“এপ্ৰিল/২০১৫, পুনৰীক্ষণ-২৩, খণ্ড -২”
(১)কবিতা: যাত্ৰা কবি: নীলাভ সৌৰভ
ৰেলৰ উকি শুনি দীঘল হৈ পৰো মানুহটো
যিদৰে বীজ এটি গছ হয়
গছ মই জীয়াই থকাৰ কাৰণ হয়
জীৱন কঠিন হয়
সপোন সুন্দৰ হয়
সুন্দৰৰ আলিত চৰাই পৰে
বীজ এটি ঠোঁটতলৈ চৰাই উধাও হয়
..........সিমান দীঘল হৈ পৰোঁ
দৌৰি ঢাপৰি ৰেলৰ দবাত উঠোঁ
এফালৰ পৰা উছন হৈ গৈ থাকে
পথাৰ
গাওঁ
দূৰৈৰ পাহাৰ
সুন্দৰী যাত্ৰী নামি যায়
তেওঁৰ মুখৰ ছবিখনে দোলা দি আছিল
লিপষ্টিকৰ ৰঙত নীলা হৈ পৰিছিলোঁ
পালতৰা নাও এখনত এদিন
ছবি আকিবলৈ তেওঁৰদৰে অৱয়বৰ এখন কেনভাচ আনিছিলো
মই তুলিকা হৈ পৰিলোঁ
তেওঁ ৰং
ধূসৰ হৈ হৈ ছবিখনৰ সৈতে নাও ডুব নোযোৱা হ'লে মই চুটি হৈ থাকিবলৈ ভাল পালোহেঁতেন
ক্ষয় হৈ হৈ তুলিকাৰ দৰে
সপোনৰ নাও দিঠকত ডুবে
ফিছা কোবাই কোবাকুবিকৈ মাছবোৰ পলাওঁতে বুজি পালো
সোনালী মাছৰ চমক
ৰূপালী মাছৰ চমক
মাছুৱৈৰ হাতলৈহে দীঘল
সুন্দৰী যাত্ৰীৰ পৰিভ্ৰমী চুলিকোছা,
ৰঙা উৰণিখন হেৰাই যায়
তেওঁ নামি যোৱা ষ্টেচনৰ ভিৰত
সম্বিত ঘুৰাই পাওঁ
যে মইও নামিব লাগিব এঠাইত
তাৰ আগে আগে টালি-টোপোলাবোৰ
সাজু কৰি লওঁ
ঘৰত আলহী আছে
ফেৰীৱালা বোৰ
টোপনিত লালকাল যাত্ৰীবোৰ
কথাত উত্তাল অচিনাকি মুখবোৰ
খিৰিকী ফালি অহা বতাহত উটি যায়
মোৰ বাবে বাটত কোনো ৰৈ থকা নাই
মই যাৰ বাবে গৈ থাকো
আহি থাকো
তেওঁলোকে কথাবোৰ সলনি কৰিলে
যিমান দীঘল হৈ আহিছোঁ
সিমান দীঘল বক্ৰৰেখাত চকা চলি আছে
ইমান সোনকালে মেঘ চাব খোজা নাই
নতুন
কিবা এটাৰ বাবে সেউজীয়া হ'ব খুজিলে
ৰেলে উকিয়াই দিয়ে
দীঘল হৈ পৰো
ৰঙত মচগুল নহ'বলৈ কি নাছিল
ধূলিয়ৰি ছবিখন
মই নিজে অঁকা।।
____________________________
কবি নীলাভ সৌৰভৰ উক্ত কবিতাটি বিবিধ চিত্ৰকল্পৰ সমষ্টি ৷ উদাহৰণস্বৰূপে কবিয়ে লিখিছে—
“বীজ এটি গছ হয়” – ইয়াত বীজৰ পৰা গছ হোৱা ছবিখনি আমাৰ মনলৈ ভাঁহি আহে ৷
আকৌ,
“ দৌৰি ঢাপৰি ৰেলৰ দবাত উঠোঁ
এফালৰ পৰা উছন হৈ গৈ থাকে
পথাৰ
গাওঁ
দূৰৈৰ পাহাৰ”
ৰেলত যাত্ৰা কৰাৰ অভিজ্ঞতা থকা প্ৰতিজন লোকেই উক্ত স্তৱকটি সুন্দৰকৈ অনুভৱ কৰিব৷ তাৰোপৰি আৰু দুটিমান সুন্দৰ চিত্ৰকল্প তলত তুলি দিলোঁ—
“সুন্দৰী যাত্ৰী নামি যায়
তেওঁৰ মুখৰ ছবিখনে দোলা দি আছিল”
আকৌ,
“ফেৰীৱালা বোৰ
টোপনিত লালকাল যাত্ৰীবোৰ
কথাত উত্তাল অচিনাকি মুখবোৰ
খিৰিকী ফালি অহা বতাহত উটি যায়”
ইয়াত “সুন্দৰী যাত্ৰী” বুলি কোৱাৰ লগে লগে এগৰাকী সুন্দৰী গাভৰুৰ ছবি পাঠকৰ মনচক্ষুত ভাঁহি উঠে যি গাভৰুৱে অকনমান সময়ৰ কাৰণে হ’লেও কবিৰ হৃদয় দোলা দি যায় আকৌ ফেৰীৱালাবোৰ, টোপনিত লালকাল যাত্ৰীবোৰ, কথাত উত্তাল অচিনাকি মুখবোৰে এটি পৰিবেশৰ সৃষ্টি কৰিছে যি পৰিবেশ পাঠকৰ বাবেও অতি চিনাকী৷মুঠতে কবিতাটি চিত্ৰকল্পৰ সমষ্টিৰে সুন্দৰ হৈ উঠিছে ৷
ৰেলৰ উকিটোৰ দৰেই দীঘল হৈ পৰে মনৰ কথাবোৰ৷বীজৰ পৰা গছ হোৱাৰ দৰেই জীৱনটোও বিস্তৃত হৈ পৰে৷গতিশীল জীৱন যাত্ৰাত কবিৰ কাৰোবাক ভাল লাগে অথচ দিঠক সদায় সপোনৰ দৰে নহয়৷সেয়ে কবিয়ে লিখিছে –
“সুন্দৰী যাত্ৰীৰ পৰিভ্ৰমী চুলিকোছা
ৰঙা উৰণিখন হেৰাই যায়
তেওঁ নামি যোৱা ষ্টেচনৰ ভিৰত”
কবিয়ে যেন কব’ খুজিছে—“জীৱনটো মাথো এক যাত্ৰা”৷কবিতাটিৰ সাৱলীলতা ক’ৰবাত ক’ৰবাত ব্যাহত হৈছে যেন লাগিলেও কবিতাটিৰ বিষয়বস্তুৱে পাঠকৰ হৃদয় চুই যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(২)
কবি: দ্ৰিচাং বসুমতাৰী
কবিতা: চোৰ
———
দুৱাৰৰ সিপাৰৰ এন্ধাৰ খিনিত ৰৈ আছে সি
মই অনুভৱ কৰিব পাৰিছো তাৰ ভৰি পতাৰ শব্দ
নিশাহত এৰা তাৰ তপত ভাপ
হাতৰ মুঠিত চকামকা ধাতৱ কিবা ..
ঘৰৰ ভিতৰৰে পৰা ।
ইমানকৈ চিঞৰিলো কোন হয় বুলি
চেপা ডিঙিত চি চিঞনি হে বাহিৰ হয় ,
সি ৰৈ আছে এন্ধাৰখিনিত
মই টোপনি যোৱালৈ .. ।
নাই
শুব নোৱাৰি ,
চোৰে তহিলং কৰিব সমুদায় ,
নেলিয়া কটাৰি হাতত লৈ হেদালি খনৰ তলি পালোগৈ
আচৰিত কিবা ,
কোনো নাছিল তাত ।
কবি দ্ৰিচাং বসুমতাৰীৰ “চোৰ” কবিতাটি পঢ়িলে সঁচাই যেন ৰাতিৰ এন্ধাৰত এটা চোৰ ৰৈ আছে—এনে লাগে৷তাৰ ভৰি পতাৰ শব্দ আৰু নিশাহত এৰা তপত ভাপ পাঠকেও অনুভৱ কৰিছে৷ কবিয়ে চোৰটোৰ উপস্হিতিৰ অনুভৱখিনি কবিতাটিৰ যোগেদি পাঠকক দিব পাৰিছে বাবেই কবিতাটি সফল হৈছে৷কবিয়ে যেতিয়া লিখে যে “চেপা ডিঙিত চি চিঞনি হে বাহিৰ হয়” ,তেতিয়াই পাঠকৰ মনত স্পষ্ট হৈ পৰে যে কবিৰ সেইয়া সপোনত দেখা চোৰৰ অনুভৱ হে মাথোঁ৷ কেতিয়াবা যে আমাৰ “ভ্ৰম” হ্য় সেই অনুভৱ কবিয়ে কবিতাটিত ফুটাই তুলিব পাৰিছে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩)
কবিতা: আলহী কবি-ড° বিজিত তালুকদাৰ
এডোঙা নীলা দুখত
মই বুকুলৈকে ডুবি আছো
মোৰেই বাৰীৰ চুকৰ সৰু খালটোত ৷
কিছু দুখ নাভিৰে সোমাই গৈ তেজ হৈছে,
ক'লা তেজবোৰ ধুবলৈ মই উচপিচাই থাকো ৷
তথাপি
দুখবোৰৰ শৰীৰ লাস্যময়ী হোৱা বাবেই নেকি,
সেইবোৰে ৰঙা ভোকবোৰ মোৰ চকুৰ পৰা
ফুঁৱাই আঁতৰোৱাৰ বাবেই নেকি,
আৰু এতিয়া দুখেই মোৰ স্থায়ী ঠিকনা হোৱা বাবেই নেকি
মই উঠি আহিব নোৱাৰো
শেলুৱৈ পিছল পাৰ গচকি ৷
ইচ্ছা-অনিচ্ছাত পাৰ হয় অজস্ৰ ৰাতি-দিন ৷
মোক খুঁটিয়াই-বখলিয়াই
দৈনিক আহাৰ লৈ যায় কাউৰীৰ জাকটোৱে,
বহু দূৰৈৰ মৰুভূমিৰ পৰা সিঁহত সন্ধিয়া আহে ৷
মোৰ সুখৰ দিনৰ বাট ভঙা ক'লা-মেকুৰীজনীয়ে
পোৱালীকেইটাৰ সতে ওমলে মোৰ বিভাজিত চোঁতালত,
তাই ধুনীয়াকৈ ঘৰ বান্ধিছে
দেউতাৰ পুৰণি কাঠৰ চকীখনত ৷
দুখৰ বাৰিষাকালত মই সম্পূৰ্ণকৈ ডুবি অসাৰ হোৱাৰ পাছতেই
এই ডোঙাটো কাৰোবাৰ বাবে
বৰ্ণালীৰ ফোৱাৰা হৈ পৰিব,
নতুন চহৰখনলৈ ফুৰিবলৈ অহা মানুহে ভাবিব
কিছুদিন আগলৈকে ইয়াত এখন হাবি আছিল ৷৷
_____________________________________________
কবি ড০ বিজিত তালুকডাৰৰ “আলহী” কবিতাটি সম্পূৰ্ণৰূপে এটি প্ৰতিকী কবিতা ৷প্ৰতিকী শব্দৰ প্ৰয়োগেৰে কবিয়ে লিখা এটা সুন্দৰ শাৰী—“কিছু দুখ নাভিৰে সোমাই গৈ তেজ হৈছে” –ইয়াত কবি সম্পূৰ্ণ দুখৰ গৰ্ভত,সেয়ে দুখখিনি নাভিৰে সোমাই তেজ হৈছে বুলি কবিয়ে দুখী মনটোকে বুজাব খুজিছে ৷কবিতাটি দুখৰ কবিতা হোৱা স্বত্বেও সুন্দৰ শব্দচয়ন তথা প্ৰতিকী শব্দৰ প্ৰয়োগেৰে কবিতাটি এটি নিটোল কবিতালৈ উত্তীৰ্ণ হৈছে ৷ কবিয়ে লিখা এটি সুন্দৰ চিত্ৰকল্পৰ স্তৱক তলত তুলি দিলোঁ—
“মোৰ সুখৰ দিনৰ বাট ভঙা ক'লা-মেকুৰীজনীয়ে
পোৱালীকেইটাৰ সতে ওমলে মোৰ বিভাজিত চোতালত,
তাই ধুনীয়াকৈ ঘৰ বান্ধিছে
দেউতাৰ পুৰণি কাঠৰ চকীখনত ৷”
কবিৰ সুখৰ দিনবোৰ যি আঁজুৰি ল’লে তেওঁ যেন সুখত আছে অথচ কবি সুখী হ’ব পৰা নাই৷উক্ত স্তৱকটিত ক’লা-মেকুৰীজনীয়ে পোৱালী কেইটাৰ স’তে পৰম আনন্দেৰে ওমলা ছবিখনি আমাৰ মনত ভাঁহি উঠে৷
কবিলৈ শুভেচ্ছা থাকিল৷
(৪)
কবি:-মনোৰঞ্জন বৰা
কবিতা:-যাত্ৰা
একা বেকা বাট
মুগা বৰণীয়া বাট !
সমুদ্ৰামুখী তোমাক স্পৰ্শ কৰা বাট!!
বহুদূৰ আহিলো বগুৱা বাই
উভটি চোৱাৰ প্ৰয়োজনো নাই!!!
ভৰিগোৰাহা নিগৰি নিগৰি
বাটটোৰে উৰ্দ্ধশ্বাসে
বৈ গৈছে হৃদয়ৰ ৰঙাখিনি
কুৱলীৰ চাঁদৰ ফালি
আৰু এই যে হালধীয়া মুকুলি পথাৰ
মোৰ নে তোমাৰ !
দুবাহু মেলা সেউজীয়া খিনি
উৰি আহিছে নীলাভ হৈ
ক্ৰমশ তোমাৰ পৰা মোলৈ !
দুখৰ বৰষুণত নিতিতো
আজি ।
চোৱা !
বগা গোলপীয়া চাতিৰে
নীলা কামিজটো ঢাকি ৰাখিছো
সমুদ্ৰামুখি বাটেৰে আগবাঢ়িছো
কবি মনোৰঞ্জন বৰাৰ “যাত্ৰা” কবিতাটিত এটি আশাভৰা সুৰ শুনিবলৈ পোৱা যায়৷কবিয়ে জীৱনৰ বাটটো যদিও একাবেকা তথাপি এই বাট সুন্দৰ-আপুৰুগীয়া বাট বুলি কব’ বিচাৰিছে যেন লাগে৷ইয়াত কবিয়ে উল্লেখ কৰা “মুগাবৰণীয়া” শব্দটিৰ প্ৰয়োগ মনকৰিবলগীয়া৷কবিয়ে যেতিয়া লিখে –“কুঁৱলীৰ চাদৰ ফালি/আৰু এই যে হালধীয়া মুকলি পথাৰ/মোৰ নে তোমাৰ” ইয়াত কুঁৱলীৰ চাদৰ ফালি জোনাকভৰা এখনি মুকলি পথাৰৰ চিত্ৰকল্প পাঠকৰ মনলৈ আহে ৷ ইয়াত হালধীয়া মুকলি পথাৰে আশাবাদী সুখী মুকলি মন এটাৰ আভাস দিয়ে৷ আকৌ কবিয়ে লিখিছে--
“দুখৰ বৰষুণত নিতিতো
আজি ।
চোৱা !
বগা গোলপীয়া চাতিৰে
নীলা কামিজটো ঢাকি ৰাখিছো
সমুদ্ৰামুখি বাটেৰে আগবাঢ়িছো”
কবিৰ ধনাত্মক দৃষ্টিভংগীয়ে পাঠককো সুখী কৰিছে ৷ কবিতাটি আৰু অলপ ভাল হোৱাৰ থল থকা যেন লাগে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৫)
কবি: সুস্মিতা দাস
কবিতা: পৰিণীতা
তোমাৰ ওঁঠৰ পৰা
নিগৰি অহা বৰ্ণবোৰে
শব্দৰ পৰা বাক্য হৈ
ডেও দি ফুৰে
মোৰ শিৰৰ সেন্দূৰীয়া বাটচ'ৰাত
উক্ত কবিতাটি কণমানি সুখপাঠ্য কবিতা৷ প্ৰিয়জনৰ মুখৰ পৰা নিগৰি অহা বাক্যই প্ৰিয়াক বিয়াত বহিবৰ বাবে আবেগ-বিহবল কৰি তুলিছে—কবিয়ে এই কথাকে কবিতাৰে অতি সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৬)
কবি:-মানসজ্যোতি
কবিতা:-বৰষুণৰ দুটা কবিতা
(এক)
বাঁহপাতৰ ডেউকাত ধৰি
মেঘকন্যা যেতিয়া আহে
উপেন ককাইহঁতৰ বুকত
সোণগুটি ফুলে
(দুই)
অভিমানী আকাশ
আহো আহোকৈও নাহে
কৃষকৰ সপোন বুটলা
বৰষুণজাক
কবি মানসজ্যোতিৰ উক্ত দুয়োটি কবিতাই সুন্দৰ আৰু সৰল ৷ প্ৰথম কবিতাটিত কবিয়ে বৰষুণৰ চিত্ৰকল্প আঁকিছে ৷ ধৰালৈ বৰষুণ নামি আহে—এই কথাটিকে কবিয়ে কবিতাৰে খুব সুন্দৰকৈ লিখিছে—“বাঁহপাতৰ ডেউকাত ধৰি/মেঘকন্যা যেতিয়া আহে” ধৰালৈ বৰষুণ নামি আহিলে উপেন ককাইহঁতৰ দৰে কৃষকৰ বুকুত সোণগুটি ফুলে৷
কেতিয়াবা মেঘে কলা-মলা কৰি ওন্দোলাই থাকে আৰু বৰষুণ আহিব আহিব বুলি ভাবি থাকোতেই যায় অথচ বৰষুণ নাহে তাকে কবিয়ে লিখিছে –
“অভিমানী আকাশ
আহো আহোকৈও নাহে
কৃষকৰ সপোন বুটলা
বৰষুণজাক”
এজাক বৰষুণৰ বাবেই সদা অপেক্ষাৰত কৃষকসকল, যি বৰষুণে এজন কৃষকৰ জীৱনলৈ আশা আৰু সজীৱতা কঢ়িয়াই আনে৷
নি:সন্দেহে কবিতাটি সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৭)
কবিতা:বৃষ্টিচেতনা কবি: প্ৰাঞ্জল বৰা
মাটিৰ কঠিন দেহত
মাটিৰেই আভৰণ
বেলিলৈ চাই ৰোৱা
সূৰুজমূখীৰ সৰল প্ৰাৰ্থনা এটাই যেন
উপচাই ৰাখে মাটিৰেই ওঁঠ
যদি খহি পৰে আকাশ !
মাটিয়ে বুকু পাতি ল'ব
কোনো গন্ধৰ্বৰ বাদ্যৰে যদি
সৰকি পৰে প্ৰাচীনতম ঐনিতম
মাটিয়ে কাণ পাতি শুনিব
চেতনাক সমৃদ্ধ কৰা
হে অনাদি প্লাৱন
তেজৰ গহীনত বিয়পি থকা
হে অমল সুঘ্ৰান
নামি আহা
শীতলতম সুধাৰে তিয়াই দিয়া
মাটিময় দেহজ কুসুম
কবিতাটিত কবিয়ে বৰষুণৰ স’তে মাটিকো প্ৰশস্তি কৰিছে ৷মাটিৰ জন্ম-জন্মান্তৰৰ বিশালতাৰ কথা কবলৈ গৈ কবিয়ে লিখিছে—
“যদি খহি পৰে আকাশ !
মাটিয়ে বুকু পাতি ল'ব
কোনো গন্ধৰ্বৰ বাদ্যৰে যদি
সৰকি পৰে প্ৰাচীনতম ঐনিতম
মাটিয়ে কাণ পাতি শুনিব”
আকৌ কবিয়ে বৰষুণৰ প্ৰশস্তি কৰিছে এনেদৰে—
“চেতনাক সমৃদ্ধ কৰা
হে অনাদি প্লাৱন
তেজৰ গহীনত বিয়পি থকা
হে অমল সুঘ্ৰান
নামি আহা
শীতলতম সুধাৰে তিয়াই দিয়া
মাটিময় দেহজ কুসুম”
সুন্দৰ শব্দচয়ন আৰু ভাবৰ মধুৰতাই পাঠকৰ হৃদয় চুই যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবি:ইন্দ্ৰনীল গায়ন
অলপ গদ্য:
কাহিনী
হয় এয়া কাহিনী....
নিজক বিচাৰি ফুৰাৰ যেন অন্তহীন হাবিয়াস
আপুনি, মই, আমাৰ চৌপাশৰ স্থাবৰ, অস্থাবৰ সকলোবোৰেই একো একোটা কাহিনী৷
য'ৰ পৰা আৰম্ভ হয় কিছু ভাল লগা, কিছু ভাল নলগা৷ ভাল লগাবোৰ যে সদায়ে ভাল লাগিব, তাৰ কোনো মানে নাই৷ আচলতে আপেক্ষিকতাবাদৰ সংজ্ঞা এটাত ভ্ৰমি ফুৰা এখন চহৰে এইবোৰ একো নুবুজে৷
চহৰ....চহৰ...মায়াবী মায়াবী যেন লগা, তেওঁ হয়তো চহৰখনৰ প্ৰেমত পৰিছিল....
" The city of madness of joy"
মেদনেছ্( Madness):
কেতিয়াবা কোনোৱে তেওঁক সোঁধে কাফ্কাৰ মেটামৰফচিছ কিতাপখন আপোনাৰ প্ৰিয় কিয়?
তেওঁ উত্তৰত কয়-
কি ক'ম ময়ো যে বুজিও বুজিব নোৱৰা এটা মেটামৰফচিছ৷
বিচাৰি থাকক বিচাৰি থাকক তথাপি বুজিব নোৱৰা এটা সাঁথৰ৷
সাঁথৰ:
এই যে কাহিনীবোৰত একোটা সাঁথৰ থাকে৷ সেই সাঁথৰটো ভাঙিবলৈও লাগি যায় বহু বছৰ যেন Twist
বছৰ:
দিন, ৰাতি, মাহ....বছৰ পাৰ হৈ যায়৷ কাৰোবাৰ জীৱন সলনি হয়৷ কাৰোবাৰ নষ্ট হয়৷
কোনে জানে কোন কেতিয়া ক'ত হেৰাই যায়৷
কবি ইন্দ্ৰনীল গায়নৰ উক্ত কবিতাটি জীৱন বিষয়ক এটি সুন্দৰ পূৰঠ কবিতা৷কবিতাটিৰ উপস্হাপনশৈলী আৰু সাৱলীলতাই পোনে পোনেই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে ৷কবিৰ সাধনাই ক্ৰমশ: সুগঢ়িত ৰূপ পোৱা যেন লাগে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৯)
কবি: ভাস্কৰজিৎ নাথ
কবিতা:চাকি
জন্মৰে পৰা দেখি আহিছো নি:স্বার্থ ভাবে পোহৰ বিলোৱা চাকিটোক,
নির্জন আন্ধাৰবোৰ দুর্দান্তভাবে আতৰলৈ খেদি পঠিওৱা পোহৰটোক,
তাৰ পোহৰতে পাঠ লুটিয়াই ক'তজন মানুহ হল,
তাৰ ছাঁতে ভৰ দি গাৱলীয়া জীৱন পোহৰে উজ্জল হৈ ৰল।
ঢিমিক ঢামাক কৰি জ্বলা পোহৰটো এতিয়া তেওঁলোকৰ অচিনাকি,
সভ্যতাৰ কোবালত তৰপ বান্ধি সি আজি প্রচীন হৈয়ে ৰ'ল।
আইৰ নিশাৰ সঙ্গী চাকিটো এতিয়া অট্টালিকাত স্হান নাপাই,
খেৰ পাতে চালিওৱা গাৱৰ পঁজা বোৰত সি আজি শুৱনি কোঠা সজাই।
পিতাইৰ ইতিহাসত সি এখন কালজয়ী ছবি,
যি দেখাইছিল বাট সত্য শুদ্ধ আৰূ পোহৰ
শস্য সোণোৱালী।
কবি ভাস্কৰজিৎ নাথৰ “চাকি” কবিতাটি ব্যতিক্ৰমি বিষয়বস্তুৰে এটি সুন্দৰ কবিতা৷ পিতাইৰ ইতিহাসৰ কালজয়ী ছবিৰ দৰে চাকিটো আজি আধুনিক সভ্যতাৰ মেৰপেচত পৰি প্ৰাচীন হ’ল অথচ এই চাকিটোৰেই পাত লুটিয়াই ক’তজন মানুহ হ’ল ৷ কবিতাটি পঢ়ি গ’লে ঢিমাক ঢামাক কৈ জ্বলি থকা পৱিত্ৰ শিখাৰে ভৰা চাকিএটিৰ ছবিএখন মানসপটত ভাঁহি উঠে ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১০)
কবি: দীপ দাস
কবিতা:মই
আজি মই মইহীনতাত ভূগিছো
অনুভৱ কৰিব নোৱাৰো চৌদিশৰ কোলাহল
ক্ৰমান্বয়ে নিৰ্জীৱ হৈ পৰিছে মোৰ শৰীৰ
সেয়ে কিজানি স্তব্ধ হৈ গৈছে
তুমি পৰিচয় কৰাই দিয়া
মোৰ হৃদয়ৰ গুম গুমনি
এতিয়াও মোৰ এখন হৃদয় আছে
কিন্তু ই মাথো এটা যন্ত্ৰ "হৃদযন্ত্ৰ"!
এয়া মইহীনতা নে তুমিহীনতা ?
লোকৰণ্যৰ অন্ধকাৰত একমাত্র তুমিয়েই
এদিন আৱিষ্কাৰ কৰিছিলা মোক
আৰু পৰিচয় কৰাই দিছিলা মোকেই মোৰ সৈতে
এতিয়া তুমি আনৰ পৰিচয়ৰ অৰ্ধাংশ
তোমাৰ নামত যোগ দিলা
আৰু মই আকৌ লোকৰণ্যৰ আন্ধকাৰত
অদৃশ্য হৈ গলো
সেয়েহে কিজানি আজি মোৰ
নিজৰ অস্তিত্বত সন্দেহ ওপজিছে
মই ময়েনে! নে মাথো হাড় মঙহৰ এটি পুতলা !!
কবিৰ “মই” কবিতাটি এটি বিষাদৰ কবিতা৷ কবিতাটিত পাইও হেৰুওৱাৰ বেদনা অনুভৱ কৰিব পাৰি৷ কবিতাটি সৰল যদিও ব্যঞ্জনাৰ অভাৱ দেখা যায় ৷ কবিতাটি আৰু অলপ ভাল হোৱাৰ থল আছিল৷ কবিলৈ শুভেচ্ছা থাকিল৷
(ক্ৰমশ)
Mousumee Bori's photo.
Unlike · Comment
You, Palash B. Barman, বিক্ৰমাদিত্য বৰুৱা, Hirákjyóti Báishýá and 27 others like this.
Pranjal Bora সুন্দৰ আৰু সাৱলীল বিশ্লেষণ। আমাৰ লেখাক আওতালৈ অনাত কৃতজ্ঞতা প্ৰকাশ কৰিলো।
May 12 at 9:47pm · Unlike · 3
Indranil Gayan আলোচনাটি সুখপাঠ্য হৈছে৷
May 12 at 9:48pm · Unlike · 3
Dr-Bijit Talukdar খুব মনোজ্ঞ বিশ্লেষণ ৷ ভাল লাগিল ৷ লগতে আপোনালৈ ধন্যবাদ জনালোঁ ৷
May 12 at 10:09pm · Unlike · 2
Altaf Hussain সুন্দৰ বিশ্লেষণ।
May 12 at 10:11pm · Unlike · 3
Anita Gogoi ভাল লাগিল পৰ্যালোচনা।
May 13 at 8:52am · Like · 1
সুনীল আলিম্যান এটি সাৰগৰ্ভী পৰ্যালোচনা।
May 13 at 9:02am · Edited · Like · 1
আকাশ নীলম জিত্ ভাল লাগিল
May 13 at 10:26am · Like · 1
দীপ দাস পৰ্যালোচনাৰ বাবে ধন্যবাদ । মই সৰুৰে পৰা গল্প উপন্যাসৰ কোলাত ডাঙৰ হোৱা বুলি কলেও ভুল নহব মাজে সময়ে গদ্য তথা প্ৰবন্ধ লিখি আত্ম সম্তুষ্টি লওঁ । সেয়ে কিজানি মোৰ কবিতাবোৰ গদ্যৰ দৰে শুনি তথাপিও নিজকে আৰু এখোজ আগুৱাই লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছো ।
May 13 at 11:27am · Edited · Like · 1
Bhaskar Jit পর্যালোচনাটোৰ পৰা উপকৃত হ'লো, ধন্যবাদ আৰূ কৃতজ্ঞতা থাকিল আপোনালৈ ।
May 13 at 2:34pm · Like · 1
Mousumee Bori সকলোৰে আন্তৰিকতা আৰু সহযোগিতাই উৎসাহিত কৰিছে ৷ সকলোলৈ মোৰ কৃতজ্ঞতা জনালোঁ ৷
May 13 at 9:33pm · Like · 3
Jahnu Bharadwaj bhaal lagil...
May 15 at 9:09am · Like · 1
Anupama Borgohain বৰ সুন্দৰ বিশ্লেষণ । এনে বিশ্লেষণে মোৰ দৰে কবিতা ভালদৰে বুজি নোপোৱা ব্যক্তিক বহুত সহায় কৰে । সেয়ে হয়তো আজিকালি কবিতা আৰু ভালপাবলৈ লৈছোঁ ... !
May 15 at 3:17pm · Unlike · 2
Neelabh Sourav ধন্যবাদ
May 16 at 10:27am · Like · 1
Sushmita Das Thanks a lot.... It really means a lot for me. Thanks again.
16 hrs · Like · 1
No comments:
Post a Comment