আখৰুৱা : literati গোটৰ 'পুনৰীক্ষণ' শিতানটো মই ভাবো আখৰুৱাৰ এটি ধনাত্মক দিশ আৰু এই শিতানটোৰ ধাৰাবাহিকতা অক্ষুন্ন থকাটো আমি আশা কৰোঁ, বাঞ্চা কৰোঁ । শিñতানটোৰ পৰিকল্পক, গোটৰ সদস্য প্ৰকাশ ভূঞাৰ পৰা আদি কৰি জাহ্নু, ইন্দ্ৰনীল, সমূদ্ৰ কাজল, দিগন্ত, কমল, সুনীল অমিয়, হীৰক, দাদুল, ভাস্বতী , মৌচুমী আদিয়ে এই শিতান প্ৰস্তুত কৰি গোটলৈ উদ্দীপনাময় এক নতুন গতি বোৱাই দিছে। মাজে মাজে 'পুনৰীক্ষণ'ৰ গতি বাধাপ্ৰাপ্ত হৈছে, থমকি ৰ'ব লগাও হৈছিল। এনেকৈয়ে - ২০১৪-ৰ ডিচেম্বৰ মাহৰ পুনৰীক্ষণ - ১৯ যুগুতোৱাৰ বাবে পৰ্যালোচকৰ অভাৱ হোৱাত শিতানটোলৈ এক অনিশ্চয়তা আহি পৰিছিল। তেনে এক সময়তেই মই 'পুনৰীক্ষণ'ৰ দায়িত্ব ললোঁ। কিন্তু অসমীয়া সাহিত্য, কবিতা অথবা সাহিত্য সমালোচনাৰ ওপৰত মোৰ জ্ঞান অতি সীমিত । সপ্তম শ্ৰেণীৰ পৰাই এতিয়ালৈকে অসমৰ বাহিৰত আছোঁ আৰু বহু পৰিমাণে সেইবাবে মোৰ অসমীয়া সাহিত্যৰ পৰ্য্যাপ্ত অধ্যয়নৰ অভাৱ আছে । তথাপি গোটৰ স্বাৰ্থত এই দুঃসাহস কৰিছোঁ। পৰ্যালোচনাত হ'ব পৰা ত্ৰুটি-বিচ্যুতিৰ বাবে সকলোৰে ওচৰত প্ৰথমতেই ক্ষমা বিচাৰিছোঁ আৰু মৰমৰ সদস্য মৌচুমী বৰি, হীৰক আৰু মনোহৰ দত্ত ডাঙৰীয়াক তেওঁলোকৰ সহায়-সহযোগিতাৰ বাবে অন্তৰেৰে ধন্যবাদ জনাইছোঁ ।
আখৰুৱা : literati গোটৰ 'পুনৰীক্ষণ' শিতানৰ উনৈশ সংখ্যক শিতানটো প্ৰস্তুত কৰিবলৈ যাওঁতে যি কথা প্ৰথমতেই মনলৈ আহিছে, সেয়া হৈছে মই এই কামৰ যোগ্য হয় নে নহয়। গোটৰ যি কেইগৰাকী নিষ্ঠাৱান সদস্যই এতিয়ালৈকে 'পুনৰীক্ষণ' শিতানৰ ধাৰা বোৱাই নিছে, তেওঁলোকৰ বহুজনক মনৰ দ্বিধা আঁতৰাবলৈ কৈছিলো যে- 'এজন সধাৰণ পাঠকৰ দৃষ্টিৰে কৰা, পাৰিবা' । কাৰণ মই অন্তৰেৰে বিশ্বাস কৰো- গল্প, উপন্যাস, কবিতা আৰু নাটকৰ শ্ৰেষ্ঠ সমালোচকসকল আচলতে নিষ্ঠাৱান পাঠক আৰু দৰ্শক। এতিয়া মইও আখৰুৱাৰ 'পুনৰীক্ষণ - ১৯'ৰ বাবে তেনেদৰেই আগবাঢ়িম ।
এইখিনিতে এটি বিনম্ৰ অনুৰোধ : 'পুনৰীক্ষণ (১৯)' খণ্ডটি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত কিছু সমস্যাৰ বাবে মই বহু সময় ল'লোঁ । মোৰ এই অনিচ্ছাকৃত দোষৰ বাবে আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। আনপিনে 'পুনৰীক্ষণ'ৰ পৰৱৰ্তী অংশ প্ৰকাশ কৰোতে হয়তো মোক আৰু কিছু সময় লাগিব । তাৰ বাবে মাননীয় সদস্য সকলে সহযোগ কৰে যেন।
ধন্যবাদ,
মালৱিকা ব্ৰহ্ম
১৯ ফেব্ৰুৱাৰী ২০১৫
-----------------------------------------------------------------------------------------------------------------------------------------
(১)
অনিতা গগৈ : " মাঘলৈ কিমানদিন "
শেষ হৈ আহিছে....
আঘোনৰ দলদোপ হেন্দোলদোপ ।
গধূলিবোৰে,ফুট গধূলিতে জুইশালত লয় জোপ ।

ন চাউলৰ মলমলীয়া গোন্ধত,
এন্ধাৰবোৰে পলাই মাৰে ফাট।
শীতৰ কুঁৱলীৰ আঁৰে আঁৰে জোনেও মেলে,
গড়গঞা বনিজৰ হাট।
এন্ধাৰবোৰে পলাই মাৰে ফাট।
শীতৰ কুঁৱলীৰ আঁৰে আঁৰে জোনেও মেলে,
গড়গঞা বনিজৰ হাট।
কতো যেন নাই আকালৰ টান ।
ছমাহলৈ চন পৰি থকা,
বুকুবোৰতো আশাৰ উজান।
ভালৰ ভাল, ধানৰ মুঠি সঁচলৈ বুলি থ'।
মৰণাটো উঠেমানে মুগা এখনকে কাটি ল'।
ছমাহলৈ চন পৰি থকা,
বুকুবোৰতো আশাৰ উজান।
ভালৰ ভাল, ধানৰ মুঠি সঁচলৈ বুলি থ'।
মৰণাটো উঠেমানে মুগা এখনকে কাটি ল'।
পুহৰ বৰকাপোৰে উমাব মন।
মাঘৰ মাহলৈ আৰুনো কিমানদিন ?
--------------------------
আখৰুৱাৰ নিয়মীয়া কবি অনিতা গগৈৰ 'মাঘলৈ কিমানদিন' কবিতাত হেমন্ত আৰু শীতৰ এখন সুন্দৰ ছবি দেখা যায় । পকা ধানৰ দলদোপ হেন্দোলদোপ আঘোনৰ পথাৰলৈ নামি অহা গধূলিয়ে জুইশাললৈ লুকাই লুকাই চোৱাৰ কথাৰে কবিয়ে শীতৰ উমান লৈছে । সমাগত শীতৰ অপেক্ষা কৰি কবিয়ে কৈছে-
'পুহৰ বৰকাপোৰে উমাব মন ।
মাঘৰ মাহলৈ আৰুনো কিমানদিন ?'
কবিতাটিত মাটিৰ গোন্ধ পোৱা যায় । মাটি আৰু মানুহৰ কথাৰে ৰচা এনে কবিতাই সদায় পাঠকৰ মনত তৃপ্তি দিয়ে ।
----------------------------------------------------------------------------------------------------

(২) ইন্দ্ৰনীল গায়ন : " দুটি কবিতা "
:বাট:
আপোনাৰ পৰা মোলৈ
কিম্বা তেওঁলৈ
কিমান দীঘলীয়া হ'ব পাৰে
এটি বাট
হৃদয়ৰ পৰা হৃদয়লৈ
সোঁৱৰণীৰ বোকোচাত উঠি
ডেও দি দি
বিচাৰি ফুৰিছিলো সেই বাট
অথচ......
পাহৰি পেলাইছিলো
বুকুৰ ঘৰটো যে মোৰ তেনেই উদং
সম্প্ৰতি
মই নিতৌ স্মৃতিৰ সাঁকোখনেৰে
অহা যোৱা কৰো
অথচ বিচাৰি নাপাওঁ সেই সুগভীৰ বাট
আপোনাৰ পৰা মোলৈ কিম্বা তেওঁলৈ৷
-----------
:সত্য:
কি দিন
কি ৰাতি
আপোনাৰ পৰা মোলৈ
কিম্বা তেওঁলৈ
কিমান দীঘলীয়া হ'ব পাৰে
এটি বাট
হৃদয়ৰ পৰা হৃদয়লৈ
সোঁৱৰণীৰ বোকোচাত উঠি
ডেও দি দি
বিচাৰি ফুৰিছিলো সেই বাট
অথচ......
পাহৰি পেলাইছিলো
বুকুৰ ঘৰটো যে মোৰ তেনেই উদং
সম্প্ৰতি
মই নিতৌ স্মৃতিৰ সাঁকোখনেৰে
অহা যোৱা কৰো
অথচ বিচাৰি নাপাওঁ সেই সুগভীৰ বাট
আপোনাৰ পৰা মোলৈ কিম্বা তেওঁলৈ৷
-----------
:সত্য:
কি দিন
কি ৰাতি
জন্ম
মৃত্যু
মৃত্যু
কেতিয়াবা পোহৰ
কেতিয়াবা আন্ধাৰ
যি বাট যন্ত্ৰণাৰ
কেতিয়াবা আন্ধাৰ
যি বাট যন্ত্ৰণাৰ
গৈ থাকো
গৈ থাকো
গৈ থাকো
অহোৰাত্ৰ
অহৰহ৷
---------------------
গোটৰ অন্যতম, জন্মলগ্নৰে পৰা জড়িত, ফটোগ্ৰাফাৰ কবি ইন্দ্ৰনীল গায়নৰ 'দুটি কবিতা'ৰ প্ৰথমটো কবিতা 'বাট'ত দেখা যায়, মানুহৰ সম্বন্ধৰ প্ৰতি থকা কবিৰ সুতীব্ৰ আকৰ্ষণ । কবিৰ প্ৰিয়জনৰ সৈতে অনুভৱ কৰা নিবিড় আত্মীয়তা আৰু তাৰ সন্ধানৰ সৰল অনুভৱ - সেয়াই কবিতাটোক দিছে এক বিশেষ মাত্ৰা ।
'মই নিতৌ স্মৃতিৰ সাঁকোখনেৰে
অহা যোৱা কৰো
অথচ বিচাৰি নাপাওঁ সেই সুগভীৰ বাট
আপোনাৰ পৰা মোলৈ কিম্বা তেওঁলৈ ৷'
তেনেকৈ তেওঁৰ 'সত্য' কবিতাত পোহৰ, আন্ধাৰ, যন্ত্ৰণাৰ মাজেৰে গৈ থকাটোতেই জীৱনৰ সত্য লুকাই থকাৰ কথা অতি সুন্দৰ ভাবে কৈছে।
---------------------------------------------------------------------------------------------------

(৩) মৃদুল কুমাৰ শৰ্মা : " লেডি গদাইভাৰ হাঁহি "
এটা হাঁহি শুনিলো-
হাঁহি নহয় অট্টহাঁহি৷
হাঁহি নহয় অট্টহাঁহি৷
সেই হাঁহিৰ শৱদত
উলংগ হৈ পৰিল ৰজাচ
প্ৰজা হৈ পৰিল বিবস্ত্ৰ৷
উলংগ হৈ পৰিল ৰজাচ
প্ৰজা হৈ পৰিল বিবস্ত্ৰ৷
চাতুকাৰ, সমালোচক
বিদুষী, বুদ্ধিজীৱী-
সকলোৰে লেঙুতি হ’ল
সোলোক ঢোলোক৷
বিদুষী, বুদ্ধিজীৱী-
সকলোৰে লেঙুতি হ’ল
সোলোক ঢোলোক৷
চিঞাহী নোহোৱা কলম হাতত লৈ
কটকী সাজু হ’ল
লিখিবলৈ এক বিষ্ফাৰিত প্ৰতিবেদন,
পাঠ কৰিবলৈ এক আবেদনময় ’ব্ৰেকিং নিউজ’৷
কটকী সাজু হ’ল
লিখিবলৈ এক বিষ্ফাৰিত প্ৰতিবেদন,
পাঠ কৰিবলৈ এক আবেদনময় ’ব্ৰেকিং নিউজ’৷
নগ্ন ইতিহাসক বিকিনি পিন্ধাবলৈ
দিগম্বৰ বুৰঞ্জীবিদ সকলো জঁপিয়াই উঠিল৷
দিগম্বৰ বুৰঞ্জীবিদ সকলো জঁপিয়াই উঠিল৷
মহাবাহুৱে কুতুৰিলে
তেওঁক হেনো আৰু এটা
“ৰিঞ্জাৰ লেক্টেট” লাগে৷
তেওঁক হেনো আৰু এটা
“ৰিঞ্জাৰ লেক্টেট” লাগে৷
এখন আইনাৰে শৰীৰ ঢাকি
লেডি গদাইভা পাৰ হৈ গ’ল৷
লেডি গদাইভা পাৰ হৈ গ’ল৷
আৰু আমি শুনিলো এটা
চাইলেন্সাৰযুক্ত অট্টহাঁহি৷
সকলোৱে নিজকে দেখিলে সেই আইনাত৷
চাইলেন্সাৰযুক্ত অট্টহাঁহি৷
সকলোৱে নিজকে দেখিলে সেই আইনাত৷
কুঠাৰে হেনো বেজীক নাহাঁহে-
গুৰুজনৰ বাণী৷
-------------------------
গোটৰ এগৰাকী নিয়মীয়া কবি মৃদুল কুমাৰ শৰ্মাৰ ৰচনা 'লেডি গদাইভাৰ হাঁহি' শীৰ্ষক কবিতা আজিৰ ৰাজনৈতিক অস্থিৰ অৱস্থাৰ এখন সুন্দৰ ছবি ডাঙি ধৰিছে । ই যেন ক'ব বিচাৰিছে - সময় সলনি হৈ থাকে যদিও, ৰজাঘৰ-প্ৰজাঘৰৰ দূৰত্ব আজিও বিদ্যমান । আইনাৰে শৰীৰ ঢাকি লেডি গদাইভা পাৰ হৈ যোৱাৰ উপমাৰে কবিয়ে পাঠকৰ মনলৈ আনি দিয়ে ইতিহাসৰ সেই আখ্যান যেতিয়া এঘাৰ শতিকাৰ সেই বিদুষী, প্ৰজাদৰদী ৰাণী গডাইভাই (Lady Godiva) স্বামী 'কভেন্ট্ৰি'ৰ ৰজা লিওফ্ৰিকৰ প্ৰজাৰ ওপৰত প্ৰয়োগ কৰা অত্যধিক কৰৰ বোজা হ্ৰাস কৰাবলৈ স্বামীৰ চৰ্ত অনুসৰি বিবস্ত্ৰা হৈ ঘোঁৰাত উঠি নগৰখন পৰিভ্ৰমণ কৰিছিল আৰু কোৱা হয় যে যি সময়ত ৰাণী গডাইভাই এই ভ্ৰমণ কৰিছিল, নগৰৰ সকলোৱে দুৱাৰ-খিৰিকি বন্ধ কৰি ঘৰত সোমায় আছিল যদিও টম নামৰ লোক জনে খিৰিকি খুলি গদাইভাৰ দৈহিক সৌন্দৰ্য পান কৰি লগে লগে অন্ধ হৈ গৈছিল । সেই মহীয়সী গডাইভাৰ কথাৰেই সাম্প্ৰতিক সময়ৰ চিত্ৰণ কৰিছে কবিয়ে । শাসক শ্ৰেনীৰ লগতে তৈলমৰ্দনকাৰী সকলৰ উৎপাতত সাধাৰণ নাগৰিকৰ আজিৰ বিধস্তপ্ৰায় জীৱনত এগৰাকী 'লেডী গডাইভা'ৰ আবিৰ্ভাৱ কামনা কৰিছে কবিয়ে, কাৰণ

'কুঠাৰে হেনো বেজীক নাহাঁহে-
গুৰুজনৰ বাণী'
----------------------------------------------------------------------------------------------------
গুৰুজনৰ বাণী'
----------------------------------------------------------------------------------------------------
(৪) সুব্ৰত মহন্ত : " বিনিময় "
তেওঁ সুধিলে
কিহত ব্যস্ত আপুনি ?
মই ক'লো
দুঃখ বোটলো আজিকালি ..
তেওঁ ক'লে
ধেমালী ন'কৰিব ।
মই ক'লো
জীৱন জানো ধেমালী !
তেওঁ ক'লে
আপুনি তাৰমানে সুখী ?
মই ক'লো
আমনি ন'কৰিব...
তেওঁ ক'লে
দুঃখ বিলাসী আপুনি
মই ক'লো
আপোনাক কিয় ক'ম ?
তেওঁ ক'লে
নথকাটো যে বিচাৰি ফুৰে মানুহে
মই ক'লো
বিচাৰিলেই জানো
পোৱা যায় সকলো..
তেওঁ সুধিলে
পোৱাবোৰ বাৰে বাৰে
কিয় হেৰুৱাই আপুনি ?
মই ক'লো
নোপোৱাবোৰে মোক যে
জগাই ওৰে ৰাতি ...
তেওঁ হাঁহিলে..
মই সুধিলো
কি বিচাৰে আপুনি ?
তেওঁ ক'লে
এখামোচ সুখ বিচাৰো
এবুকু দুঃখৰ সলনি ...
-----------------------
এইবাৰ আহিছো গোটৰ নতুন সদস্য কবি সুব্ৰত মহন্তৰ 'বিনিময়' শীৰ্ষক কবিতাটোলৈ। জীৱন সুখ আৰু দুখৰ সমষ্টি বুলি আমি সকলোৱেই জানো। তথাপি আমি সুখৰ সন্ধান কৰোঁ। যিমানেই নিজক ঢাকি ৰাখিবলৈ আমি যত্ন নকৰোঁ কিয়, সুখানুভুতিৰ বাবে আমি সদায় সচেষ্ট হৈ থাকোঁ। এই কথাকেই কবিয়ে অতি সুন্দৰ ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে কবিতাটোত। বিষয়বস্তু নিৰ্বাচন ভাল হোৱা বাবে এনে কবিতাই পাঠকৰ ওচৰ চাপিব পাৰে। কবিতাটো ৰচনাৰ ক্ষেত্ৰত কবিয়ে পাঠকৰ উৎকন্ঠা ধৰি ৰাখিবলৈ সক্ষম হৈছে, যিয়ে কবিতাটোক ভাল কবিতালৈ উন্নত কৰিছে। কবিয়ে শেষত কোৱা কথালৈ মন কৰিলেই সেই কথাৰ উমান পোৱা যায় :

'তেওঁ ক'লে
এখামোচ সুখ বিচাৰো
এবুকু দুঃখৰ সলনি ...'
----------------------------------------------------------------------------------------------------
এখামোচ সুখ বিচাৰো
এবুকু দুঃখৰ সলনি ...'
----------------------------------------------------------------------------------------------------
(৫) ৰূপম সাউদ : " অনুৰাগ "
স্বপ্ন আলিংগনৰ অনাবিল প্ৰশান্তি
মোহভংগ বেদনাৰ কৰুণ বিননি
প্ৰত্যহ ব্যস্ততাৰ বীজগণিত সামৰি
অন্তৰ্মনত অনুৰাগৰ কুঁহিপাত মেলি
কেতিয়াবা আহিবাচোন
নিজান বাঁহীৰ সুৰৰ মূৰ্ছনাত
নৈটিৰ পদূলিত বহি
শীতৰ এছাটি ৰঙচুৱা কাঁচলিত
জগাই তুলিবা পলসুৱা শিহৰণ....
-------------------------
গোটৰ জন্মলগ্নৰ অন্যতম সদস্য কবি ৰূপম সাউদৰ কবিতা 'অনুৰাগ' এটি সুপাঠ্য কবিতা । এই কবিতটিত কবিয়ে মানুহৰ হৃদয়ত জাগৃত স্বপ্নৰ কথাৰে চিত্ৰণ কৰিছে অনাবিল প্ৰশান্তি প্ৰাপ্তিৰ প্ৰয়াস কিদৰে কৰিব পাৰি। 'প্ৰত্যহ ব্যস্ততাৰ বীজগণিত সামৰি' বুলি কৈ কবিয়ে সাম্প্ৰতিক সময়ৰ ব্যস্ততা আৰু সেই ব্যস্ততাই কাঢ়ি নিয়া মানৱীয় প্ৰমূল্য সমূহৰ মাজলৈ পাঠকক ওভতাই নিবলৈ যত্ন কৰিছে।

'অন্তৰমনত অনুৰাগৰ কুঁহিপাত মেলি
কেতিয়াবা আহিবাচোন' অথবা 'জগাই তুলিবা পলসুৱা শিহৰণ...' বুলি কৈ কবিয়ে সময় আৰু জীৱনক মৰম,অনুৰাগৰ দৰে কোমল অনুভুতিৰে সজীৱ কৰাৰ বাসনাক সুন্দৰকৈ চিত্ৰণ কৰিছে।
----------------------------------------------------------------------------------------------------
কেতিয়াবা আহিবাচোন' অথবা 'জগাই তুলিবা পলসুৱা শিহৰণ...' বুলি কৈ কবিয়ে সময় আৰু জীৱনক মৰম,অনুৰাগৰ দৰে কোমল অনুভুতিৰে সজীৱ কৰাৰ বাসনাক সুন্দৰকৈ চিত্ৰণ কৰিছে।
----------------------------------------------------------------------------------------------------
(৬) সুনীল অমিয় : " মৌন দিন মৌন ৰাতি "
মই এতিয়া চচমাৰ কাঁচত সপোন দেখোঁ………
অসুন্দৰৰ মাজত সুন্দৰৰ অমোঘ প্ৰতিজ্ঞাৰ এখোজি দুখোজি পায়চাৰি কৰোঁ……
দুচকুৰ দৃষ্টিত দেখা পাওঁ সৃষ্টিৰ ব্যাপ্তি:-
এই সৃষ্টিৰে ভৰপুৰ মোৰ নেদেখা হৃদয়ৰ মাটি……
সপোন আৰু কাকতালিয়তাই একাকাৰ কৰি দিয়ে……
মই এতিয়াও টোপনিৰ জালত সেই অস্ফুট মাত শুনো-
তেওঁকে বিচাৰো,যিজনৰ আচলতে কোনো অস্তিত্বই নাছিল……
টোপনি ভাগি গ'লে নির্বোধ আকাংক্ষাৰ কথা ভাবি
উন্নাষিকৰ দৰে মলিনতাৰ হাঁহি হাঁহো……
আৰু দেখা পাওঁ,একো-একোটা দিন, একো-একোটা ৰাতি কবিতাৰ দৰেই শেষ হৈ গৈ আছে
ক্ৰমান্বয়ে
-------------------------
আখৰুৱাৰ বিশিষ্ট সদস্য কবি সুনীল অমিয়ৰ কবিতা 'মৌন দিন মৌন ৰাতি'ৰ বিষয়ে ক'বলৈ গৈ প্ৰথমে মনলৈ আহিছে- তেখেত পাঠকক শব্দৰ মায়াজালত সফলভাৱে আৱদ্ধ কৰি ৰাখে । এয়া তেখেতৰ সৃষ্টিশীলতা বা প্ৰয়াসৰ ফল বুলিব পাৰি।
আজিৰ আলোচ্য কবিতা 'মৌন দিন মৌন ৰাতি' কবিতাত 'মই এতিয়া চচমাৰ কাঁচত সপোন দেখোঁ…' বুলি কবিয়ে পোনতেই পাঠকৰ মনত আঁকি দিয়ে চছমাৰ কাঁচৰ এখন ছবি য'ত কবিয়ে দেখা সপোনৰ (?) মাজলৈ পাঠকক সুন্দৰকৈ লৈ যায়। বাস্তৱ আৰু সপোনৰ মাজৰ ব্যৱধান কমাবলৈ আমি সকলোৱে অহৰহ এখন যুদ্ধ কৰি যাওঁ । তাত জয়ী হৈ কবিয়ে সৃষ্টিৰ শষ্য বোটলাৰ সপোন দেখে যদিও তাত নিৰাশাৰ চাপ পৰা যেন অনুভৱ হৈছে । যেনে,

'আৰু দেখা পাওঁ,একো-একোটা দিন,
একো-একোটা ৰাতি কবিতাৰ দৰেই শেষ হৈ গৈ আছে
ক্ৰমান্বয়ে'

কবিৰ 'উন্নাষিক' শব্দটোৰ প্ৰয়োগে কবিতাটোৰ অৰ্থ বিচৰাত পাঠকক হয়তো কিছু অসুবিধা দিব পাৰে । কিয়নো 'উন্নাষিক' ('উন্নাসিক') শব্দটো বাংলা ভাষাৰ শব্দ। 'অহৌবলিয়া' শব্দটো চাগৈ তাৰ সমাৰ্থক হিচাপে প্ৰয়োগ কৰিব পাৰি।
----------------------------------------------------------------------------------------------------
----------------------------------------------------------------------------------------------------
(৭) : মনোহৰ দত্ত : " সাগৰ "
কোনোবাই খবৰ সুধিলে কওঁ
বিশেষ নাই, চলিছে আৰু।
বিশেষ নাই, চলিছে আৰু।
শুনোতাই কয়-
'চলি যোৱাটোৱেই জীৱন।'
'চলি যোৱাটোৱেই জীৱন।'
হয়।
কেৱল উৰিছে সুগন্ধি
জোনাক সনা ধাননিৰ।
কেৱল উৰিছে সুগন্ধি
জোনাক সনা ধাননিৰ।
আঘোণৰ আঙুলিত এতিয়া
নিয়ৰ সুৰীয়া বাঁহী।
নিয়ৰ সুৰীয়া বাঁহী।
প্ৰতিটো স্বৰ হৃদয়ৰ।
নিয়ৰৰ টোপালত বৈ যায়
জীৱনৰ গতি।
বালিময় তীৰত সাজিলোঁ ঘৰ
যদিও দেখা নাই
সাগৰ।
--------------------------
গোটৰ আজন্ম সদস্য কবি মনোহৰ দত্তৰ কবিতাত এক গীতিময় ধাৰাবাহিকতা আমি লক্ষ্য কৰোঁ ৷ শব্দৰ মিতব্যয়িতা তেখেতৰ কবিতাৰ বৈশিষ্ট্য ৷
’সাগৰ’ নামৰ এই কবিতাটিতো কবি মনোহৰ দত্তৰ উপৰোক্ত বৈশিষ্ট দেখা গৈছে ৷
জীৱন কোনো কোনো সময়ত এক ধাৰাবাহিকতা হৈ পৰে, ফলস্বৰূপে জীৱনক জীৱন্ত কৰিবলৈ বৈচিত্ৰতা অনাৰ প্ৰয়োজনীয়তাক কবিয়ে যথেষ্ট গুৰুত্ব দিয়ে আৰু তাৰ বাবে কবিয়ে কল্পনাৰ ৰং সানিবলৈ কুণ্ঠাবোধ নকৰে ।

'বালিময় তীৰত সাজিলোঁ ঘৰ
যদিও দেখা নাই
সাগৰ।'
যদিও দেখা নাই
সাগৰ।'
শব্দৰ মিতব্যয়িতা যদিও দত্ত ডাঙৰীয়াৰ কবিতাৰ বৈশিষ্ট্য, এই ক্ষেত্ৰত তেখেত অলপ উদাৰ হব পাৰে বুলি আমাৰ ধাৰণা হয় । তেখেতৰ পৰা অনাগত দিনত আমি আৰু গীতি-কবিতাৰ আশা ৰাখিছোঁ ৷
----------------------------------------------------------------------------------------------------
----------------------------------------------------------------------------------------------------
(৮) পল্লৱ কুমাৰ নাথ : " অভাৱ "
কুকুৰাৰ ডাকত
ৰাতি নুপুৱায় !
পেটৰ মাতত টোপনি ভাঙে !
ৰাতি নুপুৱায় !
পেটৰ মাতত টোপনি ভাঙে !
মাজ নিশাৰ জিলিৰ সুৰত
দুঃস্বপ্ন এটা বুকুলৈ নামে ৷
দুঃস্বপ্ন এটা বুকুলৈ নামে ৷
আকাশৰ কোনোবা এডোখৰত (তেতিয়াওঁ)
জোনটোৱে নিৰ্লজ্জভাৱে হাঁহি থাকে !
জোনটোৱে নিৰ্লজ্জভাৱে হাঁহি থাকে !
হাঁহিৰ চকুপানীৰে তিতা নৈখনে
মোক প্ৰায়েই প্ৰেমৰ কথা সোধে ;
মোক প্ৰায়েই প্ৰেমৰ কথা সোধে ;
মই কওঁঃ
' ভালপোৱা, ভোকৰ পাছত আহে !'
---------------------
গোটৰ নিয়মীয়া অংশ গ্ৰহনকাৰী কবি পল্লৱ কুমাৰ নাথৰ 'অভাৱ' শীৰ্ষক কবিতাত কবিৰ অনুভুতিৰ তীৰ্যক অথচ সহজ সৰল প্ৰকাশ দেখা পালো ।
চিৰন্তন ভাৱে আমি জানো যে কুকুৰাৰ ডাকতে ৰাতি পুৱায়, এটি সতেজ ভাৱেৰে আন এটা দিনৰ আৰম্ভনি হয়আৰু । কিন্তু সেইটো অসম্ভৱ যদিহে পেটত ভোক থাকে । ভোক থাকিলে কোমল অনুভুতিবোৰে প্ৰশ্ৰয় নেপায়, এনেকৈয়ে জীৱনৰ কথা ক'বলৈ যত্ন কৰিছে কবিয়ে । কবিতাটোত জিলিৰ মাত আৰু দু:স্বপ্নৰ চিত্ৰণ মন কৰিবলগীয়া । আকাশেও যেন দৰিদ্ৰতাক উপলুঙা কৰে । এনে তিৰ্যক কথাই কবিতাটোক গতি দিছে। বাস্তৱ জীৱনৰ জটিলতা আৰু দুৰ্বিসহতাক নিৰ্মোহ ভাবে কবিয়ে এনেকৈ ক'লে -

অৱশ্যে কবিতাটোক আৰু অধিক প্ৰাণৱন্ত কৰাৰ থল আছিল ।
----------------------------------------------------------------------------------------------------
অৱশ্যে কবিতাটোক আৰু অধিক প্ৰাণৱন্ত কৰাৰ থল আছিল ।
----------------------------------------------------------------------------------------------------
(৯) সত্য বি গগৈ : জীৱন: " প্ৰস্তাৱনা "
সৰি পৰে পূৰ্ণজ্যোতিৰ অংশ
পৰম পিতাৰ মিচিকিয়া হাঁহিত
পৰম পিতাৰ মিচিকিয়া হাঁহিত
জড় জগতৰ বৈষায়িক কোলাহত
ক'ত হেৰাল
শত বহ্মাবৰ্ষৰ নৈশব্দতা
ক'ত হেৰাল
শত বহ্মাবৰ্ষৰ নৈশব্দতা
সেয়ে হয়তু
উপজিয়েই কান্দিছিলো
মায়াৰ কোলাত বহি ৷
উপজিয়েই কান্দিছিলো
মায়াৰ কোলাত বহি ৷
অনুভৱ অনুভুতি ৷
--------------------------
গোটৰ আন গৰাকী নিয়মীয়া কবি সত্য বি গগৈ । তেওঁৰ কবিতা 'জীৱন: প্ৰস্তাৱনা'ত দেখা যায় পৰমপিতাৰ প্ৰতি থকা ঐকান্তিকতা। একে ঐকান্তিকতাৰে জগতখনক চোৱা কবিয়ে বৈষয়িক কোলাহলত যেন হেৰুৱাইছে বহ্মাবৰ্ষৰ নৈশব্দতা । যি নৈশব্দতা জীৱনৰ সৈতে সংযুক্ত হ'লেই জীৱন সুন্দৰ হৈ পৰিলহেঁতেন- তাৰেই চিত্ৰণৰ প্ৰয়াস কৰিছে কবিয়ে । সেয়ে যেন উপজিয়েই মানুহে কান্দে মায়াৰ কোলাত বহি ।
এই কবিতাটোৱে অনুভৱ অনুভুতিৰ সংকটত ভোগা মনোভাৱৰ চিত্ৰণ কৰিছে। তথাপি কবিতাটোক অধিক প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কবিয়ে কৰিব পাৰিলে হেতেন চাগৈ, যেন খন্তেকতে পাঠকৰ মনলৈ আহি থকা ভাৱত যতি পৰিল।
----------------------------------------------------------------------------------------------------
--------------------------
গোটৰ আন গৰাকী নিয়মীয়া কবি সত্য বি গগৈ । তেওঁৰ কবিতা 'জীৱন: প্ৰস্তাৱনা'ত দেখা যায় পৰমপিতাৰ প্ৰতি থকা ঐকান্তিকতা। একে ঐকান্তিকতাৰে জগতখনক চোৱা কবিয়ে বৈষয়িক কোলাহলত যেন হেৰুৱাইছে বহ্মাবৰ্ষৰ নৈশব্দতা । যি নৈশব্দতা জীৱনৰ সৈতে সংযুক্ত হ'লেই জীৱন সুন্দৰ হৈ পৰিলহেঁতেন- তাৰেই চিত্ৰণৰ প্ৰয়াস কৰিছে কবিয়ে । সেয়ে যেন উপজিয়েই মানুহে কান্দে মায়াৰ কোলাত বহি ।
এই কবিতাটোৱে অনুভৱ অনুভুতিৰ সংকটত ভোগা মনোভাৱৰ চিত্ৰণ কৰিছে। তথাপি কবিতাটোক অধিক প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কবিয়ে কৰিব পাৰিলে হেতেন চাগৈ, যেন খন্তেকতে পাঠকৰ মনলৈ আহি থকা ভাৱত যতি পৰিল।
----------------------------------------------------------------------------------------------------
(১০) লোচন কৌশিক : " জীৱন "
ৰদৰ দিনত উলাই আহি
ঘাটৰ শীতল পানীত
এবাৰ জাপ মাৰি চাবা……
জীৱনক সংজ্ঞা দিবলৈ
নয়নযুৰিৰে
কিতাপবোৰ আঁতৰাই
বাহিৰলৈ এবাৰ জুমি চোৱা
অনুভৱৰ দেশত
এবাৰ খোজ দি চোৱা….
সি তৰা হয়
তোমাৰ চকুৰ
জ্বলি থাকিব দিয়া তাক…..
নিজকে এবাৰ
জীৱনৰ লগত
তুলনা কৰি চাবা….
মাজনিশা মুক্ত আকাশত
এবাৰ মুৰ তুলি চাবা
তৰাবোৰে কিদৰে
সজাই তুলিছে
গোটেই আকাশখন…..
ঘৰৰ কান্দি থকা
দেৱালবোৰ চোৱা
সিহঁতৰ আগত গৈ
এবাৰ হাঁহি চাবা
জীৱনত জীয়াই থকাৰ
ৰসৰ সন্ধান পাবা…….
এই মাজৰ দূৰত্ববোৰ
মাথোঁ চকুৰ ভ্রম হয়
নোপোৱাৰ নিৰাশা এৰি
এবাৰ পোৱাৰ আশাৰে
মেলি চোৱাহাতৰ মুঠি…..!!!!
---------------------------------
নিয়মিত যোগদানেৰে গোটটিক সমৃদ্ধ কৰা, সদস্য লোচন কৌশিকৰ এই কবিতাত জীৱনমুখিতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ পাইছে । জীৱন সকলোৰে বাবে কেতিয়াও সমানে মসৃন নহয় অথবা একঘেয়ামী দৈনন্দিন জীৱন-শৈলীয়েও জীৱনৰ প্ৰতি আগ্ৰহ কমাই দিয়ে । কথাতো হয় । কিন্তু জীৱনমুখিতাৰ সৌন্দৰ্য্য আচলতে আমাৰ চাৰিওফালে সৰু সৰু বস্তুতে সিঁচৰিত হৈ আছে । সিহঁচ্চতক আকোৱালি ল'ব জানিব লাগে আৰু জীৱন হৈ পৰে অনুপম । সৰল প্ৰকাশেৰে এটি সুন্দৰ কবিতা ।

'ঘৰৰ কান্দি থকা
দেৱালবোৰ চোৱা
সিহঁতৰ আগত গৈ
এবাৰ হাঁহি চাবা
জীৱনত জীয়াই থকাৰ
ৰসৰ সন্ধান পাবা '
দেৱালবোৰ চোৱা
সিহঁতৰ আগত গৈ
এবাৰ হাঁহি চাবা
জীৱনত জীয়াই থকাৰ
ৰসৰ সন্ধান পাবা '
তথাপি কবিয়ে বানানৰ ক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী। যেনে 'ৰদৰ দিনত উলাই আহি' বাক্যাংশত 'ৰদৰ' শব্দটো 'ৰ'দৰ' হ'ব লাগিছিল। তেনেদৰে 'উলাই' শব্দটো 'ওলাই' হ'ব লাগিছিল। সাহিত্যত বানানৰ ক্ষেত্ৰত সাৱধান নহ'লে ভাবৰ বিচ্যুতি ঘটে।
----------------------------------------------------------------------------------------------------
----------------------------------------------------------------------------------------------------
(১১) সাৰদা শ্ৰেষ্ঠ : " অনুভুতিৰ তলসৰা "
১.মোৰ বেদনাবোৰ
চকুপানী হৈ নবয়
বুকুৰ কলিজা ফালি
তেজ হৈ নিগৰে
টোপাটোপে
নিঃশব্দে...
নীৰৱে... ।
১.মোৰ বেদনাবোৰ
চকুপানী হৈ নবয়
বুকুৰ কলিজা ফালি
তেজ হৈ নিগৰে
টোপাটোপে
নিঃশব্দে...
নীৰৱে... ।
২.
অশ্ৰুৰো এক সুকীয়া স্বাদ আছে
যি স্বাদে অন্তৰাত্মাক যোগায় পুষ্টি
সেয়েহে,
জীৱনত প্ৰয়োজন আছে
এটোপাল অশ্ৰুৰো ।
অশ্ৰুৰো এক সুকীয়া স্বাদ আছে
যি স্বাদে অন্তৰাত্মাক যোগায় পুষ্টি
সেয়েহে,
জীৱনত প্ৰয়োজন আছে
এটোপাল অশ্ৰুৰো ।
৩.
নীৰৱতাৰো আছে
এক নিজস্ব ভাষা
সেই ভাষাৰো আছে
অন্য এক মাদকতা ।
------------------------------
আখৰুৱাৰ অন্যতম ঘনিষ্ঠ আৰু নিয়মিত সদস্য সাৰদা শ্ৰেষ্ঠ। তেখেতৰ 'বেবেৰিবাং' শিতানটো গোটৰ বাবে এটি ভাল শিতান। তেখেতৰ কবিতাও আমি যি পঢ়িবলৈ পাইছো তাত কবি হিচাপে তেখেতৰ একাত্মতা দেখা যায়। 'অনুভুতিৰ তলসৰা' এই কবিতাটোতো তাৰে প্ৰতিফলন ঘটিছে।
তিনিটা স্তৱকেৰে 'অনুভুতিৰ তলসৰা' কবিতাটোত কবিয়ে অপ্ৰকাশিত দুখৰ কথা কৈছে । প্ৰথম স্তৱকত কবিয়ে যেনেকৈ কৈছে যে স্তুপীকৃত দুখবোৰ হয়তু চকুলো হৈ নোলায় বা ওলাব নোৱাৰে কিন্তু তাৰ কষ্ট অতি দুৰ্বিসহ, যেন তেজ হৈ নিগৰে। দ্বিতীয় স্তৱকত কৈছে, 'অশ্ৰুৰো এক সুকীয়া স্বাদ আছে', অপ্ৰকাশিত দুখৰ হৃদয়ত পেলোৱা চাপ কমে যেতিয়া অশ্ৰু নিগৰে । এনেদৰে কবিয়ে অশ্ৰুক জীৱনলৈ সুন্দৰকৈ আদৰিছে। আনহাতে তৃতীয় স্তৱকত কবিয়ে কৈছে নীৰৱতাৰ কথা। নীৰৱতাও এক ভাষা।

আত্মিক উপলব্ধি প্ৰকাশৰ এই প্ৰয়াসে কবিতাটিক নিজস্বতা প্ৰদান কৰিছে যদিও কবিৰ শৈলী বিকাশৰ আৰু থল আছে।
------------------------------------------ -(আগলৈ)- -----------------------------------