Sunday, 6 November 2016

পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' শীৰ্ষক কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা-

পুনৰীক্ষণ শিতান :
কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা : আলোচক- বিচিত্ৰ কুমাৰ মেধি
_________________________________________
পুনৰীক্ষণ শিতানৰ ব্যৱস্থাপকৰ দুআষাৰ:

পুনৰীক্ষণ শিতানত পোন প্ৰথম বাৰৰ বাবে গোটৰ সদস্য, কবিৰ কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা গোটৰ সদস্য পৰ্যলোচকৰ জৰিয়তে আগবঢ়াবলৈ লৈছো। এই প্ৰক্ৰিয়াত ভৱিষ্যতে গোটৰ অন্য সদস্য, কবিৰ কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা আগবঢ়াবলৈ আমি প্ৰয়াস কৰিম। সেয়ে এই প্ৰয়াসলৈ মাননীয় সদস্যসকলৰ সহযোগিতা কামনা কৰিলোঁ।
এই প্ৰথমটো প্ৰয়াসত বিচিত্ৰ কুমাৰ মেধিয়ে যুগুতোৱা আখৰুৱা গোটৰ সদস্য, কবি পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' শীৰ্ষক কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা আগবঢ়োৱা হ'ল।
ধন্যবাদ,
মনোহৰ দত্ত
ব্যৱস্থাপক, পুনৰীক্ষণ শিতান।
আখৰুৱা : literati গোট।
১৬ মে', ২০১৬
_________________________________________________

পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' শীৰ্ষক কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা-

কবিতাৰ তাত্ত্বিক কথাবোৰ নজনাকৈ কবিতাৰ পৰ্যালোচনা বা সমালোচনা কৰিবলৈ প্ৰয়াস কৰাটো শিশু এটিয়ে থিয় -দঙা দিব পৰা নৌ-হওঁতেই দৌৰিব বিচৰাৰ দৰে কথা। কিন্তু বহুতৰ দৰে ময়ো কোনো কোনো সময়ত কিছুমান দুঃসাহস কৰি ভাল পাওঁ। তেনে এক দুঃসাহস আজি কৰিব খুজিছোঁ…। কথাটো চিধাকৈ কওঁ, উদীয়মান কবি পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' শীৰ্ষক সদ্য প্ৰকাশিত কাব্য গ্ৰন্থখনৰ চমু পৰ্যালোচনা এটি আগবঢ়ালোঁ। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত কিবা বিসংগতি দেখা পালে সুধী সমাজে আঙুলিয়াই দি আমাক কৃতাৰ্থ কৰে যেন। আপোনালোকৰ মতামতে কবি আৰু পৰ্যালোচকক নিশ্চিতভাৱে উপকৃত আৰু উৎসাহিত কৰিব।

কবিতাক নিৰ্দিষ্ট সংজ্ঞাৰে কোনেও বান্ধিব নোৱাৰে। আচলতে কবিতা নিজেই নিজৰ সংজ্ঞা। ছেইন্ট আগাষ্টানে কোনো এক প্ৰসংগত কৈছিল, 'যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক'ব পাৰি; কিন্তু সুধিলে একো ক'ব নোৱাৰি, সেয়ে কবিতা।'

এক প্ৰকাৰ ক'ব গ'লে কবিতা অলংকৃত শব্দশিল্প। কবিৰ নিৰ্বাচিত আৰু নিমজ শব্দেৰে নিৰ্মাণ কৰা কবিতাৰ উৎস হ'ল হৃদয়। হৃদয়ানুভূতিৰ জৰিয়তে বিবেকক জগাই তুলি কবিতাই গঢ়ি তোলে হৃদয়ৰ পৰা হৃদয়লৈ একো একোখন সাঁকো। সেয়েহে হয়তো কবিতাই মানুহৰ হৃদয় জোকাৰি যায়, দুচকু পোহৰায়, আত্মাৰ কথা কয়।

দৰঙ জিলাৰ অন্তৰ্গত ছিপাঝাৰৰ মুষ্টিমেয় সংখ্যক নিষ্ঠাবান আৰু প্ৰতিভাসম্পন্ন তৰুণ কবি দলৰ এজন হৈছে 'পথাৰৰ কবি' হিচাপে পৰিচিত উদীয়মান কবি পলাশ কুমাৰ নাথ।

এইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কবিৰ সদ্য প্ৰকাশিত কাব্য সংকলন 'আপুনি দুৰ্ভগীয়া নহয়'ত সন্নিৱিষ্ট কবিতাসমূহত স্বচ্ছ চিন্তা আৰু সু-সংহত ভাষাৰ সমন্বয় ঘটা পৰিলক্ষিত হৈছে। প্ৰসংগক্ৰমে এই কথাও উনুকিয়াব পাৰি যে, কবিয়ে অতি সহজ-সৰলভাবে আত্মকথন ভংগীত প্ৰায়বোৰ কবিতাত নিজৰ সঁচা উপলব্ধি অনন্য ৰূপত ব্যক্ত কৰিছে।

লক্ষ্যণীয় কথাটো হ'ল কবি পলাশ কুমাৰ নাথৰ প্ৰায়বোৰ কবিতাত ভাষাৰ লালিত্য আৰু শব্দৰ ব্যঞ্জনা সুন্দৰ ৰূপত প্ৰকাশ পাইছে। তাৰ উপৰি কবিয়ে দুই-এটা কবিতাত উপযুক্ত প্ৰতীক আৰু চিত্ৰকল্পৰ সমাহাৰ ঘটাই প্ৰকাশিতব্য বিষয়বস্তুক অধিক মনোগ্ৰাহী কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, গ্ৰাম্য জীৱনৰ নানান ছবি কবিয়ে অতি সুন্দৰভাৱে অংকন কৰিছে তেওঁৰ কেবাটাও কবিতাত। সহজ-সৰল গ্ৰাম্য জীৱনলৈ স্মৃতিবিভোৰ ( নষ্টালজিক) দৃষ্টি নিক্ষেপেৰে কবিগৰাকীয়ে গ্ৰাম্য জীৱনৰ কেতবোৰ অভিনৱ ভাৱানুষংগেৰে কাব্য নিৰ্মাণ কৰিছে। চিৰ পৰিচিত গ্ৰাম্য সমাজখনত কবিয়ে লগ পোৱা বিভিন্ন শব্দ, ঘ্ৰাণ, দৃশ্য আদিৰ লগত সংপৃক্ত হোৱা আৱেগ, অনুভূতি আৰু চিন্তাক কবিগৰাকীয়ে 'আপুনি দুৰ্ভগীয়া নহয়' কবিতা সংকলনখনত বিভিন্ন ধৰণৰ সম্পৰীক্ষাৰে শাব্দিক নিৰ্মাণলৈ পৰ্যবসিত কৰিছে।

মাটিৰ গোন্ধ লাগি থকা সেউজীয়া পৰিৱেশক অন্তৰেৰে ভাল পাব জনা কবি পলাশ কুমাৰ নাথৰ দুচকুত যেন প্ৰতিনিয়ত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াই খেল খেলে। মনকৰিবলগীয়া যে, কেতিয়াবা সেই খেল হৈ পৰে বাংময় আৰু কেতিয়াবা পাৰ্থিৱ। সংকলনখনৰ প্ৰথমটো কবিতা 'আপুনি দুৰ্ভগীয়া নহয়' এটা উৎকৃষ্ট মানৰ কবিতা। কবিতাটোৰ শিৰোনামৰ শব্দকেইটাই পাঠকৰ দৃষ্টি যে অতি সহজে আকৰ্ষণ কৰিব তাত অকণো সন্দেহ নাই। সংশ্লিষ্ট কবিতাটোৰ শেষত কবিয়ে আকুলতাৰে কৈছে , …'দুৰ্ভগীয়া সেইজন, যিজন হৃদয়ৰ পৰা ভাল নহয়।' পাঠকৰ হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা উল্লিখিত কথাখিনিৰ মাজত বিচাৰি পোৱা যায় আশাবাদৰ এক ঘন জাল। ভিন্ন অভিজ্ঞতা আৰু জীৱন জিজ্ঞাসাই কবিক যি সত্য আৰু বাস্তৱৰ সৈতে ঠিয় কৰাইছে, তাৰ পৰাই তেওঁ মানুহক এক উন্নত ভাৱনাৰ সন্ধান দিবলৈ অহৰহ চেষ্টা কৰা যেন ধাৰণা হয়।

কবি পলাশ কুমাৰ নাথৰ কবিতাসমূহক স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰে যেন অনুভৱ হয়। তেওঁ যেন স্মৃতিৰ জোলোঙাৰ পৰা আলফুলকৈ বুটলি আনে শৈশৱ, কৈশোৰ আৰু যৌৱন। সেয়েহে হয়তো কবিয়ে 'সেউজীয়া হেঁপাহ' কবিতাত অকপটে স্বীকাৰ কৰিছে, … 'উদং পথাৰখন পাৰ হৈ/ কিজানি তেওঁ ৰৈ আছিল/ কি শিহৰণ, নাজানো কি ভাৱে/ বেৰি ৰাখিছিল মোক/ বা দি উৰি যায় হাড়গিলাৰ ছাঁ/ নীৰৱে সৰে মূধচত/ টোকোৰা চৰাইৰ বাহ।'

সংকলনখনৰ এটা অতি মৰ্মস্পৰ্শী কবিতা হ'ল 'দেউতা' । আলোচ্য কবিতাটোত কবিয়ে হৃদয়স্পৰ্শী ভাষাত দেউতাকৰ স্মৃতি ৰোমন্থন কৰি কৈছে,… 'কোনো দুখেই মোক আৰু ইয়াতকৈ দুখী কৰিব নোৱাৰে/ কোনো ধুমুহাই আৰু মোক বিচলিত কৰিব নোৱাৰে/ তোমাৰ অবিহনে/ দেউতা, তোমাৰ অবিহনে/ আনন্দৰ সকলো উৎসৱ অৰ্থহীন মোৰ বাবে…।' উল্লিখিত স্তৱকটোৱে নিশ্চিতভাবে প্ৰতিজন পাঠকক নিভৃতভাবে স্পৰ্শ কৰি যাব।

সন্দেহ নাই, পলাশ কুমাৰ নাথৰ প্ৰায়বোৰ কবিতাত গ্ৰাম্য চহা জীৱনৰ সমাজখনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হয়। সেয়েহে হয়তো সেউজীয়া পথাৰৰ চিনাকি বোকা-পানীৰ গোন্ধ পলাশৰ বহু কেইটা কবিতাত স্পষ্ট ৰূপত দেখা যায়।

'ৰিং এটা মাৰিলেই' , 'পথাৰৰ গীত' , 'শাওণ' , 'বগলীৰ চাদৰ' , আদি কবিতাত প্ৰকৃতিয়ে এক নিগাজি স্থান লাভ কৰিছে। উল্লিখিত কবিতা কেইটাত প্ৰকৃতি, চহা লোক- জীৱনৰ প্ৰতিকৃতি, সজল স্মৃতি ৰোমন্থন আদি সততে লক্ষ্য কৰা যায়।

কবিৰ 'ভটিয়নী গীত' এটা মননশীল কবিতা য'ত কবিয়ে জীৱনটোক অনন্য ৰূপত চাবলৈ প্ৰয়াস কৰিছে।

পলাশ কুমাৰ নাথৰ কাব্য গ্ৰন্থখনৰ আটাইতকৈ চুটি কবিতা 'বুকুত এটি শিল' কবিতাটোত কবিৰ কাব্যিক আংগিকৰ যথোপযুক্ত প্ৰয়োগ লক্ষ্য কৰা যায়।

প্ৰেম-ভালপোৱাৰ প্ৰতি কবিৰ ধাৰণা সুকীয়া। 'ভালপোৱা' কবিতাটোত কবিয়ে কৈছে,… 'মোৰ চৌদিশে/ অজস্ৰ মৰমৰ কিশলয়/ কাক কওঁ, কাক থওঁ/ যেন সকলো / মন ফাগুনৰ বলয়।'

আনহাতে 'কজলা ৰাতিৰ প্ৰেম' , 'বুকুৰ পদ্য' , 'সৰাফুলৰ সুগন্ধ বুটলি' , 'শেষ ইচ্ছা' , 'মূক-বধিৰ কথাবোৰ' আদি কবিতাত আনুভূতিক উপলব্ধিৰ বাস্তৱ প্ৰকাশ দেখিবলৈ পোৱা যায়। অৱশ্যে ইয়াত অপ্ৰয়োজনীয় আৱেগ বা উচ্ছাসৰ স্থান নাই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বহুতো নবীন কবিৰ দৰে পলাশে তেওঁৰ কবিতাসমূহত দুৰ্বোধ্যতাৰ অনুশীলন কৰা নাই। তদুপৰি তেওঁৰ কবিতাত মেদবহুলতাও নাই। অৱশ্যে ক'ব লাগিব পলাশ কুমাৰ নাথ কিছু পৰিমাণে ভাৱ বিলাসী কবি। দুই-এটা কবিতাত কবিয়ে ভাৱৰ সোঁতত উটি গৈ বাস্তৱৰ পৰা দূৰত অৱস্থান কৰিছে যেন ধাৰণা হয়। আনহাতে বেছিভাগ কবিতাত কবিয়ে সচেতনভাৱে বাস্তৱৰ আশে-পাশে অৱস্থান কৰাহে পৰিলক্ষিত হৈছে।

জীৱন আৰু জগতক ভাল পাবলৈ ব্যাকুল হোৱা কবি পলাশ কুমাৰ নাথে 'আপুনি দুৰ্ভগীয়া নহয়' কবিতাপুথিখনত তেওঁৰ মনৰ সুচিন্তিত ভাৱ, চিন্তা আৰু ভাষাৰ সুষম মিশ্ৰণ ঘটাই কবিতাসমূহক সাৰুৱা কৰি তুলিছে। সহজ-সৰল ভাষাৰ আধাৰত জীৱন সত্যৰ নিৰ্মোহ বিশ্লেষণ কৰাত কবিগৰাকী বহু পৰিমাণে সফল হৈছে বুলি ক'ব লাগিব।

সামৰণিত ক'ব পাৰি পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' প্ৰথম কাব্য সংকলন হ'লেও কবিতাৰ বিষয়বস্তুত অন্তৰ্নিহিত ভাৱ উপস্থাপন শৈলীৰ অভিনৱত্বই এক সুকীয়া মাত্ৰা দান কৰিছে।

ইতিমধ্যে কেবাটাও ইতিবাচক তথা ব্যতিক্ৰমী পদক্ষেপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অসমৰ আগশাৰীৰ 'হোৱাটছ-এপ' গ্ৰুপ 'উত্তৰ পুৰুষৰ মঞ্চ'ই আটকধুনীয়াকৈ প্ৰকাশ কৰা গ্ৰন্থখনিত বৰ্ণাশুদ্ধি নাই বুলিবই পাৰি।

আশা কৰোঁ কবি পলাশ কুমাৰ নাথে সাৰস্বত সাধনাত ব্ৰতী হৈ ন ন প্ৰকাশেৰে অসমীয়া ভাষা জননীৰ মুখ উজ্বলাবলৈ সক্ষম হ'ব। আন্তৰিকতাৰে আমি কামনা কৰিছোঁ কবিতাই তেওঁৰ জীৱন মহীয়ান কৰক। অসমীয়া সাহিত্য জগতখনত কবি পলাশ কুমাৰ নাথে 'বৰপীৰা' পাৰি বহক। কবিৰ উত্তৰোত্তৰ উন্নতি কামনাৰে--

~ বিচিত্ৰ কুমাৰ মেধি
সদস্য, আখৰুৱা : literati গোট।
১৬ মে' ২০১৬

কাব্যগ্ৰন্থ : মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' আলোচক- বিচিত্ৰ কুমাৰ মেধি

পুনৰীক্ষণ শিতান :কাব্যগ্ৰন্থৰ চমু পৰ্যালোচনা
কাব্যগ্ৰন্থ : মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' 
আলোচক- বিচিত্ৰ কুমাৰ মেধি

পাতনি:

আখৰুৱা গোটৰ সদস্যৰ প্ৰকাশিত কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়োৱাৰ প্ৰয়াসেৰে এইবাৰ আখৰুৱাৰ সদস্য মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' শীৰ্ষক কাব্যগ্ৰন্থৰ আলোচনা আগবঢ়োৱা হৈছে। আগলৈও সময়ে সময়ে আখৰুৱাৰ সদস্যৰ কাব্যগ্ৰন্থৰ পৰ্যালোচনা আখৰুৱাত আগবঢ়াবলৈ আমি প্ৰয়াস কৰিম। আমি ভাবোঁ যে- এই প্ৰচেষ্টাই আমাক সামগ্ৰিকভাবে উপকৃত কৰিব। এইখিনিতে আখৰুৱাৰ আগ্ৰহী সদস্য কবিয়ে তেখেতৰ কাব্যগ্ৰন্থৰ আলোচনা এই শিতানত প্ৰকাশ কৰিব বিচাৰিলে, আখৰুৱাৰ প্ৰশাসকবৃন্দৰ সৈয়ে যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ।

উল্লেখ্য যে 'পুনৰীক্ষণ' শিতানত ইতিমধ্যে গোটৰ সদস্য, কবি পলাশ কুমাৰ নাথৰ 'আপুনি দুৰ্ভগীয়া নহয়' শীৰ্ষক কবিতাপুথিখনৰ বিচিত্ৰ কুমাৰ মেধিয়ে আগবঢ়োৱা এটি চমু পৰ্যালোচনা মে', ২০১৬ত প্ৰকাশ কৰা হৈছে। আমি আশা ৰাখিছো, এইটো পৰ্যলোচনালৈ মাননীয় সদস্যসকলৰ সঁহাৰি পাম।

ধন্যবাদ।
মনোহৰ দত্ত
গীতালি বৰপাত্ৰগোহাঁই
ব্যৱস্থাপকবৃন্দ, পুনৰীক্ষণ শিতান।
আখৰুৱা : literati গোট।
৬ আগষ্ট, ২০১৬
____________________________________________

আখৰুৱা গোটৰ সদস্য মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো।

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই প্ৰাচীন। তমসা নদীৰ পাৰৰ পুণ্য তপোবনত মৈথুনৰতা ক্ৰৌঞ্চ পক্ষীহালৰ এটাক নিষ্ঠুৰ ব্যাধে হত্যা কৰা দেখি ঋষি বাল্মীকিৰ অন্তৰত অনুভূত শোকৰ খলকনি, পৰ্বত বাগৰি অহা নৈৰ দৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সেই অমৰ শ্লোকঃ

"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎ ক্ৰৌঞ্চমিথুনাদেকমঅৱধীঃ কামমোহিতম্ ।।"

এয়াই আছিল ভাৰতৰ প্ৰথম কবিতা। উল্লেখযোগ্য যে ইয়াৰ পৰাই সৃষ্টি হৈছিল আদি কাব্য 'ৰামায়ণ'।

কবিতা মূলত এক শিল্প।কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। কবিতা কবিৰ ভাৱ-বিলাসৰ শব্দময় প্ৰকাশ। অৱশ্যে কবিতা বাস্তৱৰ অবিকল প্ৰতিকৃতি নহয়। ই বাস্তৱৰ এক নন্দনতাত্ত্বিক ৰূপায়ণহে।
সাধাৰণতে কথ্য ভাষাত 'ভাৱ'ৰ বিনিময় ঘটে। আনহাতে কবিতাৰ ভাষাত 'ভাৱ' আৰু 'ৰস' - দুয়োটাই উপলব্ধ হয়। স্মৰ্তব্য যে আজিৰ আধুনিক কবিতা পূৰ্বৰ ৰোমাণ্টিক ধাৰাৰ পৰা বহু পৰিমাণে ফালৰি কাটি আহি স্ব-মহিমাৰে মহিমামণ্ডিত। সময় সলনি হোৱাৰ লগে লগে সলনি হৈছে ভাৱ, ভাষা , বিষয়বস্তু আদি সকলো।

বহুতো বছৰ ধৰি কবিতাৰ নিৰলস সাধনাত ৰত হৈ থকা কবি মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্য সংকলনখনত অৰ্ধ-শতাধিক কবিতা অন্তৰ্ভুক্ত হৈছে। সংবেদনশীল কবি মৌচুমী বৰিৰ কবিতাত আছে প্ৰেম আৰু জীৱনৰ বিভিন্ন অভিব্যক্তি। সন্দেহ নাই, এই প্ৰেম ভালপোৱা শাশ্বত আৰু অবিনশ্বৰ। প্ৰকৃত প্ৰেমে কুৰুকি কুৰুকি খান্দে মানুহৰ হৃদয়, জুমি চায় বুকুৰ গভীৰতাত কিমানলৈকে প্ৰোথিত হৈ আছে ভালপোৱাৰ শিপা। মনকৰিবলগীয়া কথাটো হ'ল কবিৰ প্ৰতিটো কবিতাত কলাসন্মতভাৱে প্ৰেম-ভালপোৱা আৰু মমত্বৰে অৱগাহন কৰি হৃদয়ানুভূতিৰে উপস্থাপন কৰিছে। কবিতাপুথিখনৰ 'নাম' শীৰ্ষক কবিতাটোত কবিয়ে সুন্দৰ, সুস্থ আৰু আনন্দমুখৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে-

" বহুদিন কবিতা লিখা নাই
বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
কবিতা এটালৈ বাট চাই আছিলোঁ…"

বৰষুণ আশাৰ প্ৰতীক। বৰষুণৰ টোপালবোৰে কবিক আৱেগিক কৰি তোলা দেখা যায়। সেয়েহে হয়তো আলোচ্য সংকলনখনৰ কেবাটাও কবিতাত বৰষুণে কবিক উন্মনা কৰা দেখা গৈছে। 'এজাক বৰষুণৰ কথাৰে' কবিতাত কবিয়ে সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ কৰিছে। কবিৰ ভাষাত-

"গুড়ি পৰুৱাহেন বৰষুণজাক কোণীয়াকৈ পৰিছিল
সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিল
হঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ
মোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'ল
আবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিল
সেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিল
হঠাৎ বৰষুণজাক পানীৰঙৰ ছবি হৈ
মোৰ কোঠাত জিলিকি ৰ'ল"

আনহাতে 'জেঠমাহৰ চিত্ৰকল্প' কবিতাটোত কবিয়ে জেঠমাহৰ ছৱি নিখুঁতভাৱে আঁকিছে এনেদৰে-

"জেঠমহীয়া গৰমৰ ভৰপক আয়োজন দেখি
আজি আকাশেও মুখ ওন্দোলালে
ক'লীয়া ডাৱৰজাকৰ আঁৰত পূৰ্ণিমাৰ জোনজনী
ক'তনো জানো লুকাল !
অভিমানী আকাশখনে
বিজুলীৰ ফুচুলনিত পিছল খাই ক'লে-
ৰাতিলৈ দেহা শাঁত পৰা এজাক বৰষুণ নামিব"

কবিক যেতিয়া ভাৱাবেগে অস্থিৰ কৰি তোলে, তেওঁ তেতিয়া শব্দবোৰক আপডাল কৰিবলৈ যত্নপৰ হৈ পৰে আৰু তাৰ ফলশ্ৰুতিত পাখি মেলি উৰিব খোজা পখীও যেন স্থিৰ হৈ পৰে, আকাংক্ষাবোৰ উলাহতে যেনি তেনি বগাই ফুৰে। কবিয়ে প্ৰায়বোৰ কবিতাতে আকৰ্ষণীয় চিত্ৰকল্পৰ প্ৰয়োগ আৰু ইংগিতময়তাৰে কবিতাসমূহক প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

আধুনিক সমাজ জীৱনৰ অৱক্ষয়ৰ ৰূপটো কবিৰ কেইটামান কবিতাত সিঁচৰতি হৈ আছে। আনহাতে কবিৰ সামাজিক চেতনাবোধ অত্যন্ত প্ৰখৰ। সমাজ জীৱনৰ অৱক্ষয়ত কবি যেন উদ্বিগ্ন হৈ পৰিছে। সৰল শব্দচয়ন আৰু পোনপটীয়া ভাষাৰে কবিয়ে প্ৰকাশ কৰিছে আধুনিক কৃত্ৰিম সভ্যতা-সংস্কৃতিয়ে গ্ৰাস কৰি পেলোৱা সমাজখনৰ ৰুগ্ন ৰূপটোক। 'ইজনে সিজনৰ বাবে' কবিতাটোত কবিয়ে যেন তাৰেই ইংগিত দিছে এনেদৰে-

"তুমি মোলৈ চাই হাঁহিছা যদিও
তোমাৰ চকুতো যন্ত্ৰণা "

ভাৱ-চিন্তা আৰু ভাষাৰ সুষম মিশ্ৰণে মৌচুমী বৰিৰ কবিতাসমূহক সাৰুৱা কৰি তুলিছে।সহজ-সৰল ভাষাৰ আধাৰত জীৱন সত্যৰ নিৰ্মোহ বিশ্লেষণ কৰাত কবি সাৰ্থক হৈছে বুলি ক'ব লাগিব। কবিৰ 'জাৰ নামিছে' কবিতাটোত জাৰৰ দিনৰ এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে। কবিৰ কলমত ধৰা দিছে এনেদৰে-

"দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালে
জাৰ পাই জোনবায়ে গাত নিহালিখন ল'লে
কাতিৰ আবেলিটোৰ ধোঁৱাবৰণীয়া আকাশখনত
দেখা পালোঁ এটুকুৰা জুই-অঙঠা !
আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিব
আৰু জুহালত বহি গাব জাৰৰ দিনৰ গান !"

নৈ, ৰ'দ, বৰষুণ, জোনাক, বিশাল আকাশ আদিৰ মাজতে কবিয়ে এৰি অহা শৈশৱক কবিতাত বিভিন্ন ধৰণেৰে তেওঁ উদযাপন কৰিছে। শৈশৱৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন থৌকি-বাথৌ কৰি তুলিছে। 'সোঁৱৰণ' কবিতাত যেন তাৰেই প্ৰতিফলন ঘটিছে।

"চতিয়না ফুলবোৰ গোন্ধাইছে
পূজা আহিছে
বাঁহৰ খুঁটাত সাঁচতীয়া পইচা কিমানবা হ'ল !"

আনহাতে 'গধূলি তোমাৰ স'তে' কবিতাত এক 'নষ্টালজিক' মুহূৰ্তৰ লগতে অসমৰ গ্ৰাম্য জীৱনৰ টুকুৰা ছৱি কবিয়ে অংকন কৰিছে এনেদৰে-

"পুখুৰীৰ পানীৰ ভেঁটফুলবোৰ চাই চাই
নীলা নীলা বেদনাৰে চিঠি লিখা
মনত পৰেনে
গধূলি তোমাৰ স'তে"

আলোচ্য সংকলনখনৰ 'দেউতা' আৰু 'মা' শীৰ্ষক কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। উল্লিখিত কবিতা দুটাত কবিয়ে যেন বাস্তৱৰ চিত্ৰ শিল্পসন্মতভাৱে আঁকিবলৈ প্ৰয়াস কৰিছে। সাধাৰণভাৱে ক'ব পাৰি যে, বিষাদ মনৰ মাজত বৈ থকা এখন বোৱতী নৈ যি অহৰহ বৈ থাকে আৰু মনৰ বাৰিষা আহিলেই পাৰ ভাঙি বৈ আহে বাহিৰলৈ…। ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হয় বিষাদ-ৰাগিনী। এই বিষাদৰে যেন বহিৰ্প্ৰকাশ ঘটিছে 'দেউতা' কবিতাটোত। কবিয়ে আকুলতাৰে কৈছে-

"দেউতাৰ যেতিয়া টান নৰিয়া হৈছিল
আশু-আৰোগ্যৰ বাবে
চৌবিশ ঘণ্টাই জ্বলাই ৰাখিছিলোঁ
মাটিৰ চাকি "

কোনো কোনো সময়ত অনুভৱ হয় কবিতাৰ ব্যঞ্জনাইহে মূল কথা। ইংগিতময়তা যদি নাথাকে, ব্যঞ্জনা যদি নাথাকে, তেনেহ'লে কেৱল বাক্য গাঁথনিয়ে কবিতা হ'বলৈ অপাৰগ। আধুনিক কবিতাৰ ভাষা হ'ব লাগে ব্যঞ্জনাময়। মৌচমী বৰিৰ কবিতাত এই ব্যঞ্জনা সততে লক্ষ্য কৰা যায়। উদাহৰণ স্বৰূপে 'বৰণীয়' কবিতাটোলৈ আঙুলিয়াব পাৰি। কবিয়ে চিনাকি শব্দবোৰকে চিন্তা-ভাৱ-অনুভূতিৰ অগতানুগতিক সংযুক্তি ঘটাই প্ৰকাশ কৰিছে এনেদৰে-

"তুমি ভায়'লিনৰ সুৰ তোলা মুহূৰ্তটোক
বৰণীয় কৰি
মুগ্ধ হৈ চাই ৰৈছিলোঁ তোমালৈ "

গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী 'পাঞ্চজন্য'ৰ দ্বাৰা প্ৰকাশিত মৌচুমী বৰিৰ আলোচ্য কাব্যসংকলনখনত সন্নিৱিষ্ট কবিতাসমূহৰ এক সুকীয়া বৈশিষ্ট্য বিদ্যমান। কবিতাসমূহ পঢ়াৰ অন্তত ধাৰণা হয় কবিয়ে এক নিজস্ব শৈলী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰতীকী, শব্দচয়ন, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ব্যঞ্জনাধৰ্মী ভাষাৰে এইগৰাকী কবিয়ে আধুনিক জীৱনৰ মৰ্মস্পৰ্শী ৰূপটো সুন্দৰভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইআষাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কবিৰ দুই- এটা কবিতাৰ ভাষা বক্তৃতাধৰ্মী হোৱাৰ বাবে কাব্যিক সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস পাইছে। এইখিনিতে এটা কথা নক'লে ভুল হ'ব যে কবিতাৰ বিশেষ ভাষা আৰু আংগিকৰ ক্ষেত্ৰত কবিগৰাকী আৰু অধিক সচেতন হ'ব লাগিব।

শেষত মৌচুমী বৰিৰ কাব্য সাধনাৰ উত্তৰোত্তৰ সমৃদ্ধি আন্তৰিকতাৰে কামনা কৰিলোঁ।

ধন্যবাদ।
বিচিত্ৰ কুমাৰ মেধি
সদস্য, আখৰুৱা : literati
১৮ জুলাই, ২০১৬