Tuesday 31 October 2017

নিচুকনি গীত


নিচুকনি গীত


দুৱৰিডৰা তিতিছে , দুভৰি তিতি যোৱাকৈ। জোনাকী পৰুৱা এটি তাত পৰি আছে জুপুকা মাৰি--- ।যোৱাৰাতি মোৰ শোৱনীকোঠাত নাচিছিল সি অস্থিৰতাৰে । তাৰ অনুকৰণত নাচিছিল কিছুমান অস্থিৰ অৱসাদ।শেষৰাতি বৰষুণ নামিছিল শেতেলী তিয়াই। পৰুৱাটো আৰু মই দুয়ো তিতি আছিলো পুৱালৈ । এতিয়া সি টোপনিয়াব , মই নিচুকনি গীত এটি গুণগুণাম আৰু বেলিটোক অলপ ফাঁকি দি চাম দিনটোলৈ ---!



জ্যোতিমনি দেৱী

No comments:

Post a Comment