Saturday, 7 May 2016

" ডাইনী "

" ডাইনী "
   -- ৰূপম সাউদ
মাজনিশা চিঞৰ এটাৰ ভগ্নাংশত
সাৰ পাওঁ
বাঁহক বাঁহে কেৰকেৰায়
শুকান পাতে খৰমৰায়
জিকাৰ খাওঁ
কোৱাকুইত শুনিছো
এই পৰত দেও ওলায়
ডাইনী ওলায়
প্ৰশ্ন এটাই দোলা দিয়ে
ভূত নে ভ্ৰম
ভয় নে ভূত
এতিয়া বুজি উঠিছো
ক'ত থাকে ভূত
কিয় উচুপে ডাইনী
দোভাগ ৰাতি
কথাবোৰ ওলালেই গধুৰ ভাৱ এটাত
মেৰ খাওঁ
আমি থকা বঙলাটোৰ দাঁতিতেই
এখন জনজাতীয় গাঁও
মানুহ এগৰাকী আহে হাবিতলীয়া বাটে
খৰি লুৰে
বনঢেঁকীয়া , মাটিআলু বিচাৰে
একালৰ কথা
মানুহগৰাকীৰ দুটা পুতেক
গজ্গজীয়া
এনিশাৰ নৰিয়াতে ঢুকায়
পইচা নাই , চিকিৎসা নাই
বন দৰবে নাৰাখিলে
অকাল শোকে তাইক খুন্দে
বুকুত পাতে শ্মশান
মতাটো মদাহী
বুৰে নিচাত
দিনে-ৰাতি
খগ্ৰাবাৰীৰ ফালে এবাৰ মেলাত
তাইৰ মানুহজন যায়
যি গ'ল আজিলৈ কোনেও দেখা নাই
দিন যায়
মানুহজনী হালে
জঁটাই ধৰে চুলি
ছালত ৰোগ
কুন্ধচ মুখ , ঢেলা চকু
তাইৰ পঁজা এলাগী
উৰুৱা মূধচত ওলমে চুঙাবাদুলী
চোতালত পিছল শেলাই
বগাই লতা
অতীত স্মৃতিত আঁত হেৰাই
হঠাতে তাই ৰাউচি জোৰে
বকবকাই , ভোৰভোৰাই
গাঁৱৰ ভিতৰত কথা বাগৰে
তাই কুলক্ষণী
তাইৰ ঘৰত পিশাচ
গাঁৱৰ বাবে অপায়-অমংগল
চকুৰ পাকত বিদ্বেষ আৰু জিঘাংসু আলাপ
এনেতে এদিন কৃষ্ণপক্ষৰ নিশা
তাইৰ ঘৰত শিল পৰিল
লাঠী জোঙৰ কোব পৰিল
ঘৰ জ্বলিল
ৰাতি পুৱাল
খবৰ আহিল
আগনিশা হেনো
ডাইনী মৰিল ।
- ৰূপম সাউদ

"ক'তেনো আছা মোৰ কলিজাৰ আই... "(তৃতীয় খণ্ড)

ধাৰাবাহিক উপন্যাসৰ তৃতীয় খণ্ড ..6/5/16 ....০০০০০
এখন কেনভাচ অজন্তাৰ …..
প্রথমবাৰ গৰ্ভধাৰণ কৰোঁতে অজন্তা এজনী পাটমাদৈ হৈ পৰিছিল । এজনী ‘আগলি ডাকলিং’ হঠাৎ যেন এক ৰূপহ কোঁৱৰৰ যাদুদণ্ডৰ পৰশত সপোন কুঁৱৰী পাটমাদৈ হৈ পৰিছিল ! ৰূপহ কোঁৱৰ – অজন্তাৰ হাঁহি উঠে । নাই ৰূপহ কোঁৱৰৰ তাইৰ প্রতি কোনো প্রেম ,অনুৰাগ নাই । ৰূপহ কোঁৱৰৰ যাদুদণ্ড ডালৰ স্পৰ্শৰ প্রভাৱ আছিল অতি ক্ষন্তেকীয়া! মাত্র দুটা মাহ – দুটা মাহতে যাদুদণ্ডৰ অলৌকিক পৰশ ভয়ংকাৰ ভাবে বিষাদময় হৈ পৰিছিল । তেজৰ চেকুৰা হৈ টোপা টোপে খহি পৰিছিল তাইৰ সপোন কুঁৱৰী , পাটমাদৈৰ ৰূপ !!
ইমান সোনকালে মাক হ’বলৈ তাইৰ ইচ্ছা নাছিল । কিন্তু তাই অনুজিতক এই ইচ্ছাৰ কথা ক’ব নোৱাৰিলে । এই কথা কোৱা হ’লে অনুজিতে হয়তো তাইক নিজৰ জীৱনৰ পৰাই বিদায় দিলেহেঁতেন ! কিনো জীৱন এটা তাই যাপন কৰি আছে ! তথাপিও ইমান যে মোহ জীৱনটোলৈ তাইৰ ! বিয়াৰ আগতে লুকাই চুৰকৈ হেমন্তৰ লগত পাৰ্কলৈ যোৱা , চিনেমা চোৱা আৰু এদিন তাৰ ভাৰাঘৰটোলৈ গৈ নিজৰ ছোৱালী জীৱনৰ অমূল্য সম্পদটো হেৰুৱাই থৈ অহা দিনবোৰেই যেন তাইৰ বাবে বেচি ভাল আছিল ! তাইৰ ঔৰষত হেমন্তৰ প্রেমৰ অংকুৰ এটি বাঢ়ি আহিছিল । ঠিক সেই সময়তে প্রতিপত্তিশালী সুন্দৰ যুৱক অনুজিতৰ ঘৰৰ পৰা বিয়াৰ প্রস্তাৱ পাই তাই আনন্দত অধীৰ হৈ পৰিছিল । কি কৰিব তাই সামান্য জুনিয়ৰ ইঞ্জীনিয়াৰ হেমন্ত কলিতাৰ লগত বিয়া হৈ !! ক’ৰ পুৰণা চুইফ্ট ডিজায়াৰ আৰু ক’ৰ বি এম ডাব্লু ডি !!হেমন্তক নজনোৱাকৈয়ে লগৰ পলী আৰু চুইটিক লৈ তাই মেডিকেল কলেজখনলৈ গৈ নিজকে মুক্ত কৰি আহিছিল । উস সিদিনা তাইৰ কিমান যে খং উঠিছিল – ইণ্টাৰ্নশ্বিপ কৰি থকা সেই অভং ডাক্তৰটোলৈ । তাইক সি নৈতিকতাৰ জ্ঞান দিবলৈ গৈছিল – প্রটকলৰ কথা কৈছিল । এতিয়া ভাবিলে তাইৰ খং নুঠে । নিজৰ ওপৰতে পুতৌ জন্মে । সেই অভং ডাক্টৰ শ্যামক যে বিয়াৰ পিছত অনুজিতৰ সম্পৰ্কীয় হিচাপে পাব – সেই কথা তাই সপোনতো ভবা নাছিল ! কিমান যে ভাল লৰাটো – এবাৰলৈও সি তাইৰ পুৰণা কথাবোৰ নুলিয়ালে । যেন সি সকলো পাহৰি গ’ল !
সিদিনা তাই মেডিকেলৰ এফ /পি ৱাৰ্ডৰ পৰা মুক্ত মনে পলী আৰু চুইটিৰ লগত হাঁহি হাঁহি ওলাই আহিছিল । বিষ আছিল – ৰক্তক্ষৰণো বহুত হৈছিল । কিন্তু তথাপিও মনটো একেবাৰে পাতল হৈ পৰিছিল । তাইৰ শৰীৰৰ পৰা কাটি চিঙি ডাষ্টবিনত পেলাই দিয়া সেই ক্ষুদ্র প্রাণটোৰ কথা ভাবি তাইৰ অলপো দুখ লগা নাছিল । কিন্তু প্রথমবাৰ অনুজিতৰ লগত চহৰৰ সবাটোতকৈ দামী নাৰ্চিংহোমখনৰ সেই বিশেষ ৰূমটোৰ পৰা ওলাই আহোঁতে শৰীৰৰ বিষ আৰু ৰক্তক্ষৰণতকৈ মনৰ বিষ আৰু অনুতাপৰ ক্ষৰণ বেচি হৈছিল । সেই বিয়াৰ আগতে তাই মাৰি কাটি দেহৰ পৰা বাহিৰ কৰা প্রাণটোতকৈও ক্ষুদ্র এটা প্রাণৰ ইমান যে শক্তি থাকিব পাৰে – তাই ভবাই নাছিল ! অনুজিতে তাইক সন্দেহ কৰিছিল – ঘৃণা কৰিছিল । আস কি যে এটা দিন আছিল সেইয়া ! অনুজিতে মাতবোল নকৰাকৈ সিহঁতৰ এপাৰ্টমেণ্টৰ লিফ্টৰ দুৱাৰ মুখৰ ওচৰত তাইক এৰি থৈ গৈছিল । সেইবাৰ তাইৰ হেনো জাৰ্মান মিজলচ হৈছিল । ৰক্তক্ষৰণ ভালদৰে শেষ হবলৈ নাপাওঁতেই অনুজিতে তাইক চহৰখনলৈ নতুনকৈ অহা স্ত্রী ৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গৈছিল । সেইবাৰ ডাক্টৰে তাইৰ শৰীৰৰ ওপৰত কেইবাটাও পৰীক্ষা নিৰীক্ষা চলাই গম পালে যে তাইৰ কিবা TORCH ( Toxo plasma Rubella CMV Harpes/Hepatitis ) নামৰ ইনফেকছন এটা হৈছে । ভাল হ’বলৈ কিছু সময় লাগিব বুলি ডাক্তৰে ক’বলৈহে পালে –অনুজিতে তাইক পুনৰ বেলেগ এজন ডাক্টৰৰ ওচৰলৈ নিলে । ডা: মিহিৰ দত্ত । এইজন ডাক্তৰে হাজাৰ হাজাৰ নিঃসন্তান দম্পত্তিৰ শূণ্য কোলা ভৰাই দিছে । ডাক্তৰ নহয় -ভগৱান এইজন ! অজন্তাৰ মন বোলা বস্তুটো সৰুৰে পৰা প্রায় নথকাৰ দৰেই । কেৱল শৰীৰ সৰ্বস্ব তাইৰ মন । গতিকে সেই শৰীৰটোক অনুজিতৰ অনুৰাগহীন কামনাৰ বলি হ’বলৈ সজাই পৰাই দিওঁতে বা ডাক্টৰৰ পৰীক্ষা নিৰীক্ষাৰ বাবে গিনিপিগৰ দৰে আগবঢ়াই দিওঁতেও অলপো বেজাৰ হোৱা নাছিল । বেজাৰ লাগে তাইৰ সমবয়সী বা চিনাকি কোনোবা মহিলা মাক হৈছে বুলি গম পালে বা দেখিলে । নিজৰ শিশু সন্তানক লৈ গৌৰৱেৰে ইফালে সিফালে যোৱা মাকবোৰক দেখিলে তাইৰ বুকুৰ ভিতৰত এটা অংশ ভমভমাই জ্বলি উঠে ! ডা: মিহিৰ দত্তই প্রথম সাক্ষাৎকাৰৰ দিনাই মৰম আৰু আস্থাৰে তাইৰ বুকুৰ ভিতৰৰ জ্বলি যোৱা অংশবোৰত শীতল মলম লগাই দিছিল । অনুজিতো সুখী হৈছিল । নিজৰ সমস্ত ধন দৌলত ডা: মিহিৰ দত্তক দিবলৈ সি সাজু হৈছিল ।
: “চাৰ , আমাক সোনকালে এটি সন্তান লাগে । আপুনি হাজাৰ হাজাৰ মানুহৰ আশা পুৰণ কৰিছে । আমাৰ আশাও পুৰণ কৰিব লাগিব ।”- অনুজিতে কিছু দাবীৰ সুৰতে ডাক্তৰক অনুৰোধ কৰিছিল । নিতৌ কতজন নিঃসন্তান দম্পত্তিৰ দুখ , সুখ,আশা নিৰাশা, হাঁহি আৰু হুমুনিয়াহৰ লগত মুখামুখি হয় ডা: মিহিৰ দত্ত । মুখ মেলিলেই এগৰাকী সন্তানকাংখী পুৰুষ বা মহিলাৰ ভিতৰৰ আকাংক্ষাৰ পৰিমাণ তেওঁ বুজি পায় । এইহাল দম্পত্তিৰ মহিলা গৰাকীতকৈ পুৰুষজনৰহে যে সন্তানৰ প্রতি তীব্র আকাংক্ষা সেয়া বুজি পাবলৈ অলপ সময়ো লগা নাছিল তেখেতৰ । নিজ তেজ মঙহৰ এটি সন্তান – নিজৰ অস্তিত্ব এই পৃথিৱীত সগৌৰৱে এৰি থৈ যাবৰ বাবে পৃথিৱীৰ সকলো মানুহ কি যে ব্যাকুল ! সেই ব্যাকুলতাৰে সুবিধা লৈ মিহিৰ দত্তৰ দৰে হাজাৰ হাজাৰ চিকিৎসকে নিজৰ জীৱন ব্যতিত কৰিছে । এনে বহু চিকিৎসকৰ পাৰ্থিব জীৱন ধন দৌলতেৰে ভৰি পৰিছে । নিঃসন্তান দম্পত্তিৰ কোলালৈ কেঁচুৱা আহক বা নাহক চিকিৎসকৰ পেৰালৈ কিন্তু টকা আহিবই । কেঁচুৱা হলে মৰম আৰু ভক্তিৰ সহিত টকা আহে আৰু কেঁচুৱা নহলে গালি আৰু বিতৃষ্ণাৰ সৈতে টকা আহে । আজিকালি ডা: মিহিৰ দত্ত নিৰ্বিকাৰ হৈ পৰিছে । ভক্তি আৰু গালি – একোৱেই তেওঁক স্পৰ্শ কৰিব নোৱাৰে । তেওঁ কেৱল মাত্র নিজৰ প্রাপ্য টকাখিনি আৰু ৰোগীৰ চিকিৎসাৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাখিনিকহে গুৰুত্ব দিয়ে । মানুহৰ শৰীৰটো কিমান যে বিচিত্র – বিশেষকৈ মহিলাৰ শৰীৰত কিমান যে জটিলতা আৰু বিস্ময় আছে –সেয়া চিকিৎসা শাস্ত্র নপঢ়া মানুহে বুজি পাবলৈ কঠিণ । এজন পুৰুষতকৈ এগৰাকী মহিলাৰ গৰ্ভধাৰণত জটিলতা বা বাধা থকাৰ সম্ভাবনা অধিক । সকলোবোৰ জটিলতা ধৰা পেলোৱাটোও বৰ সহজ কাম নহয় । তথাপিও সৃষ্টিৰ প্রতিবদ্ধতাক বিজ্ঞানে প্রত্যাহ্বান জনাই আহিছে ।
ডা: মিহিৰ দত্তৰ পৰা অজন্তাই গম পাইছিল তাইৰ TORCH নামৰ ইনফেকছনটো ভাল হৈছিল যদিও PCOD (Polycystic Ovarian Disease ) নামৰ অন্য এটা আহুকালে দেখা দিছিল । তাইৰ অভাৰিত অলপ চৰ্বিও জমা হৈছিল । ডাক্তৰে ওজন অলপ কমাবলৈ কোৱাৰ পিছদিনাই অনুজিতে তাইক ৰাতিপুৱা পাঁচবজাতে জগাই ৰাস্তাত খোজ কাঢ়িবলৈ পঠিয়াব ল’লে । সম্পূৰ্ণ এক ঘণ্টা খৰকৈ ঘাই ৰাস্তাত অকলে খোজ কাঢ়িবলৈ তাইৰ অলপ বেয়া্ লাগে । অনুজিতক সেই কথা ক’বলৈহে পালে – সি তাইক চুইহে নিকিলালে । লগতে সি তাইক এই বুলিও হুমকি দিলে –
: “ এইবাৰ যদি কিবা গণ্ডগোল হয় আৰু মোক এটা বাচ্চা দিব নোৱাৰা– তেনে তোমাক মই একেবাৰে মাৰৰ ঘৰলৈ পঠিয়াই দিম !” (আগলৈ ....)
LikeShow more reactions
Comment
Comments
Tilak C Nath 'ক'তেনো আছা মোৰ কলিজাৰ আই' উপন্যাসৰ তৃতীয় খণ্ডও পঢ়িলো। সুন্দৰ আপোনাৰ প্ৰকাশভংগী।ভাল লাগিল।পৰৱৰ্তী খণ্ডবোৰলৈ বাট চাই ৰ'লো।
LikeReply122 hrs
Nath Pranjyoti frown emoticon এই দুদিনৰ মোৰ চিন্তা আৰু আপোনাৰ উপন্যাসৰ পুৰুষ চৰিত্ৰ … দুয়োটাই মন বেয়া কৰিলে। লিখি যাওঁক
LikeReply222 hrs
Rina Buragohain পঢ়ি থাকিবলৈ মন যোৱা কাহিনী ।
এনেকুৱাইনে পুৰুষ !
আৰু এনেকুৱা নাৰী যি নিজৰ প্ৰেম বিসৰ্জন দিব পাৰে বিলাসী পৃথিৱীৰ কাৰণে ।...See More
LikeReply321 hrs
Malin Majumdar পঢ়ি ভাল লাগিল। বাস্তৱধৰ্মী কাহিনী।
LikeReply15 hrs
Anita Gogoi জটিল মানৱ চৰিত্রৰ সাৱলীল ৰূপায়ন। ক্রমাগতভাৱে বাঢ়ি আহিছে পঠনৰ স্বাদ। ভাল লাগিছে অনুপমা ।
LikeR

ক'তেনো আছা মোৰ কলিজাৰ আই ...(দ্বিতীয় খণ্ড)

দ্বিতীয় খণ্ড ( 4/5/16) ooooooooooooooooooooooooooooooo

 বেলকণিৰ দক্ষিণ-পূৱ কোণাটোতে অৰুণিমাই অতি সযতনে এটা টাবত সৰু জাতৰ কমলা পুলি এটা ৰুইছিল । অৰ্নামেণ্টেল অৰেঞ্জ বুলি কয় ইয়াক সকলোৱে । তাইৰ চকুৰ আগতে পুলিটো লহপহকৈ বাঢ়ি এদিন আমোল মোলাই ফুল ফুলিবলৈ ধৰিলে । আহ কি যে সুন্দৰ গোন্ধ । কমলা ফুলৰ গোন্ধ – নেমু ফুলৰ গোন্ধৰ লগত একেই । অৰুণিমাই দিনটোত কেইবাবাৰো বেলকণিটোলৈ ওলাই আহি দীঘল দীঘল উশাহ লয়হি । মনটো অজান এক উল্লাহত ভৰি উঠে । সেই ফুলবোৰ সৰু সৰু সেউজীয়া মাৰ্বলৰ আকৃতিলৈ ৰূপান্তৰ হৈ কিছু পুৰঠ হোৱাৰ পিছত এতিয়া সোণসেৰীয়া ৰং ধৰিছে । ৰাষ্ট্রপতি ভৱনৰ বাগিছাত থকা কমলা গছ কেইজোপালৈ মনত পৰে তাইৰ । অকণমাণি , উজ্জ্বল পুৰঠ সোণৰ দৰে ৰঙৰ সুমথিৰা কেইটাই যেন তাইৰ বেলকণিলৈ ৰাষ্ট্রপতি ভৱনৰ বাগিছাৰ দৰেই প্রাচ্যুৰ্য কঢ়িয়াই আনিছে !
তাইৰ মৰমৰ সেই কমলজোপালৈ আঙুলিয়াই শ্যামে হঠাৎ তাইক সুধিলে :
: “মা, এই কমলাগছজোপা তোমাৰ বৰ মৰমৰ ন’ ?”
: “বৰ ভাল লাগে মোৰ এই গছজোপা । অকণমাণি যদিও কিমান পৰিপূৰ্ণ আৰু ৰং ৰসেৰে ভৰি পৰা এইজোপা গছ !”- তাই ক’লে ।
: “ এই গছজোপাৰ পৰা কমলা এটা লৈ মই যদি বহুত জোৰেৰে চেপা মাৰি দিওঁ- তেনে কি হ’ব বাৰু ?” শ্যামে গহীণ ভাবে অৰুণিমাক সুধিলে ।
: “ কিনো হ’ব আৰু ! সৰু হলেও ৰসেৰে ভৰপূৰ এই কমলাবোৰ । তুমি চেপি দিলে ইয়াৰ পৰা চৌ চৌৱাই ৰসেই ওলাব !” অৰুণিমাই ইষৎ হাঁহিৰে ক’লে ।
: “ বাৰু মা , এই কমলাবোৰৰ পৰা কি ৰস ওলাব। কমলা ৰসেই ওলাব নে ? ইমান সৰু কমলা । এটা সৰু বেলকণিৰ সৰু টাবত জন্ম হোৱা কমলা !”
অৰুণিমাই জোৰকৈ হাঁহি মাৰি শ্যামক ক’লে –
: “কিয় সৰু লৰাৰ দৰে কথা কৈছা শ্যাম - সৰু বেলকণিৰ সৰু টাব এটাত জন্ম হলেও এই কেইটা কমলা ভৰপূৰ ৰসেৰে ভৰি আছে । গতিকে তুমি ইয়াৰ এটা কমলা হেঁচিলে ইয়াৰ পৰা কমলা ৰসই ওলাব বাচা !”
এইবাৰ শ্যামে আৰু অধিক গহীণ হৈ ক’লে ,
: “ মা , কমলাটোৰ ভিতৰত কমলা ৰস আছে – সেয়ে তুমি হেঁচা মাৰিলে – ইয়াৰ পৰা কমলাৰ ৰসেই ওলাব । যদিও স্বাভাৱিক পৰিবেশত ডাঙৰ হোৱা নাই – তথাপিও এই কমলাটোৰ পৰা মিঠা মিঠা কমলা ৰসেই ওলাব । কাৰণ কমলাটোৱে নিজৰ ভিতৰত মিঠা কমলা ৰস ভৰাই থৈছে । যদি তিতা ৰস ভৰাই থয় – তেনে ইয়াৰ পৰা তিতা ৰসেই ওলাব- নহয় জানো ?”
: “ হয় , কিন্তু তুমি মোক কিয় এইটো কথা ক’লা শ্যাম – মই ঠিক ধৰিব পৰা নাই !” - এইবাৰ অৰুণিমাও কিছু গহীণ হৈ পৰিল ।
: “মা, জীৱনটোৱে যদি আমাক হেঁচা মাৰি ধৰে – চেপি খুন্দি পেলায় – আমাৰ মাজৰ পৰা সেই ৰসেই ওলাব –যি ৰস আমি ভিতৰত ভৰাই থৈছো । নহয়নে বাৰু ? যদি জীৱনৰ চেপাত আমাৰ মাজৰ পৰা দুখ , খং, গালি গালাজ ওলায় – ইয়াৰ অৰ্থ হব আমাৰ ভিতৰত এইবোৰ বস্তুৱেই ভৰি আছে । কিন্তু আমি যদি আমাৰ ভিতৰখন কেৱল মৰম , ভালপোৱা আৰু প্রেমেৰে ভৰাই থওঁ – জীৱনে যিমান হেঁচিলে, খুন্দিলেও আমাৰ মাজৰ পৰা কেৱল মৰম , ভালপোৱা আৰু প্রেমহে বাহিৰ হ’ব !” –শ্যামে শান্ত ভাবে ক’লে ।
অৰুণিমাৰ জীৱনৰ প্রতিটো কোঁহত কেৱল মৰম, ভালপোৱা আৰু আশাই ভৰাই থোৱা আছে । কেতিয়াবা জীৱনৰ কোনোৱা কেঁকুৰিত হয়তো অলপ বিষাদ , নিৰাশা বা নিৰানন্দই প্রৱেশ কৰে – সেয়ে তাই মাজে মাজে দুখৰ পুখুৰী খান্দে । কিন্তু শ্যামৰ কথাখিনিয়ে তাইক আজি আকৌ জীৱনৰ বিষয়ে নতুনকৈ ভাবিবলৈ সুবিধা দিলে। জীৱনৰ প্রতিটো দিনেই নতুন শিক্ষা , নতুন জ্ঞানৰ এটা পৃষ্ঠা হ’ব লাগে । যিদিনাই আমি জীৱনৰ পৰা এটা নতুন শিক্ষা, নতুন জ্ঞান ল’ব নোৱাৰোঁ, সেইদিনাই জীৱনটোৰ এটা পৃষ্ঠা অথলে যায় । তাইৰ গুৰু চেনচেই ড: ডাইচাকু ইকেডাই ঠিকেই কৈছিল “Life is a never ending struggle to grow” ।
লৰালৰিকৈ তাই দুখৰ পুখুৰীটো পুতি পেলালে । বেলকণিৰ আনটো টাবত ৰমক জমক কৈ ফুলি থকা খৰিকাজাঁই জোপাৰ পৰা আলফুলে চাৰিপাহ ফুল চিঙি আনিলে । দুহাতত ফুলকেইপাহ লৈ নাকৰ ওচৰলৈ আনি দীঘলকৈ দুবাৰমান উশাহ ল’লে । মনটো এক পবিত্র সুখানুভূতিৰে ভৰি উঠিল । বিশেষ কেতবোৰ গোন্ধ,সুৰ আৰু শব্দই মানুহৰ আবেগৰ পৃথিৱীখন ওলট পালট কৰি দিব পাৰে । ঘন্টাৰ পিছত ঘণ্টা নষ্টালজিয়াত ডুবাই ৰাখিবলৈ পাৰে । খৰিকাজাঁই ফুলৰ গোন্ধ তাইৰ লগতে বেদান্তৰো বৰ প্রিয় । এই গোন্ধই তাইক শৈশৱৰ সোণোৱালী দিনবোৰলৈ - অসমৰ মাকৰ ঘৰখনলৈ লৈ যায় । বেদান্তৰো হেনো খৰিকাজাইৰ গোন্ধ পালে নিজৰ গাঁৱৰ পুৰণা ঘৰটোলৈ য’ত সি ককাক আৰু আইতাকৰ লগত বহুবোৰ আনন্দৰ মূহূৰ্ত পাৰ কৰিছিল – সেই দিনবোৰলৈ মনত পৰে । তাইৰ ওপৰত ৰুষ্ট হৈ থকা বেদান্তক এই ফুলকেইপাহ দিব । মনতে তাই সিদ্ধান্ত ল’লে বেদান্তই তাইক পত্নী হিচাপে পাই অসুখী হলেও , তাই কিন্তু বেদান্তক লৈয়ে সুখী হ’ব আৰু জীৱনৰ শেষ মূহূৰ্তলৈকে তাই বেদান্তক সুখী কৰিবলৈ চেষ্টা কৰি যাব । (আগলৈ ...)
LoveShow more reactions
Comment
Comments
Santanu Changmai লেখাৰ মাজত থকা ধনাত্মক দিশটোৰ বাবে লাইক কৰিছোঁ। বাকীখিনিও পঢ়ি লওঁ চোন ।
UnlikeReply2May 4 at 6:32pm
Mousumee Bori আপোনাৰ লেখাত সদায়ে "সুন্দৰ জীৱন-দৰ্শনৰ" ব্য়াখা থাকে সেয়ে পঢ়ি থাকিলে পঢ়ি থাকিবলৈ মন যায় ৷উপন্য়াসৰ দ্বিতীয় খণ্ডই প্ৰথম খণ্ডই মনলৈ যি এক ভাৱ কঢ়িয়াই আনিছিল তাক, মানে মোৰ দৰে পাঠকক এক সুন্দৰ স্বস্তিলৈ ৰূপান্তৰ কৰা যেন লাগিল৷ তাতেই হয়তো লেখকৰ কৃতিত্ব সোমাই থাকে৷

পিছৰ খণ্ডলৈ হেঁপাহেৰে বাট চালোঁ ধুনু বা 



Nath Pranjyoti আগবাঢ়ক। শুভকামনা আছে।
LikeReply1May 4 at 8:41pm
Tilak C Nath পঢ়িলো।ভাল লাগিল।লিখনি আগবঢ়াই গৈ থাকক।
LikeReply1May 4 at 9:48pm
Kalyani Barman ভাল লাগি আহিছে ।আগলৈ ....
LikeReply1May 4 at 10:24pm
Subrata Goswami জীৱনটোৱে যদি আমাক হেঁচা মাৰি ধৰে – চেপি খুন্দি পেলায় – আমাৰ মাজৰ পৰা সেই ৰসেই ওলাব –যি ৰস আমি ভিতৰত ভৰাই থৈছো । bhal lagil ba smile emoticon
LikeReply1May 4 at 10:36pm
Akhtara Kalita মৰম, ভালপোৱাৰে ভৰি থাকিলে খং, দুখ থাকিবই নোৱাৰে ৷ সুন্দৰ দৰ্শন ৷
LikeReply1May 5 at 12:00am
Nirupama Deka Aagaloi baat saam.
LikeReply1May 5 at 7:21am
Anita Gogoi জীৱনবোধৰ কথাৰে মন চুইচে দ্বিতীয় খণ্ডইও । কিন্তু কমলা টেঙাৰ বিষয়ে কৰা কথোপকথনখিনি কিছু অন্যধৰণে লিখিলে হয়তো বেছি ভাল লাগিব।

like emoti