আখৰুৱা: literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ : ৫০ (চতুৰ্থ খণ্ড) : ২৪-৩১ জুলাই,২০১৭
পুনৰীক্ষণ : ৫০ (চতুৰ্থ খণ্ড) : ২৪-৩১ জুলাই,২০১৭
পৰ্যালোচক =ৰৌচন
আৰা বেগম
==================================
==================================
জুলাই মাহৰ চতুর্থ
সপ্তাহৰ কবিতাসমূহৰ মাজৰপৰা তলত উল্লেখ কৰা চাৰিটা কবিতা, পর্যালোচনাৰ বাবে সামৰি লোৱা হৈছে।
১ শৈশৱৰ চোলাটো:
...টুনমণি বৰদলৈ
২ অবিৰত যাত্রা: ...উইল চিদ্দিকুৰ ৰহমান
৩ প্লাষ্টিক: ...সুব্রত মহন্ত
৪ দৃশ্যান্তৰত: ...অনিতা গগৈ
২ অবিৰত যাত্রা: ...উইল চিদ্দিকুৰ ৰহমান
৩ প্লাষ্টিক: ...সুব্রত মহন্ত
৪ দৃশ্যান্তৰত: ...অনিতা গগৈ
আৰম্ভনীতেই
বিনম্রতাৰে এষাৰ কথা কৈ থওঁ যে মই এগৰাকী সাধাৰণ কাব্যপ্রেমীহে। কাব্যৰ দৰে এটি সূক্ষ্ম চেতনাক সঞ্চাৰিত
কৰিবপৰাকৈ তীক্ষ্ণ দৃষ্টি সম্পন্ন এক সত্তাৰ অধিকাৰী নহৈয়ো
কাব্য সৃষ্টিৰ প্রয়াস কৰি আহিছোঁ ঠিকেই, সাময়িক ভাৱে কেতিয়াবা সফল হ’মগৈ বুলি সপোন দেখিছোঁ, সেই সাহসতে আগবাঢ়ি গৈ আছোঁ ঠিকেই, কিন্তু নির্দিষ্ট লক্ষ্যত উপনীত হ’ব পৰাকৈ পথ বহুদূৰ বাকী আছে। তদুপৰি কবিতাৰ সমালোচনা অথবা পর্যালোচনা সহজ সাধ্য কথা নহয়। ইয়াৰ বাবে অগ্রজ কবি সকলৰ কবিতাৰ ওপৰত
দখল থকাৰ লগতে দেশী-বিদেশী কবিতাৰ ওপৰত যথেষ্ট জ্ঞান, বুদ্ধিদীপ্ত দৃষ্টি আৰু সহজে বুজিবপৰাকৈ
সঠিক শব্দৰ সংযোজনৰে পর্যালোচনাৰ ভাষা আয়ত্ত কৰিব
পৰাটো অতি প্রয়োজন। এই সৌভাগ্যৰ অধিকাৰী হ’বলৈ দৈনন্দিন কর্মৰ মাজতে অনুজসকলে জগাই
তোলক সেই তৃষ্ণা, যিয়ে নেকি দেশী-বিদেশী কবিতাসমূহ পঢ়িবলৈ বাধ্য কৰাব আৰু যোগ্য
ব্যক্তি হিচাপে সময়ে এদিন উজ্বলাই তুলিব।
কবিতাৰে সৈতে এক
অহৈতুকী প্রেমেৰে বান্ধ খাই এই লেখাত, কবিতাকেইটাৰ মাজত অন্তর্নিহিত হৈ থকা
ভাৱৰ লগত সংগতি ৰাখি সম্ভৱপৰ নিজস্ব উপলব্ধিহে আখৰুৱাৰ
যোগেদি আপোনালোকৰ সমুখত ডাঙি ধৰাৰ প্রয়াস কৰিছোঁ।
১
"শৈশৱৰ চোলাটো "
(টুনমণি বৰদলৈ)
"শৈশৱৰ চোলাটো "
(টুনমণি বৰদলৈ)
যদিও উৱলিছে
সোলোকাওঁ বুলিও সোলোকাব পৰা নাই
মোৰ শৈশৱৰ চোলাটো
কেতিয়াবা আঙুলিটো চুপি চাওঁ
কেতিয়াবা পাঠশালাৰ গছজোপাৰ তলত বহি
যোগ-বিয়োগ,পূৰণ-হৰণ নেওতা আওঁৰাওঁ
আৰু কেতিয়াবা কৰবীজোপাৰ তলত
কড়িগুটি লৈ বহোঁ
জানোচা ঘূৰাই পাওঁ মোৰ শৈশৱ ।
কেতিয়াবা দৰা-কইনা
কেতিয়াবা চৰাই –পখিলা হৈ উৰি যাওঁ
আইতাৰ কোঁচলৈ
এৰি অহা দিনবোৰ বিচাৰি
ককাৰ কোঁচত মূৰ থৈ সাধু শুনি শুনি
ভাপত দিয়া ধানৰ জুইখোলাত
আলু পুৰি খোৱা
সেইদিনবোৰ মচিবই পৰা নাই মনৰ পৰা
ঘুনুক ঘানাক কৈ মনত পৰে
সমনীয়াৰ লগত কৰা অভিমানবোৰ
আনৰ বাৰীৰ ঢাপৰ
আমলখি,শিলিখা,জলফাইৰ সোৱাদ
এতিয়াও যেন জিভাত লাগি আছে
এহালি চকুৰ আগেদিয়েই
পাৰ হৈ গৈ আছে সময়
তথাপিও সলাব পৰা নাই
মোৰ শৈশৱৰ পুৰণি চোলাটো ।
সোলোকাওঁ বুলিও সোলোকাব পৰা নাই
মোৰ শৈশৱৰ চোলাটো
কেতিয়াবা আঙুলিটো চুপি চাওঁ
কেতিয়াবা পাঠশালাৰ গছজোপাৰ তলত বহি
যোগ-বিয়োগ,পূৰণ-হৰণ নেওতা আওঁৰাওঁ
আৰু কেতিয়াবা কৰবীজোপাৰ তলত
কড়িগুটি লৈ বহোঁ
জানোচা ঘূৰাই পাওঁ মোৰ শৈশৱ ।
কেতিয়াবা দৰা-কইনা
কেতিয়াবা চৰাই –পখিলা হৈ উৰি যাওঁ
আইতাৰ কোঁচলৈ
এৰি অহা দিনবোৰ বিচাৰি
ককাৰ কোঁচত মূৰ থৈ সাধু শুনি শুনি
ভাপত দিয়া ধানৰ জুইখোলাত
আলু পুৰি খোৱা
সেইদিনবোৰ মচিবই পৰা নাই মনৰ পৰা
ঘুনুক ঘানাক কৈ মনত পৰে
সমনীয়াৰ লগত কৰা অভিমানবোৰ
আনৰ বাৰীৰ ঢাপৰ
আমলখি,শিলিখা,জলফাইৰ সোৱাদ
এতিয়াও যেন জিভাত লাগি আছে
এহালি চকুৰ আগেদিয়েই
পাৰ হৈ গৈ আছে সময়
তথাপিও সলাব পৰা নাই
মোৰ শৈশৱৰ পুৰণি চোলাটো ।
এৰি অহা শৈশৱক লৈ
আমি সকলো স্মৃতিকাতৰ হৈ পৰোঁ। পুৰণি হৈ পৰা চোলাটো সোলোকাই নতুন চোলা এটালৈ হাত মেলাৰ দৰে শৈশৱ পাৰ হৈ কৈশোৰ
আৰু যৌৱনৰ মাজেৰে বাট বুলি এজন মানুহে বৃদ্ধ অৱস্থা পায়হি।
এই দীঘল পৰিক্রমাৰে আগবঢ়াৰ পাছতো সুদূৰত এৰি থৈ অহা শৈশৱক কোনেও পাহৰি যাব নোৱাৰে। কবিয়ে কৈছে_
‘যদিও উৱলিছে / সোলোকাওঁ বুলিও সোলোকাব
পৰা নাই মোৰ শৈশৱৰ চোলাটো’
আগৰ দিনত
পঢ়াশালিসমূহত, প্রাথমিক পর্যায়ত পঢ়ি থকা ল’ৰা-ছোৱালীক গছৰ তলত বহি যোগ-বিয়োগ, পূৰণ-হৰণ নেওতা পঢ়িবলৈ দিয়া হৈছিল। ল’ৰা-ছোৱালীৰজাকে চিঞৰি চিঞৰি নেওতা গাইছিল। আজৰি সময়ত ল’ৰাবোৰে বিৰিং গুটি খেলিছিল, ছোৱালীয়ে কড়ি গুটি খেলিছিল। বন্ধৰ দিনবোৰত, লগ সমনীয়াৰে সৈতে
আনৰ বাৰীয়ে বাৰীয়ে ঘূৰি আমলখি, শিলিখা, বগৰী, জলফাই আদি বতৰৰ ফল
লুকাই চুৰকৈ খোৱাৰ আনন্দই বেলেগ আছিল। নাতি-নাতিনীহঁতে ৰাতি জোনাকৰ চোতালত, ককাক-আইতাকৰ কোলাত শুই পৰীৰ দেশৰ সাধু, ভূতৰ গল্প
শুনিছিল। দিনৰ ভাগত বুটলি অনা খৰি-কাঠেৰে জ্বলোৱা জুইত হাত-ভৰি সেকি, জাৰৰ দিনত বিভিন্ন গল্প-গুজব আৰু সাধুকথাবোৰ বেচিকৈ চলিছিল। চহৰৰ গগনচুম্বী আট্টালিকাৰ মাজত
শৈশৱৰ সেই দিনবোৰ মাথোঁ একোটাহঁত মোহনীয় স্মৃতি! দুখৰ বিষয় যে নিষ্পাপ শৈশৱৰ সোঁৱৰণৰ ৰ’দালিত তিতিবহে পাৰি উভতি যাব নোৱাৰি।
২
অবিৰত যাত্রা
(উইল চিদ্দিকুৰ ৰহমান)
অবিৰত যাত্রা
(উইল চিদ্দিকুৰ ৰহমান)
এক অবিৰত যাত্রাৰে
আগবাঢ়োঁ মই
মোৰ সতে পৃথিৱী।
বুকুত অহৰহ কঢ়িয়াই লৈ ফুৰোঁ
অলিখিত জীৱনৰ পাণ্ডুলিপি।
এন্ধাৰে পোহৰে আৰম্ভ মোৰ এই যাত্রা
দিহিঙে দিপাঙে মানুহ, হাতে হাতে দিনলিপি
ব্যস্ত হিচাপৰ তহবিল। সাগৰ তীৰত , নদীৰ পাৰত মানুহ
মানুহৰ মোহনাত মানুহ
কেতিয়াবা ‘টাইফুন’
কেতিয়াবা ‘চাইক্লন’
মানুহৰ মিছিলত জাহ যায় মানুহ।
এনেকৈয়ে পাৰ হয় নির্বাক সময়
সময় বলুকা ৰাশিত থৈ যাব খুজিও খোজ
সাগৰ তলিত বুৰেপতি শোলকু ; সিঁহত সহজ-সৰল মানুহ
চিৰ-প্রৱহমান মোৰ এই যাত্রা
বাটৰ শেষত সঘনে সলাওঁ বাট
চকুৰ পতাত
আস্তাবলত বান্ধি থোৱা দূৰন্ত তৰুণ
তেজী ঘোঁৰা এজাক
পোতাশালত মুকুতিৰ গান গোৱা আন এজাক মানুহ৷
বুকুত সাগৰ সিঁচি জোনাক নমোৱাৰ নীলকন্ঠী প্রার্থনা,
দেৱালত তুলিকাৰে আঁকিব খোজে
নাগাচাকি অথবা হিৰোচিমা
মানুহবোৰ নির্দোষ,
সিঁহতেও জানে
পানীৰ বাবেওতো হ’ব পাৰে বিশ্বত
মহাসমৰ
হ’ব পাৰে নিমিষতে ছাৰখাৰ
জোনাকী নগৰ
মোৰ এই ক্লীৱময় যাত্রাই হ’ব
আইৰ সতে শেষ দেখা দেখি,
যদিহে আজুৰি আনিব নোৱাৰোঁ দেশ
হাতে হাতে হাত ধৰি দেশৰ মাটি
বায়ু
পানী,
শেলুৱৈ ধৰা শিলৰ বুকুত
গজাবলে’ মাণিকী-মধুৰী ধান
সমস্বৰে গাবলে’
ব’হাগৰ নাজিতৰা গান
মোৰ সতে পৃথিৱী।
বুকুত অহৰহ কঢ়িয়াই লৈ ফুৰোঁ
অলিখিত জীৱনৰ পাণ্ডুলিপি।
এন্ধাৰে পোহৰে আৰম্ভ মোৰ এই যাত্রা
দিহিঙে দিপাঙে মানুহ, হাতে হাতে দিনলিপি
ব্যস্ত হিচাপৰ তহবিল। সাগৰ তীৰত , নদীৰ পাৰত মানুহ
মানুহৰ মোহনাত মানুহ
কেতিয়াবা ‘টাইফুন’
কেতিয়াবা ‘চাইক্লন’
মানুহৰ মিছিলত জাহ যায় মানুহ।
এনেকৈয়ে পাৰ হয় নির্বাক সময়
সময় বলুকা ৰাশিত থৈ যাব খুজিও খোজ
সাগৰ তলিত বুৰেপতি শোলকু ; সিঁহত সহজ-সৰল মানুহ
চিৰ-প্রৱহমান মোৰ এই যাত্রা
বাটৰ শেষত সঘনে সলাওঁ বাট
চকুৰ পতাত
আস্তাবলত বান্ধি থোৱা দূৰন্ত তৰুণ
তেজী ঘোঁৰা এজাক
পোতাশালত মুকুতিৰ গান গোৱা আন এজাক মানুহ৷
বুকুত সাগৰ সিঁচি জোনাক নমোৱাৰ নীলকন্ঠী প্রার্থনা,
দেৱালত তুলিকাৰে আঁকিব খোজে
নাগাচাকি অথবা হিৰোচিমা
মানুহবোৰ নির্দোষ,
সিঁহতেও জানে
পানীৰ বাবেওতো হ’ব পাৰে বিশ্বত
মহাসমৰ
হ’ব পাৰে নিমিষতে ছাৰখাৰ
জোনাকী নগৰ
মোৰ এই ক্লীৱময় যাত্রাই হ’ব
আইৰ সতে শেষ দেখা দেখি,
যদিহে আজুৰি আনিব নোৱাৰোঁ দেশ
হাতে হাতে হাত ধৰি দেশৰ মাটি
বায়ু
পানী,
শেলুৱৈ ধৰা শিলৰ বুকুত
গজাবলে’ মাণিকী-মধুৰী ধান
সমস্বৰে গাবলে’
ব’হাগৰ নাজিতৰা গান
উইল চিদ্দিকুৰ
ৰহমানৰ ‘অবিৰত যাত্রা’ নামৰ কবিতাত কবিয়ে উপলদ্ধি কৰিছে যে এই জীৱনটো এখন যুদ্ধক্ষেত্রহে। ওপজাৰে
পৰা দিহিঙে-দিপাঙে অজস্র মানুহ নিজ লক্ষ্যত উপনীত হোৱাৰ মানসেৰে সমুখলৈ আগবাঢ়ি গৈ থাকে। কাৰো বাবেই এই যাত্রাপথ মসৃণ নহয়, ওখোৰা-মোখোৰা। পদে পদে বিপদ-বিঘিনিয়ে চোপ
পাতি ৰৈ থাকে। জীৱনৰ অলিখিত ঘটনাৰাজি বুকুত কঢ়িয়াই
তথাপিও মানুহ আগবাঢ়ি গৈ থাকে। এনেদৰে গৈ থাকিয়ে এদিন অন্ত নোহোৱা এই মিছিলৰ মানুহবোৰ কোনোবা দূৰ অতীতত জাহ গৈ নোহোৱা হয়! কবিয়ে কৈছে_
কেতিয়াবা ‘টাইফুন’/ কেতিয়াবা ‘চাইক্লন’/ মানুহৰ মিছিলত জাহ
যায় মানুহ।
এই যাত্রাত, সকলোৰে একোটা উদ্দেশ্য থাকে, কোনোবা সফল হয় কোনোবা বিফল। সফল হোৱাজনৰ খোজ ৰৈ যায় সময় বালিত। বিফল হোৱা
জনক মানুহে পাহৰি পেলায়! কবিৰ চকুৰ সমুখত এজাক তেজী ঘোঁৰা, কিন্তু আস্তাবলত
বান্ধি থোৱা! সেইজাক নিশ্চয় খাটি খোৱা মানুহেই হ’ব, যাৰ দেহত অফুৰন্ত শক্তি, কিন্তু সিহঁতৰ মুখত মাত নাই! নাগাচাকি আৰু হিৰোচিমাৰ মানুহজাকৰ দৰেই নির্দোষী
সহজ-সৰল এজাক মানুহ। কাৰোবাৰ ইচ্ছাৰ
পোতাশালত বন্দী সেইজাক মানুহৰ হৃদয়তো আছে সাগৰ সিঁচি জোনাক নমোৱাৰ প্রস্তুতি। তাৰেই প্রার্থনাত মুকুতিৰ আকুতিৰে সিহঁতে
গান গায়। কবিয়ে কৈছে_
চকুৰ পতাত
আস্তাবলত বান্ধি থোৱা দূৰন্ত তৰুণ
তেজী ঘোঁৰা এজাক
পোতাশালত মুকুতিৰ গান গোৱা আন এজাক মানুহ।
আস্তাবলত বান্ধি থোৱা দূৰন্ত তৰুণ
তেজী ঘোঁৰা এজাক
পোতাশালত মুকুতিৰ গান গোৱা আন এজাক মানুহ।
এই পৃথিৱীৰ
চাৰিভাগৰ এভাগ মাটি বাকী তিনিভাগেই পানী। এই সহজ লভ্য পানীৰ বাবেও যে কেতিয়াবা মহাসমৰ হ’ব পাৰে সেই কথা মানুহজাকে বুজি পায়। অর্থাৎ, কবিয়ে ক’ব বিচাৰিছে ‘অযুক্তিকৰ কথাতেই ৰণ লাগি কেতিয়াবা পৃথিৱীত মহাসমৰৰ সৃষ্টি হ’বগৈ পাৰে’। “সিঁহতেও জানে/ পানীৰ বাবেওতো হ’ব পাৰে বিশ্বত মহাসমৰ”। যতি নোহোৱা এই যাত্রাত কবিয়ে সমতাক অগ্রাধিকাৰ দি আগবাঢ়ি যাবলৈ বিচাৰিছে। যাতে, আপোন দেশৰ বায়ু, পানী, মাটিত সকলো ৰাইজে মিলিজুলি সমস্বৰে ব’হাগৰ গান গাবলৈ, শেলুৱৈ ধৰা শিলৰ বুকুতো মাণিকী-মধুৰী ধান
গজাবলৈ সক্ষম হয়।
শেলুৱৈ ধৰা শিলৰ
বুকুত
গজাবলে মাণিকী-মধুৰী ধান
সমস্বৰে গাবলে
ব’হাগৰ নাজিতৰা গান
৩
-প্লাষ্টিক –
(সুব্রত মহন্ত)
গজাবলে মাণিকী-মধুৰী ধান
সমস্বৰে গাবলে
ব’হাগৰ নাজিতৰা গান
৩
-প্লাষ্টিক –
(সুব্রত মহন্ত)
জ্বলিলে জ্বলক
মানুহ
কাৰ কি যায়
হেৰালে হেৰাওক মানুহ
কাৰ কি যায়
প্লাষ্টিকৰ পৃথিৱী
পুতলা মানুহ
ভাগি যাওক
ভৰা ঘৰবোৰ
কাৰ কি যায়…
মাটিত মিলি যাওক
ভোকৰ ভাত
বতাহত বিলিন হওক
নোপোৱাৰ হুমুনিয়াহ
ৰঙা নীলা ছবি আঁকি
সুখী সকলো
কাৰ কি যায় …
গাইগুটীয়া সুখবোৰত
মোহাচ্ছন্ন সময়
আন্ধাৰত হেৰাই আৱেগ
মৰিলে মৰক মানুহ
কাৰ কি যায়…
কাৰ কি যায়
হেৰালে হেৰাওক মানুহ
কাৰ কি যায়
প্লাষ্টিকৰ পৃথিৱী
পুতলা মানুহ
ভাগি যাওক
ভৰা ঘৰবোৰ
কাৰ কি যায়…
মাটিত মিলি যাওক
ভোকৰ ভাত
বতাহত বিলিন হওক
নোপোৱাৰ হুমুনিয়াহ
ৰঙা নীলা ছবি আঁকি
সুখী সকলো
কাৰ কি যায় …
গাইগুটীয়া সুখবোৰত
মোহাচ্ছন্ন সময়
আন্ধাৰত হেৰাই আৱেগ
মৰিলে মৰক মানুহ
কাৰ কি যায়…
সুব্রত মহন্তৰ
কবিতা ‘প্লাষ্টিক’ সহজ-সৰল ভাষাৰে লিখা কবিতা। য’ত মানৱ দৰদী কবি-মনৰ আক্ষেপ নিহিত হৈ আছে। যিমানেই বিজ্ঞান আৰু প্রযুক্তিৰ দিশত দেশ আগবাঢ়ি গৈ আছে, ঠাইতে থাকি মুহূর্ততে পৃথিৱীৰ ইমূৰৰপৰা
সিমূৰলৈ ভ্রমন কৰিব পৰা হৈছে, সিমানেই যেন যান্ত্রিক জীৱনক আকোঁৱালি ল'ব লগাত পৰিছে। সমাজ পাতি বাস কৰিলেও কাষৰজনৰ খবৰ ল’বলৈকো আহৰি নাই আমাৰ। জাতি, মাটি আৰু দেশৰ স্বার্থত আত্ম বলিদান দিয়া কথাটো সুকীয়া, কিন্তু আমি আৱেগৰ বশৱর্তী হৈ হিংসা, ক্রোধ আৰু স্বার্থৰ খাতিৰত এজনে আনজনক হত্যা কৰিছোঁ। মানুহ
যেন বস্তুবাদী পৃথিৱীৰ একো একোটা পুতলাহে।
দয়া, মায়া আদি গুণবোৰ মানুহৰ মাজত নোহোৱাৰ দৰে হৈ মানুহৰ নৈতিক চৰিত্রৰ
অধ:পতন হৈছে। যেন তেজ-মঙহৰ নহয়, আমি যেন একোজন প্লাস্তিকৰহে মানুহ! সেয়ে
কবিয়ে কবিতাত কৈছে__
“জ্বলিলে জ্বলক মানুহ কাৰ কি যায়/হেৰালে
হেৰাওক মানুহ কাৰ কি যায়/ প্লাষ্টিকৰ পৃথিৱী পুতলা মানুহ/ ভাগি যাওক ভৰা ঘৰবোৰ কাৰ
কি যায়”
আনৰ সুখ-দুখৰ প্রতি আমি উদাসীন। মাটিৰপৰা ধান হওকেই বা নহওক, নি:কিনজনৰ ভোক মাটিত মিলি যাওক। সকলো হুমুনিয়াহ বিলিন হৈ পৰক বতাহত। মিছা ৰং, মিছা সপোনৰ আৱেশত উৎফুল্লিত হৈ আমি সকলো সুখী। সেয়ে কবিয়ে কবিতাত লিখিছে_
আনৰ সুখ-দুখৰ প্রতি আমি উদাসীন। মাটিৰপৰা ধান হওকেই বা নহওক, নি:কিনজনৰ ভোক মাটিত মিলি যাওক। সকলো হুমুনিয়াহ বিলিন হৈ পৰক বতাহত। মিছা ৰং, মিছা সপোনৰ আৱেশত উৎফুল্লিত হৈ আমি সকলো সুখী। সেয়ে কবিয়ে কবিতাত লিখিছে_
“মাটিত মিলি যাওক ভোকৰ ভাত/ বতাহত বিলিন
হওক নোপোৱাৰ হুমুনিয়াহ/ ৰঙা নীলা ছবি আঁকি সুখী সকলো/ কাৰ কি যায় …”
অতীতৰ ভৰা যৌথ
পৰিয়ালবোৰ এতিয়া নাই, আপদে-বিপদে, সকামে-নিকামে ওচৰ-চুবুৰীয়াৰ সৈতে যি সম্পর্ক সেয়া কাশ্চিৎহে দেখিবলৈ পোৱা
যায়। আপোন স্বার্থত মগন আমি গাইগুটীয়াকৈ মোহাচ্ছন্ন
হৈ থাকোঁ ৷কেতিয়া ক’ত কেনেকৈ আলিবাটবোৰ, পথাৰবোৰ, নৈ-খাল-বিল ৰঙা হৈ পৰে তাৰ কোনো ঠিকনা
নাই! মানুহৰ মৃত্যুৱে এতিয়ালৈ মানুহৰ বুকু কঁপাই
তুলিব আৰু নোৱাৰে। সেয়েহে কবিয়ে কৈছে_
“আন্ধাৰত হেৰাই আৱেগ/ মৰিলে মৰক মানুহ কাৰ
কি যায়…”
৪
দৃশ্যান্তৰত
(অনিতা গগৈ)
দৃশ্যান্তৰত
(অনিতা গগৈ)
ভুৰুংকৈ উৰি গ'ল পাহাৰবোৰ
লৌহ আস্তৰণ পিন্ধা ঘড়ীবোৰ
লৌহ আস্তৰণ পিন্ধা ঘড়ীবোৰ
বুকুত অচিন বিষ
এটা লৈ
মই চাই ৰ'লোঁ সিহঁতলৈ
মই চাই ৰ'লোঁ সিহঁতলৈ
দুচকুত ভৰ দি
চক্রাকাৰে ঘূৰি ঘূৰি
দেও পাৰি উঠিল এটা স্তম্ভ
চক্রাকাৰে ঘূৰি ঘূৰি
দেও পাৰি উঠিল এটা স্তম্ভ
য'ত শেষবাৰৰ বাবে
আচাৰি মৰা হৈছিল মোক
আচাৰি মৰা হৈছিল মোক
সোণালী ঈগলটোৰ
হাতোৰাত
সেয়া মোৰ মৰমৰ গীটাৰখন
বেতালত বেসুৰা ৰাগিনী
সেয়া মোৰ মৰমৰ গীটাৰখন
বেতালত বেসুৰা ৰাগিনী
তেজত বুৰাই থোৱা
নখবোৰ
ৰক্তাক্ত এটি চিম্ফনী
ৰক্তাক্ত এটি চিম্ফনী
ওঁঠত ওঁঠ গুজি
মাতাল পৃথিৱী
কোনেও নেদেখাকৈ গুচি গ'ল
বন্ধ পিঞ্জৰাৰ চাৰণজন
কোনেও নেদেখাকৈ গুচি গ'ল
বন্ধ পিঞ্জৰাৰ চাৰণজন
সমুদ্রৰ পানীয়ে
ধুই নিকা কৰা
শামুকৰ খোলা এটিত সেয়া
মোৰ প্রস্তৰীভূত আকাশ
শামুকৰ খোলা এটিত সেয়া
মোৰ প্রস্তৰীভূত আকাশ
এই যে এটি
বালিচন্দা
উৰণীয়া মাছৰ ফিছাত
মোৰ স্পন্দিত দেহ ...
উৰণীয়া মাছৰ ফিছাত
মোৰ স্পন্দিত দেহ ...
অনিতা গগৈৰ কবিতা ‘দৃশ্যান্তৰত’ পঢ়ি ভাল পালোঁ। প্রতীক আৰু চিত্রকল্পৰে সুন্দৰকৈ সজাই অনিতা গগৈয়ে কবিতাটোৰ
যোগেদি এটা সত্য আমাৰ সমুখত ডাঙি ধৰিব বিচাৰিছে। সেই সত্যটো হৈছে, সাময়িক হতাশাই
আমাক কষ্ট দিলেও “আপদ-বিপদ যেনেকৈ আহে তেনেকৈয়ে এদিন আঁতৰিও যায়”। ধনাত্মক চিন্তাধাৰাৰে লেখা এই কবিতাটোৰ প্রথম শাৰীত কবিয়ে কৈছে_
ভুৰুংকৈ উৰি গ'ল পাহাৰবোৰ / লৌহ আস্তৰণ পিন্ধা ঘড়ীবোৰ
আমি সকলোৱে জানো
পাহাৰ স্থিৰ, উৰি যোৱাৰ কথাতো বাদেই পাহাৰে লৰচৰ কৰিবও নোৱাৰে। পিছে, কবিতাৰ এই পাহাৰবোৰ দৃশ্যমান সমুখৰ
পাহাৰবোৰ নহয়! অনর্থক হেঁচা প্রদান কৰা
এই পাহাৰবোৰ নিশ্চয়কৈ হতাশাৰ, আশংকাৰ নতুবা
অনাকাংক্ষিত কোনো ভয়ৰ। কেৱল পাহাৰবোৰেই উৰা নাই লগতে
উৰিছে লৌহ আস্তৰণ পিন্ধা ঘড়ীবোৰ। অর্থাৎ লোহাৰ আৱৰণ পিন্ধি নাযায়-নূপুৱাই কৈ ৰৈ থকা যেন অনুভৱ হোৱা সময়ৰ সৈতে চকুৰ পলকতে উৰি গুচি গৈছে পাহাৰ
সদৃশ সমস্ত আৱর্জনাৰ স্তূপ।
নিজৰ বুকুত এটা
অচিন বিষ লৈ কবিয়ে সেই দৃশ্য চাই আছিল। কবিৰ দুচকুত চক্রাকাৰে ঘূৰি দেওপাৰি (চিঞৰি) উঠা এটা স্তম্ভ। কি এই
চিঞৰ! কি এই স্তম্ভ! য’ত শেষবাৰৰ বাবে আচাৰি মৰা হৈছিল কবিক। নিশ্চয়কৈ কবিৰ
আভ্যন্তৰত জাগি থকা, সময়ৰ কোবাল সোঁতত উটি নোযোৱা, কবিক শান্তিৰে থাকিবলৈ নিদিয়া কোনো এক বিশেষ হেঁচা, যি খুঁটিয়াই খুঁটিয়াই কবি মনত অশান্তিৰ সৃষ্টি কৰি আছিল। এই কাৰকে সোণালী বৰণ লৈ ঈগল চৰাইৰ দৰে ছোঁ
মাৰি কবিৰ সকলো সুখ-আনন্দ উৰুৱাই লৈ গৈছিল। যেনেকৈ সোণৰ হৰিণাটোৱে সীতাৰ মন মুহি বনবাসী ৰামচন্দ্রৰ কাষৰপৰা আঁতৰাই লৈ গৈছিল।
সোণালী ঈগলটোৰ
হাতোৰাত
সেয়া মোৰ মৰমৰ গীটাৰখন
বেতালত বেসুৰা ৰাগিনী
সেয়া মোৰ মৰমৰ গীটাৰখন
বেতালত বেসুৰা ৰাগিনী
ইয়াত গীটাৰখন
তেওঁৰ সুখ, আশা আৰু আনন্দৰ প্রতীক য’ত বে-তালত বাজি আছিল বেসুৰা ৰাগিনী।
ওঁঠত ওঁঠ গুজি
মাতাল পৃথিৱী
কোনেও নেদেখাকৈ গুচি গ'ল
বন্ধ পিঞ্জৰাৰ চাৰণজন
কোনেও নেদেখাকৈ গুচি গ'ল
বন্ধ পিঞ্জৰাৰ চাৰণজন
এই সকলো ঘটনা, দেখিও নেদেখা হৈ থকা পৃথিৱীক কবিয়ে এজন
মাতাল লোকৰ সতে তুলনা কৰিছে। সমস্যাৰ সমাধান নহ’লে আমি সাধাৰণ মানুহে যেনেকৈ ঈশ্বৰকে জগৰীয়া কৰোঁ আৰু কওঁ, ‘মোক এই অথাই সাগৰত পেলাই থৈ তুমি ক’ত আছা প্রভূ’! কবিয়ে তেনেকৈ অনুভৱ কৰিছে, তেওঁক পিঞ্জৰাত আবদ্ধ কৰি চাৰণজন অর্থাৎ সৃষ্টিকর্তাই যেন কোনেও নেদেখাকৈ আঁতৰি
গৈছে।
সমুদ্রৰ পানীয়ে
ধুই নিকা কৰা
শামুকৰ খোলা এটিত সেয়া
মোৰ প্রস্তৰীভূত আকাশ
শামুকৰ খোলা এটিত সেয়া
মোৰ প্রস্তৰীভূত আকাশ
এইখিনিলৈকে কবি
শোকৰ সাগৰত বুৰি আছিল আৰু এসময়ত কবিৰ হিয়া শাঁত পৰিছিল! কাৰণ, এই সমস্ত দৃশ্যৰ
বর্ণনাৰ শেষত কবিৰ উপলব্ধি হ’ল যে তেওঁৰ দুখৰ সমুদ্রৰ তীৰতেই, পানীয়ে ধুই নিকা কৰা এটা শামুকৰ খোলাত প্রস্তৰীভূত
তেওঁৰ আকাশখন অর্থাৎ শিল হৈ পৰা বুলি ভবা তেওঁৰ
সপোনবোৰ সঞ্চিত হৈ আছে। এই এটি বালিচন্দা সদৃশ ক্ষুদ্র চেতনাই কবিৰ মনত আশাৰ সঞ্চাৰ কৰি উৰুৱাই লৈ গ’ল, মাছ হৈ কবি আৰু পানীত নাথাকিল, হৈ পৰিল চৰাই আৰু যিয়ে তেওঁৰ নিথৰ দেহলৈ পুনৰ স্পন্দন অর্থাৎ উৎসাহ উদ্দীপনা
ঘূৰাই আনিলে।
এই যে এটি
বালিচন্দা
উৰণীয়া মাছৰ ফিছাত
মোৰ স্পন্দিত দেহ ...
উৰণীয়া মাছৰ ফিছাত
মোৰ স্পন্দিত দেহ ...
এই সপ্তাহৰ কবিতাৰ
নথি প্রস্তুত কৰি দিয়া ৰেখা বৰুৱালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰেখা বৰুৱাই কবি
অনুৰাগ শইকীয়াৰ ‘হাৱাই চেন্দেল’, নামৰ কবিতাটো নথি ভুক্ত কৰিছে যদিও
ইতিমধ্যে পুনৰীক্ষণ (৪৯): চতুৰ্থ খণ্ড: ২৪-৩০ জুন, ২০১৭: পৰ্যালোচক: প্ৰশান্ত কলিতাই তেখেতৰ পর্যালোচনাত ইতিমধ্যেই কবিতাটো সামৰি
লৈছিল। অর্থাৎ কবিতাটো জুন মাহৰ শেষৰ সপ্তাহৰহে আছিল। কবিতাৰ নথি প্রস্তুত কৰোতে অসাৱধান হ’লেই অজানিতে হোৱা এই ধৰণৰ ভুল-ভ্রান্তিৰ সম্ভাৱনা থাকে।
পর্যালোচক হিচাপে দ্বিতীয় বাৰলৈ আখৰুৱাৰ মজিয়াত ভূমুকি মাৰিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আখৰুৱালৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই সপ্তাহৰ কবিসকললৈ কাব্যিক শুভেচ্ছা জনাই মোৰ পর্যালোচনা সামৰিছোঁ।
পর্যালোচক হিচাপে দ্বিতীয় বাৰলৈ আখৰুৱাৰ মজিয়াত ভূমুকি মাৰিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আখৰুৱালৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই সপ্তাহৰ কবিসকললৈ কাব্যিক শুভেচ্ছা জনাই মোৰ পর্যালোচনা সামৰিছোঁ।
ৰৌচন আৰা বেগম
পৰ্যালোচক -আখৰুৱা: literati
১৪ আগষ্ট, ২০১৭
……………………………………………………পৰ্যালোচক -আখৰুৱা: literati
১৪ আগষ্ট, ২০১৭
No comments:
Post a Comment