Tuesday, 12 May 2015

“এপ্ৰিল/২০১৫, পুনৰীক্ষণ—২৩, খণ্ড-১” :- মৌচুমী বৰি

প্ৰথমে আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আখৰুৱা গোটৰ “পুনৰীক্ষণ” শিতানটি বহু দিনৰ বিৰতিৰ পিছত পুনৰ পৰ্যালোচনা লিখিবলৈ ওলাই বিবুধিত পৰিলোঁ, কিয়জানো মোৰ যেন কলম আগনাবাঢ়িব এনে লাগিল৷ আচলতে কবিতাৰ পৰ্যালোচনা এটি জটিল বিষয়, তেনে এটি জটিল বিষয় অনুশীলন কৰিবলৈ গৈ মাজে মাজে বিবুধিত পৰোঁ৷ সঁচা কথা কবলৈ গ’লে দুই এটা কবিতাৰ পাঠোদ্ধাৰৰ বাবে দহ-বাৰ বাৰ পৰ্যন্ত কবিতাটি পঢ়ি চাব লগা হয় ৷কবিতা পাঠৰ অনুশীলনৰ বিষয়ে লেখক ড০ প্ৰহলাদ কুমাৰ বৰুৱা দেৱে লিখা এটা টোকা অকনমান তলত তুলি দিলোঁ—
“কবিতা পাঠৰ বাবে অনুশীলন কিয় কৰিব লাগে? দৰাচলতে কবিতা যিহেতু সকলো কলাৰ ভিতৰত শ্ৰেষ্ঠ; গতিকে এই সৰ্বোত্তম কলাৰ অনুশীলনে মানুহক প্ৰধানভাবে চাৰিটা দিশত উপকাৰ সাধে৷ এই চাৰিটা দিশৰ প্ৰথমটো হ’ল—জীৱন উপলব্ধিৰ প্ৰতি আগ্ৰহ ৷ জীৱনক গভীৰভাবে উপলব্ধি কৰাত কবিতা পাঠে প্ৰভূত অৰিহণা যোগায়৷দ্বিতীয়টো হ’ল—জীৱনৰ সুকুমাৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহশীলতা ৷ অৰ্থাৎ কবিতা যিহেতু সুকুমাৰ কলা আৰু এইপদ সুকুমাৰ কলাই জীৱনৰ সৌন্দৰ্য আৱিষ্কাৰ কৰে; গতিকে কবিতা পাঠৰ অনুশীলনে মানুহক জীৱনৰ সুকুমাৰ সৌন্দৰ্যৰ সন্ধান দিয়ে আৰু সুকুমাৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহশীল কৰি তোলে৷তৃতীয় দিশটো হ’ল – বোধ আৰু বুদ্ধিৰ জড়তা ভাঙি এই দুয়োটাকে অধিক তীক্ষ্ন কৰি তোলে৷ চতুৰ্থ দিশটো হ’ল—কবিতাৰ অনুশীলনে মননশীলতা বঢ়ায়৷”
কবিতাৰ পৰ্যালোচনা তথা কবিতা লিখাৰ চৰ্চাৰ বাবে কবিতা পাঠৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷এইবাৰো আখৰুৱা গোটৰ “এপ্ৰিল সংখ্যাৰ কবিতা” খিনি বিনম্ৰভাৱে যুগুত কৰিবলৈ চেষ্টা কৰিছোঁ৷আচলতে এই পৰ্যালোচনা মোৰ বাবে এতিয়াও “অনুশীলন” পৰ্যায়তহে আছে, গতিকে অজানিতে হ’ব পৰা ভুল ক্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিলোঁ৷
(১) কবিতা:-শিমলু ফুলা ৰাতিতে তোমাৰ
কাষলে যাম
কবি: * কল্পজ্যোতি শাণ্ডিল্য Posted by Hitesh Sarmah
শিমলু ফুলা ৰাতিতে তোমাৰ কাষলে যাম
মনৰ উৰলত ভাৱনাৰ ধান যদি হৈ পৰে চাউল
তুমি চেনেহৰ তালং আককামে মেৰিয়াই
পুৰাং আপিন ৰান্ধিবা
যতনাই ৰাখিবা বিশ্বাসৰ পঃৰ আপং
এইবেলি ফাগুণত যান্ত্ৰিকতাৰ চ্যুট খুলি
ময়ো পিন্ধিম হেঁপাহৰ মিবুগালুগ
টানি বান্ধিম চেনেহৰ টঙালি
ভৰ পছোৱাই বুকুৰ ঢৌক ভেটা দিলেও
তুমি ৰৈ থাকিবা
সাহসৰ ৰিবিগাছেং আৰু ধৰ্যৰ য়াকান এগে পিন্ধি
এপৰ দুপৰ কৈ বহু পৰ হ'ব
তুমে ভাগি নপৰিবা
জোনে দেখাই দিয়া পোন বাটেৰে গৈ
তোমাৰ ভাৱনাৰ যতি পেলাম
আৰু হাতত সাৰে ভৰিত সাৰে গৈ
লুইতৰ পাৰত বহিম
বহুদিনৰ মূৰত পঃৰ আপঙৰ জুটি ল'ম
দুপৰ বেলিয়ে ৰংসনা চুলিত হাত বুলাই গাম-
"আচি চিকুৰ চিকুৰ ক
মিক্ চি চিকুৰ চিকুৰ ক • • • "
যদিও চকুৰ আতৰ আজি
বহু দিন বহু ৰাতি, তথাপি
তোমাৰ নামতেই উৎসৰ্গীত
মনাকাশৰ অযুত তৰালি
এতিয়া জ্বলি জ্বলি গলি নিয়ৰ হৈ সৰিছে অশ্ৰু
ক্ৰমে সৰি তল ভৰি পৰিছে
অভিমানৰ সৰাপাত
কলি মেলিছে প্ৰনয়ৰ জুইৰঙা পলাশ
সেয়েহে এইবেলি শিমলুফুলাৰ ৰাতিতে
তোমাৰ কাষলে যাম
বুকুৰ দাং খুলি থবা
গৈয়েই স্পৰ্শ কৰিম তোমাৰ উশাহ
প্ৰাণস্পন্দনৰ ছন্দ যদিহে মিলে মোৰ সতে
কৈ থলো1---------
এইবেলি শিমলুবোৰ তুলা হৈ উৰি নৌযাওতেই
তোমাৰ সেউতাত অনামিকাৰ বঠাৰে
মেলিমেই মেলিম
হেপাহৰ ৰঙা পালতৰা নাও **
(তালং আককামে - তৰাপাত , পুৰাং আপিন - তৰাপাতৰ টোপোলা ভাত ,
পঃৰ আপং-ছাইমদ, মিবুগালুগ-দেওধাই চোলা )
________________________________________________________
কবি কল্পজ্যোতি শাণ্ডিল্যৰ কবিতা “শিমলু ফুলা ৰাতিতে তোমাৰ কাষলে যাম” এটি সুখপাঠ্য প্ৰেমৰ কবিতা ৷ প্ৰেমিক কবি দূৰণিত থাকে, সেয়ে অভিমানী প্ৰিয়াক ফাগুনতে লগ কৰিবলৈ অহাৰ কথা কৈছে ৷ কবিতাটিত দুই এটা মিচিং ভাষাৰ শব্দ প্ৰয়োগে কবিতাটিক শুৱনি কৰিছে ৷ কবিতাটি উপস্হাপনশৈলী সৰল-সহজ ৷ প্ৰেমিক কবিৰ হৃদয়ৰ বাৰ্তাই কবিতা পাঠককো সুখী কৰে৷ তাতেই কবিৰ কৃতিত্ব৷ কবিতাটিৰ শেষৰ শাৰীকেইটাই মনোমোহা চিত্ৰকল্পৰ সৃষ্টি কৰিছে –
“এইবেলি শিমলুবোৰ তুলা হৈ উৰি নৌযাওঁতেই
তোমাৰ সেওঁতাত অনামিকাৰ বঠাৰে
মেলিমেই মেলিম
হেঁপাহৰ ৰঙা পালতৰা নাও”
কবিৰ পৰা আৰু ধুনীয়া ধুনীয়া কবিতা পঢ়িবলৈ পাম বুলি বাট চাই ৰলোঁ৷ কবিলৈ আখৰুৱাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ৷
(২) কবিতা: তোমাৰ ভাৱনাত কবি: নৱাকাশ
..............................
কব নোৱাৰাকৈয়ে শব্দবোৰ গোট মাৰে
আৰু হেৰাই যায়
চকুত চকু থলেই যেন চুচুৰ্মৈ হৈ যায়
জোনাকৰ গান
আৰু এটা কবিতাৰ গুমগুমণি
এই যে বাৰে বাৰে তুমি আঁতৰি যোৱা আৰু বাৰে বাৰে তোমাৰ প্ৰেমত পৰাৰ হাবিয়াস বাঢ়ে
আৰু
শব্দবোৰ চন্দবদ্ধ হবলৈ আকুল হয়
সময় এটি অক্টোপাছ
আমি আতৰি যাওঁ ইজনে সিজনৰ পৰা
কঠোৰ হৈ পৰে আমাৰ বুকুৰ ইস্তাহাৰ
এনেকৈয়ে পল প্ৰতিপল যাত্ৰা
তোমাৰ পৰা মোলৈ
অথবা মোৰ পৰা তোলৈ
আৰু এক মিঠা বিষাদ
কবি নৱাকাশৰ “তোমাৰ ভাৱনাত” কবিতাটিত অনুপ্ৰাস শব্দালংকাৰৰ প্ৰয়োগ দেখা যায় ৷ একেটা বৰ্ণ বা ধ্বনি (ব্যঞ্জন) যুক্তভাৱে বা অযুক্তভাৱে এবাৰতকৈ বেছিকৈ ধ্বনিত হ’লেই অনুপ্ৰাস অলংকাৰ বোলা হয়৷ ইয়াত কবিয়ে লিখিছে ---
“চকুত চকু থলেই চুচুৰ্মৈ হৈ যায়
জোনাকৰ গান
আৰু এটা কবিতাৰ গুমগুমণি”
ইয়াত “চ”ব্যঞ্জন ধ্বনি দুবাৰ উচ্চাৰিত হৈছে ৷
আকৌ কবিয়ে লিখিছে – “সময় এটি অক্টোপাছ”
ইয়াত কবিয়ে সাদৃশ্যমূলক অলংকাৰৰ প্ৰয়োগ কৰিছে ৷ সাদৃশ্যমূলক অলংকাৰৰ সৌন্দৰ্য হ’ল দুটা বিসদৃশ বশ্তুৰ মাজত সংযোগ স্হাপন কৰাত ৷ ইয়াত কবিয়ে সময়ক অক্টোপাছৰ লগত তুলনা কৰিছে৷ ইয়াত সময় হৈছে উপমেয় (বিষয়) আৰু অক্টোপাছ হৈছে উপমান (যাৰ লগত তুলনা কৰা হয়) ৷ গোটেই কবিতাটি সামগ্ৰিকভাৱে চাবলৈ গ’লে বিষ্যবস্তু সৰল আৰু সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩)কবিতা:লেঠা নিচিগে কবি:উৎপল জোনাক হাজৰিকা
.………………………………
কোনে ক'ত কাক কাৰ কথা ক'লে
লেঠা নিচিগে
জুৰণি মাতত খোপাত
মাধৈমালতী ফুল ৰুলে
ঐ ফাগুন
তোৰ উৎপাতত চ'ত বলিয়া
দেউ দি দি নাচে
বহাগ বনৰীয়া উলাহে
আহ ঐ আহ ওলাই আহ
চ'তৰ বিহু জুৰিবৰ হ'ল
উজাই নে ভটিয়াই
কোনে বনগীত গালে বাঁহী বালে
চৰচৰনি খালে
জেতুকা
জেতুকাবোৰ কোনে সৰুৱালে
খাৰণি হ'ল
চেপা কলহ এটা চুক এটা ভৰুণ হ'ল
চ'টি এটা
কোনে কাক কলৈ মাতিলে
দিক্ৰং নে ভোগদৈ
জাঁজী নে পাগলাদিয়া
কোন সুঁতিত কোন উটি গ'ল
আহ ঐ আহ
ভমকাফুলীয়া বিহু
জেঙনি বাটতে ৰ'ল
কাকৈ নে সুতুলি
ৰিহা নে পদুলি
ৰিং এটা
ৰিং এটাই
চমচমাই গ'ল গগনা আৰনি বেলা
কলাপাতত চাকি এগচ
এঁৱা সূতা এগজ
____________________________
কবি উৎপল জোনাক হাজৰিকাৰ উক্ত কবিতাটি আখৰুৱাৰ চোতালৰ এটি ধুনীয়া কবিতা৷ কবিতাটি নিটোল ৰূপত গঢ় লৈ উঠিছে ৷ এই কবিতাটিটো অনুপ্ৰাস অলংকাৰৰ প্ৰয়োগ দেখা যায়৷ কবিয়ে কবিতাটি খুব সুন্দৰকৈ আৰম্ভ কৰিছে ---
“কোনে ক’ত কাক কাৰ কথা ক’লে
লেঠা নিচিগে
জুৰণি মাতত খোপাত
মাধৈ মালতী ফুল ৰুলে”
ফাগুনে ব’হাগ অহাৰ বতৰা দিয়ে ৷ কবিয়ে লিখিছে –
“ঐ ফাগুন
তোৰ উৎপাতত চ'ত বলিয়া
দেউ দি দি নাচে
বহাগ বনৰীয়া উলাহে
আহ ঐ আহ ওলাই আহ
চ'তৰ বিহু জুৰিবৰ হ'ল”
আজিৰ বিহুৱে যেন পুৰণি বিহুৰ মৰ্যদা হেৰুৱাইছে, কবিয়ে তেনে অনুভৱ কৰা যেন লাগে যেতিয়া কবিয়ে লিখে ---
“কোনে বনগীত গালে বাঁহী বালে
চৰচৰনি খালে
জেতুকা
জেতুকাবোৰ কোনে সৰুৱালে
খাৰণি হ'ল
চেপা কলহ এটা চুক এটা ভৰুণ হ'ল
চ'টি এটা”
আকৌ---
“আহ ঐ আহ
ভমকাফুলীয়া বিহু
জেঙনি বাটতে ৰ'ল”
কবি আশাবাদী৷ সেয়ে কবিয়ে লিখিছে—
“কলাপাতত চাকি এগছ
এঁৱাসূতা এগজ”
--এইয়া কবিৰ কবিতাৰ সুন্দৰ চিত্ৰকল্প ৷ কবিলৈ শুভেচ্ছা থাকিল ৷
(৪)(''সংস্কৃতি বোৱতী সুঁতি ! কিন্তু সেই সুঁতি কিমানলৈ আগবাঢ়িছে …!''
-তাৰেই অকণমান আৱেগিক প্ৰচেষ্টা !)
কবিতা: আঁচুৱলী কবি: বিশাল দেৱ ৰয়
উদৰ পূৰাইছোঁ, বন্ধকীত থাকিলেও !
মনত
একালৰ আঁহতজোপা, চৰণীয়া পথাৰখন
একোতো নাই; নিজৰ বুলিবলৈ !
পশ্চিমৰ বতাহত কুলিজনী উৰে
আঁৰতেই চকুলো সৰে;
গামখাৰু নেলাগে, কপৌ নুফুলে
বিলাতী ককাইদেউৱে চেৰেককৈ হাঁহে !
ৰঙাৰিহা কোনে পিন্ধে
জোনবিৰি, জেঠীপতাই নীৰৱে উচুপে !
জানো,
বসন্ত যে এতিয়া, বন্ধকীত !
আৰু সেই বসন্তই ওপচাই দিয়ে
জাংফাই কেৰু, ধানসিৰীয়া খাৰু
উদৰ পূৰাই
নুফুলা বিহু !
প্ৰাণৰ বুলিবলৈ
ঢুলীয়া নাই, নাচনী নাই
নাই বিহুতলী কিম্বা
চেনাইৰ চেনেহ ভৰা আঁচুৱলী !
আজি, বিদেশ সম্ভাৰত অভ্যস্ত ব'হাগী
বিহুৱা ডেকাৰ আবদাৰত নেনাচে লাহৰী;
সেই বিহুৱানৰ আঁচুৱলীও নাই
সেই বিহুৱতীৰ বিহুও নাই !
_________________________
কবি বিশাল দেৱ ৰয়ৰ সুন্দৰ শিৰোণামৰ কবিতা “আঁচুৱলী” ৷ কবিতাটিত কবিয়ে অসমীয়া জাতীয় সংস্কৃতি বুকুৰ আপোন বিহুৱে নিজস্ব হেৰুৱাই বন্ধকীত গৈছে বুলি অভিমান কৰিছে ৷নি:সন্দেহে কবিতাটি সময়োপযুগী সুন্দৰ নিটোল কবিতা৷কবিতাটিত ব্যৱহাৰ কৰা গামখাৰু, জোনবিৰি, জেঠীপতা, জাংফাই, কেৰু, ধানসিৰীয়া খাৰু আদি শব্দৰ প্ৰয়োগে কবিতাটিক শুৱনি কৰিছে ৷ কবিলৈ অলেখ শুভেচ্ছা ৰ’ল ৷
(৫)
কবিতা: "আপোচ" কবি:-দীপালি দুৱৰা
কথাবোৰ আধৰুৱা হ'ল
তেওঁ ফু মাৰি চাকিটো নুমোৱাই দিলে
বুকুৰ কোঠালিত এতিয়া আন্ধাৰ।
বহাগ অহাৰ খবৰটোত তেওঁ অসন্তুষ্ট
তেওঁ আপোচৰ পক্ষত নাই।
মোৰ কি গৰজ পৰিছে
তেও
কবিৰ “আপোচ” কবিতাটি ব্যক্তিগত অনুভৱৰ মূৰ্ত প্ৰকাশ৷ কবিয়ে লিখিছে –
তেওঁ ফু মাৰি চাকিটো নুমোৱাই দিলে
বুকুৰ কোঠালিত এতিয়া আন্ধাৰ।
বহাগ অহাৰ খবৰটোত তেওঁ অসন্তুষ্ট
তেওঁ আপোচৰ পক্ষত নাই।
কবিৰ কোনোবা প্ৰিয়জনে আপোচৰ পক্ষত নাথাকি ফু মাৰি চাকিটো নুমোৱাই দিলে। চাকিৰ পোহৰেৰে উজ্জ্বল কোঠাটোলৈ হঠাতে এন্ধাৰ নামি আহিল। আচলতে কবিৰ প্ৰিয়জন ব'হাগ অহাৰ খবৰটোত অসন্তুষ্ট। আনপিনে কবিৰ তীব্ৰ আকৰ্ষণ জাগিছে ব'হাগলৈ, বিহুলৈ। তেনে পৰিৱেশত যেতিয়া প্ৰিয়ব্যক্তিজন 'আপোচ'ৰ পক্ষত নাথাকিল৷ কবিয়ে “ব’হাগ” শব্দটিক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে ৷কবিলৈ শুভেচ্ছা থাকিল৷
(৬)
কবিতা: বৈধব্য কবি: মেঘালী দিহিঙীয়া
ৰংবোৰৰ গাত হঠাতে জুই লাগিল ৷
অলপ আগেয়ে
গা ৰাইজাঁই কৰা বৰষুণ এজাকত
বুকুখন তিতি আছিল,
এতিয়া গোটেইখন ধোঁৱাময় হ'ল ৷
সপোনবোৰ এতিয়া সপোন নহয়
উশাহবোৰ এতিয়া উশাহ নহয়
দিনবোৰ এতিয়া ৰাতি নহয়
ৰাতিবোৰ এতিয়া দিন
এতিয়া জোনাকবোৰ ছাঁই
নিয়ৰবোৰ নিমখীয়া
আকাশখন এতিয়া বিষাদৰ ঠিকনা ৷
শতিকাজুৰি ইয়াতে বৈ আছিল
চিনাকী নৈখন,
বৰষুণে জেহাদ ৰচিলে আকাশৰ বিৰুদ্ধে
নৈখন এতিয়া বহুদূৰৈত…
চজিনাগছৰ ফেৰেঙনিত
ওলমি থাকিল পঁয়ালগা বেলি ৷
চজিনাফুলে নাজানে
বেলিয়েও নাজানে
এমুঠি ৰ'দৰ কিমান দাম !!
এতিয়া ৰংহীনতাৰ বজাৰত
উশাহবোৰ নীলাম হয়
আত্মাই উচুপে
আৰু,
শূন্যতাৰ চোলা পিন্ধি
খোজকাঢ়ি গুচি যায় ঘূণীয়া সময় ৷
______________
কবিৰ “বৈধব্য” কবিতাটি এটি হৃদয় চুই যোৱা কবিতা৷ কবিয়ে কবিতাটিৰ উপস্হাপনশৈলীত কৃতিত্ব দেখুৱাইছে বুলিব পাৰি৷ “বৈধব্য” শব্দটিয়েই এটি যাতনাৰেভৰা দুখৰ শব্দ৷ কবিয়ে লিখিছে—
“সপোনবোৰ এতিয়া সপোন নহয়
উশাহবোৰ এতিয়া উশাহ নহয়
দিনবোৰ এতিয়া ৰাতি নহয়
ৰাতিবোৰ এতিয়া দিন
এতিয়া জোনাকবোৰ ছাঁই
নিয়ৰবোৰ নিমখীয়া
আকাশখন এতিয়া বিষাদৰ ঠিকনা ৷”
কবিতাটিত ব্যৱহাৰ কৰা “পঁয়ালগা বেলি”, “চজিনা গছ”, “ৰ’দ” আদিৰ দৰে উপমা মনকৰিবলগীয়া৷
কবিয়ে সমাজৰ কঠোৰতাৰ প্ৰতি এক প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়াস কৰিছে। যন্ত্ৰণাকাতৰ বৈধব্যৰ কঠিন জীৱন যাত্ৰাক গভীৰ ভাবে উপলব্ধি কৰাৰ যত্ন কৰিছে বাবেই কবিয়ে ক'ব পাৰিছে-
'এতিয়া ৰংহীনতাৰ বজাৰত
উশাহবোৰ নীলাম হয়
আত্মাই উচুপে'
কবি মেঘালী দিহিঙীয়াৰ কাব্য-চৰ্চাৰ প্ৰতি শুভেচ্ছা থাকিল৷
(৭)
কবিতা: বৰষুণ কবি:-আলতাফ হুছেইন
এক প্ৰাচীনতম সংগীতৰ অপেক্ষাত
মেঘৰ ওঁঠত মাটিয়ে গুজি থয়
প্ৰতীক্ষাৰ দুকাণ,
যি সংগীতে অন্তঃসত্বা কৰিব পাৰে
একালৰ উদঙ পথাৰ
নিঃশেষ কৰিব পাৰে ভোকৰ ভয়ানক
ভূগোল ।
যাৰ প্ৰতিটো স্পৰ্শত
গছবোৰে এপদ এপদকৈ সোলোকাই থয়
দেহৰ সমস্ত খৰাং,
আৰ্তনাদৰ অকথিত অতীত বোৰ পাহৰি
গছে আকাশলে' হেঁপাহেৰে মুৰ দাঙি চাই
আকাশে বুকু ফালি বোৱাই দিয়ে
এআকাশ বন্যা
যাৰ প্ৰতিটো বিন্দুত লিখা থাকে
সুখী হোৱাৰ সৰল সংজ্ঞা ।
মোৰ আইয়ে পিতাইক ভালপোৱাৰ দৰেই
ভালপায় সেই গান
যি গানে হতাশাৰ চহৰত ফুলাব জানে
আশাৰ অযুত ফুল
হিমচেঁচা আঙুলিৰে যি নিচুকাব জানে
দুখৰ দীঘল ৰাতি,
দলিয়াই নিঃস্বতাৰ সকলো বুৰঞ্জী
যাৰ আঁচলত খোদিত হয়
এখন সেউজ সেউজ পৃথিৱী।
কবি আলতাফ হুছেইনৰ “বৰষুণ” এটি সুন্দৰ কবিতা৷ বৰষুণ মানেই প্ৰাণ-প্ৰাচুৰ্য, বৰষুণ মানেই আশা, সজীৱতা!গোটেই কবিতাটিয়েই বৰষুণৰ গানেৰে লালিত্যপূৰ্ণ৷ কবিতাটিৰ উপস্হাপনশৈলী সুন্দৰ আৰু সাৱলীল৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবিতা:শিল্পী কবি:- অনুপম মেধি
সোনপাঁহীৰ মুখত আজি মিছিকি হাঁহি৷
সৌ সেইদিনাই সুলকি পৰিছিল লাজবোৰ...
আৰু লাজ বুটলি বুটলি মই হৈ পৰিছিলো এজন
শিল্পী৷
কবি অনুপম মেধিৰ কবিতা “শিল্পী” পঢ়িলে এনে লাগে লাজুকী সোণপাহীৰ যিদিনাই লাজ ভাগিল সেইদিনাৰ পৰাই কবি শিল্পী হ’ল ৷ এগৰাকী নাৰীৰ প্ৰেমে প্ৰেমিকক শিল্পী কৰি তুলিছে৷ কবিতাটি সৰু অথচ অৰ্থবহ৷ কবিৰ পৰা আৰু ভাল কবিতা পঢ়িবলৈ পোৱাৰ আশা থাকিল৷ কবিক শুভেচ্ছা জনালোঁ৷
(৯)
কবি: চাৰ্জেন ৰাভা মেগো
কবিতা : পৰিৱৰ্তন । সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈছে । পৰিৱৰ্তন হৈছে সমাজ । পৰিৱৰ্তন হৈছে মানুহ । কিন্তু তেওঁলোক । পৰিৱৰ্তিত সমাজৰ স'তে খোজত খোজ মিলাব নোৱাৰি অত্যন্ত দুখ আৰু বেদনাৰে জৰ্জৰিত তেওঁলোক । বেচেৰা তেওঁলোক । মাথোঁ হুমুনিয়াহ কাঢ়িছে । বাৰে বাৰে সোঁৱৰী আছে । আমাৰ দিনবোৰেই ভাল আছিল । আমাৰ দিনবোৰেই ভাল আছিল ।
বিঃদ্ৰঃ
আৰু দুটামান দশকৰ পাছত আমিও ক'বলৈ বাধ্য হ'ম -
"আমাৰ দিনবোৰেই ভাল আছিল"
পুত্ৰই সজা আকাশচুম্বী অট্টালিকাৰ
কোঠা এটাৰ খিৰিকীমুখত বহি
বৃদ্ধ পিতৃ-মাতৃয়ে ভাবি থাকে –
আমাৰ দিনবোৰেই ভাল আছিল
যদিও ঘৰবোৰত খিৰিকী নাছিল
মন গ'লেই
চোতালত বহি
আকাশৰ বিশালতা চাব পাৰিছিল
বিজুলীবাতি নাছিল
জোনাকীপৰুৱাই গোটেইখন পোহৰাইছিল
চৰাইৰ মাতত
মানুহবোৰে পাটী এৰিছিল
কামলৈ ওলাই গৈছিল ।
কবি চাৰজেন ৰাভা মেগৰ উক্ত কবিতাটি সুখপাঠ্য আৰু সৰল সহজ৷ সময় গতিশীল৷ গতিশীল সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে সমাজ৷যিসকল লোকে পৰিৱৰ্তিত সময়ৰ স’তে খাপ খাব পৰা নাই তেওঁলোকৰ মুখত এটা কথা সততে শুনা যায় –“আমাৰ দিনবোৰেই ভাল আছিল”৷ যিদৰে বৃদ্ধ পিতৃ-মাতৃয়ে সোঁৱৰণী দলিচা মেলি কৈ উঠে--–“আমাৰ দিনবোৰেই ভাল আছিল”, নতুন প্ৰজন্মইও হয়তো এদিন কব’ আমাৰ দিনবোৰেই ভাল আছিল৷কবিৰ আৰু ভাল কবিতা পঢ়িবলৈ পোৱাৰ আশাৰে কবিক শুভেচ্ছা জনালোঁ৷
(১০)
কবিতা:মাজে মাজে মোৰ কবি: বিক্ৰমাদিত্য বৰুৱা
মাজে মাজে মোৰ কান্দিবলৈ বৰ মন যায়
এনেয়ে
অকাৰণে
কান্দিলে শোকবোৰে ভাল পায়
বুকুত শোকবোৰ লালন কৰি আহিছোঁ আজন্ম
সততে শোকবোৰৰ ভাল লগা বেয়া লগা কথাবোৰ লক্ষ ৰাখো
শোকবোৰ মোৰ সহচৰ
কান্দোনত বৰষুণ তিতে
আৰু
ৰূপকথা আওঁৰাই
মোৰ ভাল লাগে
কান্দোনবোৰ কান্দিবলে' মন যাই সেয়ে
কোনো অজুহাত নোহোৱাকৈ
বৰষুণৰ ৰূপকথা শুনিবলৈ
বেপৰোৱা ভাৱে কান্দো আহক আজি
নিজৰ সৈতে
আজি কন্দাৰ বতৰ !
আজি শোক উদযাপনৰ বতৰ !
আজি আপুনি নাকান্দি শোকত থাকিলে শোকবোৰে শোক পাব !
কবিৰ কবিতাটি সাৱলীল ভাৱে আগবাঢ়িছে৷ কবিতাটি সৰল সহজ আৰু সুখপাঠ্য যদিও ব্যঞ্জনাৰ অভাৱ দেখা যায়৷কেতিয়াবা আমাৰ মনলৈ কোনো কাৰণ নোহোৱাকৈ হঠাতে বিষাদ নামি আহে ৷কিন্তু কবিয়ে এই বিষাদ নামৰ কান্দোনখিনিক আশাবাদী দৃষ্টিৰে চাইছে৷কবিয়ে লিখিছে—
“কান্দোনত বৰষুণ তিতে
আৰু
ৰূপকথা আওঁৰাই
মোৰ ভাল লাগে
কান্দোনবোৰ কান্দিবলে' মন যাই সেয়ে
কোনো অজুহাত নোহোৱাকৈ
বৰষুণৰ ৰূপকথা শুনিবলৈ”
শেষত কবিয়ে শোক উদযাপন কৰিবলৈ আহবান কৰিছে---
“বেপৰোৱা ভাৱে কান্দো আহক আজি
নিজৰ সৈতে
আজি কন্দাৰ বতৰ !
আজি শোক উদযাপনৰ বতৰ !”
কবিতাটিত অনুপ্ৰাস অলংকাৰৰ প্ৰয়োগ দেখা যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(ক্ৰমশ:)

No comments:

Post a Comment