আখৰুৱা: literati - 'সন্ধান' (১৮) : চেপ্টেম্বৰ, ২০১৬
~সাহিত্যৰ ন'বেল বঁটা ১৯১৩ চন : বঁটা প্ৰদান অনুষ্ঠানত চেয়াৰমেনৰ বক্তৃতা:
বঁটা প্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰ~
বঁটা প্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰ~
'সন্ধান' শিতানত সাধাৰণতে কবিতাৰ অনুবাদ প্ৰকাশ কৰা হয় যদিও, কবিতাৰ বা সাহিত্যৰ বহল ক্ষেত্ৰখনৰ বিষয়ে কিছু জনাৰ আগ্ৰহেৰে এই অনুবাদ প্ৰকাশ কৰা হৈছে।
সাহিত্যৰ ন'বেল বঁটা, বিশ্বৰ অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় বঁটা। নিজে কৰা 'গীতাঞ্জলি' গ্রন্থখনৰ ইংৰাজী অনুবাদৰ বাবে কবি ৰবীন্দ্র নাথ ঠাকুৰ এই বঁটাৰে সন্মানিত হয়। সেইদিনা 'চুইদিচ ন'বেল অ'কাডেমী'ৰ চেয়াৰমেন, হেৰল্ড জ্যাৰ্ণেয়ে এই বঁটা সম্বন্ধে অ'কাডেমীৰ দৃষ্টিভংগী আৰু বঁটাপ্ৰাপকৰ সৃষ্টিৰাজিৰো এটি সাৰগর্ভ, চমু ব্যাখ্যা আগবঢ়ায়।
আগ্ৰহী সকলৰ বহুতে সেই ভাষণৰে ইংৰাজী ৰূপ পঢ়িছে যদিও, সেই বক্তৃতাৰ সাৰবস্তু আমাৰ মাতৃভাষাতো উপলব্ধি কৰিব পৰাকৈ, তাৰ অসমীয়া অনুবাদ 'সন্ধান' শিতানত আগবঢ়োৱাৰ কথা ভবা হৈছিল। এই ধাৰণাটো আমাৰ মনলৈ আহিছিল আখৰুৱাৰ সদস্য, কবি নিশাংক মিলনৰ 'কবিৰ মনৰ কথা'ত তেওঁ এই বিষয়ে কোৱা কথা এষাৰৰ পৰা। তেতিয়াৰে পৰা এনে বিষয়ৰ অনুবাদ কৰাৰ কথা আমি চিন্তা কৰি আছিলো আৰু অৱশেষত আখৰুৱাৰ সক্ৰিয় সদস্য কবি, দেৱিকা দত্তৰ সৈতে আমি যোগাযোগ কৰোঁ। তেওঁ আমাৰ প্ৰস্তাৱ আগ্ৰহেৰে গ্ৰহণ কৰে আৰু নিৰ্দিষ্ট ভাষণটো খুব কম সময়ৰ ভিতৰত অনুবাদ কৰি আমালৈ পঠিয়ায়। দেৱিকা দত্তক আমি তাৰ বাবে আখৰুৱাৰ 'সন্ধান' শিতানৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।
আশা কৰোঁ, আজিৰ এই প্ৰয়াসে গোটৰ সদস্যক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব।
ধন্যবাদ,
মালবিকা বৰা
ব্যৱস্থাপক,
আখৰুৱা : সন্ধান শিতান।
৩ চেপ্টেম্বৰ, ২০১৬
_______________________________________________
মালবিকা বৰা
ব্যৱস্থাপক,
আখৰুৱা : সন্ধান শিতান।
৩ চেপ্টেম্বৰ, ২০১৬
_______________________________________________
সাহিত্যৰ ন'বেল বঁটা - ডিচেম্বৰ ১০, ১৯১৩
ৰবীন্দ্ৰনাথ ঠাকুৰক বঁটা প্ৰদান কৰা অনুষ্ঠানৰ বক্তৃতা
বক্তা : হেৰল্ড জ্যাৰ্ণে
চেয়াৰমেন , চুইদিজ ন'বেল অ'কাডেমী
ৰবীন্দ্ৰনাথ ঠাকুৰক বঁটা প্ৰদান কৰা অনুষ্ঠানৰ বক্তৃতা
বক্তা : হেৰল্ড জ্যাৰ্ণে
চেয়াৰমেন , চুইদিজ ন'বেল অ'কাডেমী
~ অসমীয়া অনুবাদ: দেৱিকা দত্ত
সদস্য, আখৰুৱা : literati
সদস্য, আখৰুৱা : literati
এংলো ইণ্ডিয়ান কবি ৰবীন্দ্ৰনাথ ঠাকুৰলৈ ন'বেল বঁটা প্ৰদান কৰি অ'কাডেমী নথৈ আনন্দিত হৈছে। তেওঁ এমুঠি আদৰ্শবাদী কবিতা লিখি, আলফ্ৰেড ন'বেলে তেওঁৰ ইচ্ছাপত্ৰত উল্লেখ কৰা ধৰণে সাহিত্যৰ গুণগত মান ৰক্ষা কৰিছে। বিস্তৃত আৰু সূক্ষ্ম পৰ্য্যালোচনাৰ পিছত অ'কাডেমীয়ে এইটো সিদ্ধান্তলৈ আহিছে যে যিহেতু কবিগৰাকীয়ে তেওঁৰ কবিতাত আশা কৰা ধৰণৰ মান বজাই ৰাখিছে, সেয়ে তেখেতক বঁটা প্ৰদান কৰাত কোনো অসুবিধা নাই। কবিগৰাকীৰ জন্মভূমি ইউৰোপৰ পৰা বহুদূৰ হোৱা সত্বেও আৰু তুলনামূলকভাবে তেওঁ ইউৰোপত পৰিচিত নহ'লেও, উচ্চখাপৰ কবিতাৰ স্ৰষ্টা হিচাপে তেওঁক বঁটা প্ৰদান কৰাত কোনো বাধা নাই। এই সন্দৰ্ভত অ'কাডেমীৰ প্ৰতিষ্ঠাপকে তেওঁৰ ইচ্ছাপত্ৰত কৈ গৈছে যে কবি এগৰাকীক বঁটা প্ৰদান কৰোতে ৰাষ্ট্ৰীয়তাৰ বিচাৰ কৰিব নালাগে।
ঠাকুৰৰ গীতাঞ্জলি (১৯১২), আধ্যাত্মিক কবিতাৰ এক সংকলন, যিয়ে মুহূৰ্ততে নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছিল । দেশীয় ভাষাত শিক্ষা লাভ কৰা কবিজনে কবিতাবোৰক এক নতুন আংগিক আৰু বেশভূষা প্ৰদান কৰাৰ পিছত এই সংকলনখন অনুবাদৰ জৰিয়তে ইংৰাজী সাহিত্যৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে ইংলেণ্ড আৰু আমেৰিকাকে ধৰি সমগ্ৰ পশ্চিমীয়া জগতে কবিতাখিনিক আদৰেৰে গ্ৰহণ কৰিছে। এই দেশবোৰৰ পাঠকৰ কাৰণে ন'বেল বঁটাৰ বিশেষ গুৰুত্ব আছে। বাংলা কবিতা, ভাৰতীয় সাহিত্যৰ ধাৰা আৰু ধৰ্মৰ বিষয়ে অবগত নোহোৱাকৈও পাঠকসকলে এই নতুন কবি প্ৰতিভাক আদৰি লৈছে। এই কবিতাবোৰ সৃষ্টি হোৱা দেশখনৰ, ৰাণী এলিজাবেথৰ দিনৰ পৰাই বৃটিছ সাম্ৰাজ্যবাদৰ লগত সম্বন্ধ আছে। কবিগৰাকীৰ এই কবিতাখিনিৰ বৈশিষ্ট্য হ'ল যে এইবোৰত কবিৰ মৌলিকতা আৰু ধাৰ কৰা উপাদানবোৰৰ সুন্দৰ মিশ্ৰণ ঘটিছে। তেওঁৰ লয়যুক্ত কবিতাবোৰ ইংৰাজ সমালোচকসকলৰ ভাষাত নাৰীসুলভ কমনীয়তা আৰু গদ্যৰ পৌৰুষদীপ্ত গাম্ভীৰ্য্যৰ অপূৰ্ব মিলন। তেওঁৰ সাৰল্য বহুতোৰে ভাষাত ক্লাছিক, চমুকৈ ক'বলৈ গ'লে সেই বৈশিষ্ট্যবোৰে সংকলনটোৰ মৌলিকতা প্ৰমাণ কৰে, কিন্তু আন ভাষাত অনুবাদ আৰু প্ৰকাশ কৰিবলৈ সিমানেই কঠিন।
একে কথাই প্ৰযোজ্য দ্বিতীয় পৰ্য্যায়ৰ কবিতাখিনিৰ ক্ষেত্ৰতো। এই সংকলনটোৰ নাম হ'ল, "The Gardener, Lyrics of Love and Life" (1913) .. কবিৰ ভাষাত ক'বলৈ গ'লে এই কবিতাবোৰত আগৰ প্ৰেৰণাখিনি ব্যাখ্যা কৰাতকৈ তেওঁ চৰিত্ৰলোকনহে কৰিছে। ইয়াত আমি তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশ দেখা পাওঁ, য'ত যৌৱনসুলভ প্ৰেমৰ কষ্টদায়ক অভিজ্ঞতা, হেঁপাহ আৰু আনন্দ আৰু সৌভাগ্যৰ পৰিবৰ্তনৰ প্ৰতিফলন ঘটিছে। নিঃসন্দেহে এই কবিতাবোৰ এক উচ্চস্তৰৰ জগতৰ সৈতে সাঙোৰ খাই পৰিছে।
ঠাকুৰৰ গল্পসমূহৰ ইংৰাজী অনুবাদ "Glimpses of Bengal Life"(1913) নামেৰে প্ৰকাশ হৈছে। বেলেগৰ হাতেৰে অনুবাদ কৰা কাৰণে এই গল্পবোৰত তেওঁৰ পৰশ কম যদিও বিষয়বস্তুবোৰে তেওঁৰ পৰিপক্কতা, সূক্ষ্ম আৰু বিশদ নিৰীক্ষণ আৰু ভিন ভিন নৰ-নাৰীৰ চৰিত্ৰবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু লগতে প্লট সৃষ্টিৰ পাৰদৰ্শিতা সুন্দৰকৈ পৰিস্ফুট হৈছে।
১৯১৩ চনত ঠাকুৰে তেওঁৰ শৈশৱ আৰু ঘৰুৱা জীৱনৰ বিভিন্ন ঘটনা প্ৰতীকৰ মাধ্যমেৰে "The Crescent Moon" নামৰ সংকলনখনত বৰ্ণনা কৰিছে। আমেৰিকা আৰু ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত প্ৰদান কৰা বক্তৃতালানিৰে "The Realisation of Life"(1913) নামৰ আন এখন কিতাপ প্ৰকাশ কৰে। তেওঁৰ কাৰণে এইখন কিতাপ সাধনাৰ দৰে বুলি তেওঁ উল্লেখ কৰিছে। এই কিতাপখনত তেওঁ কেনেদৰে মানুহে বিশ্বাসৰ জৰিয়তে জীয়াই থাকিব পাৰে তাৰ সাৱলীল বৰ্ণনা দিছে। তেওঁ বিশ্বাস আৰু চিন্তাৰ মাজত এক সংযোগ বিচাৰি পাইছিল আৰু সেয়ে তেওঁ এনে এজন কবি যাৰ কবিতাত স্পন্দিত হৈছে চহকী ভাব, ভাবৰ গভীৰতা আৰু সৰ্বোপৰি তেওঁৰ অনুভৱৰ উত্তাপ আৰু অলংকাৰপূৰ্ণ ভাষা। কল্পনাৰ সাহিত্যত ভাব আৰু বৰ্ণৰ গাম্ভীৰ্য্যপূৰ্ণ উপস্থিতি, অসীমলৈ ঢাপলি মেলিবলৈ আত্মাৰ দুৰ্বাৰ হেঁপাহৰ অপূৰ্ব প্ৰকাশ কাচিতহে বিচাৰি পোৱা যায়। একে সময়তে ইয়াত লুকাই আছে খেলত মগন শিশুৰ সাৰল্য।
তেওঁৰ কবিতা পঢ়াৰ পিছত আমাৰ অনুভৱ হৈছে, এই কবিতাবোৰ শাশ্বতভাবে মানবীয়। আমি জানো যে কবিৰ উদ্দেশ্য দুটা সভ্যতাৰ দুটা স্তৰৰ মাজত মিলা-মিচা কৰা । এটা হৈছে খ্ৰীষ্টান মিছ্যনেৰীসকলৰ সমগ্ৰ বিশ্বত ধৰ্ম প্ৰচাৰৰ প্ৰচেষ্টা। অকল সুযোগ সন্ধানীসকলেহে ভবিষ্যতে ইয়াৰ আৱশ্যকতা আৰু প্ৰভাব সম্পৰ্কে আলোচনা কৰিব। খ্ৰীষ্টান মিশ্যনেৰীসকলে ধৰ্ম প্ৰচাৰৰ কাৰণে আৰম্ভ কৰা প্ৰচেষ্টাৰ পৰাই দেশীয় ভাষাৰ উত্তৰণৰ কাৰণে এক জাগৰণৰ সৃষ্টি হৈছিল। এই জাগৰণৰ মূলতঃ উদ্দেশ্য আছিল কৃত্ৰিমতাৰ পৰা উদ্ধাৰ কৰি কবিতাক জীৱন্ত আৰু স্বতঃস্ফুত কৰা। এক গভীৰ শক্তিৰ দৰে খ্ৰীষ্টান মিশ্যনেৰীসকলে দেশীয় ভাষাৰ বিকাশত সহায় কৰিছে। যদিও প্ৰথমতে ধৰ্ম প্ৰচাৰৰ কাৰণে বিভিন্ন পুস্তিকা দেশীয় ভাষাত প্ৰকাশ কৰা হৈছিল, কিন্তু লাহে লাহে অথচ নিয়মীয়াকৈ দেশীয় ভাষাবোৰত সাহিত্যৰ চৰ্চা আৰম্ভ হ'ল। অৱশ্যে দেশীয় ভাষাবোৰৰ প্ৰাচীন ভাৰতীয় ভাষাটোৰ লগত খকাখুন্দা নলগাও নহয়। সি যিয়েই নহওক, খ্ৰীষ্টান মিছ্যনেৰীসকলে আত্মত্যাগৰ মনোভাবেৰে এই ভাষাবোৰৰ বিকাশত অশেষ অৰিহণা যোগাইছে।
Carey নামৰ মিশ্যনেৰী প্ৰৱৰ্তকজনে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু দেশীয় ভাষাৰ প্ৰসাৰৰ কাৰণে কঠোৰ শ্ৰম কৰা এই বংগতেই, ১৮৬১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল।তেওঁ আছিল বৌদ্ধিক, সামৰ্থৱান পৰিয়াল এটাৰ সদস্য। তেওঁৰ চৌপাশে প্ৰাচীনতা বিৰাজমান আছিল। আন অৰ্থত ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত পূৰ্বপুৰুষৰ দিনৰ পৰাই এক কলাসন্মত, সংস্কৃত পৰিবেশৰ প্ৰচ্ছায়া আছিল। পৰিয়ালত ধৰ্মীয় ৰীতি-নীতিৰ কাৰণে বিভিন্ন শাস্ত্ৰৰ আলোচনা চলিছিল। তেওঁৰ চৌপাশে ইতিমধ্যে চিপাহী বিদ্ৰোহৰ পিছত আৰম্ভ হোৱা নতুন সাহিত্যৰ সত্বা আৰু জোৱাৰৰ সমাবেশ হৈছিল, য'ত চৰকাৰৰো অৰিহণা আছিল।
ৰবীন্দ্ৰনাথৰ দেউতাকো এক আধ্যাত্মিক অনুষ্ঠানৰ সম্ভ্ৰান্ত সদস্য আছিল। সেয়া হ'ল ব্ৰাহ্মসমাজ, য'ত পুৰাতন হিন্দু ধৰ্মৰলেখীয়া প্ৰাৰ্থনা আৰু পূজা-পাতল অনুষ্ঠিত নহৈছিল। ব্ৰাহ্মসমাজ, আচলতে উনৈশ শতিকাৰ এজন মনীষীয়ে প্ৰতিষ্ঠা কৰিছিল- যি খ্ৰীষ্টান ধৰ্মৰ দ্বাৰা যথেষ্ট প্ৰভাৱান্বিত হৈছিল। ইতিমধ্যে বহুতো ভাগত বিভক্ত হোৱা হিন্দু ধৰ্মলৈ তেওঁ কিছুমান শাশ্বত উপাদান লৈ আহিছিল। শিক্ষা আৰু সাহিত্যৰ নতুন যাত্ৰাত এইদৰে ব্ৰাহ্ম সমাজে যথেষ্ট অৱদান আগবঢ়াইছিল। নিজৰ মেধা আৰু প্ৰতিভাৰে ৰবীন্দ্ৰনাথ ঠাকুৰে অতি সোনকালে মানুহৰ আগত গুৰু-শিষ্যৰ এক সুন্দৰ পৰম্পৰা আৰম্ভ কৰিছিল, যিয়ে ধৰ্মীয় আৰু সাহিত্য উভয় ক্ষেত্ৰতেই সুন্দৰ প্ৰভাৱ পেলাইছিল।
কেইবাবাৰো বিদেশ ভ্ৰমণ, লণ্ডনত গ্ৰহণ কৰা উচ্চ শিক্ষা আদিৰ জৰিয়তে ঠাকুৰে ইউৰোপীয়ান আৰু ভাৰতীয় সংস্কৃতিৰ যথেষ্ট জ্ঞান আহৰণ কৰিছিল। যৌৱন কালত তেওঁ দেউতাকৰ সৈতে হিমালয় পৰ্য্যন্ত সমগ্ৰ ভাৰততেই ভ্ৰমণ কৰিছিল। বাংলাত লিখা আৰম্ভ কৰোতে তেওঁৰ বয়স যথেষ্ট কম আছিল। গদ্য, কবিতা, গীত আৰু নাটক- এই সকলোবোৰৰ ওপৰত তেওঁৰ অগাধ দখল আছিল। নিজৰ দেশৰ জনগণৰ জীৱনৰ বৰ্ণনাৰ উপৰিও তেওঁ সমালোচনা, দৰ্শন আৰু সমাজতত্বতো মনোনিবেশ কৰিছিল। ইয়াৰ মাজতে তেওঁ পবিত্ৰ গঙ্গানদীৰ সূঁতি এটাত বহুদিন নাৱৰ ওপৰত সন্ন্যাসীৰ জীৱন যাপন কৰিছিল। সেইখিনি সময়ত তেওঁ কোনো সাহিত্য সৃষ্টি কৰা নাছিল। যেতিয়া পুনৰ তেওঁ সাধাৰণ জীৱনলৈ উভতি আহিছিল মানুহে তেওঁক প্ৰজ্ঞাৰ আঁকৰ হিচাপে আদৰি লৈছিল। পশ্চিমবংগত তেওঁ যি প্ৰকৃতিৰ কোলাত বিদ্যালয় স্থাপন কৰিলে, তাৰ পিছৰ পৰা তেওঁৰ অনুগামী অগণন যুবক-যুবতীয়ে তেওঁৰ শিক্ষাতত্বক সমগ্ৰ দেশতেই প্ৰচাৰ আৰু ব্যৱহাৰিকভাবে প্ৰয়োগ কৰা কামত ব্ৰতী হৈছে। এতিয়া এই শান্তিনিকেতনতেই তেওঁ অবসৰৰ দিন কটাইছে। ইয়াৰ আগতে যোৱা বছৰ ইংলেণ্ড আৰু আমেৰিকাৰ সাহিত্য সমাজত তেওঁ অতিথি ৰূপে অংশগ্ৰহণ কৰিছিল। যোৱা ১৯১৩ চনৰ গ্ৰীষ্ম ঋতুত পেৰিছত অনুষ্ঠিত হোৱা Religious History Congressতো তেওঁ অংশগ্ৰহণ কৰি আহিছে।
য'তেই ৰবীন্দ্ৰনাথ ঠাকুৰে, তেওঁ আগবঢ়োৱা জ্ঞান আহৰণ কৰিবলৈ ৰৈ থকা মুক্ত মনৰ মানুহক লগ পাইছে, তেওঁলোকক প্ৰগাঢ়তাৰে আদৰণি জনাইছে। প্ৰাচ্যত থূপ খাই থকা বিশাল ঐশ্চৰ্য্যৰ তেওঁ হ'ল ধ্বজাবাহক। তেওঁ নিজেই যোগসূত্ৰ হিচাপে ভূমিকা পালন কৰিছে, যাতে জন্মৰ পৰাই তেওঁ অৰ্জন কৰা সকলোবোৰ আনক দিব পাৰে। তেওঁ মানুহৰ আগত কোনো প্ৰতিভা বা উদ্ভাবনকাৰী হিচাপে যশস্যা ল'বলৈ অকণো আগ্ৰহী নহয়। পাশ্চাত্যৰ নগৰকেন্দ্ৰিক জীৱন, যি অহৰহ অধৈৰ্য্য আৰু বস্তুবাদী সত্বাবোৰক লালন-পালন কৰে আৰু লাভ অৰ্জনৰ কাৰণে প্ৰকৃতিক জয় কৰাৰ মানসিকতা- এই দুয়োবিধৰ বিপৰীতে ঠাকুৰে কৈছে, "আমি ইচ্ছা নকৰা আৰু অচিনাকী বস্তুবোৰৰ পৰা নিজে বিচৰাবোৰ আহৰণ কৰিব লাগিব", (সাধনা, ৫)। সেই সকলোবোৰ খৰধৰৰ বিপৰীতে তেওঁ আমাৰ আগত ভাৰতৰ বিশাল, শান্তিপূৰ্ণ আৰু পবিত্ৰ অৰণ্যানিত পূৰ্ণতা আয়ত্ত কৰা সংস্কৃতি দাঙি ধৰিছে, যি সংস্কৃতিয়ে প্ৰকৃতিৰ সৈতে আত্মাৰ নিবিড়তাৰ ওপৰত গুৰুত্ব দিয়ে। ঠাকুৰে আমাক প্ৰতিশ্ৰুতি দিছে যে-
শান্তি আমাৰ কাৰণে ৰৈ আছে। ভবিষ্যত বাণী কৰিব পৰা গুণৰ যহত সমসাময়িক যুগলৈ আহিব পৰা বিপদৰ আভাসো তেওঁ দিছে। অৱশ্যে বজাৰত প্ৰাচ্য দৰ্শন বুলিলে যি আত্মাৰ যাত্ৰাৰ কথা কোৱা হয়, নিৰ্মোহ কৰ্মৰ কথা কোৱা হয়, তাৰ লগতে বিমূৰ্ত বাস্তৱৰ আলোচনা কৰা হয়, তেনে ধৰণৰ বিশ্বাসৰ বৰ্ণনাই অতীতৰ মনীষীসকলৰ গভীৰ আৰু সাৰগৰ্ভ মতবাদক নিজৰ বুলি দাবী কৰিব নোৱাৰে। বৈদিক শ্লোকসমূহ, উপনিষদ আৰু বুদ্ধৰ দৰ্শনৰ মাজতো তেওঁ অনিবাৰ্য্য সত্য বিচাৰি পাইছে। যদি তেওঁ প্ৰকৃতিত দৈবিকতা বিচাৰে, তেওঁ মহাশক্তিমান আৰু সৰ্বজনৰ সেই ঐশ্বৰিক এক জীৱন্ত ব্যক্তিত্বক বিচাৰি পায়, যাৰ আধ্যাত্মিক শক্তিয়ে সৰু-বৰ সকলোতে বিৰাজ কৰে, বিশেষতঃ মানুহৰ আত্মাত অসীম কাললৈ বিৰাজ কৰে। সেই নামহীন দৈবশক্তিৰ ওচৰত তেওঁ অৰ্পণ কৰা গানবোৰত প্ৰশস্তি, প্ৰাৰ্থনা আৰু অগাধ ভক্তি লুকাই আছে। সন্ন্যাসী আৰু আস্তিক সমাজে তেওঁ পোষণ কৰা আধ্যাত্মিক সাধনাৰ লগত অবগত নহয়, যাক হয়তো নান্দনিক ভক্তি বুলিও ক'ব পাৰি। তেওঁৰ সমগ্ৰ কবিতাত তাৰেই বৰ্ণনা আছে আৰু সেইখিনিয়ে তেওঁক প্ৰশান্তি প্ৰদান কৰে। ভাগৰুৱা আৰু প্ৰেমহীন আত্মাৰ কাৰণে , আনকি যীশুৰ সাম্ৰাজ্যৰ বাসিন্দাসকলৰ কাৰণেও তেওঁ সেই শান্তিৰ আৱশ্যকতা দাবী কৰিছে।
আমি যদি ইচ্ছা কৰো, ইয়াক ৰহস্যবাদ বুলিও ক'ব পাৰো, কিন্তু নিজৰ ব্যক্তিত্ব বাদ দি এক শূন্যতাত বিলীন হোৱা ৰহস্যবাদ নহয়। এয়া হ'ল সেই ৰহস্যবাদ য'ত আত্মাই নিজৰ সৰ্বগুণেৰে সৃষ্টি কৰা জীৱন্ত পিতৃক লগ পোৱাৰ আকুল ইচ্ছাৰ কথা কয়। এই কাৰণে ৰহস্যবাদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আগতেও ভাৰতবৰ্ষত অবিদিত নাছিল, অবশ্যে প্ৰাচীন কালৰ সন্ন্যাসী আৰু দাৰ্শনিকসকল অজ্ঞ আছিল, ভক্তিমাৰ্গৰ বিভিন্ন ভাগত ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেম আৰু বিশ্বাসৰ মাজত এই ৰহস্যবাদ অনুভব কৰা যায়। মধ্যযুগৰ পৰাই খ্ৰীষ্টান আৰু অন্য বিদেশী ধৰ্মৰ প্ৰচাৰত ভক্তি আন্দোলনে হিন্দু ধৰ্মত একেশ্বৰবাদী ধ্যান ধাৰণাৰে খোপনি পুতিছে। অৱশ্যে লাহে লাহে বহলভাবে বিয়পি পৰা বিভিন্ন মিশ্ৰিত ধৰ্মীয় পন্থাৰ কাৰণে এই উচ্চখাপৰ ভক্তিমাৰ্গ লাহে লাহে বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। আনকি যদিও ঠাকুৰে নিজেও তেওঁৰ পূৰ্বৰ সংগীতজ্ঞসকলৰ পৰা দুই এটা সুৰ ধাৰ কৰিছে, কিন্তু তথাপিও তেওঁৰ সংগীতৰ ভেটিটো বেছি সবল কাৰণে তেওঁ জল আৰু স্থলৰ সীমাৰ বাহিৰৰ সকলো মানুহৰ কাৰণে শান্তিৰ বাণী বিলাই ফুৰিছে- যাতে সকলোৱে দায়িত্ব বহন কৰি শুভ চিন্তা বিয়পাব পাৰে। ঠাকুৰে চিন্তাকৰ্ষক চিত্ৰৰ মাজেৰে আত্মাক দেখুৱাইছে কেনেকৈ সকলো অস্থায়ী বস্তু মহা অসীমত বিলীন হৈছে।
"সময় অসীম, হে মহাপ্ৰভু, তোমাৰ মিনিটবোৰ গণিবলৈ কোনো নাই। দিন আৰু ৰাতিবোৰ পাৰ হৈ থাকে আৰু যুগবোৰ ফুলৰ দৰে ফুলে আৰু মৰহি যায়। তুমি জানা কেনেকৈ অপেক্ষা কৰিব লাগে। এপাহ বনৰীয়া ফুলৰ যত্ন লৈ শতিকাবোৰে ইটোৱে সিটোক অনুসৰণ কৰে। দেৰি কৰিবলৈ আমি বৰ মূঢ়মতি। সময়ে চেষ্টা কৰি গৈ থাকে আৰু মই অভিযোগকাৰী অসন্তুষ্ট মানুহক সেই সকলোবোৰ দি দিওঁ। শেষলৈ তোমাৰ বেদীত অৰ্পিত কোনো বস্তুৱেই নাথাকে। দিনৰ শেষত সেয়ে সদায় ভয় হয়- কিজানি তোমাৰ দুৱাৰ বন্ধ হৈ যায়। কিন্তু সেয়া গম পাবলৈ এতিয়াও সময় আছে"
( গীতাঞ্জলি , ৮২)।
*******
( গীতাঞ্জলি , ৮২)।
*******