচুংফাক্
ৰীণা বুঢ়াগোঁহাই



ৰাজনীতিৰ ৰাজ কোনেনো বুজি পায়
বৰ বৰ সেনানীও ধৰাশায়ী হাঁ‌য় ।
আয়াৰাম গয়াৰাম ৰাজনীতিৰ খেল
ইপক্ষই সিপক্ষক মাৰে বিষ শেল ।
মই বৰ ভাৱত প্ৰতিজন যোদ্ধা
সুযোগ পালেই লুটিপুটি পূৰাব ক্ষুধা ।
ক্ষুৰধাৰ সমালোচনাত সকলো পাকৈত
বিপক্ষক লেং মাৰি পেলাই খাৱৈত ।
চল পালেই চাপৰি বজাই কৰে হামোৰ-কামোৰ
যেন দহ দিন দহ ৰাতি নোখোৱা ভোকাতুৰ ।
দেশৰ হকে পিঠি দি নিজৰ সাতগোষ্ঠী উদ্ধাৰে
পাঁ‌চ বছৰতে গোটাই নললে যে জীৱন নেযায় সুখেৰে ।
ভোট বিচাৰি নমস্কাৰ দি হাতৰ বিষ উঠিল
পাঁ‌চ বছৰত মালিচ কৰি কথমপি ভাল কৰিল
কি কাৰনেনো তেওঁলোকে উদ্ধাৰ কৰিব দেশ
অভিনয় কৰি দেশসেৱকৰ ধৰিছিল বেশ ।।

শিল্পী---প্ৰশান্ত কলিতা

' শিল্পী '



শিল্পী সৈনিকৰ বেশত সৃষ্টিৰ যুদ্ধ ক্ষেত্ৰত
মহাসমৰৰ বিভীষিকাৰ ক্ষুধা সমাজৰ মাজত ,
লিও টলস্টয় আৰু লেলিন দেশৰ মাটিত খোজকাঢ়ি ফুৰিছো ,
পুৱাৰ শীতলতাৰ মাজে মাজে মেঘাচ্ছন্ন আকাশত , ভলগা নদীৰ পাৰত
মেক্সিম গৰ্কীৰ প্ৰতিমূৰ্তিৰ তলত বহি
'
মা' উপন্যাস, প্ৰাণ প্ৰাণৰ সৃষ্টি সুঁৱৰি ...
শতাব্দীৰ পৰা শতাব্দীলৈকে জীৱন্ত ছবি চাই,
স্বতন্ত্ৰতাৰ বিক্ষুভ উজাৰি সংগ্ৰামী সত্তা লেলিনৰ মুক্ত কণ্ঠত মই শুনিছো সেয়া
শ্ৰমিক, কৃষক , জোৱান সকলোৱেই সংস্কৃতিৰ মিলন তীৰ্থস্থানত ,
বিচাৰি আহিছো মই পূব ভাৰতীয়
অসমী আইৰ কোলাত জন্ম
সোণালী সূৰ্য্য , সেউজী পাতৰ বৰণ লৈ
উকা নদীত অলেখ ঢৌত মুখ চাই
ব্ৰহ্মপুত্ৰৰ চাপৰিত নাঙলৰ শিৰলুত
সোণালী ধাননি ডৰাত মোৰ মা
দাৱনী কাঁচিখন , সেয়া চোৱাচোন
ময়ো স্বতন্ত্ৰতাৰ বিক্ষুভ উজাৰি আছো

আখৰুৱাৰ অনুভৱ : অক্টোবৰ, ২০১৭

আখৰুৱাৰ অনুভৱ : অক্টোবৰ, ২০১৭

কিশোৰ দাস
----------------------

পুৰণি কবিতাৰ বহী এটি চাই আছিলোঁ। নিজে লিখা কবিতাবোৰে নিজকে হহুঁৱায়, আকৌ তাৰে মাজৰেই কিছুমান কবিতাই মনটো সেমেকা কৰে।
--------
আৰু কিছু পষেক--
আমি এৰা-এৰি হ'ম।
শীতৰ শেষৰ কুঁৱলি
ঘণ হৈ আহিছে,
আমাৰ মৰমো গাঢ় হ'ব ধৰিছে।
যদিওবা
আৰু কিছু পষেকৰ পাচতেই
আমি এৰা-এৰি হ'ম।।
২৯।০১।২০১৪
--------
জানুৱাৰী মাহ,২০১৪।
তেতিয়া আমি বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকন'লজি বিভাগৰ চতুৰ্থ ষাম্নাসিকৰ ছাত্ৰ। মাঘ বিহুৰ শেষত নতুনকৈ শ্ৰেণী আৰম্ভ হৈছে। বোধকৰো ঘৰত বহুদিন বন্ধ কটোৱাৰ বাবে মনত জঠৰতা।

তেতিয়া ৰাতিপুৱা ৯ বজাৰ পৰা শ্ৰেণী আৰম্ভ হয় বাবে ঘৰৰ পৰা ৭ বজাত ওলাই ওচৰৰে ঘাইপথটোৰ চ'কটোত বাছ ৰখো। চৌদিশে কুঁৱলি, দূৰৈৰ পৰা বাছবোৰ নমনি। অকল জ্বলাই অহা লাইটবোৰ দেখা যায় যদিও সেইখন কি গাড়ী পূৰ্বানুমান কৰাটো বৃথা। অবশ্যে দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে গুৱাহাটী অভিমূখী বাছ পোৱা যায়। ৰ'ব লগা সময়খিনি মোৰ বৰ প্ৰিয়। কুঁৱলিসিক্ত পথাৰবোৰত, সৰা পাতবোৰত যেন ৰৈ যায় মোৰ মনটো, বাছখনত উঠিলেও খিৰিকীৰে দূৰৈৰ পথাৰবোৰে মোক সংগ দিয়ে। ঘৰৰ ওচৰৰে পাগলদিয়া, যেন কুঁৱলিৰ সাগৰত শুই থকা এক গাৱঁলীয়া ৰাস্তা। সৰিয়ঁহৰ পথাৰবোৰত মন হেৰুওৱাটো কিমান যে সহজ!

সাধাৰণতে বন্ধ খোলাৰ পিছত প্ৰথম দুদিনমান শ্ৰেণীৰ উপস্থিতি সেৰেঙা। দূৰৈৰ বন্ধুবোৰ বহুদিনৰ মূৰত বিহুৱে- পূজাই ঘৰত যায় বাবে দুদিন বেছিকৈ বন্ধ কটাই আহে। আমি ওচৰৰ খিনি বন্ধ পালেই ঘৰলৈ লৰোঁ যিহেতু বন্ধ খুলিলেই যাব পাৰোঁ।
সকলোবোৰৰ উপস্থিতিত সকলো নতুন যেন লাগে। আমি যেন পুনৰুজ্জীৱিত হৈ আকৌ লগ হ'লো। নতুন কথা, নতুন আশা।

এনেকৈয়ে মনত এটি চিন্তাই বাহ বান্ধে এয়াই হয়তো বিশ্ববিদ্যালয়ৰ জীৱনৰ শেষ শীত। আমি সকলো চাৰি-পাঁচ মাহ পাছতেই এৰা-এৰি হ'ম। নিজৰ জীৱনৰ ভৰণ-পোষণত নাইবা নিজৰে জীৱন পৰীক্ষাত।

পঢ়ি-শুনি ওলাই যোৱাৰ পিছতহে গম পোৱা যায়, জীৱন কি? বিশ্ববিদ্যালয়ৰ দুবছৰীয়া পৰিক্ৰমাৰ অন্তিম মূহুৰ্ত সমাগত। সকলোৰে মন গধূৰ। জীৱনৰ পথবোৰত হেৰাই নাইবা হাৰি ছন্দ হেৰোৱাৰ ভয়ত! নিজৰ মাজতেই নাইবা জাগতিক ব্যস্ততাত নিজৰ সময় হেৰুৱাই লগ নোপোৱা বহুদিনেই হ'ল।

কবিতাটো তেনেভাবেই লিখা আছিল, যিটো দুই এজন বন্ধুৰ বাবে কাকো দিয়া হোৱা নাই। আজি পঢ়ি পুনৰ মনটো সেমেকা হ'ল। এনেই সেমেকা বতৰ, মনটো পুনৰ সেই দিনবোৰলৈ উৰি গ'ল।



https://static.xx.fbcdn.net/images/emoji.php/v9/fb7/1/16/1f58b.png🖋কিশোৰ দাস