“এপ্ৰিল/২০১৫, পুনৰীক্ষণ-২৩, খণ্ড -৪”
(১)
কবি:-অধ্যয়না ৰিম
কবিতা:-দাপোন
বিফলতাৰ বুকুত চিৰকাল ৰচিত মোৰ এই জীৱন গাঁথা ,
আকৌ আশাৰ চাহিদাত
মৌন ওঁঠত বুলাই স্মৃতিৰ সেন্দুৰীয়া আশা ।
নাই বুলিলেই জানো শেষ হ'ব খুজে
ৰাখি থোৱা মৰমৰ টোপোলা ,
এটি কথাতে জানো শেষ হ'ব পাৰে
সুদূৰ ভৱিষ্যতৰ এই স্বপ্নমূখী ভাৱগাঁথা ।
যদিওবা ক'তজনে ক'তবাৰ চিনাকি দিলে বিভেদ লেখি আপোন-পৰ,
তথাপিও জানো সাজিব নোৱাৰি আকৌ বিশ্বাসৰ ভেটি নগণি অথন্তৰ ।
অভিনয়কে জীৱন বুলি হাঁহি হাঁহি ভাও জুৰি
ৰচি গলো এখনি ছাঁয়াৰ ছবি ,
বুজা-বুজিৰ মাজতে ক'তবা হেৰাল
সৰু মনৰ সেই দাপোনখনি।
একোকে নক'লেও জানো
দুচকুত ভাঁহি নুঠে
বিষাদযুক্ত কৰাল হাঁহি ,
নয়নেও যদি মিছা ক'ব খুজে
বিচাৰি পাবা কথা নিৰৱ হৈ ৰোৱা ওঁঠটিত।
সময় হ'লে কেতিয়াবা
এবাৰলে হ'লেও ৰচিম আত্মগাঁথা,
ভৰসাৰ এখনি হাত
নীৰৰো জিৰণি তাত
ৰচি যাম বহু কথা ॥
জীৱনলৈ বিফলতা আহিলেও আশাই আমাক জীয়াই ৰাখে , কবিতাটিয়ে যেন তাকেই ক’ব খুজিছে৷কবিয়ে কৈছে—জীৱনটো এটি অভিনয়,বুজা-বুজিৰ খেল ৷ কবিয়ে আকৌ কৈছে—ওঁঠত মৌনতা অথচ চকুত ভাষা আৰু সেই চকুৱেও যদি মিছা ক’ব খুজে মৌনওঁঠতো বিচাৰি পাব পাৰি ক’ব খোজা কথাটি ৷ কবিয়ে প্ৰথম স্তৱকত কৈছে যে তেওঁৰ জীৱনটো মাথো বিফলতাৰ জীৱনগাঁথা তাৰমাজতো আশাৰ ৰেঙনি দেখা পোৱা কবিয়ে সময় পালে “আত্মগাঁথা” লিখাৰ কথা চিন্তা কৰিছে ৷ কবিতাটি সুখপাঠ্য যদিও সাৱলীলতা ব্যাহত হোৱা যেন লাগে৷ কবিলৈ অলেখ শুভেচ্ছা থাকিল৷
(২)
কবি: নিশাংক মিলন
কবিতা:-নাৰ্চিচাছ
=======
দাপোনৰ সিপাৰৰ মুখবোৰে সিঁঞাৰে
ইপাৰৰ অসহায়তাক,
নিজক খুলি থৈ মইু পিন্ধি লও মোৰ বিষন্ন পোছাক !
মোৰ পৰা যিমান দূৰত মইব থাকো
ঠিক সিমান দূৰতেই থমকি ৰওক
শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ;
ৰূপালী ফটিক এটুকুৰাৰ দৰে
ক্ৰমাত্ যেন মইপ পিছলি যাও মোৰেই ভিতৰলৈ,
জিভাৰ পৰা নাভিলৈ চুমাৰ দীঘল সেতু
ওভতনিৰ আকাংক্ষা মোৰ নাই;
স্বপ্নজ দেহত জ্বলি ৰয় মাথো
দুখবোধৰ উজ্জ্বল প্ৰণয়;
চকুত চকু থৈ
যাৰ চকুত থৰ লাগিল নদীৰ মুগ্ধ মুখ,
তাৰ বাবেই মইল এবাৰ সাৰ পাব খোজো;
ৰাগীয়াল এই স্বপ্নৰ পৰা
সাৰ পাই উঠিম যেন মোৰ শূন্যতাৰ সৌন্দৰ্য্যত !
কিন্তু এই স্বপ্নৰ পৰা যদি সাৰ পাই উঠো
মইন আন এটা স্বপ্নৰ প্ৰতিবিম্বত,
ক’ত বিছাৰিম মোৰ জাগৃতিৰ চকু ??
কোনেনো জানে কিজানি জীয়াই আছো মইুও
প্ৰতিবিম্ব হৈ আন কাৰোবাৰ, এখন এমুখীয়া দৰ্পনত !!
উক্ত কবিতাটি ধ্বনি মাধুৰ্যৰে ভৰা ৷কবিতাটিত পাঠকে ৰস বিচাৰি পায়৷ ইয়াত “দাপোন” এটি প্ৰতিকী শব্দ৷ দাপোনত আমি যেনেকৈ নিজৰ প্ৰতিবিম্ব দেখা পাওঁ ঠিক তেনেদৰে কবিয়েও নিজক নিজৰ মাজত বিশ্লেষণ কৰিছে৷ কবিয়ে লিখিছে –
“দাপোনৰ সিপাৰৰ মুখবোৰে সিঁঞাৰে
ইপাৰৰ অসহায়তাক,
নিজক খুলি থৈ মইৰ পিন্ধি লও মোৰ বিষন্ন পোছাক !
মোৰ পৰা যিমান দূৰত মইব থাকো
ঠিক সিমান দূৰতেই থমকি ৰওক
শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ;”
কবিয়ে যিমানেই নিজৰ মাজলৈ সোমাই যায় কবিৰ বিষাদবোধখিনিও সিমানেই জ্বলি ৰয় “উজ্জ্বল প্ৰণয়”ৰ দৰে ৷ কবিয়ে “দুখবোধক” প্ৰণয়লৈ উত্তীৰ্ণ কৰিছে ৷কবিয়ে যেন এই দুখবোধৰ পৰা নিজৰ উত্তৰণৰ বাট বিচাৰিছে সেয়ে কবিয়ে লিখিছে –
“চকুত চকু থৈ
যাৰ চকুত থৰ লাগিল নদীৰ মুগ্ধ মুখ,
তাৰ বাবেই মইল এবাৰ সাৰ পাব খোজো;
ৰাগীয়াল এই স্বপ্নৰ পৰা
সাৰ পাই উঠিম যেন মোৰ শূন্যতাৰ সৌন্দৰ্য্যত !
কিন্তু এই স্বপ্নৰ পৰা যদি সাৰ পাই উঠো
মইন আন এটা স্বপ্নৰ প্ৰতিবিম্বত,
ক’ত বিছাৰিম মোৰ জাগৃতিৰ চকু ??”
নিজৰ উত্তৰণৰ বাট বিচাৰি কবিয়ে দ্বিধাবোধত ভোগা যেন লাগে ৷
কবিতাটি নি:সন্দেহে সুন্দৰ আৰু সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৩)
কবি:-ৰাজ কুমাৰ তামুলী
কবিতা:-বেশ্যা এগৰাকীৰ আত্মকথা
-----------------------------
আপোনালোকে ভৱাৰ দৰে মই
নাছিলো
স্কুলীয়া দিনত চুবুৰীয়ে জানিছিল
মেধাৱী ছাত্ৰী বুলি
কটনতো ফাৰ্ষ্টক্লাচ্ উইথ ডিষ্টিকচন
মই নাছিলো কাৰোৱাৰ বিষাক্ত
চাৱনিত গলি গলি নি:শেষ হোৱা
এপাট জলন্ত মম্ ।।
সেই যে কেনভাচ খনৰ ওচৰত ওফিচতো
দেখিছে তাতেই
এটা সাধাৰন চাকৰি কৰিছিলো
এম এ ও ক'ম্পিড হৈছিল, ঘৰত বহি কি
কৰো কওক ?
দুধৰ্ষ দূৰ্দান্ত মায়াৰে বচে মোক প্ৰেমত
পেলাইছিল
যিদিনা প্ৰেমত পৰিছিলো সিদিনা
আকাশ ভালপাৱ শিকিছিলো
নৈৰ বুকুয়েদি সন্ধিয়া উৰি যোৱা
বগলীজাকক ভালপাব শিকিছিলো ।।
যিদিনাখন আকাশ গোমা হৈ থাকে
সিদিনাখবন গোতেই ৰাতি বৰষুনত
অপেক্ষাত কটাইছিলো
উজাগৰী ৰাতি বাহীঁবাদকৰ ব্যাকুল
সুঁহুৰি ইমান আমনিদায়ক-
যেন সেই সুঁহুৰিতেই আৱিষ্কাৰ হয়
প্ৰেমলতাৰ এখন আৱেদনসূচক বিষাক্ত
প্ৰেমপত্ৰ ।
যি প্ৰেম ডাকোৱালৰ হাতত আৱদ্ধ
যেন সেই প্ৰেমপত্ৰখনে এখন চোকা
তৰোৱাল ৰুপ ধাৰন কৰি সোমায়
আহিছে মোৰ এন্ধাৰি বন্ধ কোঠালৈ
আৰু নিমিষতে নি:শেষ কৰি পেলাইছে
মোৰ সকলো অংগ প্ৰতংগ ।।
যিদিনাখন প্ৰেমত পৰিছিলো এই ব্যস্ত
মহানগৰীখনক ভালপায় পেলাইছিলো
এছ এক্স ফ'ৰ কাৰদি গোতেই চহৰ টহল
দিছিলো
যেতিয়া সন্ধিয়া হৈছিলহি
পাহাৰৰ বুকুত উজ্বল হৈ জিলিকিছিল
একো একোটা তৰা, কৃত্ৰিম তৰা ।
ভৰলুপাৰ্কত বহি বৰলুইতৰ বুকুত হাতত হাত
থৈ শপত খাইছিল ধ্বংসকাৰী বচে
-- মৰি যাম তোমাক পাহৰি নহয়
প্ৰলোভন দেখুৱাই লুটিছিল মোৰ
সৰ্বচ্ছো দেহ
যিদিনা মই অন্তসত্বা বুলি কৈছিলো
সিদিনা তেওঁই ………
কিযে আজলি ছোৱালী মই
নষ্ট পুৰুষৰ দুষ্ট চৰিত্ৰ বুজি নাপালো মই
চাল্লা থু
এই যে পুৰুষ সকল দেখিছে নহয় এওলোক
প্ৰত্যেকেই একো একোজন ধৰ্ষনকাৰী !!
অনকি মইও………
উক্ত কবিতাটিত কবিয়ে এগৰাকী যুৱতীৰ আত্মকথা খুব সৰল ভাৱে উপস্থাপন কৰিছে৷জটিল জীৱনৰ পাকচক্ৰ বুজি নোপোৱা যুৱতীগৰাকীয়ে পুৰুষৰ ছলনাৰ চিকাৰ হ’ব লগা হৈছে ,এইয়াযেন বাস্তৱ জীৱনৰে এখনি ছবি ৷ কবিতাটিত বানান অশুদ্ধি যথেষ্ট দেখা যায় যি কবিতাটিৰ সৌন্দৰ্য ব্যাহত কৰিছে ৷ কবিতাটি আৰু অলপ ভাল কৰাৰ থল আছিল ৷ কবিলৈ শুভেচ্ছা থাকিল ৷
(৪)
কবি:লোচন কৌশিক
কবিতা:ভোক ১
প্ৰথম দৃশ্য...
এটা ৰুটি
আৰু এটুকুৰা মাংসৰ হাড়
ফুটপাথত দুটা কুকুৰৰ মাজত
বাজিছে যুদ্ধৰ ৰণশিঙা
কোন জিকিব বাৰু ?
দ্বিতীয় দৃশ্য...
ফুটপাথৰ পৰা কিছু নিলগত
ক্ৰমে হাড়-ছাল এক হোৱা
জিভাৰে লেলটি ওলাই থকা
এটা কুকুৰ
যাৰ দুচকুত
ৰুটিৰ প্ৰতিবিম্ব....!!!!
উক্ত কবিতাটিৰ যোগেদি কবিয়ে মানৱ সমাজখনকে প্ৰতিনিধিত্ব কৰিছে ৷কবিয়ে কবিতাৰে দুখন ছবি আঁকিছে ৷যেনেকৈ এটুকুৰা ৰুটি আৰু মাংসৰ হাড় লৈ দুটা কুকুৰৰ মাজত যুদ্ধ চলে ঠিক তেনেকৈ মানৱসমাজতো ভ্ৰাতৃঘাটী সংঘৰ্ষৰ দৰে খোৱা কামোৰা লগা দেখা যায়৷ দ্বিতীয়খন ছবি্যে সমাজৰ অতি দুখীয়া শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে৷কবিতাটি নি:সন্দেহে সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৫)
কবি:-মিনুৰেখা গগৈ
কবিতা:- চহা
নাঙলৰ ফালেৰে মাটি চহাই তেওঁ
সীৰলুৱে সীৰলুৱে মাটি ফুটি গজে
সপোনৰ পাখিলগা অবয়ব
ৰৌদ্ৰস্নাত শৰীৰত দুপৰৰ ৰ'দ লাগি
কৃষ্ণাভ হৈ পৰে মুখৰ বৰণ
টোপাল টোপাল ঘামে সজাই তোলে
কৃষ্ণবৰণীয়া আটিল শৰীৰ
হওঁতে তেওঁক ৰ'দেও নোপোৰে
বৰষুণেও নিতিয়ায়
ভৰষাৰ ছাতি এটা মেলি ধৰি
তেওঁৰ কাষে কাষে ৰয় সাদৰী পত্নী
গজালি মেলিবলৈ দিয়া
হালধীয়া সোণগুটিবোৰ
মুঠি মুঠিকৈ সিঁচি যায় তেওঁ
চহাই থোৱা বোকাময় মাটিডৰাত
কাষত বহি চাহপানী এটুপি যাচে
তেওঁৰ পত্নীয়ে
ওচৰে পাজৰে খেলি থাকে দুটি পোনাকণে
বায়ু,পানী আৰু মাটিৰ জীপেৰে
সোণগুটিবোৰৰ পাখি গজে
এদেও দুদেওকৈ বাঢ়ি আহে
বৰ আলফুলে তেওঁ নি পথাৰত ৰাখে
বোকা দিয়া মাটিত ৰুই যায় এগুচি দুগুচিকৈ
সেউজীয়াৰ পৰা সোণালী হোৱালৈ যিখিনি সময় লাগে
চহাজনে সপোন দেখে সেইখিনি সময়তে
এটা মেটমৰা ভঁৰালৰ সপোন
যদিহে বানে নেমাৰে
এইবাৰ সপোন সাকাৰ হ'ব
যিয়ে জিলিকাই তুলিব
তেওঁৰ পৰিয়ালৰ মুখত
এটা মিচিকি হাঁহি
সেই হাঁহি সুখৰ
সেই হাঁহি প্ৰাপ্তিৰ
সেই হাঁহি সফল শ্ৰমৰ ।
কবি মিনুৰেখা গগৈৰ “চহা” এটি সুন্দৰ কবিতা ৷ কবিতাটি সাৱলীল ভাৱে উপস্থাপিত হৈছে আৰু পোনে পোনে পাঠকৰ হৃদয় চুইছে ৷ কবিয়ে কবিতাটিত ধুনীয়াকৈ কল্পচিত্ৰৰ প্ৰয়োগ কৰিছে ৷ কবিতাটো পঢ়ি গ’লে মনলৈ এখন এখন কৈ ছবি ভাঁহি আহে ৷ চহাজনৰ সপোনে সাকাৰ ৰূপ লোৱা কাৰ্যক কবিয়ে ধুনীয়াকৈ কবিতাটিৰ আৰম্ভণিত লিখিছে ---
“নাঙলৰ ফালেৰে মাটি চহাই তেওঁ
সীৰলুৱে সীৰলুৱে মাটি ফুটি গজে
সপোনৰ পাখিলগা অবয়ব”
আকৌ কবিয়ে সুন্দৰ চিত্ৰকল্পৰ প্ৰয়োগ কৰিছে এনেকৈ—
“ৰৌদ্ৰস্নাত শৰীৰত দুপৰৰ ৰ'দ লাগি
কৃষ্ণাভ হৈ পৰে মুখৰ বৰণ
টোপাল টোপাল ঘামে সজাই তোলে
কৃষ্ণবৰণীয়া আটিল শৰীৰ
হওঁতে তেওঁক ৰ'দেও নোপোৰে
বৰষুণেও নিতিয়ায়”
কবিয়ে চহাৰ সাদৰী পত্নী আৰু পোনাকণদুটিৰ চিত্ৰ আঁকিছে এনেকৈ---
“ভৰষাৰ ছাতি এটা মেলি ধৰি
তেওঁৰ কাষে কাষে ৰয় সাদৰী পত্নী
গজালি মেলিবলৈ দিয়া
হালধীয়া সোণগুটিবোৰ
মুঠি মুঠিকৈ সিঁচি যায় তেওঁ
চহাই থোৱা বোকাময় মাটিডৰাত
কাষত বহি চাহপানী এটুপি যাচে
তেওঁৰ পত্নীয়ে
ওচৰে পাজৰে খেলি থাকে দুটি পোনাকণে”
কবিতাটি সৰল আৰু সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৬)
কবি:- ভাস্কৰজ্যোতি বৰ্মন
কবিতা:- দোষী
দিনটোৰ শেষ সন্ধিয়ালৈ
যিয়ে ডুবি আছিল
মদ আৰু ছিগাৰেটৰ ৰাগীত ,
যিয়ে আঙুলিৰ পাৱত
সন্ধ্যাবোৰ জ্বলাই
ৰাতি ৰাতি উৰুৱাই দিছিল
তাৰ ছাই ,
কেলৈ টানি আনিলা
তেওঁক -
ভালপোৱাৰ সাঁকোৰে চোঁচৰাই ?
উক্ত কবিতাটি পঢ়িলে এজন হতাশগ্ৰস্ত লোকে হঠাতে পোহৰৰ বাটত খোজ দিয়া যেন লাগে৷ কবিয়ে ইয়াত এটা নষ্ট সন্ধ্যাৰ চিত্ৰ আঁকিছে এনেকৈ—
“যিয়ে আঙুলিৰ পাৱত
সন্ধ্যাবোৰ জ্বলাই
ৰাতি ৰাতি উৰুৱাই দিছিল
তাৰ ছাই ,”
স্তৱকটিয়ে পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে ৷কবিৰ কবিতাৰ হতাশগ্ৰস্ত লোকজনে শেষত ভালপোৱাৰ সাকুৰে আশাৰ বাটত ভৰি থৈছে ৷ কবিতাটি সৰু আৰু সুখপাঠ্য ৷ কবিৰ পৰা আৰু ভাল কবিতা পঢ়িবলৈ পোৱাৰ আশা থাকিল৷ কবিলৈ অলেখ শুভেচ্ছা ৷
(৭)
কবি:-সুব্ৰতা গোস্বামী
কবিতা:- কল্পনা
কল্পনাবোৰৰও থাকে ৰঙ,
সেউজীয়া
সেউজৰঙী কল্পনাবোৰ সলনি নহয় কাহানিও।
ভিন্নৰঙী জোৱাৰ পাৰ হৈ
সময় বাগৰে
কিন্তু কল্পনাবোৰ হৈ ৰয় সেউজ।
কল্পনাবোৰে নাহাঁহে মোলৈ চাই,
বৰঞ্চ হাত বাউল দি মাতে
সপোনৰ দিশে।
কল্পনাবোৰ চলনাময়ী নহয়,
নহয় বেনামী
সিহঁতে নঠগাই মোক প্ৰতিনিয়ত।
কল্পনাবোৰে দি যায় বিশ্বাসৰ দুহাত,
উমলিব পৰাকৈ শস্য উদ্যান,
সুখনিদ্ৰা।
ঠাক ঠাক কৈ সজাও,
কাপোৰৰ খোচনিৰ ভাঁজে ভাঁজে সোমাই
সাঁচি ৰাখো যাক।
কল্পনাবোৰ মোৰ প্ৰিয়,
সেউজৰঙী কল্পনাবোৰ সলনি নহয় কাহানিও।
সেউজীয়া ৰং বিশ্বাস আৰু আস্থাৰ প্ৰতীক ৷কবিয়ে মনৰ কল্পনাক সেউজীয়া ৰঙৰ স’তে তুলনা কৰিছে ৷সেয়ে কবিয়ে লিখিছে ---
“কল্পনাবোৰৰও থাকে ৰঙ,
সেউজীয়া
সেউজৰঙী কল্পনাবোৰ সলনি নহয় কাহানিও।
ভিন্নৰঙী জোৱাৰ পাৰ হৈ
সময় বাগৰে
কিন্তু কল্পনাবোৰ হৈ ৰয় সেউজ৷”
আকৌ,
“কল্পনাবোৰে দি যায় বিশ্বাসৰ দুহাত,
উমলিব পৰাকৈ শস্য উদ্যান,
সুখনিদ্ৰা৷”
কবিতাটিত ব্যঞ্জনাৰ অভাৱ দেখা যায় যদিও সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৮)
কবি: সুব্ৰত মহন্ত
কবিতা:-ভালপোৱা
আকাশৰ টুকুৰাত
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা..
পৰি ৰোৱা
এটা মলিয়ন চোলা
আধা অঁকা সপোনৰ
কিমান জকা ...
নোপোৱাৰ অলেখ দলং
বেদনাৰ এখন নৈ ..
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
শূণ্য আকাশত
ওলমি থকা
এটা সুখৰ তৰা
পথবোৰ কিয় জানো
আন্ধাৰে আৱৰা !!
পাৰ হ'বা জানো!!
সিপাৰে বহি থাকে
সঁচা ভালপোৱা ...
আকাশৰ টুকুৰাত
নেথাকে ভালপোৱা ..
জোনাকী সপোনবোৰও
তেনেই আলসুৱা ..
ইমান সহজ নহয়
বিচাৰি পোৱা !!
ভালপোৱাৰ সঁচা ঠিকনা.
--উক্ত কবিতাটি খুউব সৰলভাৱে উত্থাপিত হৈছে৷কবিয়ে কবিতাটিত “ভালপোৱা” পোৱাটো বৰ সহজ কথা নহয় বুলি কৈ ভালপোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ আমাৰ এনে লাগে নীলা আকাশৰ টুকুৰাতে যেন ভালপোৱা সিঁচৰিত হৈ থাকে অথবা ভালপোৱা থাকে জোনাকৰ নিবিড়তাত কিন্তু কবিয়ে আকাশৰ টুকুৰাত ভালপোৱা নাথাকে বুলি কৈ অভিমান কৰিছে যেন লাগে ৷ আকাশৰ ঢুকি নোপোৱা উচ্চতাত থাকে সুখৰ তৰাটি সেই সুখৰ তৰাটিও যেন ভালপোৱাৰে অন্য এটা নাম ৷ কবিতাটিক আৰু অলপ লালিত্যপূৰ্ণ কৰাৰ থল আছিল৷ কবিলৈ শুভেচ্ছা থাকিল৷
(৯)
কবি: বাপন ক্ৰ
কি কৰিবা
মাটিৰ আকুল আহৱানত হেনোঁ
বৰষুণজাক অহা নাই
আকাশৰ গর্জন তর্জন
সহিব নোৱাৰি
অভিমানত হে আহিছে
তাতেই আমি সুখি হৈছোঁ
আৰু মাটিবোৰ সজীৱ...।
পৰিস্থিতিত পৰি কেতিয়াবা কিছুমান কাম কৰিব লগা হয়, কবিতাটিয়ে যেন তাকে বুজাব খুজিছে ৷ কবিতা এটা পঢ়ি পাঠকে ভিন্ন অৰ্থৰে কবিতাৰ সোৱাদ ল’ব পাৰে সেইয়া পাঠকৰ স্বাধীনতা ৷ উক্ত কবিতাটি পঢ়িলেও ভিন্ন অৰ্থৰে কবিতাটিৰ ভাবোদ্ধাৰ কৰিব পাৰি যেন লাগে—কবিতাটিয়ে সেইখিনি আনন্দ পাঠকক দিয়ে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১০)
কবি: সাগৰ হাজৰিকা
বৰদৈচিলা হৈ
কিয়নো ঢপলিয়াই
আহিলি ব’হাগ
ভাঙিবলৈ সুখৰ সপোন !
ক’ত তোৰ প্রতিস্ৰুতি
ক’তনো সেউজীয়া ৰং………….
ব’হাগ এতিয়া
চুচুৰ্মৈ সপোনৰ বেদনা
বতাহত কুলি পক্ষীৰ
হিয়াভগা বিননি.....
ব’হাগ মানেই
বৰষুণৰ থুনথুননি
ব’হাগ মানেই
বুকুৰ অবুজ চেংচেঙনি
দুখৰ উজান………
--ব’হাগৰ প্ৰতিশ্ৰুতি এতিয়া আৰু প্ৰতিশ্ৰুতি হৈ থকা নাই; ব’হাগৰ সজীৱতা যেন ম্লান পৰিছে, সেয়ে কবিয়ে লিখিছে—
“ব’হাগ এতিয়া
চুচুৰ্মৈ সপোনৰ বেদনা
বতাহত কুলি পক্ষীৰ
হিয়াভগা বিননি.....”
ব’হাগৰ প্ৰতি কবিৰ দুখ, অভিমান, ক্ষোভ বিয়পি পৰিছে এইদৰে—
“ব’হাগ মানেই
বৰষুণৰ থুনথুননি
ব’হাগ মানেই
বুকুৰ অবুজ চেংচেঙনি
দুখৰ উজান………”
কবিৰ পৰা আৰু কবিতা পঢ়িবলৈ পোৱাৰ আশা থাকিল৷ কবিলৈ অলেখ শুভেচ্ছা…
(১১) কবি সুনীল আলিম্যানৰ “আপেক্ষিক” কবিতাটি এটি সুন্দৰ কবিতা৷কবিয়ে জীৱনটোক,জীৱনৰ পোৱা-নোপোৱা বোৰক তুলনামূলকভাৱে চাইছে ৷কবিতাটিত আশাবাদী সুৰৰ প্ৰতিধ্বনি দেখা পাওঁ যেতিয়া কবিয়ে লিখে –
“এই দুনীয়াত
পাই গ’লো মই
অনন্ত আশ্ৰয়
শামুকৰ দৰে পিঠিত মোৰ
ঘৰবাৰী সুখৰ দুখৰ সোণৰ সোলেং নিলয়
আকৌ—
“যোৱাটো যামেই
জন্ম আৰু মৃত্যুৰ বাহিৰে মই কোনো সীমনা
মানি নচলো
গোটেই পৃথিৱীতে কৰোঁ বিচৰণ
এই আকাশ মোৰ
নিজস্ব ইচ্ছাৰ মূৰ্ত প্ৰকাশ”
কবিতাটি সৰল আৰু সুখপাঠ্য ৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১২)
কবি হীৰকজ্যোতি বৈশ্যৰ “আপোনাৰ মূৰত গছ” কবিতাটি সুন্দৰ অৰ্থবহ কবিতা৷ কবিয়ে কবিতাটিত মানসপুত্ৰ যেন এজোপা গছৰ কথা উল্লেখ কৰিছে৷গছে আমাক ছাঁ দিয়ে, ফল-ফুলেৰে সুশোভিত হৈ গছে আমাক শুদ্ধ বায়ু সেৱন কৰোৱায়৷কবিয়ে কবিতাটিত গছৰ উপলব্ধিৰে এখন ঘৰৰ বংশানুক্ৰমিক অনুক্ৰমৰ বিষয়ে কোৱা যেন লাগে যেতিয়া কবিয়ে লিখে –
“আপোনাৰ চকু গৰ্বিত হ’ব আপোনাৰেই গাজেৰে
জকমকাই থকা এগছ ফুল আৰু ফল দেখি৷
ফলৰ গুটি সৰি আপোনাৰ সৰ্বশৰীৰত গাজ মেলিব
তেনেকুৱা অনেক নতুন গছ৷ এককথাত আপুনি হৈ
পৰিব এখন চলন্ত বাগিচা, অথচ আপুনি অকনো
গধুৰতা অনুভৱ নকৰিব৷ এই বাগিচাখনেই
আপোনাক জীৱিকা দিব৷ বাগিচাখনৰ বাবেই লোকে
আপোনাক মৰম দিব,সন্মান দিব, ভয় কৰিব,
সদা অনুগত হ’ব৷
মই যিমানদূৰ আশা কৰিছোঁ, আপোনাৰ
মানসপুত্ৰ গছডাল প্ৰাপ্তবয়স্ক হ’ব, কিন্তু কাহানিও
বুঢ়া নহ’ব ৷ আপোনাৰ মৃত্যুৰ আগত সেয়ে
তাৰ সঁচ আপোনাৰ লেখীয়া কাৰোবাক দি যাব,
যাতে আপোনাৰ মান থাকে আৰু সমাজখনো
বাগিচাময় হোৱাত সহায় কৰে৷আপোনাৰ মূৰত
এডাল গছ গজিছে….৷”
কবিতাটিত ব্যৱহাৰ কৰা গধুৰতা শব্দটিয়ে কবিতাটিৰ সৌন্দৰ্য হ্ৰাস কৰা যেন লাগে৷ কবিয়ে সেই শব্দটিৰ সলনি বেলেগ শব্দ ব্যৱহাৰ কৰিব পাৰি নেকি ভাবি চাব পাৰে৷ কবিলৈ শুভেচ্ছা থাকিল৷
(১৩)
সিদিনা প্ৰদা
কবি: কৌশিক বস্যস
----------------
মালিকৰ চাবুকৰ কোবত
পৃথিৱীৰ শেষৰজন নিগ্ৰোৰ
ফাটি যোৱা পেশীৰ
আঁহবোৰ
জুই হৈ জ্বলিছিল যিদিনা
আমাৰ চকুৰ মণি এটা হৈ
বাঁহনিডৰাৰ আগতে
ফুলি আছিল
জোনটো
অাৰু লাজবোৰ
কানিৰ এঙাৰ
সিদিনা প্ৰদা,
সৰি পৰা পাতবোৰৰ মাজত
আপুনি খুচৰি ফুৰিছিল
প্ৰাচীন মাত এটাৰ
উঁহ
কবিতাটিৰ উপস্থাপনৰ আৰম্ভণিয়ে পাঠকৰ হৃদয় চুই যায়৷নিষ্পেষিত নিগ্ৰো জাতিৰ সংগ্ৰামক কবিয়ে জুইৰ স’তে তুলনা কৰিছে ৷ কবিয়ে কবিতাটোত সুন্দৰ চিত্ৰকল্প আঁকিছে এনেকৈ---
“মালিকৰ চাবুকৰ কোবত
পৃথিৱীৰ শেষৰজন নিগ্ৰোৰ
ফাটি যোৱা পেশীৰ
আঁহবোৰ
জুই হৈ জ্বলিছিল যিদিনা
আমাৰ চকুৰ মণি এটা হৈ
বাঁহনিডৰাৰ আগতে
ফুলি আছিল
জোনটো”
সেই সংগ্ৰাম যেন আমাৰ বাবে জোনৰ জোনাকৰ দৰেই প্ৰেৰণাদায়ক আছিল৷নি:সন্দেহে কবিতাটি এটি সুন্দৰ কবিতা ৷কবিলৈ শুভেচ্ছা থাকিল৷
সামৰণি: শেষত অজানিতে হ’ব পৰা ভুল-ক্ৰটিৰ বাবে সকলোৰে ওচৰত পুনৰ ক্ষমা বিচাৰিছোঁ৷ আখৰুৱাৰ বুকুত উদিত হওঁক অসমীয়া সাহিত্যৰ কবি প্ৰসিদ্ধিৰে উজ্জ্বল কবি৷পুনৰীক্ষণৰ যাত্ৰাও অব্যাহত থাকক এনেকৈয়ে….
কৃতজ্ঞতা: আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে সকলো সদস্যলৈ
এপ্ৰিল মাহত কবিতা লিখা প্ৰতিজন কবিলৈ
সকলো সময়তে সাহস আৰু প্ৰেৰণাৰে উদ্ধুদ্ধ কৰা মনোহৰ দত্ত দাদালৈ
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
Mousumee Bori's photo.
Unlike · Comment
You, Malabika Bora Brahma, বিক্ৰমাদিত্য বৰুৱা, Subrata Goswami and 17 others like this.
Lochan Kaushik very nice..thank you very much for including my poem
May 27 at 10:37pm · Like · 1
Subrat Mahanta অশেষ ধন্য়বাদ .. উপকৃত হলো .. smile emoticon
May 27 at 10:47pm · Like · 1
Deep Jyoti Gogoi আপোনাৰ এই লেখাতো পঢ়ি বহুত ভাল লাগিল ৷ খুব সুন্দৰকৈ আপুনি কবি আৰু কবিতাক বিশ্লেষণ কৰিব পাৰিছে ৷ এই গুণ খুব কম সংখ্যকৰহে আছে ৷ আগলৈও এনে লেখা পঢ়িব পাম বুলি আশা থাকিল ৷
May 27 at 10:55pm · Like · 1
মিনুৰেখা গগৈ মই আখৰুৱা গোটত মাৰ্চ মাহৰ পৰাই কবিতা লিখি আহিছো যদিও সেইমাহৰ পৰ্যালোচনাত স্থান নাপালো । আপুনি মোৰ কবিতাটিৰ সুন্দৰ মূল্যাংকন কৰা দেখি সুখী হৈছো আৰু অনুপ্ৰাণিত ও হৈছো । গোটেই আলোচনাটোৱেই আপুনি গঠনমূলক দৃষ্টিভংগীৰে আগুৱাই নি সুন্দৰ বিশ্লেষণ কৰিছে ,বৰ ভাল লাগিল পঢ়ি ।
May 27 at 11:06pm · Like · 1
Bapon Kro Thank u... আকাশৰ তর্জন গর্জন সহিব নোৱাৰি আকাশৰ পৰা সৰি আতৰি অহা বৰষুণজাকৰ সজীৱতাক অনুভৱ কৰাৰ বাবে....
May 28 at 6:16am · Like · 1
Dibakar Renu Akhorua gotot eman bhal charsa hoi ase,,moi natunkoi ahisu. Asha karu,,amar kobita samuhoro bislesan ba samalosana Pam.dhanybad akhoruwa,dhanybad mouchumi bori.
May 28 at 6:46am · Like · 1
সুনীল আলিম্যান বৰ ধুনীয়া এটি পৰ্যালোচনা আগবঢ়ালে।এক পুঙ্খানুপুংখ বিশ্লেষণ ভাল লাগিল।
May 28 at 10:09am · Like · 1
অধ্যয়না ৰিম এটি সুন্দৰ পৰ্যালোচনা। তাতে মোৰ সামান্য চেষ্টাক মূল্যাংকন কৰা দেখি সুখী হৈছো । অশেষ ধন্যবাদ Mousumee Bori.
May 28 at 10:15am · Like · 1
Sagar Hazarika ধন্যবাদ
May 28 at 10:16am · Like · 1
Mousumee Bori সকলোৰে উৎসাহ আৰু সহযোগিতাই অনুপ্ৰাণিত কৰাৰ লগতে সুখী কৰিলে ৷ সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ
May 29 at 11:29am · Like · 3
Anita Gogoi ভাল লাগিল মৌচুমী বৰিৰ আটাইকেইটা খণ্ডৰে পৰ্য্যালোচনা পঢ়ি।
May 29 at 11:15pm · Like · 1
Mousumee Bori আন্তৰিক ধন্যবাদ জনালোঁ smile emoticon Anita Gogoi
May 29 at 11:40pm · Li