“এপ্ৰিল/২০১৫, পুনৰীক্ষণ-২৩, খণ্ড -৩”
(১)
কবি:নয়নমণি শৰ্মা ৰিকু
কবিতা: আত্মগাথা
আঙুলিত লাগি আছিল সেই স্পৰ্শ
কৰবাত হেৰাই গৈছিল সমৃদ্ধিৰ মেটমৰা শিল্প
এখন নৈ
কিছু পদ্য।
বৰষুণৰ তাঁৰত ওলমি ৰয় অন্তহীন অনিশ্চয়তা
তাম বৰণীয়া দুখবোৰ মোৰ ছাঁ।
মোৰ আঙুলিত তুমি সিঁচি দিয়া এঘাম মানুহ
ভোকৰ ৰাতিবোৰৰ বেদনা।
মই মানুহ হ'ব বিচাৰো ঈশ্বৰ
মোক ঘৃণাৰ পৰা মুক্তি দিয়া।
কবিতাটিৰ প্ৰথম স্তৱকত কবিয়ে কোনো এক সুখকৰ স্মৃতি হেৰুৱাৰ কথা কৈছে ৷ স্তৱকটিত “মেটমৰা শিল্প”, “এখন নৈ”, “কিছু পদ্য” আদিৰ দৰে প্ৰতিকী প্ৰয়োগ মনকৰিবলগীয়া ৷ কবিয়ে যি হেৰুৱাইছিল সেইয়া “সমৃদ্ধিৰ মেটমৰা শিল্প” ৰ লগত তুলনা কৰিছে সেই শিল্প হ’ব পাৰে কোনো এক জীৱন আৰু জীৱনৰ স’তে জড়িত ভাল লগা অনুভূতি ৷
বৰষুণ দিলে তাঁৰত যেনেকৈ বৰষুণৰ টোপালবোৰ পৰো নপৰোকৈ ওলমি ৰয় ঠিক তেনেকৈ কবিয়েও কিবা এক অনিশ্চয়তাত ভুগিছে পৰো নপৰো বৰষুণৰ টোপালবোৰৰ দৰে ৷ ইয়াত কবিয়ে এখন কল্প চিত্ৰ তৈয়াৰ কৰিছে ৷ এই অনিশ্চয়তাৰ বাবেই কবিৰ দুখবোৰ যেন তাম বৰণীয়া ৷ ইয়াত “তাম বৰণীয়া” এটি প্ৰতিকী শব্দ৷
শেষৰ স্তৱক দুটিত কবিয়ে শ্ৰমজীৱি মানুহৰ কথা কৈছে আৰু কবিয়েও ইচ্ছা প্ৰকাশ কৰিছে শ্ৰমজীৱি সৎ মানুহৰ দৰে হ’বলৈ ৷তেওঁ সৎ হৈ থাকিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৷
কবিৰ কবিতাবোৰ সৰল, সুখপাঠ্য আৰু সাৱলীলভাৱে উপস্হাপিত হয় ৷ তাতেই কবিৰ সফলতা ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(২)
কবি: প্ৰভাকৰ শৰ্মা নেওগ
কবিতা: একান্তে
=====
জিলিটোৱে ৰৈ ৰৈ মাতে
দুবৰিত নিগৰে নিয়ৰ ।
নিশাটো মোৰ।
তাৰেই লগত শয়নে সপোনে ধেমালি কৰোঁ-
কেতিয়াবা অভিমান কৰোঁ-
কেতিয়াবা বিভোৰ হওঁ শেৱালি সুবাসত।
আবেলিৰ হেঙুলি বেলি কেতিয়াবাই মাৰ গ'ল।
আভাও হেৰাল কোনো পাহৰি যোৱা দিগন্তত-
পথশ্ৰমত ক্লান্ত মই ঢলি পৰোঁ নিশাৰ কোলাত
গণি ৰওঁ দুখীয়া প্ৰহৰ
উক্ত কবিতাটিত অনুপ্ৰাস শব্দালংকাৰৰ প্ৰয়োগ দেখা যায় ৷ কবিতাটিৰ প্ৰথম স্তৱকত “ৰ” আৰু “ন” ব্যঞ্জন ধ্বনি দুবাৰ উচ্চাৰিত হৈছে ৷
কবিতাটি পঢ়ি গ’লে নিজান নিশাৰ সুৰ শুনিবলৈ পোৱা যায় ৷ নিজান নিশাৰ জিলিৰ মাতটো যেন পাঠকেও শুনিবলৈ পায় ! তেনেবোৰ নিশাই যেন কবিৰ বাবে একান্ত নিজৰ হৈ পৰে৷ কবিয়ে লিখিছে –
“নিশাটো মোৰ।
তাৰেই লগত শয়নে সপোনে ধেমালি কৰোঁ-
কেতিয়াবা অভিমান কৰোঁ-
কেতিয়াবা বিভোৰ হওঁ শেৱালি সুবাসত৷”
দিনটোৰ কৰ্মক্লান্ত ব্যস্ততাৰ অন্তত কবিয়ে যেতিয়া নিশাৰ কোলাত ঢলি পৰে , সেই নিশাটি কবিৰ বাবে অতি আপোন হৈ পৰে সেয়ে কবিয়ে কবিতাটিত দুখীয়া প্ৰহৰ গণাৰ কথা কৈছে৷
কবিতাটিত অলংকাৰ প্ৰয়োগ কম যদিও কবিতাটি ভাবৰ মধুৰতাৰে ভৰা ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩)
কবিতা: পদূলি গৰকি ব’হাগ নামিছে
কবি: ঈপ্সিতা উপাসনা
মৃদু মলয়াজাকে সুঁহুৰি এবোজাক
পদূলিয়ে পদূলিয়ে এৰি দি গ'ল
বুকুত প্ৰেমৰ আধাফুটা উশাহ গুজি
কিৰিলি কিছুমানে দেও দি আঁহততলি পালেগৈ
বিৰিণা কঁপাই ঢোলৰ ছেওত
গাভৰু দেহৰ ভগা গঢ়া নাচ
তাঁতশালত সূতা ছিগে নুপূৰৰ ঘনাই
চেনাইৰ বাঁহীৰ মাতে বুকু ভেদা নিশাৰ
দিবাস্বপ্ন সামৰি বিহুৱানত আঁৰি দিয়ে
কমলা বেলিৰ ভটিয়নী হেঁপাহবোৰ
চেৰেকীৰ পাক আৰু মাকোৰ অগাদেৱাই
লিখি যায় গামোচাত কলিজাৰ আকাংক্ষাবোৰ
থুনুকা হিয়াবোৰে গগনাত সুৰ দি উতনুৱা হয়
তগৰ গুটিমালীৰ পোহৰ সৰা দূৱৰিত
হাবিয়াস লুকুৱাই থোৱাৰ যন্ত্ৰণা এটাই
প্ৰেমৰ চাকিটি জ্বলাই যায়
বুকুৱে বুকুৱে জিলিকি উঠা জোনাকীয়ে
বতৰা দি যায়
ব’হাগ অহাৰ
পলাশ বিদায় গানত কপৌপাহি বহলকৈ ফুলি উঠে
নাহৰৰ উৰুলিত সেউজী গহনাৰ সমদলটিয়ে
সুৰভি বৈভৱ সিঁচি যায় সমীৰণত
আম মলিওৱা... কঁঠাল মুচি পৰা সুবাস
জামুৰ তলত এতিয়া গোপনে মুগা মেখেলাৰ আহ-যাহ
গাম খাৰুৰ মাত
ঢোল-মাদলী, জোনবিৰি নীৰৱে সৰি পৰাৰ শব্দ
জপাবোৰ মেল খাইছে
আখলত হাঁহিৰ মাত
ব’হাগ আহিল ব’হাগ আহিল
পূৰ্বোদয়ৰ বেলিৰ পৰা
বিয়লিৰ ঘৰমুৱা পক্ষীজাক
সবৰে এষাৰে বতৰা
মূধচত সিঁচি যোৱা
কুলিৰ অমিয়া দৰদী মাতত
ৰবাব টেঙা ফুলা দুপৰীয়াত
ব’হাগ বাটচ’ৰা পোৱাৰ খবৰ
জেতুকাবুলীয়া দুপৰত
বৰহমথুৰি ঘঁহি অহা বৰদৈচিলাই
বাঁহচোপত সঁফুৰা এটা গুজি থৈ গ'ল
বৰষা বৰষুণৰ
কেঁচাপথাৰ নোওৱা দিনৰ
মাটিৰ সৰল মিনতিৰ তান ৰাখি
সোণগুটি ভ্ৰূণবোৰে দিঠক সজোৱা
মুহূৰ্তৰ উমান
ব’হাগীক আদৰাৰ
উখল মাখলত
ঘৰে ঘৰে সৰিছে এতিয়া
উল্লাসৰ লহৰ
________________________________
উক্ত কবিতাটি সুন্দৰ ব্যঞ্জনাৰে সমৃদ্ধ ৷ব’হাগ মানেই যেন প্ৰেমৰ বতৰা ৷ সেয়ে কবিয়ে ব’হাগে কঢ়িয়াই অনা প্ৰেমৰ বতৰাৰে এখন ধুনীয়া চিত্ৰকল্পৰ সৃষ্টি কৰিছে ---
“তাঁতশালত সূতা ছিগে নুপূৰৰ ঘনাই
চেনাইৰ বাঁহীৰ মাতে বুকু ভেদা নিশাৰ
দিবাস্বপ্ন সামৰি বিহুৱানত আঁৰি দিয়ে
কমলা বেলিৰ ভটিয়নী হেঁপাহবোৰ
চেৰেকীৰ পাক আৰু মাকোৰ অগাদেৱাই
লিখি যায় গামোচাত কলিজাৰ আকাংক্ষাবোৰ
থুনুকা হিয়াবোৰে গগনাত সুৰ দি উতনুৱা হয়”
ইয়াত প্ৰিয়তমাই চেনাইৰ বাবে বিহুৱান বৈছে ৷আৰু এই বিহুৱান বোৱা কামটো কবিয়ে খুউব ধুনীয়াকৈ ফুটাই তুলিব পাৰিছে৷ কবিয়ে কবিতাটিত প্ৰকৃতিৰ এখন ছবি আঁকিছে এনেকৈ—
“পলাশ বিদায় গানত কপৌপাহি বহলকৈ ফুলি উঠে
নাহৰৰ উৰুলিত সেউজী গহনাৰ সমদলটিয়ে
সুৰভি বৈভৱ সিঁচি যায় সমীৰণত
আম মলিওৱা... কঁঠাল মুচি পৰা সুবাস
জামুৰ তলত এতিয়া গোপনে মুগা মেখেলাৰ আহ-যাহ”
পলাশফুলা বতৰৰ বিদায়ৰ পৰা ব’হাগ অহালৈকে গোটেই বতৰাখিনি খুব সুন্দৰকৈ কবিয়ে কবিতাটিত উপস্হাপন কৰিছে ৷ নিসন্দেহে এটি সুন্দৰ কবিতা ৷কবিতাটি আটিল কৰিব পৰাৰ থল থকা যেন লাগে৷ কবিয়ে এনেকৈয়ে ধুনীয়া ধুনীয়া কবিতা লিখি যাওক তাৰে কামনা কৰিলোঁ ৷
(৪)
কবি: অনিতা গগৈ
কবিতা: বহি আছে একেটা ভাঁজতে তাহানিৰ জোনটো
সৰুতে আইতাই কৈছিল,
'আইচু মোৰ শিলত নবহিবি,শিল হ'বি'
দুখোজ পিছুৱাই
বহিছিলো আইতাৰ সাধুকথাৰ দলিছাত,
দোপ্ দি দূপৰৰ ৰ'দৰ ৰেঙনি
ঢপলিয়াই ফুৰিছিলো
এখন এৰাবাৰীত
য'ত আইতাৰ পিকসনা তপৰ তপৰ চুমাবোৰৰ
দৰে জিলিকি আছিল বেলিটো
আৰু বেলিটোৱে লিৰিকি বিদাৰি আছিল
পোহৰৰ আঙুলিৰে গৰুখিচ্ বোৰ।
'পিন্ধিবানেকি এডালি লাটুমনিৰ মালা ?'
ফুটুকানিৰ তলৰপৰা,
কেটুৰকলা দাঁত নিকটাই সুধিছিল দীঘল দঁতুৱা দ'ত এটাই
ফৰিংচিটিকা দি তাৰ পৰা জপিয়াই আঁহোতে,
টুপুককৈ বেলিটো হেৰাইছিল
আৰু মোৰ শিতানত বহি আছিল পূৰ্ণিমাৰ জোনটো
জোনৰ বুকুত মুখ গুজি মই সুধিছিলো,
'বিয়া মানে কি ?'
জোনটোৱে আইতাৰ দৰেই মৰমেৰে হাঁহি কৈছিল
'আইচু, বিয়া মানে অন্তৰৰ মিলন,য'ত সাক্ষী থাকে সমাজখন'
'তেনেহ'লে জেউতিৰ কেঁৰুযোৰ কিয় কুঁৱাত পৰিল ?'
আইতাৰ দৰেই মনে মনে ৰ'ল জোনাকখিনিও
এৰাবাৰীৰ কুঁৱাটো পুতি পেলোৱা হ'ল
লগতে কেঁৰুযোৰ...
এজাৰজোপাৰ ফেৰেঙনিত বহি আছে একেটা ভাঁজতে শিল-জোনটো।
উক্ত কবিতাটিৰ উপস্হাপনশৈলী সুন্দৰ ৷ কবিতাটিৰ শিৰোণামটিয়ে বহু কথা কয় ৷ এৰা, যোগে যোগে আকাশৰ জোনটো একে আছে আমিহে শৈশৱ, কৈশোৰ অতিক্ৰমি আহি আছোঁ৷ কবিতাটিত আইতাকৰ সাধু শুনি কণমানিজনীয়ে যেন কল্পনাতে সাধুকথাৰ জগতত বিচৰণ কৰিছে৷ কবিয়ে লিখিছে ---
“দোপ্ দি দূপৰৰ ৰ'দৰ ৰেঙনি
ঢপলিয়াই ফুৰিছিলো
এখন এৰাবাৰীত
য'ত আইতাৰ পিকসনা তপৰ তপৰ চুমাবোৰৰ
দৰে জিলিকি আছিল বেলিটো”
এই স্তৱকত উপমাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় ৷ ইয়াত “বেলি” হৈছে উপমেয়, আৰু “আইতাৰ পিকসনা তপৰ তপৰ চুমাবোৰ” হৈছে উপমান আৰু “দৰে” হৈছে তুলনাবাচক শব্দ৷ আইতাকে নাতিয়েকক দিয়া “তপৰ তপৰ চুমাবোৰত” যিমান মৰমসনা উজ্জ্বলতা থাকে বেলিটোও সেই নিভাঁজ মৰমখিনিৰ দৰেই জিলিকি থকা৷
কবিতাটিত ব্যৱহাৰ কৰা “গৰুখিচ”, “লাটুমনিৰ মালা”, “কেটুৰকলা দাঁত” আদি শব্দই পাঠকক চিন্তাৰ খোৰাক দিয়াৰ লগতে সুন্দৰ কল্পচিত্ৰৰ প্ৰয়োগ দেখা যায় ৷কবিতাৰ শেষৰ স্তৱকখিনি পঢ়িলে এনে লাগে যে কোনো এক হৃদয়বিদাৰক ঘটনাই সেই কণমানিজনীৰ মনত কৌতুহল আৰু বহুতো প্ৰশ্নৰ সৃষ্টি কৰিছে অথচ তাৰ উত্তৰযেন কণমানীজনীয়ে পোৱা নাই৷ কবিয়ে লিখিছে--
“'তেনেহ'লে জেউতিৰ কেঁৰুযোৰ কিয় কুঁৱাত পৰিল ?'
আইতাৰ দৰেই মনে মনে ৰ'ল জোনাকখিনিও
এৰাবাৰীৰ কুঁৱাটো পুতি পেলোৱা হ'ল
লগতে কেঁৰুযোৰ...
এজাৰজোপাৰ ফেৰেঙনিত বহি আছে একেটা ভাঁজতে শিল-জোনটো৷”
বুজি পোৱাৰ বয়স নোহোৱা বাবেই আইতাকে তাইৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল আৰু আইতাকৰ মৌনতাৰ দৰেই মৌন আছিল জোনাকখিনি আৰু জোনাক ছটিওৱা জোনটো ৷ কবিয়ে ব্যৱহাৰ কৰা “শিল-জোন” শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া ৷কবিলৈ শুভেচ্ছা থাকিল ৷
(৫)
কবি:-পল্লৱ কুমাৰ নাথ
কবিতা:-ঘাঁহ
মাটিত খামুচি ধৰি সিহঁতে
আৰম্ভ কৰে সেউজীয়া যাত্ৰা
ক্ৰমশঃ সেউজীয়া হয় হৃদয়
ক্ৰমশঃ সেউজীয়া হয় মন
সেউজীয়াৰ সতে সিহঁতৰ
জন্ম-জন্মান্তৰৰ মিতিৰালি
সিহঁতে মাটিৰ ঠিকনা জানে
জানে বৰষুণৰ নিটুল সংজ্ঞা
সিহঁতে দিব জানে সূৰ্যৰ প্ৰেমৰ প্ৰতিদান
কাণ পাতি শুনিব জানে বতাহৰ স্তুতি বন্দনা
মাটিৰ সামান্য উশাহত
শিলৰ ফাঁকেৰেও বৈ যাব পাৰে
নৈৰ দৰে
সিহঁতে আকাশৰ ফালে চায়
কথা ক'ব জানে
বৰষুণৰ চুম্বনত সিহঁত জী উঠে
যেনেদৰে, ৰ'দৰ পৰশত
চিৰনিদ্ৰাত জীণ যাবলৈকো ভয় নকৰে
জন্ম আৰু মৃত্যুৰ সংজ্ঞা
হয়তো সিহঁতৰ নিজস্ব সৃষ্টি
কৃত্ৰিমতাই কোষলৈকে শিপালেওঁ
কোমলতা সিহঁতৰ অাজন্ম লগৰী
এনেদৰেই সিহঁতে
গঢ়ি লব পাৰে নিজস্ব আকাশ
সাঁজি লব পাৰে আপোন পৃথিৱী
সেয়ে সিহঁতে দুখৰ সপোন নেদেখে নিজান ৰাতি
আৰু আমি ঘাঁহ হ'ব নোৱাৰাৰ বাবেই দুঃখী হওঁ
ঘাঁহ হ'ব নোৱাৰাৰ বাবেই শিল হওঁ
কঠিনতা আমাৰ অন্যতম সংজ্ঞা
প্ৰেমৰ নামত আমি সকলো বেশ্যা
--ব্যতিক্ৰমি বিষয়বস্তুৰে “ঘাঁহ” এটি সুন্দৰ কবিতা ৷ “ঘাঁহ”ৰ জীৱনে আমাক বহু কথা কয় তাৰেই মূৰ্ত প্ৰকাশ ঘটিছে কবিতাটিত ৷ কবিয়ে লিখিছে—
“মাটিত খামুচি ধৰি সিহঁতে
আৰম্ভ কৰে সেউজীয়া যাত্ৰা
ক্ৰমশঃ সেউজীয়া হয় হৃদয়
ক্ৰমশঃ সেউজীয়া হয় মন”
ঘাঁহৰ দৰেই আমিও যদি গঢ়ি ল’ব পাৰিলোহেঁতেন নিজস্ব আকাশ, সাজি ল’ব পাৰিলোহেঁতেন আপোন পৃথিৱী !
“এনেদৰেই সিহঁতে
গঢ়ি লব পাৰে নিজস্ব আকাশ
সাঁজি লব পাৰে আপোন পৃথিৱী
সেয়ে সিহঁতে দুখৰ সপোন নেদেখে নিজান ৰাতি”
ঘাঁহৰ দৰে হ’ব নোৱাৰাৰ বাবেই মানুহ অস্হিৰতাত ভোগে,হেৰুৱাই মানৱতা, প্ৰেম ইত্যাদি ইত্যাদি৷ সেয়ে কবিয়ে লিখিছে—
“আৰু আমি ঘাঁহ হ'ব নোৱাৰাৰ বাবেই দুঃখী হওঁ
ঘাঁহ হ'ব নোৱাৰাৰ বাবেই শিল হওঁ
কঠিনতা আমাৰ অন্যতম সংজ্ঞা
প্ৰেমৰ নামত আমি সকলো বেশ্যা”
সৰল উপস্হাপনেৰে ভৰা কবিতাটিয়ে পোনে পোনেই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে ৷কবিলৈ শুভেচ্ছা থাকিল৷
(৬)
কবি: অনিন্দিতা কলিতা
বসন্ত সংখ্যা 'অনুভূতি'ত প্ৰকাশিত মোৰ এটি কবিতা -
*কবিতা*
নিশা তেতিয়া বাৰ বাজিছে
আকাশ চৌচিৰ কৰি
ধুমুহা-ডাৱৰে ছাউনি পাতিছে
কবিতা এটা লিখিবলৈ
প্ৰয়াস কৰি আছিলো মই
তাগিদাত,
জনৈক বিভাগীয় সম্পাদকৰ
হুৰমূৰকৈ সোমাই আহিল তেওঁ
মোৰ কোঠালৈ
মুঠিখোলা বগা আখৈৰ দৰে
উকা কাগজখিলাত মোৰ
সিঁচৰতি হৈ পৰিল
বৰষুণ এজাক
টোপাল টোপাল হৈ পৰা তেওঁৰ
দুহাতত গুজি দিলো
এসাজ আভৰণ
নাই,মান্তি নহ'ল
নিজক সলনি কৰিবলৈ
তেওঁ হেনো ঋতু নহয়
এপিয়লা চাহ বাকিলো
চুমুক দি তেওঁ ক'লে
'মিঠা কোনোকালেই প্ৰিয় নহয়'
এখন কিতাপ পঢিবলৈ দিলো
তাতো আপত্তি
'শব্দবোৰ অকণো অনুভৱী নহয়'
'তেন্তে এখন ছবিয়েই আঁকক'
মই ক'লো
এটি সেউজীয়া সূৰুয
আৰু এজাক ক'লা পখিলাৰ
আঁক-বাকেৰে ভৰাই তুলি
মূৰ জোকাৰিলে
'কেনভাছখন বাস্তৱ নহয়'
উহ্ কি বিপদ !
এফালে তেওঁ সন্তুষ্ট নহয়
আনফালে মোৰ
কবিতা লিখা নহয়
কলম কামুৰি কামুৰি
মগজুৰ কোষ সমূহক
চলাথ কৰিবলৈ ক'লো
টেলিভিচনৰ ব্ৰেকিং নিউজ
ৰাজপথৰ দুয়োকাষ
সৰুতে এৰি অহা গাওঁখনলৈও
পাক এটা মাৰিলো
নাই,কবিতাৰ উম্-ঘামেই নাই
তেনেতে তেওঁ বিদায় ল'লে
শোকসন্তপ্ত আত্মীয়ৰ দৰে
আৰু মোৰ চোলাৰ জেপত
বাহ বান্ধিলে
চকুলোৰে গধুৰ
এটি লেফাফাই ৷
বি:দ্ৰ: আপুনি জানেনে তেওঁ কোন?
হয়,
তেওঁৱেই আছিল কবিতা
মোৰ পাষাণ প্ৰিয়তমা ৷
--- আমি কেতিয়াবা হাতত কলম লৈ কবিতা লিখিবলৈ বহোঁ অথচ কবিতা বুলি লিখা শব্দবোৰে আমাক সন্তুষ্টি নিদিয়ে—কবিয়ে যেন তাকেই কবিতাটিত প্ৰকাশ কৰিবলৈ যত্ন কৰিছে ৷ কবিয়ে লিখিছে—
“হুৰমূৰকৈ সোমাই আহিল তেওঁ
মোৰ কোঠালৈ
মুঠিখোলা বগা আখৈৰ দৰে
উকা কাগজখিলাত মোৰ
সিঁচৰতি হৈ পৰিল
বৰষুণ এজাক”
স্তৱকটিত “বগা আখৈ” কবিয়ে উপমা হিচাপে ব্যৱহাৰ কৰিছে ৷মুঠিখোলা বগা আখৈৰ দৰে কাগজখিলাত কবিয়ে অনুভৱী কবিতা এটি আঁকবাক কৰিলে৷
“টোপাল টোপাল হৈ পৰা তেওঁৰ
দুহাতত গুজি দিলো
এসাজ আভৰণ
নাই,মান্তি নহ'ল
নিজক সলনি কৰিবলৈ
তেওঁ হেনো ঋতু নহয়
এপিয়লা চাহ বাকিলো
চুমুক দি তেওঁ ক'লে
'মিঠা কোনোকালেই প্ৰিয় নহয়'
এখন কিতাপ পঢিবলৈ দিলো
তাতো আপত্তি
'শব্দবোৰ অকণো অনুভৱী নহয়'
'তেন্তে এখন ছবিয়েই আঁকক'
মই ক'লো
এটি সেউজীয়া সূৰুয
আৰু এজাক ক'লা পখিলাৰ
আঁক-বাকেৰে ভৰাই তুলি
মূৰ জোকাৰিলে
'কেনভাছখন বাস্তৱ নহয়'
উহ্ কি বিপদ !
এফালে তেওঁ সন্তুষ্ট নহয়
আনফালে মোৰ
কবিতা লিখা নহয়”
ওপৰৰ কবিতাৰ শাৰীবোৰে কবিয়ে কেনেকৈ কবিতা এটা লিখিবলৈ কচৰৎ কৰিছিল যদিও মনলৈ সন্তুষ্টি অহা নাছিল—পাঠকৰ মনত সেই কথাৰ উপলব্ধি হয়৷সৰল সহজ উপস্হাপনেৰে গোটেই কবিতাটি লালিত্যপূৰ্ণ৷কবিলৈ শুভেচ্ছা থাকিল৷
(৭)
কবিতা:ঐক্যপ্ৰাণ
কবি:...ණ ৰঞ্জন বৰ্মন
নিৰ্জন দুপৰীয়া
উগ্ৰ মূৰ্তি ধৰিছে মূৰৰ বেলি
গিৰ্জাৰ পৰা ভাহি অহা
সমবেত সংগীত
গছৰ পাতত বতাহে বজোৱা
সুহুৰিৰ মাত
স্তব্ধ হৈ পৰিল কেতিয়াবাই
নিস্তব্ধতা ভাঙি ভাঙি আকাশত
উৰি ফুৰা
লাৰ্ক চৰাইটোৰ দৰেই
মই অপলক দৃষ্টিৰে চাই আছো
ডায়ৰী পাতৰ অসংলগ্ন শব্দবোৰ
আৰু ক্ৰমশঃ শব্দবোৰৰ মাজত
মূৰ্ত হৈ উঠিছা তুমি
নিৰ্জন দুপৰীয়া প্ৰখৰ ৰ’দ; গিৰ্জাৰ পৰা ভাঁহি অহা সমবেত সংগীতৰ সুৰ আৰু গছৰ পাতত বতাহে বজোৱা সুহুৰিৰ মাত কবিয়ে শুনি পোৱা নাই তেনে এক পৰিবেশতে কবিয়ে ডায়েৰী পাতৰ অসংলগ্ন শব্দবোৰ পঢ়িছে আৰু সেই শব্দবোৰত কোনোবা আপোনজনক বিচাৰি পাইছে ৷ গোটেই কবিতাটিয়েই অনুভৱী কল্পচিত্ৰৰ সৃষ্টি কৰিছে ৷ কবিতাটিৰ শিৰোনামে কবিতাটিৰ স’তে কৰবাত সামঞ্জস্য হেৰুৱাইছে নেকি কবিয়ে এবাৰ ভাবি চাব পাৰে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবি:নিৰ্জন নীৰৱ বৰফুকন
কবিতা: বসন্তৰ চিঠি
যোচেফিন
যুদ্ধৰ দিনবোৰ এতিয়া আৰু নাই
শীতৰ ছাইবেৰিয়াত
এৰি আহিছোঁ
বহু সহযোদ্ধাৰ খোজৰ খোজ
বসন্ত ৰাতিৰ জোনাকত নতজানু
মোৰ ভিতৰৰ শেষৰজন যোদ্ধা
অৰণ্যবোৰ সম্ভৱতঃ নীলাত বুৰ গৈছে
সিঁচৰিত ফুলৰ নীলাত
" Forget me not "
যোচেফিন
যুদ্ধৰ দিনবোৰ এতিয়া আৰু নাই
মই উভতিছো তোমালৈ
( " forget me not " ফ্ৰান্সত বসন্ত কালত ফুলা এবিধ নীলা ফুল)
উক্ত কবিতাটি পঢ়িলে এজন প্ৰেমিকৈ প্ৰিয়ালৈ লিখা প্ৰেমপত্ৰ যেন বোধ হয়৷কবিতাত বসন্তৰ চিঠিৰ প্ৰেমিকজন এজন যোদ্ধা যাৰ যুদ্ধৰ দিনবোৰ ইতিমধ্যে শেষ হৈছে৷কবিয়ে লিখিছে—
“বসন্ত ৰাতিৰ জোনাকত নতজানু
মোৰ ভিতৰৰ শেষৰজন যোদ্ধা
অৰণ্যবোৰ সম্ভৱতঃ নীলাত বুৰ গৈছে
সিঁচৰিত ফুলৰ নীলাত
" Forget me not "
যোচেফিন
যুদ্ধৰ দিনবোৰ এতিয়া আৰু নাই
মই উভতিছো তোমালৈ”
উক্ত স্তৱকটিত এখনি ৰোমান্টিক ছবি পাঠকে অনুভৱ কৰে ৷ বসন্ত ৰাতিৰ জোনাকৰ ৰোমান্টিকতাই পাঠকৰো হৃদয় চুই যায় ৷ প্ৰেমিক যোদ্ধাজনে প্ৰেমৰ অনুভৱী হৃদয়েৰে প্ৰিয়াৰ কাষ পাইছেগৈ ৷ কবিতাটি নিসন্দেহে সুন্দৰ প্ৰেমৰ কবিতা আৰু ধ্বনি-মাধুৰ্যৰে ভৰা ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৯)
কবিতা: সূর্যৰ জ্বৰ...
কবি:-উইল চিদ্দিকুৰ ৰহমান
সময়ৰ হৈ চৈ
বিষন্ন আকাশ,
সূর্যৰ জ্বৰ...
জ্বৰত প্রলাপ।
নিশ্চুপ নিতাল
মাটিত মুখগুজি শুই পৰিল
সহস্র গোলাপ।
পদূলিত মোৰ
স্থবিৰতাত দোৰোল খাই পৰা এহেজাৰ এটা আলসুৱা গান,
অনাহূত চিম্ফনী এটাত ম্রিয়মান দূৰন্ত আকাশ
ডেউকা মেলি ৰৈ আছিল ধৰিত্রী
ঠিক যেন নৈয়েএৰা সূতিয়েদি
নিমিষতে পাৰহৈ গ’ল
ব’হাগৰ জাক জাক হুঁচৰি
বুকুত শতাব্দীজোৰা বেজেৰুৱা নাম একোটা
আমাৰ পৃথিৱীখনৰ শক্তিৰ আধাৰ “সূৰ্য” অথচ এই প্ৰচণ্ড শক্তিয়েও প্ৰকৃতিৰ প্ৰলয়ংকাৰী লীলাক ৰুধিব পৰা নাই ৷কবিতাটিত “সূৰ্যৰ জ্বৰ” প্ৰতিকী অৰ্থত ব্যৱহাৰ কৰা হৈছে৷ কবিয়ে লিখিছে—
“মাটিত মুখগুজি শুই পৰিল
সহস্র গোলাপ।
পদূলিত মোৰ
স্থবিৰতাত দোৰোল খাই পৰা এহেজাৰ এটা আলসুৱা গান,”
আকৌ,
অনাহূত চিম্ফনী এটাত ম্রিয়মান দূৰন্ত আকাশ
ডেউকা মেলি ৰৈ আছিল ধৰিত্রী
ঠিক যেন নৈয়ে এৰা সূতিয়েদি
নিমিষতে পাৰহৈ গ’ল
ব’হাগৰ জাক জাক হুঁচৰি
বুকুত শতাব্দীজোৰা বেজেৰুৱা নাম একোটা”
কবিতাৰ শাৰীবোৰে অলপতে হৈ যোৱা নেপালৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ ছবিখনি মনত পেলাই দিয়ে ৷ অতি নিদাৰুণভাৱে অসহায় নিৰ্দোষ মানুহৰ মৃত্যুৱে হৃদয় দহি যায়৷
কবিতাটিৰ উপস্হাপনশৈলীত কবিয়ে নিপুণতা দেখুৱাবলৈ সক্ষম হৈছে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১০)
কবি:শৈলজানন্দ খনিকৰ
“গাণ্ডীৱধাৰীৰ জন্ম”
মই মোৰ প্ৰেয়সীৰ জৰায়ুত ৰোপণ কৰিলোঁ
অৰ্জুন বীজ ।
আৰু অযুত প্ৰত্যাশাৰে অপেক্ষাৰত হৈ ৰলো
গাণ্ডীৱধাৰীৰ ভুমিষ্ঠ খেনলৈ ।।
কবিতাটিত গভীৰ আশাবাদ দেখা যায় ৷ মহাকাব্য মহাভাৰতৰ গাণ্ডীৱধাৰী অৰ্জুন আছিল এজন প্ৰবল প্ৰতাপী বীৰ, ধনুৰ্বীদ ৷ কবিয়ে আশা কৰিছে সেই প্ৰবল প্ৰতাপী বীৰ অৰ্জুনৰ দৰেই যেন তেওঁৰ সন্তানটিও প্ৰতাপী হয় ৷
কবিতাটি সৰু অথচ সুখপাঠ্য৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১১)
কবিতা:শব্দই যদি
কবি:মনোহৰ দত্ত
তেতিয়া পুৱাৰ মিঠা ৰ'দ
ব'হাগৰ বা।
চৰাইৰ মাতত হালে জালে
বাঁহৰ আগলি।
উপচি পৰে সেউজীয়া
সুবৰ্ণ সুৰ বাজে কন্ঠত কিযে সুৰীয়া।
বুকুত কেতিয়াবা কিয়নো বাজি উঠে
নদীময় মাদকতা?
বৰষুণজাকে ক'লে:
কবি হোৱা কঠিন
শব্দই যদি আঙুলিত নকৰে খেলা।
উক্ত কবিতাটিত আমি কেইবাটাও গুণ দেখিবলৈ পাওঁ—সমতা,মাধুৰ্য আৰু সুকুমাৰতা ৷ সমতা হৈছে বাক্যৰ আদিৰ আৰু অন্তৰ গাঁথনিৰ ভাৰসাম্য ৰক্ষিত হোৱা গুণ৷ মাধুৰ্য হৈছে শুনাত শুৱলা আৰু মধুৰ ভাৱ মনলৈ অহা আৰু সুকুমাৰতা হৈছে য’ত কোমল বৰ্ণৰ প্ৰয়োগ বেছি, যি ৰচনাত কোনো কৰ্কশতা নাই ৷ এই তিনিওটি গুণেই কবিতাটিক সমৃদ্ধ কৰিছে ৷ কবিতাটিত পাঠকে ৰস আৰু ধ্বনি মাধুৰ্য দুয়োটাই বিচাৰি পায়৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১২)
কবিতা:"পুৰণি দিনবোৰৰ কথা ক'চোন আতা"
কবি: জাহ্নু ভৰদ্বাজ
পুৰণি দিনবোৰৰ কথা ক'চোন আতা,
আমাৰ হেৰাই যোৱা বাটবোৰৰ কথা ক'৷
কচোন ক'- ৰাতি বিহুৰ মাজতে আবাক কি সুধিছিলি?
ৰঙা ৰিহাখনি ককাঁলত খোচ মাৰি আবাইনো কেনেকৈ কৈছিল- "ব'ল যাওঁ৷"
কলী জনীৰ পোৱালি জগোতে দেউতাই ৰাতিটো যে উজাগৰে আছিল;
নৈত সাতুৰিবলৈ গৈ খুৰাৰ চুৰীয়া যে উটি গৈছিল-
এটাইবোৰ আকৌ এবাৰ ক'চোন আতা৷
ৰাভাৰ কথা কচোন আতা,
শেহৰাতি পাছবাৰীৰে আহি কেনেকৈ জকৰা ভাতকেইটাকে সোপাসোপে খাইছিল,
চৌকাৰ খৰিডালেৰে যে জ্বলাইছিল শেষৰটো বিড়ি!
আন্দোলন কৰা ছাত্ৰ সন্থাৰ কথাও ক'-
শেহৰাতি নাওঁৰে চাপৰিত তয়ে থৈ অহাটোৱে
কেনেকৈ চাপৰিৰ কাকাহঁতৰ ঘৰবোৰ জ্বলাইছিল তিৰাশীত৷
সংগঠনৰ কথাবোৰো ক' আতা,
ইটো চুবুৰীৰে হীৰকজ্যোতিৰ কথাও ক'-
বাঘৰ আগতেল খোৱাটো উৱলি যোৱা শটো হৈ উভতি অহাৰ কথা ক'চোন,
গোটেই গাওঁখনে যে কান্দিছিল সিদিনা !
যি বাটে আহি এইখিনি পালোহি আমি- ক'চোন সকলোবোৰ কথা৷
পাহৰণি সময়বোৰৰ কথা আকৌ এবাৰ ক'চোন;
পুৰণি সময়বোৰৰ কথা আকৌ এবাৰ ক' আতা৷
উক্ত কবিতাটি স্বভাৱসুন্দৰ কবিতাৰ ভিতৰত পৰে অৰ্থাৎ কবিতাত অলংকাৰ প্ৰয়োগ তেনেকৈ দেখা নাযায় অথচ নিজগুণেৰে এটি নিটোল কবিতা ৷ কবিতাটি অৰ্থব্যক্তি গুণসম্পন্ন অৰ্থাৎ কবিৰ বক্তব্য য’ত পৰিষ্কাৰ আৰু স্পষ্ট৷কবিলৈ শুভেচ্ছা থাকিল৷
(ক্ৰমশ:)
Mousumee Bori's photo.
Like · Comment
Malabika Bora Brahma, Palash B. Barman, বিক্ৰমাদিত্য বৰুৱা and 23 others like this.
Pallab Kumar Nath ভাল পালোঁ আলোচনাটি ৷ ধন্যবাদ জনাইছোঁ ৷
May 18 at 6:25pm · Like · 1
Sailajananda Khanikar ধন্যবাদ মৌচুমী । ভাল লাগিল মোৰ অকণমানি কবিতা টো তোমাৰ সমালোচনাত ঠাই পোৱা বাবে ।
May 18 at 7:16pm · Like · 1
Nirjon Nirob Borphukon ভাল লাগিল ৷ যোচেফিন সম্ৰাট নেপোলিয়নৰ প্ৰেয়সী /পত্নী আছিল ৷ ৰাচিয়া আক্ৰমন কৰিব গৈ ছাইবেৰিয়াৰ শীতত বহু সৈন্য মৃত্যুমুখত পৰিছিল আৰু ৰাচিয়া জয়ৰ স্বপ্ন লৈয়ে নেপোোলিয়ন উভতি আহিছিল ৷
May 18 at 7:33pm · Like · 4
Nayanmani Sarmah Riku Bhal lagil. Eta Mur babe ashirvaad.
May 18 at 7:38pm · Like · 1
Nayanmani Sarmah Riku Eya
May 18 at 7:39pm · Like · 1
Mousumee Bori অ', মই আজিহে জানিলোঁ Nirjon Nirob Borphukon অশেষ ধন্যবাদ৷
May 18 at 7:49pm · Like · 1
Anita Gogoi সুন্দৰ বিশ্লেষণ মৌচুমী। আপ্লুত হ'লো পঢ়ি। মোৰ কবিতাটো আলোচনাৰ বাবে অশেষ ধন্যবাদ।
May 19 at 8:48am · Like · 1
Anindita Kalita ধন্যবাদ বা ৷ মোৰ কবিতাটি সামৰি লৈ পৰ্যালোচনা আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ বা ৷
May 19 at 9:22am · Like · 1
Mantu Kumar Nath কবিতাৰ সমালোচনা বা আলোচনাৰ শেষত মোৰ আকৌ কবিতা লিখিবৰ মন যায়৷ সমালোচনাই কবিতাৰ মান উচ্চ কৰে৷ এনেকৈ সমালোচনা আগবঢ়ালে ভুলবোৰ শুধৰাবলৈ কবিজনে সুবিধা পায়৷
May 19 at 11:09am · Like · 2
Ranjan Borman Homalusanat mur kobitati thai puar babe nothai hukhi hoisu...kobitatir hundor homalusanare bhul bur anguliai diar babe apunaloi akhek dhanyabaad....
May 19 at 11:19am · Like · 1
Ipsita Upasana মোৰ কবিতাটি সমালোচনাৰ বাবে বাচনি কৰি ইমান সুন্দৰ বিশ্লেষণ আগবঢ়োৱাৰ বাবে বহুত ধন্যবাদ.... গোটেই লেখাটো পঢ়ি বহুত ভাল লাগিল... আপোনাৰ প্ৰচেষ্টা শলাগনীয়... আগলৈও অনুপ্ৰেৰণা আৰু সমালোচনাৰ আশা ৰাখিলো..... নিশ্চয় নতুন সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিম... thanks a lot@mou baa
May 20 at 11:09am · Like · 2
Mousumee Bori সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ
May 20 at 11:42am · Like · 1
Malabika Bora Brahma Xundor jugatmok porjyalosona aag borhala Mousumee smile emoticon .. Pathok hisape moyu kibakibi palu iyar pora.
May 20 at 8:41pm · Like · 1
Mousumee Bori smile emoticon Malabika বা smile emoticon
May 20 at 8:58pm · Like · 1
মিনুৰেখা গগৈ সমালোচনা টো পঢ়ি বহুত ভাল পালো ।
May 21 at 3:51pm · Like · 1
Jahnu Bharadwaj aantorik dhonyobaad.... xundor aalusonaa...........
May 22 at 10:21am · Like · 1
Pranjal Bora সুন্দৰ, সাৱলীল, নিৰ্মোহ।
May 23 at 1:51pm · Like · 1
Siddiqur Rahman সমালোচনা পঢ়ি ভাল লাগিল।১২টা কবিতাৰ আলোচনাত আমাকো অন্তর্ভুক্ত কৰাত ধন্যবাদ থাকিল।ভৱা নাছিলো 'সূর্যৰ জ্বৰ'এ পুনৰীক্ষণত স্থান পাব বুলি। মৌচুমী প্রমুখ্যে সকলোলৈকে ধন্যবাদ।
May 25 at 11:29pm · Like · 1

No comments:
Post a Comment