Tuesday, 13 September 2016

মৰ্মান্তিক --- ৰাজীৱ ডেকা

আখৰুৱাৰ কবিতা: ছেপ্তেম্বৰ ,2016
মৰ্মান্তিক
ৰাজীৱ ডেকা
লেঙেৰা দুপৰীয়াটো
মটিয়া কুকুৰটোৰ দৰে জিভা উলিয়াই
বহি আছিল পাৰৰ পকা চপৰাবোৰত
কাঠখোলা এটাই খুটি খুটি
হাড়ৰ মজ্জাত
ক'লা পোকটো বিচাৰিছিল
জিঞাঁবোৰে ৰদৰ ফেৰীৱালা হৈ ঘুৰি আহি
মানুহৰ থৰ পৰা চকুবোৰত
ভাগৰুৱা পাখি মেলি দিছিল
আৰু লাহে লাহে
খালটোৰ পুনিবোৰ শুকাবলৈ লৈছিল
ওপঙি থকা ঢেলা শৰীৰটোত
তেতিয়াই মুকলি হৈ পৰিল
তাইৰ ফটা কাপোৰচটাত কোঁচ খাই থকা
আন্ধাৰৰ চিঞৰবোৰ
কোনোবাই ক'লে-
তাই ধুনীয়া আছিল।

No comments:

Post a Comment