Wednesday, 20 May 2015

"চানেকি" : এপ্ৰিল, ২০১৫ সংখ্যা "প্ৰকাশ" আলোচনীৰ এটি কবিতাৰ আলোচনা: ছাৰ্জেন আৰ মেগো

Sarzen R. Mego with Hirákjyóti Báishýá and Manohar Dutta (১৭ এপ্ৰিল ২০১৫)

"চানেকি" এপ্ৰিল, ২০১৫, "প্ৰকাশ" আলোচনীৰ পৰা কমল কুমাৰ তাঁতীৰ 'বজাৰত শামুক' শীৰ্ষক কবিতাটো । >>>>>>>
কবিতা । কবিতা হ'ল সাহিত্যৰ আটাইতকৈ কঠিন বিভাগ । কবিতা এটা লিখিবলৈ যিমান কঠিন তাতোকৈ কঠিন কবিতা এটা পঢ়ি বুজি উঠাটো । আৰু তাতোকৈ কঠিন কবিতা এটাৰ সমালোচনা আগবঢ়োৱাটো । যদিহে কোনো এটা প্ৰশ্ন সেই বিষয়বস্তুৰ জ্ঞান নোহোৱা এজন মানুহক কৰা হয় । তেতিয়া সেই মানুহজনৰ পৰা কেতিয়াও এটা সঠিক উত্তৰ আশা কৰিব নোৱাৰি । 'আখৰুৱা'ৰ এপ্ৰিল মাহৰ চানেকি শিতানটোৰ দায়িত্ব দিওঁতে এই কথাই মোৰ মনত বৰকৈ খেলাই আছিল । যিয়ে নহওক এপ্ৰিল মাহৰ চানেকি শিতানৰ বাবে মই বসন্ত বিশেষ এপ্ৰিল, ২০১৫ সংখ্যাৰ 'প্ৰকাশ' আলোচনীখনৰ পৰা কবি কমল কুমাৰ তাঁতীৰ 'বজাৰত শামুক' শীৰ্ষক কবিতাটো বাচি লৈছোঁ । আলোচনীখনত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত এই কবিতাটোৱে মোৰ আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছিল । কমল কুমাৰ তাঁতী হ'ল অসমৰ যুৱ কবিসকলৰ ভিতৰত অন্যতম । তেওঁৰ কবিতাই অসমৰ পাঠক আৰু সমালোচকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁৰ অৱদানক স্বীকাৰ কৰিবই লাগিব । কবিতাটোৰ বিষয়ে লিখাৰ আগতে তলত কবিতাটো তুলি দিলোঁ ।
“বজাৰত শামুক”
বজাৰবোৰত 
সেইদিনা আছিল 
নিলামৰ দিন
বজাৰ ঘূৰিলো । দেখিলো 
নিলামৰ নীতি আৰু দুৰ্নীতি
ওভতনিৰ বাটত 
মোৰ পিছে পিছে আহিছিল 
এটা শামুক
শামুকটোৱে মোক দেখি 
ক'বলৈ ধৰিলে –
বজাৰবোৰৰ বাট 
বৰ পিছল
গাত যদি নাই শকতি 
গাত যদি নাই ধনৰ বল
বজাৰত এদিন তুমি নিজেই 
নিলাম হৈ যাবা
মই ভাবিবলৈ ধৰিলো -
বজাৰত বজাৰবোৰৰ যুঁজ 
নে বজাৰ আৰু মানুহৰ যুঁজ
নে মানুহে মানুহৰ 
অসমান যুঁজ
দুই ম'হৰ যুঁজত 
বিৰিণাৰ মৰণ 
পিছে সকলোতে । #
কমল কুমাৰ তাঁতীৰ 'বজাৰত শামুক' শীৰ্ষক 'প্ৰকাশ' আলোচনীৰ বসন্ত বিশেষ এপ্ৰিল সংখ্যাত প্ৰকাশিত কবিতাটো এটা সমাজ সচেতন কবিতা । বৰ্তমান সমাজখনক বিশ্বায়নে অস্থিৰ আৰু দ্ৰুত কৰি তুলিছে । এই অস্থিৰতা আৰু দ্ৰুততাৰ বাবে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে সময়ৰ স'তে খোজ মিলাই যাবলৈ কিছু অসুবিধা আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে । কবিতাটোৰ শিৰোনামাত ব্যৱহৃত 'বজাৰ' আৰু 'শামুক' শব্দ দুটাই কবিতাটোৰ আভ্যন্তৰিক অৰ্থ উদঘাটনত সহজ কৰি তুলিছে । বজাৰ বুলি ক'লে আমি সাধাৰণতে এনে এখন ঠাইক বুজো, য'ত অসংখ্য মানুহ সমাগম হৈ বস্তু-বাহানিৰ কিনা-বেচা, আদান-প্ৰদান কৰে । কিন্তু কবিতাটোত এই 'বজাৰ' শব্দটোৱে অন্য অৰ্থ বহন কৰিছে । ইয়াত 'বজাৰ' বুলি কৈ বৰ্তমানৰ সমাজখনক বুজাব বিচাৰিছে । আনহাতে শামুক হ'ল টান খোলা এটাৰে আবৃত পানীত থকা এবিধ সৰীসৃপ প্ৰাণী । এই প্ৰাণীবিধ অতি লেহেমীয়া গতিৰে আগবাঢ়ি যায় । কবিতাটোত 'শামুক'ক বৰ্তমান সমাজখনৰ নিন্ম শ্ৰেণীৰ মানুহখিনিকে বুজাইছে । যিটো অতি সাৰ্থক তুলনা বুলি ক'ব পাৰি ।
"বজাৰবোৰত 
সেইদিনা আছিল 
নিলামৰ দিন
বজাৰ ঘূৰিলো । দেখিলো 
নিলামৰ নীতি আৰু দুৰ্নীতি"
কবিতাটোৰ প্ৰথম দুটা স্তৱকত কবি এজন সমাজ সচেতক ব্যক্তি হৈ সমাজখনৰ ৰেহ-ৰূপ নিৰীক্ষণ কৰিছে । সমাজখনৰ সকলো ঠাই ঘুৰি আৰু সমাজৰ সকলো নীতি-নিয়ম দেখি কবিয়ে উপলব্ধি কৰিছে যে সমাজখন এতিয়া নিলামত পৰিণত হৈছে । নিলামৰ যিবোৰ নীতি সেইবোৰো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে পোত গৈ আছে ।
"শামুকটোৱে মোক দেখি 
ক'বলৈ ধৰিলে –
বজাৰবোৰৰ বাট 
বৰ পিছল
গাত যদি নাই শকতি 
গাত যদি নাই ধনৰ বল
বজাৰত এদিন তুমি নিজেই 
নিলাম হৈ যাবা"
কবিতাটোৰ মাজৰ এই স্তৱককেইটাত কবিয়ে নিন্ম শ্ৰেণীৰ মানুহৰ মনৰ যিখিন ভাব তাকেই ব্যাখ্যা কৰিবলৈ যত্ন কৰিছে । অপ্ৰিয় হ'লেও এটা কথা সত্য যে যাৰ গাত বেছি বল আছে, যাৰ হাতত বেছি ধন-সম্পত্তি আছে তেওঁহে এই পৃথিৱীত তিষ্ঠি থাকিব পাৰিব এনে এটা নীতিৰে বৰ্তমান সমাজখন চলি আছে । ধনে-বলে সম্পত্তিশালী মানুহৰ পক্ষে আইন শৃংখলাও ধাৱমান হৈছে । কিন্তু পেটে-ভাতে খাই থকা মনুহখিনিৰ কথা কোনে ভাবিব । তেওঁলোকে যে সমাজৰ সম্পত্তিশালী শ্ৰেণীটোৰ হেঁচাত উশাহ এটা ল'বলৈও বিন্ধা এটা পোৱা নাই । যাৰ বাবে নিজকে বিক্ৰী কবিৰলৈ উপক্ৰম হৈছে ।
"বজাৰত বজাৰবোৰৰ যুঁজ 
নে বজাৰ আৰু মানুহৰ যুঁজ
নে মানুহে মানুহৰ 
অসমান যুঁজ"
কবিতাটোৰ এই দুটা স্তৱকত কবিয়ে নিজেই সন্দিহান হৈছে আচলতে বৰ্তমান সমাজখনৰ অস্থিৰতাৰ কাৰণ কি ! এচাম সম্পত্তিশালী বিত্তবান মানুহে বৰ্তমান সমাজখন চলাই থকা বুলি ক'লেও বঢ়াই কোৱা নহ'ব । কিন্তু তেওঁলোকৰ মাজতে দেখোন মিলা-প্ৰীতি নাই । সম্পত্তিক লৈ, পদৱীক লৈ তেওঁলোকৰ মাজতে প্ৰতিদিনে খোৱা-কামোৰাৰ এখন মীমাংসাহীন যুদ্ধ চলি থাকে । সেয়ে কবিয়ে নিজকে প্ৰশ্ন কৰিছে আচলতে এই যুদ্ধখন বৰ্তমান সমাজখনৰ মাজতে আন আন সমাজৰ ( ধনী সমাজ, মধ্যবিত্ত সমাজ আৰু দুখীয়া সমাজ ) যুদ্ধ নে বৰ্তমান সমাজখন আৰু মানুহৰ যুদ্ধ ? নে মানুহৰ মাজত মানুহৰে যুদ্ধ ?
"দুই ম'হৰ যুঁজত 
বিৰিণাৰ মৰণ 
পিছে সকলোতে"
কবিয়ে কবিতাটো শেষ কৰিছে অসমীয়া সমাজত প্ৰচলিত "দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ" ফকৰা যোজনাটিৰে । ইয়ে পাঠকক কবিতাটোয়ে দিব খোজা বাৰ্তাটোক স্পষ্ট কৰি দিছে ।
আগতেও কৈছোঁ এতিয়াও কওঁ কমল কুমাৰ তাঁতীৰ 'বজাৰত শামুক' শীৰ্ষক কবিতাটো এটা সমাজ সচেতন কবিতা । কবিয়ে বৰ্তমান সমাজক কবিতাটোত সুন্দৰ ভাবে অংকন কৰিছে । সহজ-সৰল ভাষা, বাক্যগাঠনি আৰু উপস্থাপনৰ বাবে এই কবিতাটো সকলো শ্ৰেণীৰ পাঠকৰে প্ৰিয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস । সমাপ্ত ।
Unlike · Comment
You, Palash B. Barman, Mousumee Bori, বিক্ৰমাদিত্য বৰুৱা and 19 others like this.

Hirákjyóti Báishýá সুন্দৰ আলোচনা৷ কবিতাৰ বাছনিও ভাল হৈছে৷
18 hrs · Like · 1

Dhananjai Sinha সঁচা কথা !
17 hrs · Like · 1

Samsul Haque ওপৰত উল্লেখ কৰা ধৰণে শামুক সৰীসৃপ প্ৰাণী নহয়চোন ৷ শামুক অক্টোপাছ পৰিয়ালৰে এবিধ প্ৰাণী ৷ 'নিলাম' আৰু 'নীলাম' দুয়োটা শব্দ একাধিকবাৰ লিখা হৈছে ৷ অসমীয়াতে নিলাম বুলিহে লিখে ৷ ধন্যবাদ ৷
17 hrs · Like · 2

Mousumee Bori আলোচনাটি পঢি ভাল লাগিল৷
17 hrs · Like · 1

Sarzen R. Mego ধন্যবাদ ভুলবোৰ দেখুৱাই দিয়াৰ কাৰণে । @ Samsul Haque
5 hrs · Like · 1

Tuesday, 19 May 2015

পুনৰীক্ষণ-২৩ : এপ্ৰিল/২০১৫ : খণ্ড -২ : মৌচুমী বৰি

“এপ্ৰিল/২০১৫, পুনৰীক্ষণ-২৩, খণ্ড -২”
(১)কবিতা: যাত্ৰা কবি: নীলাভ সৌৰভ
ৰেলৰ উকি শুনি দীঘল হৈ পৰো মানুহটো
যিদৰে বীজ এটি গছ হয়
গছ মই জীয়াই থকাৰ কাৰণ হয়
জীৱন কঠিন হয়
সপোন সুন্দৰ হয়
সুন্দৰৰ আলিত চৰাই পৰে
বীজ এটি ঠোঁটতলৈ চৰাই উধাও হয়
..........সিমান দীঘল হৈ পৰোঁ
দৌৰি ঢাপৰি ৰেলৰ দবাত উঠোঁ
এফালৰ পৰা উছন হৈ গৈ থাকে
পথাৰ
গাওঁ
দূৰৈৰ পাহাৰ
সুন্দৰী যাত্ৰী নামি যায়
তেওঁৰ মুখৰ ছবিখনে দোলা দি আছিল
লিপষ্টিকৰ ৰঙত নীলা হৈ পৰিছিলোঁ
পালতৰা নাও এখনত এদিন
ছবি আকিবলৈ তেওঁৰদৰে অৱয়বৰ এখন কেনভাচ আনিছিলো
মই তুলিকা হৈ পৰিলোঁ
তেওঁ ৰং
ধূসৰ হৈ হৈ ছবিখনৰ সৈতে নাও ডুব নোযোৱা হ'লে মই চুটি হৈ থাকিবলৈ ভাল পালোহেঁতেন
ক্ষয় হৈ হৈ তুলিকাৰ দৰে
সপোনৰ নাও দিঠকত ডুবে
ফিছা কোবাই কোবাকুবিকৈ মাছবোৰ পলাওঁতে বুজি পালো
সোনালী মাছৰ চমক
ৰূপালী মাছৰ চমক
মাছুৱৈৰ হাতলৈহে দীঘল
সুন্দৰী যাত্ৰীৰ পৰিভ্ৰমী চুলিকোছা,
ৰঙা উৰণিখন হেৰাই যায়
তেওঁ নামি যোৱা ষ্টেচনৰ ভিৰত
সম্বিত ঘুৰাই পাওঁ
যে মইও নামিব লাগিব এঠাইত
তাৰ আগে আগে টালি-টোপোলাবোৰ
সাজু কৰি লওঁ
ঘৰত আলহী আছে
ফেৰীৱালা বোৰ
টোপনিত লালকাল যাত্ৰীবোৰ
কথাত উত্তাল অচিনাকি মুখবোৰ
খিৰিকী ফালি অহা বতাহত উটি যায়
মোৰ বাবে বাটত কোনো ৰৈ থকা নাই
মই যাৰ বাবে গৈ থাকো
আহি থাকো
তেওঁলোকে কথাবোৰ সলনি কৰিলে
যিমান দীঘল হৈ আহিছোঁ
সিমান দীঘল বক্ৰৰেখাত চকা চলি আছে
ইমান সোনকালে মেঘ চাব খোজা নাই
নতুন
কিবা এটাৰ বাবে সেউজীয়া হ'ব খুজিলে
ৰেলে উকিয়াই দিয়ে
দীঘল হৈ পৰো
ৰঙত মচগুল নহ'বলৈ কি নাছিল
ধূলিয়ৰি ছবিখন
মই নিজে অঁকা।‌।‌
____________________________
কবি নীলাভ সৌৰভৰ উক্ত কবিতাটি বিবিধ চিত্ৰকল্পৰ সমষ্টি ৷ উদাহৰণস্বৰূপে কবিয়ে লিখিছে—
“বীজ এটি গছ হয়” – ইয়াত বীজৰ পৰা গছ হোৱা ছবিখনি আমাৰ মনলৈ ভাঁহি আহে ৷ 
আকৌ, 
“ দৌৰি ঢাপৰি ৰেলৰ দবাত উঠোঁ
এফালৰ পৰা উছন হৈ গৈ থাকে
পথাৰ
গাওঁ
দূৰৈৰ পাহাৰ”
ৰেলত যাত্ৰা কৰাৰ অভিজ্ঞতা থকা প্ৰতিজন লোকেই উক্ত স্তৱকটি সুন্দৰকৈ অনুভৱ কৰিব৷ তাৰোপৰি আৰু দুটিমান সুন্দৰ চিত্ৰকল্প তলত তুলি দিলোঁ—
“সুন্দৰী যাত্ৰী নামি যায়
তেওঁৰ মুখৰ ছবিখনে দোলা দি আছিল”
আকৌ,
“ফেৰীৱালা বোৰ
টোপনিত লালকাল যাত্ৰীবোৰ
কথাত উত্তাল অচিনাকি মুখবোৰ
খিৰিকী ফালি অহা বতাহত উটি যায়”
ইয়াত “সুন্দৰী যাত্ৰী” বুলি কোৱাৰ লগে লগে এগৰাকী সুন্দৰী গাভৰুৰ ছবি পাঠকৰ মনচক্ষুত ভাঁহি উঠে যি গাভৰুৱে অকনমান সময়ৰ কাৰণে হ’লেও কবিৰ হৃদয় দোলা দি যায় আকৌ ফেৰীৱালাবোৰ, টোপনিত লালকাল যাত্ৰীবোৰ, কথাত উত্তাল অচিনাকি মুখবোৰে এটি পৰিবেশৰ সৃষ্টি কৰিছে যি পৰিবেশ পাঠকৰ বাবেও অতি চিনাকী৷মুঠতে কবিতাটি চিত্ৰকল্পৰ সমষ্টিৰে সুন্দৰ হৈ উঠিছে ৷
ৰেলৰ উকিটোৰ দৰেই দীঘল হৈ পৰে মনৰ কথাবোৰ৷বীজৰ পৰা গছ হোৱাৰ দৰেই জীৱনটোও বিস্তৃত হৈ পৰে৷গতিশীল জীৱন যাত্ৰাত কবিৰ কাৰোবাক ভাল লাগে অথচ দিঠক সদায় সপোনৰ দৰে নহয়৷সেয়ে কবিয়ে লিখিছে –
“সুন্দৰী যাত্ৰীৰ পৰিভ্ৰমী চুলিকোছা
ৰঙা উৰণিখন হেৰাই যায়
তেওঁ নামি যোৱা ষ্টেচনৰ ভিৰত”
কবিয়ে যেন কব’ খুজিছে—“জীৱনটো মাথো এক যাত্ৰা”৷কবিতাটিৰ সাৱলীলতা ক’ৰবাত ক’ৰবাত ব্যাহত হৈছে যেন লাগিলেও কবিতাটিৰ বিষয়বস্তুৱে পাঠকৰ হৃদয় চুই যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(২)
কবি: দ্ৰিচাং বসুমতাৰী 
কবিতা: চোৰ
———
দুৱাৰৰ সিপাৰৰ এন্ধাৰ খিনিত ৰৈ আছে সি
মই অনুভৱ কৰিব পাৰিছো তাৰ ভৰি পতাৰ শব্দ 
নিশাহত এৰা তাৰ তপত ভাপ 
হাতৰ মুঠিত চকামকা ধাতৱ কিবা ..
ঘৰৰ ভিতৰৰে পৰা ।
ইমানকৈ চিঞৰিলো কোন হয় বুলি 
চেপা ডিঙিত চি চিঞনি হে বাহিৰ হয় ,
সি ৰৈ আছে এন্ধাৰখিনিত 
মই টোপনি যোৱালৈ .. ।
নাই 
শুব নোৱাৰি ,
চোৰে তহিলং কৰিব সমুদায় ,
নেলিয়া কটাৰি হাতত লৈ হেদালি খনৰ তলি পালোগৈ 
আচৰিত কিবা ,
কোনো নাছিল তাত ।
কবি দ্ৰিচাং বসুমতাৰীৰ “চোৰ” কবিতাটি পঢ়িলে সঁচাই যেন ৰাতিৰ এন্ধাৰত এটা চোৰ ৰৈ আছে—এনে লাগে৷তাৰ ভৰি পতাৰ শব্দ আৰু নিশাহত এৰা তপত ভাপ পাঠকেও অনুভৱ কৰিছে৷ কবিয়ে চোৰটোৰ উপস্হিতিৰ অনুভৱখিনি কবিতাটিৰ যোগেদি পাঠকক দিব পাৰিছে বাবেই কবিতাটি সফল হৈছে৷কবিয়ে যেতিয়া লিখে যে “চেপা ডিঙিত চি চিঞনি হে বাহিৰ হয়” ,তেতিয়াই পাঠকৰ মনত স্পষ্ট হৈ পৰে যে কবিৰ সেইয়া সপোনত দেখা চোৰৰ অনুভৱ হে মাথোঁ৷ কেতিয়াবা যে আমাৰ “ভ্ৰম” হ্য় সেই অনুভৱ কবিয়ে কবিতাটিত ফুটাই তুলিব পাৰিছে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩) 
কবিতা: আলহী কবি-ড° বিজিত তালুকদাৰ
এডোঙা নীলা দুখত
মই বুকুলৈকে ডুবি আছো
মোৰেই বাৰীৰ চুকৰ সৰু খালটোত ৷
কিছু দুখ নাভিৰে সোমাই গৈ তেজ হৈছে,
ক'লা তেজবোৰ ধুবলৈ মই উচপিচাই থাকো ৷
তথাপি
দুখবোৰৰ শৰীৰ লাস্যময়ী হোৱা বাবেই নেকি,
সেইবোৰে ৰঙা ভোকবোৰ মোৰ চকুৰ পৰা
ফুঁৱাই আঁতৰোৱাৰ বাবেই নেকি,
আৰু এতিয়া দুখেই মোৰ স্থায়ী ঠিকনা হোৱা বাবেই নেকি
মই উঠি আহিব নোৱাৰো 
শেলুৱৈ পিছল পাৰ গচকি ৷
ইচ্ছা-অনিচ্ছাত পাৰ হয় অজস্ৰ ৰাতি-দিন ৷
মোক খুঁটিয়াই-বখলিয়াই
দৈনিক আহাৰ লৈ যায় কাউৰীৰ জাকটোৱে,
বহু দূৰৈৰ মৰুভূমিৰ পৰা সিঁহত সন্ধিয়া আহে ৷
মোৰ সুখৰ দিনৰ বাট ভঙা ক'লা-মেকুৰীজনীয়ে
পোৱালীকেইটাৰ সতে ওমলে মোৰ বিভাজিত চোঁতালত,
তাই ধুনীয়াকৈ ঘৰ বান্ধিছে
দেউতাৰ পুৰণি কাঠৰ চকীখনত ৷
দুখৰ বাৰিষাকালত মই সম্পূৰ্ণকৈ ডুবি অসাৰ হোৱাৰ পাছতেই
এই ডোঙাটো কাৰোবাৰ বাবে
বৰ্ণালীৰ ফোৱাৰা হৈ পৰিব,
নতুন চহৰখনলৈ ফুৰিবলৈ অহা মানুহে ভাবিব
কিছুদিন আগলৈকে ইয়াত এখন হাবি আছিল ৷৷
_____________________________________________
কবি ড০ বিজিত তালুকডাৰৰ “আলহী” কবিতাটি সম্পূৰ্ণৰূপে এটি প্ৰতিকী কবিতা ৷প্ৰতিকী শব্দৰ প্ৰয়োগেৰে কবিয়ে লিখা এটা সুন্দৰ শাৰী—“কিছু দুখ নাভিৰে সোমাই গৈ তেজ হৈছে” –ইয়াত কবি সম্পূৰ্ণ দুখৰ গৰ্ভত,সেয়ে দুখখিনি নাভিৰে সোমাই তেজ হৈছে বুলি কবিয়ে দুখী মনটোকে বুজাব খুজিছে ৷কবিতাটি দুখৰ কবিতা হোৱা স্বত্বেও সুন্দৰ শব্দচয়ন তথা প্ৰতিকী শব্দৰ প্ৰয়োগেৰে কবিতাটি এটি নিটোল কবিতালৈ উত্তীৰ্ণ হৈছে ৷ কবিয়ে লিখা এটি সুন্দৰ চিত্ৰকল্পৰ স্তৱক তলত তুলি দিলোঁ—
“মোৰ সুখৰ দিনৰ বাট ভঙা ক'লা-মেকুৰীজনীয়ে
পোৱালীকেইটাৰ সতে ওমলে মোৰ বিভাজিত চোতালত,
তাই ধুনীয়াকৈ ঘৰ বান্ধিছে
দেউতাৰ পুৰণি কাঠৰ চকীখনত ৷”
কবিৰ সুখৰ দিনবোৰ যি আঁজুৰি ল’লে তেওঁ যেন সুখত আছে অথচ কবি সুখী হ’ব পৰা নাই৷উক্ত স্তৱকটিত ক’লা-মেকুৰীজনীয়ে পোৱালী কেইটাৰ স’তে পৰম আনন্দেৰে ওমলা ছবিখনি আমাৰ মনত ভাঁহি উঠে৷
কবিলৈ শুভেচ্ছা থাকিল৷
(৪)
কবি:-মনোৰঞ্জন বৰা
কবিতা:-যাত্ৰা
একা বেকা বাট
মুগা বৰণীয়া বাট !
সমুদ্ৰামুখী তোমাক স্পৰ্শ কৰা বাট!!
বহুদূৰ আহিলো বগুৱা বাই
উভটি চোৱাৰ প্ৰয়োজনো নাই!!!
ভৰিগোৰাহা নিগৰি নিগৰি 
বাটটোৰে উৰ্দ্ধশ্বাসে 
বৈ গৈছে হৃদয়ৰ ৰঙাখিনি
কুৱলীৰ চাঁদৰ ফালি
আৰু এই যে হালধীয়া মুকুলি পথাৰ 
মোৰ নে তোমাৰ !
দুবাহু মেলা সেউজীয়া খিনি 
উৰি আহিছে নীলাভ হৈ 
ক্ৰমশ তোমাৰ পৰা মোলৈ !
দুখৰ বৰষুণত নিতিতো 
আজি ।
চোৱা !
বগা গোলপীয়া চাতিৰে 
নীলা কামিজটো ঢাকি ৰাখিছো
সমুদ্ৰামুখি বাটেৰে আগবাঢ়িছো
কবি মনোৰঞ্জন বৰাৰ “যাত্ৰা” কবিতাটিত এটি আশাভৰা সুৰ শুনিবলৈ পোৱা যায়৷কবিয়ে জীৱনৰ বাটটো যদিও একাবেকা তথাপি এই বাট সুন্দৰ-আপুৰুগীয়া বাট বুলি কব’ বিচাৰিছে যেন লাগে৷ইয়াত কবিয়ে উল্লেখ কৰা “মুগাবৰণীয়া” শব্দটিৰ প্ৰয়োগ মনকৰিবলগীয়া৷কবিয়ে যেতিয়া লিখে –“কুঁৱলীৰ চাদৰ ফালি/আৰু এই যে হালধীয়া মুকলি পথাৰ/মোৰ নে তোমাৰ” ইয়াত কুঁৱলীৰ চাদৰ ফালি জোনাকভৰা এখনি মুকলি পথাৰৰ চিত্ৰকল্প পাঠকৰ মনলৈ আহে ৷ ইয়াত হালধীয়া মুকলি পথাৰে আশাবাদী সুখী মুকলি মন এটাৰ আভাস দিয়ে৷ আকৌ কবিয়ে লিখিছে--
“দুখৰ বৰষুণত নিতিতো 
আজি ।
চোৱা !
বগা গোলপীয়া চাতিৰে 
নীলা কামিজটো ঢাকি ৰাখিছো
সমুদ্ৰামুখি বাটেৰে আগবাঢ়িছো”
কবিৰ ধনাত্মক দৃষ্টিভংগীয়ে পাঠককো সুখী কৰিছে ৷ কবিতাটি আৰু অলপ ভাল হোৱাৰ থল থকা যেন লাগে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৫)
কবি: সুস্মিতা দাস 
কবিতা: পৰিণীতা
তোমাৰ ওঁঠৰ পৰা
নিগৰি অহা বৰ্ণবোৰে
শব্দৰ পৰা বাক্য হৈ
ডেও দি ফুৰে
মোৰ শিৰৰ সেন্দূৰীয়া বাটচ'ৰাত
উক্ত কবিতাটি কণমানি সুখপাঠ্য কবিতা৷ প্ৰিয়জনৰ মুখৰ পৰা নিগৰি অহা বাক্যই প্ৰিয়াক বিয়াত বহিবৰ বাবে আবেগ-বিহবল কৰি তুলিছে—কবিয়ে এই কথাকে কবিতাৰে অতি সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে ৷ কবিলৈ শুভেচ্ছা থাকিল৷ 
(৬)
কবি:-মানসজ্যোতি
কবিতা:-বৰষুণৰ দুটা কবিতা
(এক)
বাঁহপাতৰ ডেউকাত ধৰি
মেঘকন্যা যেতিয়া আহে
উপেন ককাইহঁতৰ বুকত
সোণগুটি ফুলে
(দুই)
অভিমানী আকাশ 
আহো আহোকৈও নাহে
কৃষকৰ সপোন বুটলা
বৰষুণজাক
কবি মানসজ্যোতিৰ উক্ত দুয়োটি কবিতাই সুন্দৰ আৰু সৰল ৷ প্ৰথম কবিতাটিত কবিয়ে বৰষুণৰ চিত্ৰকল্প আঁকিছে ৷ ধৰালৈ বৰষুণ নামি আহে—এই কথাটিকে কবিয়ে কবিতাৰে খুব সুন্দৰকৈ লিখিছে—“বাঁহপাতৰ ডেউকাত ধৰি/মেঘকন্যা যেতিয়া আহে” ধৰালৈ বৰষুণ নামি আহিলে উপেন ককাইহঁতৰ দৰে কৃষকৰ বুকুত সোণগুটি ফুলে৷
কেতিয়াবা মেঘে কলা-মলা কৰি ওন্দোলাই থাকে আৰু বৰষুণ আহিব আহিব বুলি ভাবি থাকোতেই যায় অথচ বৰষুণ নাহে তাকে কবিয়ে লিখিছে –
“অভিমানী আকাশ 
আহো আহোকৈও নাহে
কৃষকৰ সপোন বুটলা
বৰষুণজাক”
এজাক বৰষুণৰ বাবেই সদা অপেক্ষাৰত কৃষকসকল, যি বৰষুণে এজন কৃষকৰ জীৱনলৈ আশা আৰু সজীৱতা কঢ়িয়াই আনে৷
নি:সন্দেহে কবিতাটি সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৭)
কবিতা:বৃষ্টিচেতনা কবি: প্ৰাঞ্জল বৰা 
মাটিৰ কঠিন দেহত
মাটিৰেই আভৰণ
বেলিলৈ চাই ৰোৱা
সূৰুজমূখীৰ সৰল প্ৰাৰ্থনা এটাই যেন
উপচাই ৰাখে মাটিৰেই ওঁঠ
যদি খহি পৰে আকাশ !
মাটিয়ে বুকু পাতি ল'ব
কোনো গন্ধৰ্বৰ বাদ্যৰে যদি
সৰকি পৰে প্ৰাচীনতম ঐনিতম
মাটিয়ে কাণ পাতি শুনিব
চেতনাক সমৃদ্ধ কৰা
হে অনাদি প্লাৱন
তেজৰ গহীনত বিয়পি থকা
হে অমল সুঘ্ৰান
নামি আহা
শীতলতম সুধাৰে তিয়াই দিয়া
মাটিময় দেহজ কুসুম
কবিতাটিত কবিয়ে বৰষুণৰ স’তে মাটিকো প্ৰশস্তি কৰিছে ৷মাটিৰ জন্ম-জন্মান্তৰৰ বিশালতাৰ কথা কবলৈ গৈ কবিয়ে লিখিছে—
“যদি খহি পৰে আকাশ !
মাটিয়ে বুকু পাতি ল'ব
কোনো গন্ধৰ্বৰ বাদ্যৰে যদি
সৰকি পৰে প্ৰাচীনতম ঐনিতম
মাটিয়ে কাণ পাতি শুনিব”
আকৌ কবিয়ে বৰষুণৰ প্ৰশস্তি কৰিছে এনেদৰে—
“চেতনাক সমৃদ্ধ কৰা
হে অনাদি প্লাৱন
তেজৰ গহীনত বিয়পি থকা
হে অমল সুঘ্ৰান
নামি আহা
শীতলতম সুধাৰে তিয়াই দিয়া
মাটিময় দেহজ কুসুম”
সুন্দৰ শব্দচয়ন আৰু ভাবৰ মধুৰতাই পাঠকৰ হৃদয় চুই যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবি:ইন্দ্ৰনীল গায়ন
অলপ গদ্য:
কাহিনী
হয় এয়া কাহিনী....
নিজক বিচাৰি ফুৰাৰ যেন অন্তহীন হাবিয়াস
আপুনি, মই, আমাৰ চৌপাশৰ স্থাবৰ, অস্থাবৰ সকলোবোৰেই একো একোটা কাহিনী৷
য'ৰ পৰা আৰম্ভ হয় কিছু ভাল লগা, কিছু ভাল নলগা৷ ভাল লগাবোৰ যে সদায়ে ভাল লাগিব, তাৰ কোনো মানে নাই৷ আচলতে আপেক্ষিকতাবাদৰ সংজ্ঞা এটাত ভ্ৰমি ফুৰা এখন চহৰে এইবোৰ একো নুবুজে৷
চহৰ....চহৰ...মায়াবী মায়াবী যেন লগা, তেওঁ হয়তো চহৰখনৰ প্ৰেমত পৰিছিল....
" The city of madness of joy"
মেদনেছ্( Madness):
কেতিয়াবা কোনোৱে তেওঁক সোঁধে কাফ্কাৰ মেটামৰফচিছ কিতাপখন আপোনাৰ প্ৰিয় কিয়?
তেওঁ উত্তৰত কয়-
কি ক'ম ময়ো যে বুজিও বুজিব নোৱৰা এটা মেটামৰফচিছ৷ 
বিচাৰি থাকক বিচাৰি থাকক তথাপি বুজিব নোৱৰা এটা সাঁথৰ৷
সাঁথৰ:
এই যে কাহিনীবোৰত একোটা সাঁথৰ থাকে৷ সেই সাঁথৰটো ভাঙিবলৈও লাগি যায় বহু বছৰ যেন Twist
বছৰ:
দিন, ৰাতি, মাহ....বছৰ পাৰ হৈ যায়৷ কাৰোবাৰ জীৱন সলনি হয়৷ কাৰোবাৰ নষ্ট হয়৷
কোনে জানে কোন কেতিয়া ক'ত হেৰাই যায়৷
কবি ইন্দ্ৰনীল গায়নৰ উক্ত কবিতাটি জীৱন বিষয়ক এটি সুন্দৰ পূৰঠ কবিতা৷কবিতাটিৰ উপস্হাপনশৈলী আৰু সাৱলীলতাই পোনে পোনেই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে ৷কবিৰ সাধনাই ক্ৰমশ: সুগঢ়িত ৰূপ পোৱা যেন লাগে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৯)
কবি: ভাস্কৰজিৎ নাথ
কবিতা:চাকি
জন্মৰে পৰা দেখি আহিছো নি:স্বার্থ ভাবে পোহৰ বিলোৱা চাকিটোক, 
নির্জন আন্ধাৰবোৰ দুর্দান্তভাবে আতৰলৈ খেদি পঠিওৱা পোহৰটোক,
তাৰ পোহৰতে পাঠ লুটিয়াই ক'তজন মানুহ হল,
তাৰ ছাঁতে ভৰ দি গাৱলীয়া জীৱন পোহৰে উজ্জল হৈ ৰল।
ঢিমিক ঢামাক কৰি জ্বলা পোহৰটো এতিয়া তেওঁলোকৰ অচিনাকি,
সভ্যতাৰ কোবালত তৰপ বান্ধি সি আজি প্রচীন হৈয়ে ৰ'ল।
আইৰ নিশাৰ সঙ্গী চাকিটো এতিয়া অট্টালিকাত স্হান নাপাই, 
খেৰ পাতে চালিওৱা গাৱৰ পঁজা বোৰত সি আজি শুৱনি কোঠা সজাই।
পিতাইৰ ইতিহাসত সি এখন কালজয়ী ছবি, 
যি দেখাইছিল বাট সত্য শুদ্ধ আৰূ পোহৰ 
শস্য সোণোৱালী।
কবি ভাস্কৰজিৎ নাথৰ “চাকি” কবিতাটি ব্যতিক্ৰমি বিষয়বস্তুৰে এটি সুন্দৰ কবিতা৷ পিতাইৰ ইতিহাসৰ কালজয়ী ছবিৰ দৰে চাকিটো আজি আধুনিক সভ্যতাৰ মেৰপেচত পৰি প্ৰাচীন হ’ল অথচ এই চাকিটোৰেই পাত লুটিয়াই ক’তজন মানুহ হ’ল ৷ কবিতাটি পঢ়ি গ’লে ঢিমাক ঢামাক কৈ জ্বলি থকা পৱিত্ৰ শিখাৰে ভৰা চাকিএটিৰ ছবিএখন মানসপটত ভাঁহি উঠে ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১০)
কবি: দীপ দাস
কবিতা:মই 
আজি মই মইহীনতাত ভূগিছো 
অনুভৱ কৰিব নোৱাৰো চৌদিশৰ কোলাহল 
ক্ৰমান্বয়ে নিৰ্জীৱ হৈ পৰিছে মোৰ শৰীৰ 
সেয়ে কিজানি স্তব্ধ হৈ গৈছে 
তুমি পৰিচয় কৰাই দিয়া 
মোৰ হৃদয়ৰ গুম গুমনি 
এতিয়াও মোৰ এখন হৃদয় আছে 
কিন্তু ই মাথো এটা যন্ত্ৰ "হৃদযন্ত্ৰ"!
এয়া মইহীনতা নে তুমিহীনতা ?
লোকৰণ্যৰ অন্ধকাৰত একমাত্র তুমিয়েই
এদিন আৱিষ্কাৰ কৰিছিলা মোক 
আৰু পৰিচয় কৰাই দিছিলা মোকেই মোৰ সৈতে
এতিয়া তুমি আনৰ পৰিচয়ৰ অৰ্ধাংশ 
তোমাৰ নামত যোগ দিলা
আৰু মই আকৌ লোকৰণ্যৰ আন্ধকাৰত 
অদৃশ্য হৈ গলো 
সেয়েহে কিজানি আজি মোৰ 
নিজৰ অস্তিত্বত সন্দেহ ওপজিছে
মই ময়েনে! নে মাথো হাড় মঙহৰ এটি পুতলা !!
কবিৰ “মই” কবিতাটি এটি বিষাদৰ কবিতা৷ কবিতাটিত পাইও হেৰুওৱাৰ বেদনা অনুভৱ কৰিব পাৰি৷ কবিতাটি সৰল যদিও ব্যঞ্জনাৰ অভাৱ দেখা যায় ৷ কবিতাটি আৰু অলপ ভাল হোৱাৰ থল আছিল৷ কবিলৈ শুভেচ্ছা থাকিল৷
(ক্ৰমশ)
Mousumee Bori's photo.
Unlike · Comment
You, Palash B. Barman, বিক্ৰমাদিত্য বৰুৱা, Hirákjyóti Báishýá and 27 others like this.

Pranjal Bora সুন্দৰ আৰু সাৱলীল বিশ্লেষণ। আমাৰ লেখাক আওতালৈ অনাত কৃতজ্ঞতা প্ৰকাশ কৰিলো।
May 12 at 9:47pm · Unlike · 3

Indranil Gayan আলোচনাটি সুখপাঠ্য হৈছে৷
May 12 at 9:48pm · Unlike · 3

Dr-Bijit Talukdar খুব মনোজ্ঞ বিশ্লেষণ ৷ ভাল লাগিল ৷ লগতে আপোনালৈ ধন্যবাদ জনালোঁ ৷
May 12 at 10:09pm · Unlike · 2

Altaf Hussain সুন্দৰ বিশ্লেষণ।
May 12 at 10:11pm · Unlike · 3

Anita Gogoi ভাল লাগিল পৰ্যালোচনা।
May 13 at 8:52am · Like · 1

সুনীল আলিম্যান এটি সাৰগৰ্ভী পৰ্যালোচনা।
May 13 at 9:02am · Edited · Like · 1

আকাশ নীলম জিত্ ভাল লাগিল
May 13 at 10:26am · Like · 1

দীপ দাস পৰ্যালোচনাৰ বাবে ধন্যবাদ । মই সৰুৰে পৰা গল্প উপন্যাসৰ কোলাত ডাঙৰ হোৱা বুলি কলেও ভুল নহব মাজে সময়ে গদ্য তথা প্ৰবন্ধ লিখি আত্ম সম্তুষ্টি লওঁ । সেয়ে কিজানি মোৰ কবিতাবোৰ গদ্যৰ দৰে শুনি তথাপিও নিজকে আৰু এখোজ আগুৱাই লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছো ।
May 13 at 11:27am · Edited · Like · 1

Bhaskar Jit পর্যালোচনাটোৰ পৰা উপকৃত হ'লো, ধন্যবাদ আৰূ কৃতজ্ঞতা থাকিল আপোনালৈ ।
May 13 at 2:34pm · Like · 1

Mousumee Bori সকলোৰে আন্তৰিকতা আৰু সহযোগিতাই উৎসাহিত কৰিছে ৷ সকলোলৈ মোৰ কৃতজ্ঞতা জনালোঁ ৷
May 13 at 9:33pm · Like · 3

Jahnu Bharadwaj bhaal lagil...
May 15 at 9:09am · Like · 1

Anupama Borgohain বৰ সুন্দৰ বিশ্লেষণ । এনে বিশ্লেষণে মোৰ দৰে কবিতা ভালদৰে বুজি নোপোৱা ব্যক্তিক বহুত সহায় কৰে । সেয়ে হয়তো আজিকালি কবিতা আৰু ভালপাবলৈ লৈছোঁ ... !
May 15 at 3:17pm · Unlike · 2

Neelabh Sourav ধন্যবাদ
May 16 at 10:27am · Like · 1

Sushmita Das Thanks a lot.... It really means a lot for me. Thanks again.
16 hrs · Like · 1

Tuesday, 12 May 2015

“এপ্ৰিল/২০১৫, পুনৰীক্ষণ—২৩, খণ্ড-১” :- মৌচুমী বৰি

প্ৰথমে আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আখৰুৱা গোটৰ “পুনৰীক্ষণ” শিতানটি বহু দিনৰ বিৰতিৰ পিছত পুনৰ পৰ্যালোচনা লিখিবলৈ ওলাই বিবুধিত পৰিলোঁ, কিয়জানো মোৰ যেন কলম আগনাবাঢ়িব এনে লাগিল৷ আচলতে কবিতাৰ পৰ্যালোচনা এটি জটিল বিষয়, তেনে এটি জটিল বিষয় অনুশীলন কৰিবলৈ গৈ মাজে মাজে বিবুধিত পৰোঁ৷ সঁচা কথা কবলৈ গ’লে দুই এটা কবিতাৰ পাঠোদ্ধাৰৰ বাবে দহ-বাৰ বাৰ পৰ্যন্ত কবিতাটি পঢ়ি চাব লগা হয় ৷কবিতা পাঠৰ অনুশীলনৰ বিষয়ে লেখক ড০ প্ৰহলাদ কুমাৰ বৰুৱা দেৱে লিখা এটা টোকা অকনমান তলত তুলি দিলোঁ—
“কবিতা পাঠৰ বাবে অনুশীলন কিয় কৰিব লাগে? দৰাচলতে কবিতা যিহেতু সকলো কলাৰ ভিতৰত শ্ৰেষ্ঠ; গতিকে এই সৰ্বোত্তম কলাৰ অনুশীলনে মানুহক প্ৰধানভাবে চাৰিটা দিশত উপকাৰ সাধে৷ এই চাৰিটা দিশৰ প্ৰথমটো হ’ল—জীৱন উপলব্ধিৰ প্ৰতি আগ্ৰহ ৷ জীৱনক গভীৰভাবে উপলব্ধি কৰাত কবিতা পাঠে প্ৰভূত অৰিহণা যোগায়৷দ্বিতীয়টো হ’ল—জীৱনৰ সুকুমাৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহশীলতা ৷ অৰ্থাৎ কবিতা যিহেতু সুকুমাৰ কলা আৰু এইপদ সুকুমাৰ কলাই জীৱনৰ সৌন্দৰ্য আৱিষ্কাৰ কৰে; গতিকে কবিতা পাঠৰ অনুশীলনে মানুহক জীৱনৰ সুকুমাৰ সৌন্দৰ্যৰ সন্ধান দিয়ে আৰু সুকুমাৰ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহশীল কৰি তোলে৷তৃতীয় দিশটো হ’ল – বোধ আৰু বুদ্ধিৰ জড়তা ভাঙি এই দুয়োটাকে অধিক তীক্ষ্ন কৰি তোলে৷ চতুৰ্থ দিশটো হ’ল—কবিতাৰ অনুশীলনে মননশীলতা বঢ়ায়৷”
কবিতাৰ পৰ্যালোচনা তথা কবিতা লিখাৰ চৰ্চাৰ বাবে কবিতা পাঠৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷এইবাৰো আখৰুৱা গোটৰ “এপ্ৰিল সংখ্যাৰ কবিতা” খিনি বিনম্ৰভাৱে যুগুত কৰিবলৈ চেষ্টা কৰিছোঁ৷আচলতে এই পৰ্যালোচনা মোৰ বাবে এতিয়াও “অনুশীলন” পৰ্যায়তহে আছে, গতিকে অজানিতে হ’ব পৰা ভুল ক্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিলোঁ৷
(১) কবিতা:-শিমলু ফুলা ৰাতিতে তোমাৰ
কাষলে যাম
কবি: * কল্পজ্যোতি শাণ্ডিল্য Posted by Hitesh Sarmah
শিমলু ফুলা ৰাতিতে তোমাৰ কাষলে যাম
মনৰ উৰলত ভাৱনাৰ ধান যদি হৈ পৰে চাউল
তুমি চেনেহৰ তালং আককামে মেৰিয়াই
পুৰাং আপিন ৰান্ধিবা
যতনাই ৰাখিবা বিশ্বাসৰ পঃৰ আপং
এইবেলি ফাগুণত যান্ত্ৰিকতাৰ চ্যুট খুলি
ময়ো পিন্ধিম হেঁপাহৰ মিবুগালুগ
টানি বান্ধিম চেনেহৰ টঙালি
ভৰ পছোৱাই বুকুৰ ঢৌক ভেটা দিলেও
তুমি ৰৈ থাকিবা
সাহসৰ ৰিবিগাছেং আৰু ধৰ্যৰ য়াকান এগে পিন্ধি
এপৰ দুপৰ কৈ বহু পৰ হ'ব
তুমে ভাগি নপৰিবা
জোনে দেখাই দিয়া পোন বাটেৰে গৈ
তোমাৰ ভাৱনাৰ যতি পেলাম
আৰু হাতত সাৰে ভৰিত সাৰে গৈ
লুইতৰ পাৰত বহিম
বহুদিনৰ মূৰত পঃৰ আপঙৰ জুটি ল'ম
দুপৰ বেলিয়ে ৰংসনা চুলিত হাত বুলাই গাম-
"আচি চিকুৰ চিকুৰ ক
মিক্ চি চিকুৰ চিকুৰ ক • • • "
যদিও চকুৰ আতৰ আজি
বহু দিন বহু ৰাতি, তথাপি
তোমাৰ নামতেই উৎসৰ্গীত
মনাকাশৰ অযুত তৰালি
এতিয়া জ্বলি জ্বলি গলি নিয়ৰ হৈ সৰিছে অশ্ৰু
ক্ৰমে সৰি তল ভৰি পৰিছে
অভিমানৰ সৰাপাত
কলি মেলিছে প্ৰনয়ৰ জুইৰঙা পলাশ
সেয়েহে এইবেলি শিমলুফুলাৰ ৰাতিতে
তোমাৰ কাষলে যাম
বুকুৰ দাং খুলি থবা
গৈয়েই স্পৰ্শ কৰিম তোমাৰ উশাহ
প্ৰাণস্পন্দনৰ ছন্দ যদিহে মিলে মোৰ সতে
কৈ থলো1---------
এইবেলি শিমলুবোৰ তুলা হৈ উৰি নৌযাওতেই
তোমাৰ সেউতাত অনামিকাৰ বঠাৰে
মেলিমেই মেলিম
হেপাহৰ ৰঙা পালতৰা নাও **
(তালং আককামে - তৰাপাত , পুৰাং আপিন - তৰাপাতৰ টোপোলা ভাত ,
পঃৰ আপং-ছাইমদ, মিবুগালুগ-দেওধাই চোলা )
________________________________________________________
কবি কল্পজ্যোতি শাণ্ডিল্যৰ কবিতা “শিমলু ফুলা ৰাতিতে তোমাৰ কাষলে যাম” এটি সুখপাঠ্য প্ৰেমৰ কবিতা ৷ প্ৰেমিক কবি দূৰণিত থাকে, সেয়ে অভিমানী প্ৰিয়াক ফাগুনতে লগ কৰিবলৈ অহাৰ কথা কৈছে ৷ কবিতাটিত দুই এটা মিচিং ভাষাৰ শব্দ প্ৰয়োগে কবিতাটিক শুৱনি কৰিছে ৷ কবিতাটি উপস্হাপনশৈলী সৰল-সহজ ৷ প্ৰেমিক কবিৰ হৃদয়ৰ বাৰ্তাই কবিতা পাঠককো সুখী কৰে৷ তাতেই কবিৰ কৃতিত্ব৷ কবিতাটিৰ শেষৰ শাৰীকেইটাই মনোমোহা চিত্ৰকল্পৰ সৃষ্টি কৰিছে –
“এইবেলি শিমলুবোৰ তুলা হৈ উৰি নৌযাওঁতেই
তোমাৰ সেওঁতাত অনামিকাৰ বঠাৰে
মেলিমেই মেলিম
হেঁপাহৰ ৰঙা পালতৰা নাও”
কবিৰ পৰা আৰু ধুনীয়া ধুনীয়া কবিতা পঢ়িবলৈ পাম বুলি বাট চাই ৰলোঁ৷ কবিলৈ আখৰুৱাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ৷
(২) কবিতা: তোমাৰ ভাৱনাত কবি: নৱাকাশ
..............................
কব নোৱাৰাকৈয়ে শব্দবোৰ গোট মাৰে
আৰু হেৰাই যায়
চকুত চকু থলেই যেন চুচুৰ্মৈ হৈ যায়
জোনাকৰ গান
আৰু এটা কবিতাৰ গুমগুমণি
এই যে বাৰে বাৰে তুমি আঁতৰি যোৱা আৰু বাৰে বাৰে তোমাৰ প্ৰেমত পৰাৰ হাবিয়াস বাঢ়ে
আৰু
শব্দবোৰ চন্দবদ্ধ হবলৈ আকুল হয়
সময় এটি অক্টোপাছ
আমি আতৰি যাওঁ ইজনে সিজনৰ পৰা
কঠোৰ হৈ পৰে আমাৰ বুকুৰ ইস্তাহাৰ
এনেকৈয়ে পল প্ৰতিপল যাত্ৰা
তোমাৰ পৰা মোলৈ
অথবা মোৰ পৰা তোলৈ
আৰু এক মিঠা বিষাদ
কবি নৱাকাশৰ “তোমাৰ ভাৱনাত” কবিতাটিত অনুপ্ৰাস শব্দালংকাৰৰ প্ৰয়োগ দেখা যায় ৷ একেটা বৰ্ণ বা ধ্বনি (ব্যঞ্জন) যুক্তভাৱে বা অযুক্তভাৱে এবাৰতকৈ বেছিকৈ ধ্বনিত হ’লেই অনুপ্ৰাস অলংকাৰ বোলা হয়৷ ইয়াত কবিয়ে লিখিছে ---
“চকুত চকু থলেই চুচুৰ্মৈ হৈ যায়
জোনাকৰ গান
আৰু এটা কবিতাৰ গুমগুমণি”
ইয়াত “চ”ব্যঞ্জন ধ্বনি দুবাৰ উচ্চাৰিত হৈছে ৷
আকৌ কবিয়ে লিখিছে – “সময় এটি অক্টোপাছ”
ইয়াত কবিয়ে সাদৃশ্যমূলক অলংকাৰৰ প্ৰয়োগ কৰিছে ৷ সাদৃশ্যমূলক অলংকাৰৰ সৌন্দৰ্য হ’ল দুটা বিসদৃশ বশ্তুৰ মাজত সংযোগ স্হাপন কৰাত ৷ ইয়াত কবিয়ে সময়ক অক্টোপাছৰ লগত তুলনা কৰিছে৷ ইয়াত সময় হৈছে উপমেয় (বিষয়) আৰু অক্টোপাছ হৈছে উপমান (যাৰ লগত তুলনা কৰা হয়) ৷ গোটেই কবিতাটি সামগ্ৰিকভাৱে চাবলৈ গ’লে বিষ্যবস্তু সৰল আৰু সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩)কবিতা:লেঠা নিচিগে কবি:উৎপল জোনাক হাজৰিকা
.………………………………
কোনে ক'ত কাক কাৰ কথা ক'লে
লেঠা নিচিগে
জুৰণি মাতত খোপাত
মাধৈমালতী ফুল ৰুলে
ঐ ফাগুন
তোৰ উৎপাতত চ'ত বলিয়া
দেউ দি দি নাচে
বহাগ বনৰীয়া উলাহে
আহ ঐ আহ ওলাই আহ
চ'তৰ বিহু জুৰিবৰ হ'ল
উজাই নে ভটিয়াই
কোনে বনগীত গালে বাঁহী বালে
চৰচৰনি খালে
জেতুকা
জেতুকাবোৰ কোনে সৰুৱালে
খাৰণি হ'ল
চেপা কলহ এটা চুক এটা ভৰুণ হ'ল
চ'টি এটা
কোনে কাক কলৈ মাতিলে
দিক্ৰং নে ভোগদৈ
জাঁজী নে পাগলাদিয়া
কোন সুঁতিত কোন উটি গ'ল
আহ ঐ আহ
ভমকাফুলীয়া বিহু
জেঙনি বাটতে ৰ'ল
কাকৈ নে সুতুলি
ৰিহা নে পদুলি
ৰিং এটা
ৰিং এটাই
চমচমাই গ'ল গগনা আৰনি বেলা
কলাপাতত চাকি এগচ
এঁৱা সূতা এগজ
____________________________
কবি উৎপল জোনাক হাজৰিকাৰ উক্ত কবিতাটি আখৰুৱাৰ চোতালৰ এটি ধুনীয়া কবিতা৷ কবিতাটি নিটোল ৰূপত গঢ় লৈ উঠিছে ৷ এই কবিতাটিটো অনুপ্ৰাস অলংকাৰৰ প্ৰয়োগ দেখা যায়৷ কবিয়ে কবিতাটি খুব সুন্দৰকৈ আৰম্ভ কৰিছে ---
“কোনে ক’ত কাক কাৰ কথা ক’লে
লেঠা নিচিগে
জুৰণি মাতত খোপাত
মাধৈ মালতী ফুল ৰুলে”
ফাগুনে ব’হাগ অহাৰ বতৰা দিয়ে ৷ কবিয়ে লিখিছে –
“ঐ ফাগুন
তোৰ উৎপাতত চ'ত বলিয়া
দেউ দি দি নাচে
বহাগ বনৰীয়া উলাহে
আহ ঐ আহ ওলাই আহ
চ'তৰ বিহু জুৰিবৰ হ'ল”
আজিৰ বিহুৱে যেন পুৰণি বিহুৰ মৰ্যদা হেৰুৱাইছে, কবিয়ে তেনে অনুভৱ কৰা যেন লাগে যেতিয়া কবিয়ে লিখে ---
“কোনে বনগীত গালে বাঁহী বালে
চৰচৰনি খালে
জেতুকা
জেতুকাবোৰ কোনে সৰুৱালে
খাৰণি হ'ল
চেপা কলহ এটা চুক এটা ভৰুণ হ'ল
চ'টি এটা”
আকৌ---
“আহ ঐ আহ
ভমকাফুলীয়া বিহু
জেঙনি বাটতে ৰ'ল”
কবি আশাবাদী৷ সেয়ে কবিয়ে লিখিছে—
“কলাপাতত চাকি এগছ
এঁৱাসূতা এগজ”
--এইয়া কবিৰ কবিতাৰ সুন্দৰ চিত্ৰকল্প ৷ কবিলৈ শুভেচ্ছা থাকিল ৷
(৪)(''সংস্কৃতি বোৱতী সুঁতি ! কিন্তু সেই সুঁতি কিমানলৈ আগবাঢ়িছে …!''
-তাৰেই অকণমান আৱেগিক প্ৰচেষ্টা !)
কবিতা: আঁচুৱলী কবি: বিশাল দেৱ ৰয়
উদৰ পূৰাইছোঁ, বন্ধকীত থাকিলেও !
মনত
একালৰ আঁহতজোপা, চৰণীয়া পথাৰখন
একোতো নাই; নিজৰ বুলিবলৈ !
পশ্চিমৰ বতাহত কুলিজনী উৰে
আঁৰতেই চকুলো সৰে;
গামখাৰু নেলাগে, কপৌ নুফুলে
বিলাতী ককাইদেউৱে চেৰেককৈ হাঁহে !
ৰঙাৰিহা কোনে পিন্ধে
জোনবিৰি, জেঠীপতাই নীৰৱে উচুপে !
জানো,
বসন্ত যে এতিয়া, বন্ধকীত !
আৰু সেই বসন্তই ওপচাই দিয়ে
জাংফাই কেৰু, ধানসিৰীয়া খাৰু
উদৰ পূৰাই
নুফুলা বিহু !
প্ৰাণৰ বুলিবলৈ
ঢুলীয়া নাই, নাচনী নাই
নাই বিহুতলী কিম্বা
চেনাইৰ চেনেহ ভৰা আঁচুৱলী !
আজি, বিদেশ সম্ভাৰত অভ্যস্ত ব'হাগী
বিহুৱা ডেকাৰ আবদাৰত নেনাচে লাহৰী;
সেই বিহুৱানৰ আঁচুৱলীও নাই
সেই বিহুৱতীৰ বিহুও নাই !
_________________________
কবি বিশাল দেৱ ৰয়ৰ সুন্দৰ শিৰোণামৰ কবিতা “আঁচুৱলী” ৷ কবিতাটিত কবিয়ে অসমীয়া জাতীয় সংস্কৃতি বুকুৰ আপোন বিহুৱে নিজস্ব হেৰুৱাই বন্ধকীত গৈছে বুলি অভিমান কৰিছে ৷নি:সন্দেহে কবিতাটি সময়োপযুগী সুন্দৰ নিটোল কবিতা৷কবিতাটিত ব্যৱহাৰ কৰা গামখাৰু, জোনবিৰি, জেঠীপতা, জাংফাই, কেৰু, ধানসিৰীয়া খাৰু আদি শব্দৰ প্ৰয়োগে কবিতাটিক শুৱনি কৰিছে ৷ কবিলৈ অলেখ শুভেচ্ছা ৰ’ল ৷
(৫)
কবিতা: "আপোচ" কবি:-দীপালি দুৱৰা
কথাবোৰ আধৰুৱা হ'ল
তেওঁ ফু মাৰি চাকিটো নুমোৱাই দিলে
বুকুৰ কোঠালিত এতিয়া আন্ধাৰ।
বহাগ অহাৰ খবৰটোত তেওঁ অসন্তুষ্ট
তেওঁ আপোচৰ পক্ষত নাই।
মোৰ কি গৰজ পৰিছে
তেও
কবিৰ “আপোচ” কবিতাটি ব্যক্তিগত অনুভৱৰ মূৰ্ত প্ৰকাশ৷ কবিয়ে লিখিছে –
তেওঁ ফু মাৰি চাকিটো নুমোৱাই দিলে
বুকুৰ কোঠালিত এতিয়া আন্ধাৰ।
বহাগ অহাৰ খবৰটোত তেওঁ অসন্তুষ্ট
তেওঁ আপোচৰ পক্ষত নাই।
কবিৰ কোনোবা প্ৰিয়জনে আপোচৰ পক্ষত নাথাকি ফু মাৰি চাকিটো নুমোৱাই দিলে। চাকিৰ পোহৰেৰে উজ্জ্বল কোঠাটোলৈ হঠাতে এন্ধাৰ নামি আহিল। আচলতে কবিৰ প্ৰিয়জন ব'হাগ অহাৰ খবৰটোত অসন্তুষ্ট। আনপিনে কবিৰ তীব্ৰ আকৰ্ষণ জাগিছে ব'হাগলৈ, বিহুলৈ। তেনে পৰিৱেশত যেতিয়া প্ৰিয়ব্যক্তিজন 'আপোচ'ৰ পক্ষত নাথাকিল৷ কবিয়ে “ব’হাগ” শব্দটিক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে ৷কবিলৈ শুভেচ্ছা থাকিল৷
(৬)
কবিতা: বৈধব্য কবি: মেঘালী দিহিঙীয়া
ৰংবোৰৰ গাত হঠাতে জুই লাগিল ৷
অলপ আগেয়ে
গা ৰাইজাঁই কৰা বৰষুণ এজাকত
বুকুখন তিতি আছিল,
এতিয়া গোটেইখন ধোঁৱাময় হ'ল ৷
সপোনবোৰ এতিয়া সপোন নহয়
উশাহবোৰ এতিয়া উশাহ নহয়
দিনবোৰ এতিয়া ৰাতি নহয়
ৰাতিবোৰ এতিয়া দিন
এতিয়া জোনাকবোৰ ছাঁই
নিয়ৰবোৰ নিমখীয়া
আকাশখন এতিয়া বিষাদৰ ঠিকনা ৷
শতিকাজুৰি ইয়াতে বৈ আছিল
চিনাকী নৈখন,
বৰষুণে জেহাদ ৰচিলে আকাশৰ বিৰুদ্ধে
নৈখন এতিয়া বহুদূৰৈত…
চজিনাগছৰ ফেৰেঙনিত
ওলমি থাকিল পঁয়ালগা বেলি ৷
চজিনাফুলে নাজানে
বেলিয়েও নাজানে
এমুঠি ৰ'দৰ কিমান দাম !!
এতিয়া ৰংহীনতাৰ বজাৰত
উশাহবোৰ নীলাম হয়
আত্মাই উচুপে
আৰু,
শূন্যতাৰ চোলা পিন্ধি
খোজকাঢ়ি গুচি যায় ঘূণীয়া সময় ৷
______________
কবিৰ “বৈধব্য” কবিতাটি এটি হৃদয় চুই যোৱা কবিতা৷ কবিয়ে কবিতাটিৰ উপস্হাপনশৈলীত কৃতিত্ব দেখুৱাইছে বুলিব পাৰি৷ “বৈধব্য” শব্দটিয়েই এটি যাতনাৰেভৰা দুখৰ শব্দ৷ কবিয়ে লিখিছে—
“সপোনবোৰ এতিয়া সপোন নহয়
উশাহবোৰ এতিয়া উশাহ নহয়
দিনবোৰ এতিয়া ৰাতি নহয়
ৰাতিবোৰ এতিয়া দিন
এতিয়া জোনাকবোৰ ছাঁই
নিয়ৰবোৰ নিমখীয়া
আকাশখন এতিয়া বিষাদৰ ঠিকনা ৷”
কবিতাটিত ব্যৱহাৰ কৰা “পঁয়ালগা বেলি”, “চজিনা গছ”, “ৰ’দ” আদিৰ দৰে উপমা মনকৰিবলগীয়া৷
কবিয়ে সমাজৰ কঠোৰতাৰ প্ৰতি এক প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়াস কৰিছে। যন্ত্ৰণাকাতৰ বৈধব্যৰ কঠিন জীৱন যাত্ৰাক গভীৰ ভাবে উপলব্ধি কৰাৰ যত্ন কৰিছে বাবেই কবিয়ে ক'ব পাৰিছে-
'এতিয়া ৰংহীনতাৰ বজাৰত
উশাহবোৰ নীলাম হয়
আত্মাই উচুপে'
কবি মেঘালী দিহিঙীয়াৰ কাব্য-চৰ্চাৰ প্ৰতি শুভেচ্ছা থাকিল৷
(৭)
কবিতা: বৰষুণ কবি:-আলতাফ হুছেইন
এক প্ৰাচীনতম সংগীতৰ অপেক্ষাত
মেঘৰ ওঁঠত মাটিয়ে গুজি থয়
প্ৰতীক্ষাৰ দুকাণ,
যি সংগীতে অন্তঃসত্বা কৰিব পাৰে
একালৰ উদঙ পথাৰ
নিঃশেষ কৰিব পাৰে ভোকৰ ভয়ানক
ভূগোল ।
যাৰ প্ৰতিটো স্পৰ্শত
গছবোৰে এপদ এপদকৈ সোলোকাই থয়
দেহৰ সমস্ত খৰাং,
আৰ্তনাদৰ অকথিত অতীত বোৰ পাহৰি
গছে আকাশলে' হেঁপাহেৰে মুৰ দাঙি চাই
আকাশে বুকু ফালি বোৱাই দিয়ে
এআকাশ বন্যা
যাৰ প্ৰতিটো বিন্দুত লিখা থাকে
সুখী হোৱাৰ সৰল সংজ্ঞা ।
মোৰ আইয়ে পিতাইক ভালপোৱাৰ দৰেই
ভালপায় সেই গান
যি গানে হতাশাৰ চহৰত ফুলাব জানে
আশাৰ অযুত ফুল
হিমচেঁচা আঙুলিৰে যি নিচুকাব জানে
দুখৰ দীঘল ৰাতি,
দলিয়াই নিঃস্বতাৰ সকলো বুৰঞ্জী
যাৰ আঁচলত খোদিত হয়
এখন সেউজ সেউজ পৃথিৱী।
কবি আলতাফ হুছেইনৰ “বৰষুণ” এটি সুন্দৰ কবিতা৷ বৰষুণ মানেই প্ৰাণ-প্ৰাচুৰ্য, বৰষুণ মানেই আশা, সজীৱতা!গোটেই কবিতাটিয়েই বৰষুণৰ গানেৰে লালিত্যপূৰ্ণ৷ কবিতাটিৰ উপস্হাপনশৈলী সুন্দৰ আৰু সাৱলীল৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবিতা:শিল্পী কবি:- অনুপম মেধি
সোনপাঁহীৰ মুখত আজি মিছিকি হাঁহি৷
সৌ সেইদিনাই সুলকি পৰিছিল লাজবোৰ...
আৰু লাজ বুটলি বুটলি মই হৈ পৰিছিলো এজন
শিল্পী৷
কবি অনুপম মেধিৰ কবিতা “শিল্পী” পঢ়িলে এনে লাগে লাজুকী সোণপাহীৰ যিদিনাই লাজ ভাগিল সেইদিনাৰ পৰাই কবি শিল্পী হ’ল ৷ এগৰাকী নাৰীৰ প্ৰেমে প্ৰেমিকক শিল্পী কৰি তুলিছে৷ কবিতাটি সৰু অথচ অৰ্থবহ৷ কবিৰ পৰা আৰু ভাল কবিতা পঢ়িবলৈ পোৱাৰ আশা থাকিল৷ কবিক শুভেচ্ছা জনালোঁ৷
(৯)
কবি: চাৰ্জেন ৰাভা মেগো
কবিতা : পৰিৱৰ্তন । সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈছে । পৰিৱৰ্তন হৈছে সমাজ । পৰিৱৰ্তন হৈছে মানুহ । কিন্তু তেওঁলোক । পৰিৱৰ্তিত সমাজৰ স'তে খোজত খোজ মিলাব নোৱাৰি অত্যন্ত দুখ আৰু বেদনাৰে জৰ্জৰিত তেওঁলোক । বেচেৰা তেওঁলোক । মাথোঁ হুমুনিয়াহ কাঢ়িছে । বাৰে বাৰে সোঁৱৰী আছে । আমাৰ দিনবোৰেই ভাল আছিল । আমাৰ দিনবোৰেই ভাল আছিল ।
বিঃদ্ৰঃ
আৰু দুটামান দশকৰ পাছত আমিও ক'বলৈ বাধ্য হ'ম -
"আমাৰ দিনবোৰেই ভাল আছিল"
পুত্ৰই সজা আকাশচুম্বী অট্টালিকাৰ
কোঠা এটাৰ খিৰিকীমুখত বহি
বৃদ্ধ পিতৃ-মাতৃয়ে ভাবি থাকে –
আমাৰ দিনবোৰেই ভাল আছিল
যদিও ঘৰবোৰত খিৰিকী নাছিল
মন গ'লেই
চোতালত বহি
আকাশৰ বিশালতা চাব পাৰিছিল
বিজুলীবাতি নাছিল
জোনাকীপৰুৱাই গোটেইখন পোহৰাইছিল
চৰাইৰ মাতত
মানুহবোৰে পাটী এৰিছিল
কামলৈ ওলাই গৈছিল ।
কবি চাৰজেন ৰাভা মেগৰ উক্ত কবিতাটি সুখপাঠ্য আৰু সৰল সহজ৷ সময় গতিশীল৷ গতিশীল সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে সমাজ৷যিসকল লোকে পৰিৱৰ্তিত সময়ৰ স’তে খাপ খাব পৰা নাই তেওঁলোকৰ মুখত এটা কথা সততে শুনা যায় –“আমাৰ দিনবোৰেই ভাল আছিল”৷ যিদৰে বৃদ্ধ পিতৃ-মাতৃয়ে সোঁৱৰণী দলিচা মেলি কৈ উঠে--–“আমাৰ দিনবোৰেই ভাল আছিল”, নতুন প্ৰজন্মইও হয়তো এদিন কব’ আমাৰ দিনবোৰেই ভাল আছিল৷কবিৰ আৰু ভাল কবিতা পঢ়িবলৈ পোৱাৰ আশাৰে কবিক শুভেচ্ছা জনালোঁ৷
(১০)
কবিতা:মাজে মাজে মোৰ কবি: বিক্ৰমাদিত্য বৰুৱা
মাজে মাজে মোৰ কান্দিবলৈ বৰ মন যায়
এনেয়ে
অকাৰণে
কান্দিলে শোকবোৰে ভাল পায়
বুকুত শোকবোৰ লালন কৰি আহিছোঁ আজন্ম
সততে শোকবোৰৰ ভাল লগা বেয়া লগা কথাবোৰ লক্ষ ৰাখো
শোকবোৰ মোৰ সহচৰ
কান্দোনত বৰষুণ তিতে
আৰু
ৰূপকথা আওঁৰাই
মোৰ ভাল লাগে
কান্দোনবোৰ কান্দিবলে' মন যাই সেয়ে
কোনো অজুহাত নোহোৱাকৈ
বৰষুণৰ ৰূপকথা শুনিবলৈ
বেপৰোৱা ভাৱে কান্দো আহক আজি
নিজৰ সৈতে
আজি কন্দাৰ বতৰ !
আজি শোক উদযাপনৰ বতৰ !
আজি আপুনি নাকান্দি শোকত থাকিলে শোকবোৰে শোক পাব !
কবিৰ কবিতাটি সাৱলীল ভাৱে আগবাঢ়িছে৷ কবিতাটি সৰল সহজ আৰু সুখপাঠ্য যদিও ব্যঞ্জনাৰ অভাৱ দেখা যায়৷কেতিয়াবা আমাৰ মনলৈ কোনো কাৰণ নোহোৱাকৈ হঠাতে বিষাদ নামি আহে ৷কিন্তু কবিয়ে এই বিষাদ নামৰ কান্দোনখিনিক আশাবাদী দৃষ্টিৰে চাইছে৷কবিয়ে লিখিছে—
“কান্দোনত বৰষুণ তিতে
আৰু
ৰূপকথা আওঁৰাই
মোৰ ভাল লাগে
কান্দোনবোৰ কান্দিবলে' মন যাই সেয়ে
কোনো অজুহাত নোহোৱাকৈ
বৰষুণৰ ৰূপকথা শুনিবলৈ”
শেষত কবিয়ে শোক উদযাপন কৰিবলৈ আহবান কৰিছে---
“বেপৰোৱা ভাৱে কান্দো আহক আজি
নিজৰ সৈতে
আজি কন্দাৰ বতৰ !
আজি শোক উদযাপনৰ বতৰ !”
কবিতাটিত অনুপ্ৰাস অলংকাৰৰ প্ৰয়োগ দেখা যায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(ক্ৰমশ:)