কবিঃ দ্ৰিচাং বসুমতাৰী
---------------------------------------------------------------
কাতি আঘোন মাহত সোণালী হয় ধাননী পথাৰ। কঁপালৰ ঘাম মাটিত পেলাই ,হাড় ভঙা পৰিশ্রমৰ ফচল লহপহীয়া সোণগুটি চপাই আনি ভৰাব ভঁৰাল হেঁপাহৰ ধন। কিন্তু পকি সোণালী হোৱাৰ পৰা ভঁৰাল পোৱালৈ বহু বিপদ । শত্রু বহুত। আঘোনৰ পকাধান খাবলৈ আহে বহু চৰাই চিৰিকটি। বতাচৰাইয়ে খাই পকাধান। ধান পকাৰ সময়ত সেয়ে ৰখা হয় ধান বতাচৰাই খেদি ..
''হুৰ হুৰ বতা চৰাই
হুৰাই দিয়ে টঙি ঘৰে বতা এজাক''
পথাৰৰ মাজত ওখকৈ সজা হয় টঙীঘৰ। কবিতাটোৰ প্রথম শাৰীকেইটাই আমাক লৈ যায় এখন ধাননি পথাৰলৈ য'ত ধানবোৰ পকি সোণোৱালী হৈছে। পথাৰৰ মাজত এটা টঙীঘৰ। জাকে জাকে বতাচৰাই আহিছে আৰু ধান ৰখীয়াজনে 'হুৰ হুৰ' কৈ খেদাই দিয়াত হুৰুস্ কৈ বতাহ এজাকৰ দৰে উৰা মাৰিছে এজাক বতা আকাশলৈ। নান্দনিক চিত্র।
ইয়াত ' টঙীঘৰ'--প্রতীক ধাননি ৰখীয়াৰ।
এই যে পথাৰৰ প্রতি কৃষকৰ মোহ,পকা ধাননিৰ প্রতি ,সোণগুটিৰ হেঁপাহত খাৱন শোৱন এৰি ৰখে ধান। অথচ বছৰে বছৰে বাঢ়ি অহা ঋণৰ বোজা বহন কৰিব নোৱাৰি খেতিমাটিৰ অধিকাংশই বন্ধকত দি ,এতিয়া তেওঁৰ নিজৰ পথাৰত. তেওঁ এজন দূৰ্ভগীয়া কৃষক যাৰ কোনো অধিকাৰ নাই উৎপাদিত শস্যৰ ওপৰত। হয়তো,বাহিৰে বাহিৰেই মহাজন বা মৌজাদাৰ ডাঙৰীয়াৰ চোতাললৈ, যিমুঠি অন্নৰ বাবে তেওঁৰ বেলি নৌ উঠাৰে পৰা কৰে পৰিশ্রম অথচ তাৰ ফচল তেওঁ নাপায়।
'টঙি ঘৰৰ আঘোণ খায় !
পেটত সোণোৱালী সুহুৰি এটাৰ সৈতে তেখেত দুখী হয় !'
লঘোনীয়া পেটেৰেও তেওঁ পুনৰ সপোন দেখে সোণোৱালী ধাননিৰ। ছমহীয়া আকালেও তলাব নোৱাৰে তেওঁৰ সোণগুটিৰ মায়াৰে আচ্ছন্ন মন। পেটত পানী গামোচা মাৰিও পুনৰ খেতিপথাৰত সিঁচি যায়,সেউজৰ বীজ । আশাৰ কঠীয়া।
'আচৰিত
আচৰিত পথাৰ ৰখীয়াৰ মন ।'
কাৰণ এয়া যে কৃষকৰঃ জীৱন , মাটি আৰু মানুহৰ বন্ধন চিৰন্তন। প্রতীক আৰু চিত্রকল্পৰ সমাহাৰে এটি সফল কবিতা । কবিয়ে উপলব্ধি কৰিছে কৃষকৰ জীৱনৰ কাৰুণ্য। বোকাত নিমজ্জিত কৃষকৰ মৰ্মবেদনা উপলব্ধি কৰিছে । অনুভৱ কৰিছে শোষিতৰ প্রতি ব্যথা কিন্তু তাতেই থমকি ৰৈছে কবিৰ কলম। সমবেদনা আছে অথচ শোষণৰ পৰা মুক্তিপিয়াসী মানসিকতাৰে পুঁজিপতি শ্রেণীৰ বিৰুদ্ধে বিদ্রোহৰ বাবে নাই উদাত্ত আহ্বান।
কবিৰ পৰা আগলৈ অধিক সাৰ্থক সৃষ্টিৰ আশাৰে শুভকামনা।
----------------------------------------------------------------------
কবিঃঈপ্সিতা উপাসনা
---------------------------------
জীৱনৰ ৰহস্যধৰ্মীতাৰ বিষয়ে কবিৰ অনুভৱ। জীৱনটো যেন এক উত্তৰবিহীন প্রশ্ন। সামান্য সফলতাতে অধীৰ হয় ৰঙত, উৰি যায় মন আকাশ ধিয়াই এখন ৰঙবিৰঙী চিলাৰ দৰে। ডেউকাবিহীন,উৰিবৰ সক্ষমতা নাই অথচ উৰাৰ হাবিয়াস।এডাল সূতাৰে নিয়ন্ত্রিত হয় জীৱনৰ পৰিক্রমা যি পুনৰ ঘূৰি আহে বাৰে বাৰে মৰতলৈ।
'জীৱনটো এটি অবুজ সাঁথৰ
উৰি থকা এখন ৰঙীণ চিলা'
কল্পনাৰ আকাশ বিছাৰি যিমানে দিগন্ত প্রসাৰী অভিযান নকৰক কিয় হাততে পায়ো হেৰুওৱাৰ আশংকা সদা বৰ্তমান। আমি যিমানে সফল নহওঁ এই জীৱনত কিন্তু সকলো এৰি যাবলৈ বাধ্য এই মৰততে। মৃত্যু অৱশ্যম্ভাৱী, জীৱনৰ দৰেই।
''ৰঙতে উৰা
উলাহতে নচা
অথচ
এই ছিগো এই ছিগো
মূলসুঁতিৰ যোৰা''
কবিয়ে অনুভৱ কৰিছে জীৱনৰ সফলতা বা বিফলতা সকলোবোৰ যেন বিধিৰ বিধান। ভাগ্যই নিয়ন্ত্রণ কৰে সকলো।সফলতাৰ পৰ্বত শীৰ্ষত আৰোহণৰ প্রৱনতা সকলোৰে কিন্তু সৌভাগ্য যেন বতাহৰ গতি, কোনোজনক লৈ যায় সফলতাৰ আকাশলৈ। আনহাতে অসীম চেষ্টাৰ পিছতো কোনোজনক অধঃপতিত কৰে দূৰ্ভাগ্যৰ অটল গহ্বৰত।
'বতাহে নমাই বতাহে উৰাই
সফলতা বিফলতা বগুৱাই
আকাশ চুমি চোৱাৰ হেঁপাহ'
সেয়ে জীৱন, এক খেল মাথো। খেলত জয় পৰাজয় আছে। জীৱনৰ দৰেই অনিশ্চয়তা আছে। বতাহৰ দিশে উৰা এখন চিলাৰ দৰেই জীৱন। সোঁতৰ বিপৰীতে উৰিলেই চিঙি যাব পাৰে নিয়ন্ত্রণৰ সূতা,যিকোনো মুহুৰ্ত্বতে।
'জীৱনটো
সঁচাকে এখন খেলা
বতাহত উৰা এখন নিশ্চয়তাহীন চিলা....'
এই কথাখিনিকে কবিয়ে উপমাৰ প্রয়োগেৰে, সহজ শব্দচয়নেৰে প্রকাশ কৰিছে। উপস্থাপন শৈলী ভাল লাগিল। কাব্যিক ব্যঞ্জনাৰ অভাৱ পৰিলক্ষিত হয়। শুভকামনা জনাইছো।
----------------------------------------------------------------------------------------------
কবিঃবাপন ক্র (Bapon. Kro)ৰ কবিতা।
--------------------------------------------------
প্রতিজন মানুহৰে জীৱনৰ থাকে সুকীয়া অনুভৱ। অনুভৱৰ সুকীয়া প্রকাশ। যদি সেই বিশেষজন কবি হয় ,নিজৰ অনুভৱৰে গঢ়ি লয় এখন স্বচ্ছন্দ পৃথিৱী।সেই পৃথিৱীৰ বাসিন্দা কেৱল তেওঁ স্বয়ং। অনুভৱৰ ছন্দেৰে ঝংকাৰিত হয় তেওঁৰ মনৰ গভীৰতম কোণ। হয়তো আনৰ বাবে সেয়া অৰ্থহীন কিন্তু কবিৰ বাবে সেয়াই অমূল্য।
''কিনো ৰাখিছোঁ বুকুত
ছন্দহীন কিছু অনুভৱৰ লয়লাস
লয়লাসত মগ্ন থকাৰ হাবিয়াস''
নিজৰ অনুভৱৰ কথা সকলোকে নাযায় কোৱা। কিজানি আনৰ কটাক্ষ দৃষ্টিৰ সন্মুখীন হয় সেই অনুভৱ।
'সকলোতো কৈ দিব নোৱাৰি'
তেনেদৰেই দিব নোৱাৰি নিজৰ গাওঁখনৰ হেৰাই যোৱা গৰিমা দুঃসংবাদ।অতীজৰ ঐক্য সম্প্রীতিৰ বুনিয়াদত গঢ়ি উঠা নিভাঁজ আন্তৰিকতা আজি পাহৰণিৰ গৰাহত।
''গাঁৱৰ খৱৰ কাক কি বুলিনো দিম'
আজি ভায়ে ভায়ে অৰিয়া-অৰি। কোনেও যেন কাৰো বাবে চিন্তা কৰাৰ সময় নহয়।যেন অবিৰত এখন অখণ্ড যুদ্ধত সকলো ব্যস্ত।''ওঁঠে ওঁঠে এতিয়া ৰঙা অভিমান
যেন বিৰামহীন বিদ্ৰোহৰ অভিযান''
অবিশ্বাসৰ চাকনৈয়াত, গোষ্ঠী-সংঘৰ্ষ, ভাতৃঘাতী কলহে আজি জুৰুলা কৰিছে অসমৰ সমাজ জীৱন। অথচ,এদিন এইখন অসম আছিল বিভিন্ন জাতি উপজাতিৰ মিলনভূমি বৰ-অসম। আজিৰ অসমীয়াই পাহৰি গৈছে শান্তি, ঐক্য আৰু সম্পীতিৰ মহামন্ত্র। হয়তো আজিৰ যান্ত্রিক জীৱন যাত্রাই তাৰবাবে জগৰীয়া। প্রকৃতিৰ পৰা বিছিন্ন হৈ প্রতিদ্বন্দিতাৰ মিছিলত সদাব্যস্ত মানুহে হেৰুৱাইছে মানবীয় অনুভূতি,মানুহে মানুহক ভালপোৱাৰ নিভাঁজ আন্তৰিকতা।
প্রকৃতিয়ে শিকায় আমাক সেই অকৃত্রিম মহানুভৱতা। 'ফাগুন'ৰ প্রকৃতিৰ বুকুত, লিখা থাকে ভালপোৱাৰ চিঠি।
'ফাগুণক শিকাব নালাগে
ভালপোৱাৰ ধেমালি কেনেকৈ কৰিব লাগে'
কেনেকৈ সকলো শেষ হৈ যোৱাৰ পাছতো ভাল পাব পাৰি জীৱন, য'ত আশাৰ সেউজ গজালি মেলে। সৰাপাতৰ বুকুতেই কুঁহিপাতৰ নৱ অংকুৰণ।
'মুকলি মনৰ উৰণ কেনেকৈ উৰে
ফাগুণৰ পৰায়ে শিকো আহাঁ...'.
কাব্যিক প্রজ্ঞাৰে দিক্ষীত কবিৰ আহ্বান ফাগুনৰ পঢ়াশালিত ল'বৰ বাবে,জীৱনৰ প্রতি মানুহৰ প্রতি ভালপোৱাৰ আদিপাঠ মনৰ প্রফুল্লতাৰে। কবিতাৰ অন্তৰ্লীন ভাৱৰ নীৰৱধি স্রোতত কবিৰ সৈতে পাঠককো অৱগাহন কৰোৱাত সাৰ্থক কবি।সেয়ে কবিৰ ব্যক্তিগত অনুভৱ কবিৰ একাকী হৈ ৰোৱা নাই,উত্তৰণ ঘটিছে সামূহিকতালৈ। নিজৰ ভাবত বিভোৰ হৈও কবি মগ্ন গাঁৱৰ ,সমাজৰ চিন্তাৰে । কবিয়ে পুনৰ বিলাব বিছাৰে মানুহৰ আন্তৰিকতা বিহীন শুকান বুকুবোৰত ফাগুনৰ ৰং,ভালপোৱাৰ ৰং। কবিতাৰ ক্ষেত্রত সকলোতকৈ প্রয়োজনীয় কাৰক--অন্তৰ্নিহিত ভাৱ। কাব্যিক ব্যঞ্জনাৰে, অলংকাৰৰ সুষম প্রয়োগেৰে কবিয়ে সেই ভাৱক লৈ যায় পাঠক সমাজলৈ।
কবি বাপন ক্রৰ এই কবিতাৰ ক্ষেত্রত তেনে অভিমত একে আষাৰে সত্য বুলি ক'ব পৰা যায়।
কিন্তু পৰিশীলিত চৰ্চাৰে পাঠকৰ হৃদয়ত আসন পাতি বহিবপৰা কবিতাৰ ‘নিৰ্মাণ’ৰ হেতু আমি কবিৰ পৰা অনাগত দিনত অধিক সাৰ্থক সৃষ্টিৰ বাবে আশাবাদী ।শুভকামনাৰে।
----------------------------------------------------------------------------------------------------
--কবিতাঃপানৈ-জংকিৰ সাধুকথা। কবিঃমানস জ্যোতি( Maanash Jyoti)
------------------------------------------------------------------------------
'পানৈ-জংকি'-- উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ ,অমৰ প্রেম গাঁথা 'মিৰিজীয়ৰী'ৰ কাল্পনিক চৰিত্র। কেনেকৈ এহাল কমবয়সীয়া তৰুণ তৰুণীৰ হৃদয়ৰ মিলনত এখন সমাজৰ কুটিল মানসিকতাৰ বৰমূৰীয়া সকলে সদায়ে এখন অভেদ্য প্রাচীৰ হৈ থিয় দিয়ে। কৌটি কলীয়া ৰীতি-নীতি আৰু মান্ধাতা যুগীয়া ধ্যান ধাৰণাৰ বশৱৰ্তী হৈ অন্তৰৰ বন্ধনতকৈ ক্ষুদ্র স্বাৰ্থ তথা মতান্ধতাক আগস্থান দিয়ে। যাৰ বলি হ'বলগা হয় নিৰীহ প্রেমীযুগল। 'পানৈ-জংকী'--পৃথিৱীৰ সকলো প্রেমীৰ প্রতিনিধি যি মিলনৰ বাটত সন্মুখীন হ'বলগা হয়,'একোখন কাঁইটীয়া দেৱাল'--- প্রতীকাত্মক ৰূপত সমাজৰ বিভিন্ন বাধা বিঘিনিৰ।
''পানৈ-জংকিৰ সাধুকথাবোৰত
একো একোখন কাঁইটীয়া দেৱাল
পুৰণিকলীয়া হোৱাৰ অহংকাৰত মত্ত হৈ থাকে''
অথচ, সমাজৰ পৰম্পৰা, নীতি নিয়মৰ স্বয়ম্ভু ৰখীয়া হোৱাৰ গৰ্বত তেওঁলোক হিতাহিত জ্ঞানশূণ্য হয়। পৃথিৱীৰ প্রতিটো অমৰ প্রেম কাহিনীয়েই বিয়োগাত্মক।জীৱনৰ বিনময়ত তেওঁলোকে যেন ৰচি যায় যাউতীযুগীয়া প্রেমৰ সেউজ দাস্তান। অথচ সমাজৰ বাধা বিঘিনিৰ হেঙাৰ হেলাৰঙে অতিক্রমিবলৈ প্রেমে দিয়া নাই অফুৰন্ত উদ্যম।
''সাধুকথাবোৰত এজাক বতাহৰ বাবেই
পানৈ-জংকি মৰিও অমৰ !
এইজাক বতাহে কাঁইটীয়া দেৱালখনক আজিও ভেদ কৰিব পৰা নাই''
সকলো বন্ধন ওফোৰাই এক হ'বলৈ যোৱা প্রেমীযুগলৰ জীৱন দূৰ্বহ কৰি তুলি বাধ্য কৰে মৃত্যুক সাৱতি ল'বলৈ ।
''দেৱালখনে আন্ধাৰৰ বুকুত প্ৰেমৰ চিতা সাজে
এসময়ত ধুমুহা আহে। চিতাখন দাউ দাউকৈ জ্বলে''
তেওঁলোকৰ দোষত দুখী হোৱাৰ ভাও জোৰা কিছু লোকে মিছা অভিনয়েৰে সমবেদনাৰ বানী শুনাই ।
'বেহেলা কঢ়িয়াই ফুৰা ধুমুহাজাক সাধুকথাৰ ঘঁৰিয়াল'
কিন্তু,সকলো শেষ হৈ যোৱাৰ পাছতো ৰৈ যায় কিছু। কিছু সোঁৱৰণ অথবা কিছু চকুলো তেওঁলোকৰ বাবে। যুগ যুগলৈ তেওঁলোকৰ অমৰ প্রেমৰ স্বাক্ষৰ হৈ।
'তথাপিও ,ক'তনো ধুমুহাই সকলো শেষ কৰিব পাৰে! চকুলো থাকে তাত।'
কবিতাটোত আৰম্ভনিৰে পৰা প্রেমৰ ট্রেজিক ৰূপটোৱে অংকিত হৈছে যি মূৰ দোঁৱাবলৈ বাধ্য সমাজৰ বিধানত। ভাল লাগিল উপস্থাপন, উপমা, চিত্রকল্পৰ প্রয়োগ যথাযথ। কিন্তু ,কবিৰ স্বকীয় দৃষ্টিভংগীৰ অভাৱৰ ফলশ্রুতিত কবিতাটোত কিছু স্থবিৰতা তথা সাৱলীলতাত যতি পৰিলক্ষিত হয়। অধিক সাৰ্থক সৃষ্টিৰ বাবে, কবিলৈ শুভকামনা।

কবিঃ অনিন্দিতা কলিতা(Anindita Kalita)ৰ কবিতাঃ*নাৰী*
(আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছাৰে-)
------------------------------------------------------------------------
কবিতাটো নাৰীৰ আৱেগ অনুভূতি,সংবেদনশীলতাক লৈ ৰচিত। নাৰীক আখ্যা দিয়া হয়
'ত্যাগৰ প্রতিমুৰ্তি'। মায়া-মততাৰে ভৰা নাৰীৰ হৃদয়।নিজৰ তৰপে তৰপে সঞ্চিত দুঃখ যন্ত্রনাক হাঁহিমুখে জলাঞ্জলি দি আপোনজনৰ বাবে কৰিব পাৰে চৰম ত্যাগ।
'খুউব নিজৰকৈ কোৱা কথাবোৰ
দ-কৈ সাঁচি থোৱা এজাপ চকুলো'
জন্মতে সকলো স্বাধীন । নাৰীও ব্যতিক্রম নহয়। কিন্তু শৃংখলিত কৰা হয় নাৰীৰ জীৱন, সমাজৰ কৌটিকলীয়া পৰম্পৰা আৰু ৰীতি নীতিৰ দোহাই দি। আকাশ চুব খোজাৰ আকাংক্ষাক দুপতীয়াতে মষিমূৰ কৰা হয়।সেই নোপোৱাৰ বেদনাই , সেই অন্তঃসলিলা বিষাদৰ স্রোতে জীৱন জুৰি কন্দুৱাই।
'লাহেকৈ মেলিব খোজাঁ দুখন স্বাধীন হাত
চুই দিলেই বাজি উঠা বিষাদ বৈভৱ'
অথচ সেই বিষাদ সাৱতি সমগ্র জীৱনটো বহি থাকিব পৰা নাযায়।দায়িত্ব আৰু কৰ্তব্যই তেওঁক বাধ্য কৰে জীৱনৰ ৰংগমঞ্চত পটু ভাৱৰীয়াৰ দৰে, চকুলো সামৰি হাঁহিবলৈ।
অথচ,''গোলাপ গোলাপ জীৱন নাটৰ প্ৰতিটো সংলাপ'' ৷ তথাপিও অনন্যা নাৰী। জীৱনৰ সহস্র ঘাত- প্রতিঘাতটো থমকি নৰয়, নাৰীৰ অভিযান। যুগে যুগে সেয়ে সঁচা। ইতিহাস সাক্ষী আছে যুগান্তৰৰ সেই গৌৰৱ গাঁথাৰ।
'যুগ যুগান্তৰৰ ইতিহাস
অপমান, অপযশ নেওচি
আগুৱাইছে নাৰী।'
কৃচ্ছ সাধনাৰে, শত' প্রতিবন্ধকতা নেওচি নাৰীয়ে আজুৰি আনিছে নিজৰ প্রাপ্য সন্মান। হৃত গৌৰৱ। সেই দৃঢ়তাৰে প্রতিগৰাকী নাৰীৰে থাকে অদমনীয় স্পৃহা।
'গৌৰৱ যাৰ হাতৰ মুঠিত
হাতে হাতে উজ্বল
সোণালী সময়ৰ ছবি।
নাৰী পৃথিৱীৰ অগ্ৰগতি....'
কোৱা হয় নাৰী 'অৰ্দ্ধ-আকাশ'। আজি সততে উচ্ছাৰিত হয় 'নাৰী-মুক্তি' , 'মহিলা-সৱলীকৰণৰ'ৰ কথা। আজি সকলোৱে হৃদয়ংগম কৰিছে পৃথিৱীৰ অৰ্ধেক জনসংখ্যাক পদদলিত কৰি ৰাখি সমাজৰ উন্নতি অসম্ভৱ। অসম্ভৱ একবিংশ শতিকাৰ জয়যাত্রা। কবিতাটোত 'নাৰী' সামূহিক সত্তা। পৃথিৱীৰ সমগ্র নাৰী সমাজৰ প্রতীক। নাৰীৰ চিৰন্তন বিষাদ, সামাজিক প্রতিবন্ধকতা তথা উত্তৰণৰ কাহিনী - এই কবিতা। জীৱনবোধৰ সুক্ষ্মতাৰে নাৰীত্বৰ গৌৰৱক, কাব্যিক ব্যঞ্জনাৰে, সবল প্রকাশ ভংগীমাৰে সাৱলীল ৰূপত মূৰ্ত কৰা এটি কবিতা। কবিতাটোত পাঠকে অনুভৱ কৰিবলৈ সক্ষম, কবিৰ ভাৱৰ অন্তঃপ্রৱাহ।কবিৰ দক্ষতাৰ চানেকী পৰিস্ফুত হয় উপস্থাপন শৈলীত। আৰম্ভনীৰ স্তৱকৰ নাটকীয়তা কিছু হ্রাস হোৱা যেন বোধ হয় সামৰণিত। সামগ্রীক ভাবে এটা ভাল কবিতা। কবিৰ বাবে শুভকামনা।
---------------------------------------------------------------------------------------------------------
- কবিঃ কৌশিক বাস্যস (Kaushik Baiswas)
--------------------------------------------------------------------------------------------
এটা যুগৰ যেন অৱসান। বৰ অসমৰ সাতাম পুৰুষীয়া ঐক্য-সম্প্রীতি আজি অটল গৰাহত পতিত। সময়বোৰ জটিল। কেওফালে অবিশ্বাসৰ দাবানল।আতংকগ্রস্ত প্রতিপল। ক'তেনো হেৰাল পাহাৰ ভৈয়াম,বিভিন্ন জাতি-উপজাতিৰ মহামিলনৰ এনাজৰী,সেই সোণালী সুতাৰ
আঁত।
'ঘৰবোৰ যেতিয়া জ্বলি উঠিল
কোটৰত সোমোৱা
চকুবোৰত
সোণালী সূতাৰ টান'
আজি সামান্য অজুহাততে একোখন গাওঁ জ্বলাই দিবলৈ কুণ্ঠাবোধ নকৰে কোনেও।'ঘৰবোৰ যেতিয়া জ্বলি উঠিল'---বিশ্বাসৰ ছন্দপতন হোৱা অৱক্ষয়িত সময়ৰ প্রতীক। কালিলৈকে ভাতৃৰ দৰে আপোনজনকো আজি পাশবিকতাৰ বলি হৈ অমানুহৰ দৰে মুহুৰ্তৰ ভিতৰতে হত্যা কৰিবলৈও উদ্যত হয় । তেনেই সহজ আজি কৰোবাৰ জীৱন লোৱাটো। বিধ্বস্ত সময়ত, সকলোতকৈ মহঙা সঁচা আন্তৰিকতা। ''কোটৰত সোমোৱা চকুবোৰ'' যন্ত্রনাকাতৰ মানুহৰ প্রতিনিধি , যিসকলে পাহৰি গৈছে বিশ্বাসৰ সূত্র। মানবীয় প্রমূল্যবোধৰ গৰাখহনীয়াত অধঃপতিত পৃথিৱীত ,হৃদয়হীন প্রতিশোধ প্রৱনতাৰ যন্ত্রনাত দগ্ধ হৈও প্রতিজনে কৃত্রিম ভাবে মুখত হাঁহি বিৰিঙাবলৈ বাধ্য।
'যন্ত্ৰণাকাতৰ মুখত
দুই ওঠৰ ফাঁকেদি
নিগৰে
হাঁহি'
এয়ে জীৱন, আজিৰ জটিল সময়ৰ।অথচ সৌ সিদিনাৰ কথা,হয়তো এটা প্রজন্মৰ ব্যৱধান, এনে নাছিল দিনবোৰ।
'নিলগত
চ'ৰাঘৰৰ হেলনীয়া চিয়াৰত
ডাঙৰপিতাৰ
ল'ৰালি'
তেতিয়াৰ দিনবোৰ আছিল উমাল আন্তৰিকতাৰ।'মানুহে মানুহৰ বাবে' ভাবিছিল সহৃদয়তাৰে। নিঃস্ব জনৰ বিপদত, হাত পাতি ধৰি সঁচা আন্তৰিকতাৰে জীৱনৰ বাটত আগ বাঢ়িছিল হাতত হাত থৈ উমাল আন্তৰিকতাৰে। আজিৰ বিপন্ন সময়ৰ এখন চানেকী তুলি ধৰিবলৈ সক্ষম হৈছে কবি কৌশিক বৈশ্বাসে।
' নিলগত
চ'ৰাঘৰৰ হেলনীয়া চিয়াৰত
ডাঙৰপিতাৰ
ল'ৰালি' --চিত্রকল্পৰ সম্যক ব্যৱহাৰ,সংযত শব্দছয়ন,কাব্যিক ব্যঞ্জনা আদিৰ সুষম সমাহাৰেৰে আজিৰ সময়ক প্রতিনিধিত্ব কৰা এটা ভাল কবিতা ।
কিন্তু,আশাবাদিতাৰ অভাব। কবিসকলৰ থাকে উদাত্ত চেতনাপ্রৱাহ। কবিয়ে গাই আশাৰ গান, জীৱনৰ কথাৰে লিখা। নিৰাশাৰ চাকনৈয়াতো কবিৰ হৃদয়ৰ অমল দীপ্তিৰে প্রভাসিত হোৱা উচিত আজিৰ বিকাৰগ্রস্ত পৃথিৱী, মানৱতাৰ শুভেচ্ছাৰে। কবিৰ বাবে শুভকামনা।
-----------------------------------------------------------------------------------
ধন্যবাদ------- অনিতা গগৈ। দিনাংকঃ ৩০।৪।২০১৫
--------------------------------------------------------------------------(ক্রমশঃ)------------

No comments:
Post a Comment