Monday, 1 May 2017

শ্ৰমিক দিৱসණলীনা হাজৰিকা



শ্ৰমিক দিৱস

 
তেজৰ ৰং শেতা
নিমখ মিহলি ঘাম পানীত
গোকাট্ গন্ধ
অসহ্য ! বেদনা
অত্যাচাৰ -উৎপীড়ন !
চিকাগোৰ ঐক্যৰ ওপৰত বৰ্বৰতা
পৃথিৱী গাথা শ্ৰমিকৰ ওপৰত
গৰাকীয়ে আজিও চলাই চাবুক
মাক্সবাদী আগ্নেয়গিৰি যেন পুনৰ উদ্গীৰণ
একত্ৰিত হ'ব শ্ৰমিক গোষ্ঠী
কাৰখানাৰ পৰা নিৰ্গত হ'ব লাভা
কেৱল আঠ ঘণ্টাৰ বাবে
শিল্প বিপ্লৱত দিগভ্ৰান্ত শ্ৰমিকৰ
নিষ্পেষণ , নিৰ্যাতনৰ আট্টনাদ
আজিও শুনো !
আজিও প্ৰসৱ কৰে সদ্যোমৃতই
হাহাঁকাৰ হয় অন্ন-বস্ত্ৰৰ
নিৱনুৱাৰ পাহাৰ গঢ়ি
প্ৰযুক্তিয়ে আদৰিছে
অবাধ বাণিজ্য
বণিক গোষ্ঠীৰ ঘৰিয়ালৰ চকুলো
'
আজিৰ শ্ৰমিক '
লাল পতাকাৰ তলত
সমবেত হোৱা !
হে শ্ৰমিক ! মবাইল এটা লৈ
কেইদিনমান ৰাজপথত
নিষ্কমাহৈ পেপছি খোৱা ।
কবি:-
লীনা হাজৰিকা

এই অলপ আগতে এটা সপোন দেখিলো ණ নৱকাশ



এই অলপ আগতে এটা সপোন দেখিলো


এই অলপ আগতে এটা সপোন দেখিলো
হাঁহিৰ টুকুৰা বিয়পোৱা ছোৱালীজনীয়ে ফোন কৰিছে
অনৰ্গল অনৰ্থক কথা
কি ক'লো হিচাপ নাই
অনেক কথা
"
তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ "
পুলক বেনাৰ্জীৰ গান গুণগুণালো
মই গালে তেওঁ বেয়া পায়
গালো তথাপিও মন বন্ধা ইমান জানো সহজ
নিজকে চিকুটি চালো গোপনে
না দুখ নাপালো
আচলতে সপোন নে সঁচা
সপোনত হাঁহিৰ টুকুৰাবোৰ বিয়পি পৰিল
বকুলৰ ফুল বকুলৰ ফুল নে খৰিকাজাই
সুবাসিত মোৰ ৰাজমহল
তুমি ৰাজকুমাৰী
আহ! নিজকে ৰাজকুমাৰ বুলি ভাবিলে কিবা খাপ নাখায়
তুমি ৰাজকুমাৰী
এনেয়ে এবাৰ ভয়ে ভয়ে চুই চালো তোমাৰ হাত
লিহিৰি লিহিৰি চিৰিলি চিৰিলি আঙুলি তোমাৰ
আৰু নখবোৰ একোটা জোন
দিয়ানা মোৰ কলিজা বিন্ধাই
তুমি বিন্দাছ বিন্ধিলা বুকুত
এতিয়া তেজ
আমি দুয়ো এতিয়া তেজৰ বিচনাত
তেজ মানে গোলাপ
তুমি গোলাপ
তুমি ৰঙা তুমি নীলা
তুমি ৰঙ
তোমাক আলিংগনৰ বাবে হাজাৰতা বাহানা
মানে অজুহাত
"
এটা অজুহাত পালেই মই গুচি যাব পাৰো"
হীৰেন ভট্টৰ কবিতা এনেয়ে গুণগুণালো
তুমি আতঁৰি গ'লা হাঁহিৰ টুকুৰাবোৰ সিচি
না মানে ফোন কাটিলা
আহ !কিযে কাটিল হাঁহি তোমাৰ
মই দিবানা মই মস্তানা
না না মই ৰাজকুমাৰ
কবি:-
ৱকাশ

বয়সৰ প্ৰমাণপত্ৰঃණ জয়ন্ত আকাশ বৰ্মন



বয়সৰ প্ৰমাণপত্ৰঃ
প্ৰধান শিক্ষকজনে ক'লে- ককায়েৰৰ বয়সেই চৈধ্য বছৰ হোৱা নাই, তোক পোন্ধৰ বছৰ হোৱা বুলি চাৰ্টিফিকেট কেনেকৈ দিওঁ‌?
পাৰিবি দে । পঁ‌চিছ টাকাত এক কেজি চাউলেই নাপায়, মালিকে মোক কেনেকে বিছ টাকা হাজিৰা দিয়ে? -সি কয়।
পোন্ধৰ বছৰ হ'লে মই দুইশ টাকা হাজিৰা পাম। কাগজখান দি দে মোক।
কবি:-
য়ন্ত আকাশ বৰ্মন